< যাত্রাপুস্তক 18 >

1 ঈশ্বৰে মোচিলৈ আৰু নিজৰ প্ৰজা ইস্ৰায়েললৈ যি যি কাৰ্য কৰিলে, বিশেষকৈ যিহোৱাই মিচৰৰ পৰা ইস্ৰায়েলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মোচিৰ শহুৰেক মিদিয়নীয়া পুৰোহিত যিথ্ৰোৱে শুনিবলৈ পালে।
Cumque audisset Iethro, sacerdos Madian, cognatus Moysi, omnia quæ fecerat Deus Moysi, et Israeli populo suo, et quod eduxisset Dominus Israel de Ægypto:
2 তেতিয়া মোচিৰ শহুৰেক যিথ্ৰোৱে, মোচিৰ ভাৰ্যা চিপ্পোৰাক, আৰু দুজন পুত্রক ঘৰলৈ পঠোৱাৰ পাছত,
tulit Sephoram uxorem Moysi quam remiserat:
3 তেওঁৰ এজন পুত্ৰৰ নাম গেৰ্চোম, কাৰণ মোচিয়ে কৈছিল, “মই বিদেশত প্রবাসী হৈ আছোঁ।”
et duos filios eius, quorum unus vocabatur Gersam, dicente patre: Advena fui in terra aliena.
4 আৰু আন জন পুত্রৰ নাম ইলিয়েজৰ কাৰণ তেওঁ কৈছিল, “মোৰ পূৰ্বপুৰুষৰ ঈশ্বৰে মোক সহায় কৰিছিল; আৰু তেওঁ মোক ফৰৌণৰ তৰোৱালৰ পৰা উদ্ধাৰ কৰিলে।”
Alter vero Eliezer: Deus enim, ait, patris mei adiutor meus, et eruit me de gladio Pharaonis.
5 মোচিয়ে মৰুভূমিত, ঈশ্বৰৰ পৰ্ব্বতৰ যি ঠাইত তম্বু তৰি আছিল, সেই ঠাইলৈ মোচিৰ শহুৰেক যিথ্ৰোৱে মোচিৰ ভাৰ্যা আৰু দুজন পুত্ৰক লগত লৈ আহিল।
Venit ergo Iethro cognatus Moysi, et filii eius, et uxor eius ad Moysen in desertum, ubi erat castrametatus iuxta montem Dei.
6 তেওঁ মোচিক ক’লে, “মই তোমাৰ শহুৰ যিথ্ৰোৱে তোমাৰ ভাৰ্যা আৰু তাইৰ দুজন পুত্রক লগত লৈ তোমাৰ ওচৰলৈ আহিছোঁ।”
Et mandavit Moysi, dicens: Ego Iethro cognatus tuus venio ad te, et uxor tua, et duo filii cum ea.
7 মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ’ল, আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল’লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ’ল।
Qui egressus in occursum cognati sui, adoravit, et osculatus est eum: salutaveruntque se mutuo verbis pacificis. Cumque intrasset tabernaculum,
8 তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক’লে।
narravit Moyses cognato suo cuncta quæ fecerat Dominus Pharaoni, et Ægyptiis propter Israel: universumque laborem, qui accidisset eis in itinere, et quod liberaverat eos Dominus.
9 যিহোৱাই মিচৰীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰি, তেওঁলোকৰ বাবে যি যি সকলো মঙ্গলৰ কৰিলে, সেই কাৰ্যবোৰৰ বাবে যিথ্ৰোৱে আনন্দ কৰিলে।
Lætatusque est Iethro super omnibus bonis, quæ fecerat Dominus Israeli, eo quod eruisset eum de manu Ægyptiorum,
10 ১০ যিথ্ৰোৱে ক’লে, “যিজন সৰ্বশক্তিমান ঈশ্বৰে মিচৰীয়াসকলৰ হাতৰ পৰা, আৰু ফৰৌণৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ গৌৰৱ হ’ওক।
et ait: Benedictus Dominus, qui liberavit vos de manu Ægyptiorum, et de manu Pharaonis, qui eruit populum suum de manu Ægypti.
11 ১১ যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল।”
Nunc cognovi, quia magnus Dominus super omnes deos: eo quod superbe egerint contra illos.
12 ১২ তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।
Obtulit ergo Iethro cognatus Moysi holocausta et hostias Deo: veneruntque Aaron et omnes seniores Israel, ut comederent panem cum eo coram Deo.
