< যাত্রাপুস্তক 16 >

1 ইস্ৰায়েলী লোকসকলে এলীমৰ পৰা যাত্ৰা কৰিলে। মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত দ্বিতীয় মাহৰ পোন্ধৰ দিনৰ দিনা, এলীম আৰু চীনয় এই দুয়োৰো মাজত থকা চীন মৰুপ্রান্তৰ পালে।
Potem wyruszyli z Elim i całe zgromadzenie synów Izraela przybyło na pustynię Sin, która [leży] między Elim a Synajem, piętnastego dnia drugiego miesiąca po ich wyjściu z ziemi Egiptu.
2 ইস্ৰায়েলী সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে মৰুভূমিত অভিযোগ কৰিবলৈ ধৰিলে।
I całe zgromadzenie synów Izraela szemrało przeciw Mojżeszowi i Aaronowi na pustyni.
3 ইস্ৰায়েলী সকলে তেওঁলোকক ক’লে, “আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাইমানে পিঠা খাইছিলোঁ, সেই সময়তেই মিচৰ দেশত যিহোৱাৰ হাতত মৰা হ’লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।”
Synowie Izraela mówili do nich: Obyśmy pomarli z ręki PANA w ziemi Egiptu, gdy siadaliśmy nad garncami mięsa, gdy najadaliśmy się chleba do syta! Bo wyprowadziliście nas na tę pustynię, by całą tę rzeszę zamorzyć głodem.
4 তেতিয়া যিহোৱাই মোচিক ক’লে, “লোকসকলে মোৰ ব্যৱস্থা মানি চলিব নে নাই, তাৰ পৰীক্ষা কৰিবৰ অৰ্থে, ‘মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম’ আৰু লোকসকলে ওলাই গৈ প্রতি দিনৰ আহাৰ প্রতি দিনে গোটাব।
Wtedy PAN powiedział do Mojżesza: Oto spuszczę wam jak deszcz chleb z nieba. Lud będzie wychodził i każdego dnia będzie zbierał według potrzeby dziennej, abym mógł go wystawić na próbę, czy będzie postępował zgodnie z moim prawem, czy nie.
5 তেওঁলোকে প্রতিদিনে যিমান আহাৰ গোটাইছিল প্রতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব, আৰু তেওঁলোকে যি পৰিমাণে আনিব, তাকে ৰান্ধিব।”
A szóstego dnia przyrządzą [to], co przyniosą, a będzie tego dwa razy tyle, co zbierają codziennie.
6 তাৰ পাছত মোচি আৰু হাৰোণে ইস্ৰায়েলী লোকসকলক ক’লে, “গধূলি তোমালোকে জানিব পাৰিবা যে, যিহোৱাইহে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।”
Mojżesz i Aaron mówili do wszystkich synów Izraela: Wieczorem poznacie, że PAN wyprowadził was z ziemi Egiptu;
7 ৰাতিপুৱা তোমালোকে যিহোৱাৰ মহিমা দেখিবলৈ পাবা; কাৰণ যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ শুনিলে। আমি নো কোন যে, তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ কৰিছা?”
A rano ujrzycie chwałę PANA, usłyszał bowiem wasze szemrania przeciw PANU. A my, czym jesteśmy, że szemrzecie przeciwko nam?
8 মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা তোমালোকে বুজি পাবা। হাৰোণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে।”
Mojżesz mówił dalej: PAN da wam wieczorem mięso do jedzenia, a rano chleb do syta. PAN bowiem usłyszał wasze szemrania, które podnosicie przeciw niemu. A my, czym jesteśmy? Wasze szemrania nie [są] przeciwko nam, ale przeciwko PANU.
9 মোচিয়ে হাৰোণক ক’লে, “আপুনি ইস্ৰায়েলী লোকসকলৰ সমাজক কওক, তোমালোক যিহোৱাৰ ওচৰলৈ চাপি আহা; কাৰণ তেওঁ তোমালোকৰ অভিযোগ শুনিলে।”
Mojżesz powiedział do Aarona: Powiedz całemu zgromadzeniu synów Izraela: Zbliżcie się przed oblicze PANA, gdyż usłyszał wasze szemranie.
10 ১০ হাৰোণে ইস্ৰায়েলী লোকসকলৰ সমাজক এই কথা কৈ থাকোতে, তেওঁলোকে মৰুপ্রান্তৰ ফাললৈ চাই দেখিলে যে, মেঘৰ মাজত যিহোৱাৰ মহিমা প্ৰকাশিত হৈছে।
Gdy Aaron mówił do całego zgromadzenia synów Izraela, spojrzeli w stronę pustyni, a oto chwała PANA ukazała się w obłoku.
