< যাত্রাপুস্তক 33 >

1 যিহোৱাই মোচিক ক’লে, “ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ, মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা।
locutusque est Dominus ad Mosen vade ascende de loco isto tu et populus tuus quem eduxisti de terra Aegypti in terram quam iuravi Abraham Isaac et Iacob dicens semini tuo dabo eam
2 মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।
et mittam praecursorem tui angelum ut eiciam Chananeum et Amorreum et Hettheum et Ferezeum et Eveum et Iebuseum
3 গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা। কিন্তু মই তোমালোকৰ লগত নাযাওঁ; কাৰণ তোমালোক ঠৰডিঙীয়া লোক। মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ।”
et intres in terram fluentem lacte et melle non enim ascendam tecum quia populus durae cervicis est ne forte disperdam te in via
4 লোকসকলে যেতিয়া সেই সমস্যাৰ কথা শুনিলে, তেতিয়া তেওঁলোকে শোক কৰিলে; আৰু কোনো এজনেও অলঙ্কাৰ পৰিধান নকৰিলে।
audiens populus sermonem hunc pessimum luxit et nullus ex more indutus est cultu suo
5 যিহোৱাই মোচিক কৈছিল, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কোৱা, ‘তোমালোক ঠৰডিঙীয়া লোক। মই যদি তোমালোকৰ মাজলৈ এক মুহূৰ্তৰ বাবেও যাওঁ, তেনেহ’লে মই তোমালোকক বিনষ্ট কৰিম। সেয়ে তোমালোকৰ লগত মই কি কৰিব লাগে, সেই বিষয়ে যেতিয়ালৈকে মই সিদ্ধান্ত নলওঁ, তেতিয়ালৈকে তোমালোকে নিজৰ অলঙ্কাৰ খুলি ৰাখিব’।”
dixitque Dominus ad Mosen loquere filiis Israhel populus durae cervicis es semel ascendam in medio tui et delebo te iam nunc depone ornatum tuum ut sciam quid faciam tibi
6 তেতিয়া ইস্ৰায়েলী লোকসকলে হোৰেব পৰ্ব্বতৰ পৰাই নিজৰ অলঙ্কাৰবোৰ পৰিধান নকৰিলে।
deposuerunt ergo filii Israhel ornatum suum a monte Horeb
7 মোচিয়ে তম্বুৰ কাপোৰ এটা লৈ, তম্বুৰ বাহিৰত কিছু দূৰত তৰিলে; আৰু তাৰ নাম সাক্ষাৎ কৰা তম্বু ৰাখিলে। যিহোৱাক বিচাৰা প্ৰতিজনে তম্বুৰ বাহিৰত থকা সেই সাক্ষাৎ কৰা তম্বুলৈ যায়।
Moses quoque tollens tabernaculum tetendit extra castra procul vocavitque nomen eius tabernaculum foederis et omnis populus qui habebat aliquam quaestionem egrediebatur ad tabernaculum foederis extra castra
8 মোচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হয়। মোচিয়ে যেতিয়ালৈকে সেই তম্বুত নোসোমায়, তেতিয়ালৈকে লোকসকলে মোচিক চাই থাকে।
cumque egrederetur Moses ad tabernaculum surgebat universa plebs et stabat unusquisque in ostio papilionis sui aspiciebantque tergum Mosi donec ingrederetur tentorium
9 মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে।
ingresso autem illo tabernaculum foederis descendebat columna nubis et stabat ad ostium loquebaturque cum Mosi
10 ১০ লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে।
cernentibus universis quod columna nubis staret ad ostium tabernaculi stabantque ipsi et adorabant per fores tabernaculorum suorum
11 ১১ যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।
loquebatur autem Dominus ad Mosen facie ad faciem sicut loqui solet homo ad amicum suum cumque ille reverteretur in castra minister eius Iosue filius Nun puer non recedebat de tabernaculo