13 ১৩ তাৰ পাছদিনা মোচিয়ে লোকসকলৰ সোধ-বিচাৰ কৰিবলৈ বহিল। ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকসকল তেওঁৰ চাৰিওফালে থিয় হৈ আছিল।
Altera autem die sedit Moyses ut iudicaret populum, qui assistebat Moysi a mane usque ad vesperam.
14 ১৪ মোচিয়ে লোকসকললৈ কৰা সকলো কাৰ্য দেখি তেওঁৰ শহুৰেকে তেওঁক ক’লে, “তুমি লোকসকলৰ সৈতে এয়া কি কাৰ্য কৰিছা? তুমি কিয় অকলে বহি থাকা, আৰু লোকসকল ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে তোমাৰ চাৰিওফালে থিয় হৈ থাকে?”
Quod cum vidisset cognatus eius, omnia scilicet quæ agebat in populo, ait: Quid est hoc quod facis in plebe? Cur solus sedes, et omnis populus præstolatur de mane usque ad vesperam?
15 ১৫ তেতিয়া মোচিয়ে তেওঁৰ শহুৰেকক ক’লে, “লোকসকলে ঈশ্বৰৰ নিৰ্দেশনৰ কথা সুধিবলৈ মোৰ ওচৰলৈ আহে।
Cui respondit Moyses: Venit ad me populus quærens sententiam Dei.
16 ১৬ যেতিয়া তেওঁলোকৰ মাজত বিবাদ হ’য়, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহে। তেতিয়া মই এজনৰ লগত আন জনৰ মীমাংসা কৰোঁ; আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ তেওঁলোকক বুজাই দিওঁ।”
Cumque acciderit eis aliqua disceptatio, veniunt ad me ut iudicem inter eos, et ostendam præcepta Dei, et leges eius.
17 ১৭ তেতিয়া মোচিৰ শহুৰেকে মোচিক ক’লে, “তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়।
At ille: Non bonam, inquit, rem facis:
18 ১৮ এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব।
stulto labore consumeris et tu, et populus iste qui tecum est: ultra vires tuas est negotium, solus illud non poteris sustinere.
19 ১৯ মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা।
Sed audi verba mea atque consilia, et erit Deus tecum. Esto tu populo in his quæ ad Deum pertinent, ut referas quæ dicuntur ad eum:
20 ২০ তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কার্য তেওঁলোকক দেখুৱা।
ostendasque populo ceremonias et ritum colendi, viamque per quam ingredi debeant, et opus quod facere debeant.
21 ২১ তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা।
Provide autem de omni plebe viros potentes, et timentes Deum, in quibus sit veritas, et qui oderint avaritiam, et constitue ex eis tribunos, et centuriones, et quinquagenarios, et decanos
22 ২২ তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব।
qui iudicent populum omni tempore: quidquid autem maius fuerit, referant ad te, et ipsi minora tantummodo iudicent: leviusque sit tibi, partito in alios onere.
23 ২৩ তুমি যদি এইদৰে কাৰ্য কৰা, আৰু ঈশ্বৰে যদি তোমাক এইদৰে কৰিবলৈ আজ্ঞা দিয়ে, তেতিয়া তুমি সহ্য কৰিব পাৰিবা, আৰু লোকসকল সন্তুষ্ট হৈ নিজৰ ঘৰলৈ যাব পাৰিব।”
Si hoc feceris, implebis imperium Dei, et præcepta eius poteris sustentare: et omnis hic populus revertetur ad loca sua cum pace.
24 ২৪ সেয়ে মোচিয়ে তেওঁৰ শহুৰেকৰ কথা শুনিলে, আৰু তেওঁ কোৱাৰ দৰেই সকলো কৰিলে।
Quibus auditis, Moyses fecit omnia quæ ille suggesserat.
25 ২৫ মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে।
Et electis viris strenuis de cuncto Israel, constituit eos principes populi, tribunos, et centuriones, et quinquagenarios, et decanos.
26 ২৬ তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল।
Qui iudicabant plebem omni tempore: quidquid autem gravius erat, referebant ad eum, faciliora tantummodo iudicantes.
27 ২৭ তাৰ পাছত মোচিয়ে শহুৰেকক বিদায় দিলে, আৰু যিথ্রো তেওঁৰ নিজৰ দেশলৈ গুচি গ’ল।
Dimisitque cognatum suum: qui reversus abiit in terram suam.

< যাত্রাপুস্তক 18 >