11 ১১ তেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
Potem PAN powiedział do Mojżesza:
12 ১২ “মই ইস্ৰায়েলী লোকসকলৰ অভিযোগ শুনিলোঁ। তুমি তেওঁলোকক কোৱা, ‘গধূলি তোমালোকে মাংস আৰু ৰাতিপুৱা হেঁপাহ পলুৱাই পিঠা খাবলৈ পাবা। তেতিয়া তোমালোকে জানিবা যে, ময়েই তোমালোকৰ যিহোৱা, তোমালোকৰ ঈশ্বৰ’।”
Usłyszałem szemranie synów Izraela. Powiedz do nich: Pod wieczór będziecie jeść mięso, a rano będziecie nasyceni chlebem. I poznacie, że ja jestem PAN, wasz Bóg.
13 ১৩ গধূলি পৰত, বটা চৰাইবোৰ তম্বুৰ ওপৰলৈ আহি তম্বু ঢাকি ধৰিলে। ৰাতিপুৱা তম্বুৰ চাৰিওফালে নিয়ৰ পৰি আছিল।
Wieczorem stało się tak, że zleciały się przepiórki i pokryły obóz, a rano dokoła obozu leżała rosa;
14 ১৪ পৰি থকা সেই নিয়ৰবোৰ যেতিয়া শুকাই গ’ল, তেতিয়া ক্ষুদ্র বৰফৰ টুকুৰাৰ দৰে সৰু সৰু ঘূৰণীয়া বস্তু গোটেইখন মৰুপ্রান্তৰ ভূমিত পৰি আছিল।
A gdy warstwa rosy się uniosła, ukazało się na [powierzchni] pustyni [coś] bardzo małego, okrągłego, drobnego jak szron na ziemi.
15 ১৫ ইস্ৰায়েলী লোকসকলে সেই বস্তু দেখি ইজনে সিজনক ক’লে, “এইয়া কি?” কিয়নো সেই বস্তু নো কি তেওঁলোকে নাজানিছিল। তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “এইয়া যিহোৱাই তোমালোকক খাবলৈ দিয়া পিঠা।”
Gdy synowie Izraela to zobaczyli, mówili jeden do drugiego: To manna, gdyż nie wiedzieli, co to było. I Mojżesz powiedział do nich: To [jest] chleb, który PAN dał wam do jedzenia.
16 ১৬ যিহোৱাই দিয়া আজ্ঞা এই, “তোমালোক প্ৰতিজনে খাব পৰা শক্তি অনুসাৰে; আৰু তোমালোক প্রতিজনে তম্বুত থকা মানুহৰ সংখ্যা অনুসাৰে এক ওমৰ গোটাবা। এইদৰেই তোমালোকে গোটাবা: তোমালোকে তম্বুত থকা প্রতিজন মানুহে খাব পৰা অনুসাৰে গোটাবা।”
Oto co PAN rozkazał: Niech każdy zbiera z niego tyle, ile trzeba do jedzenia, omer na osobę, [według] liczby osób. Niech każdy zbiera dla tych, którzy są w jego namiocie.
17 ১৭ তেতিয়া ইস্ৰায়েলী লোকসকলে সেইদৰেই কৰিলে। কিছুমান লোকে অধিক আৰু কিছুমান লোকে তাকৰকৈ গোটালে।
I synowie Izraela tak uczynili, i zbierali jedni więcej, drudzy mniej.
18 ১৮ তেওঁলোকে যেতিয়া সেইবোৰ ওমৰৰ জোখত জুখিলে, যি সকলে অধিককৈ গোটাইছিল, তেওঁলোকৰ অতিৰিক্ত নহ’ল, আৰু যি সকলে তাকৰকৈ গোটাইছিল তেওঁলোকৰো অভাৱ নহ’ল। তেওঁলোক প্ৰতিজনে প্রয়োজন অনুসাৰে গোটালে।
A gdy [to] mierzyli omerem, to [ten], kto nazbierał więcej, nie miał nadmiaru, [temu] zaś, kto nazbierał mało, nie zabrakło. Każdy zbierał według tego, co mógł zjeść.
19 ১৯ তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “কোনো এজনেও ৰাতিপুৱালৈকে ইয়াৰ অৱশিষ্ট নাৰাখিব।”
Mojżesz mówił też do nich: Niech nikt nie pozostawia z tego nic do rana.
20 ২০ তথাপিও তেওঁলোকে মোচিৰ কথা নুশুনিলে। কিছুমানে ৰাতিপুৱালৈকে সেইবোৰৰ কিছু অৱশিষ্ট ৰাখি থলে; কিন্তু সেইবোৰত পোক জন্মিল, আৰু দুৰ্গন্ধময় হ’ল; তেতিয়া তেওঁলোকৰ ওপৰত মোচিৰ খং উঠিল।
Jednak nie usłuchali Mojżesza i zostawili niektórzy z tego aż do rana, i zamieniło się w robaki, i cuchnęło. I Mojżesz rozgniewał się na nich.