12 ১২ মোচিয়ে যিহোৱাক ক’লে, “চাওক, আপুনি এই লোকসকলক লৈ মোক যাত্রা কৰিব কৈছে; কিন্তু মোৰ লগত যি জনক পঠাব, তেওঁৰ বিষয়ে আপুনি মোক জানিব দিয়া নাই। আপুনি কৈছিল, মই নামৰ দ্বাৰাই তোমাক জানো, আৰু তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পালা।
dixit autem Moses ad Dominum praecipis ut educam populum istum et non indicas mihi quem missurus es mecum praesertim cum dixeris novi te ex nomine et invenisti gratiam coram me
13 ১৩ এতিয়া মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেনেহ’লে বিনয় কৰিছোঁ, মই যেন আপোনাক জানি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, সেই বাবে মোক আপোনাৰ পথ দেখাওক; আৰু এই লোকসকল যে আপোনাৰেই লোক ইয়াকো সোঁৱৰণ কৰক।”
si ergo inveni gratiam in conspectu tuo ostende mihi viam tuam ut sciam te et inveniam gratiam ante oculos tuos respice populum tuum gentem hanc
14 ১৪ তেতিয়া যিহোৱাই উত্তৰ দিলে, “মই স্বয়ং তোমাৰ লগত যাম, আৰু মই তোমাক বিশ্ৰাম দিম।”
dixitque Dominus facies mea praecedet te et requiem dabo tibi
15 ১৫ মোচিয়ে তেওঁক ক’লে, “যদি আপুনি স্বয়ং মোৰ লগত নাযায়, তেনেহ’লে আমাক ইয়াৰ পৰা লৈ নাযাব।
et ait Moses si non tu ipse praecedes ne educas nos de loco isto
16 ১৬ নহ’লে আমি কি দৰে বুজি পাম যে, আপোনাৰ দৃষ্টিত মই আৰু আপোনাৰ লোকসকলে অনুগ্ৰহ পাইছো ইয়াক কিহৰ দ্বাৰাই জনা যাব? আপুনি আমাৰ লগত যোৱাৰ দ্বাৰায়েই মই আৰু আপোনাৰ লোকসকল পৃথিৱীত থকা সকলো জাতিৰ পৰা পার্থক্য হ’ব।”
in quo enim scire poterimus ego et populus tuus invenisse nos gratiam in conspectu tuo nisi ambulaveris nobiscum ut glorificemur ab omnibus populis qui habitant super terram
17 ১৭ যিহোৱাই মোচিক ক’লে, “এই যি কথা তুমি ক’লা, তাকো মই কৰিম। কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা, আৰু মই তোমাক তোমাৰ নামে সৈতে জানো।”
dixit autem Dominus ad Mosen et verbum istud quod locutus es faciam invenisti enim gratiam coram me et te ipsum novi ex nomine
18 ১৮ তেতিয়া মোচিয়ে ক’লে, “বিনয় কৰিছোঁ মোক আপোনাৰ প্ৰতাপ দেখাওক।”
qui ait ostende mihi gloriam tuam
19 ১৯ যিহোৱাই ক’লে, “মই তোমাৰ ওচৰেৰে মোৰ সকলো ধাৰ্মিকতা গমন কৰাম, আৰু তোমাৰ আগত মোৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ, তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজোঁ, তাক মই দয়া কৰিম।”
respondit ego ostendam omne bonum tibi et vocabo in nomine Domini coram te et miserebor cui voluero et clemens ero in quem mihi placuerit
20 ২০ কিন্তু যিহোৱাই পুনৰ ক’লে, “তুমি মোৰ চেহেৰা দেখা নোপোৱা; কাৰণ কোনো মানুহে মোক দেখাৰ পাছত জীয়াই নাথাকে।”
rursumque ait non poteris videre faciem meam non enim videbit me homo et vivet
21 ২১ যিহোৱাই ক’লে, “চোৱা, মোৰ ওচৰত এটা শিল আছে, আৰু তুমি সেই শিলটোৰ ওপৰত থিয় হ’বা।
et iterum ecce inquit est locus apud me stabis super petram
22 ২২ তোমাৰ আগেদি যেতিয়া মোৰ প্ৰতাপ গমন কৰিব, তেতিয়া মই তোমাক শিলটোৰ ফাটত থম, আৰু মোৰ গমন শেষ নোহোৱালৈকে মোৰ হাতেৰে তোমাক ঢাকি ধৰিম।
cumque transibit gloria mea ponam te in foramine petrae et protegam dextera mea donec transeam
23 ২৩ তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।”
tollamque manum meam et videbis posteriora mea faciem autem meam videre non poteris

< যাত্রাপুস্তক 33 >