21 ২১ প্রতি ৰাতিপুৱাতে তেওঁলোকে সেইবোৰ গোটাইছিল। প্ৰতিজন মানুহে সেই দিনটোত খাব পৰা অনুসাৰে গোটাইছিল। যেতিয়া ৰ’দ প্রখৰ হয়, সেইবোৰ গ’লি গৈছিল।
Zbierali to więc każdego ranka, każdy według [tego], co mógł zjeść. A gdy słońce zaczynało grzać, topniało.
22 ২২ তাৰ পাছত ষষ্ঠ দিনৰ দিনা তেওঁলোকে দুগুণ, অৰ্থাৎ প্ৰতিজনৰ বাবে দুই ওমৰকৈ পিঠা গোটাইছিল। তেতিয়া সমাজৰ মূখ্য লোকসকল মোচিৰ ওচৰলৈ আহি সেই কথা ক’লে।
A gdy nastał szósty dzień, zbierali dwa razy więcej chleba, po dwa omery na każdego. I wszyscy przełożeni zgromadzenia przyszli i powiedzieli o tym Mojżeszowi.
23 ২৩ মোচিয়ে তেওঁলোকক ক’লে, “যিহোৱাই যে কৈছিল সেয়া এই, ‘কাইলৈ সম্পূৰ্ণ বিশ্ৰাম-দিন, যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম-দিন। তোমালোকে যি ভাজিব খোজা, আৰু যি সিজাব খোজে সিজাবা। নিজৰ বাবে ৰাতি পুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা’।”
On zaś powiedział im: Oto co PAN mówił: Jutro [będzie] odpoczynek, święty szabat dla PANA. Upieczcie, co macie upiec, ugotujcie, co macie ugotować, a co zostanie, zostawcie sobie i zachowajcie do jutra.
24 ২৪ সেয়ে তেওঁলোকে মোচিৰ নিৰ্দেশ অনুসাৰে, ৰাতিপুৱালৈকে একাষৰিয়াকৈ থৈ দিলে। সেই খাদ্য দুৰ্গন্ধময় নহ’ল, আৰু তাত পোকো নহ’ল।
Zostawili więc to do rana, jak Mojżesz rozkazał, i nie cuchnęło ani nie było w tym robaków.
25 ২৫ মোচিয়ে ক’লে, “সেই আহাৰ আজি ভোজন কৰা; কাৰণ আজি যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে বিশ্ৰাম-দিন। আজি তোমালোকে পথাৰত সেইবোৰ বিচাৰি নাপাবা।
I Mojżesz powiedział: Jedzcie to dziś, bo dziś jest szabat dla PANA. Dziś nie znajdziecie tego na polu.
26 ২৬ তোমালোকে ছয় দিন সেইবোৰ গোটাবা; কিন্তু সপ্তম দিন বিশ্ৰাম-দিন হয়। সেয়ে বিশ্রাম বাৰে পথাৰত মান্না নাথাকিব।”
Przez sześć dni będziecie to zbierać, a w siódmym dniu jest szabat, w nim tego nie będzie.
27 ২৭ তথাপিও সপ্তম দিনা কিছুমান লোকে মান্না গোটাবলৈ ওলাই গৈছিল; কিন্তু তেওঁলোকে একো বিচাৰি নাপালে।
A siódmego dnia [niektórzy] z ludu wyszli, aby zbierać, ale nic nie znaleźli.
28 ২৮ তেতিয়া যিহোৱাই মোচিক ক’লে, “তোমালোকে মোৰ আজ্ঞা আৰু ব্যৱস্থাবোৰ কিমান দিনলৈকে পালন কৰিবলৈ অমান্তি হৈ থাকিবা?
Wtedy PAN powiedział do Mojżesza: Jak długo będziecie się wzbraniać przed przestrzeganiem moich przykazań i moich praw?
29 ২৯ চোৱা, মই যিহোৱা, ময়েই তোমালোকক বিশ্ৰামবাৰ দিলোঁ। সেয়ে তোমালোকক ষষ্ঠ দিনা মই দুদিনৰ আহাৰ দি আছোঁ। তোমালোক প্ৰতিজনে নিজৰ ঠাইত থাকিব লাগিব; সপ্তম দিনত কোনো এজনেও নিজৰ ঠাইৰ পৰা বাহিৰলৈ ওলাই নাযাওক।”
Patrzcie, PAN dał wam szabat, dlatego w szóstym dniu daje wam chleb na dwa dni. Niech każdy zostanie na swoim miejscu, niech nikt nie wychodzi ze swego miejsca w siódmym dniu.
30 ৩০ সেয়ে লোকসকলে সপ্তম দিনা বিশ্ৰাম কৰিলে।
Odpoczywał więc lud siódmego dnia.
31 ৩১ ইস্ৰায়েলী লোকসকলে সেই আহাৰৰ নাম “মান্না” ৰাখিলে। সেইবোৰ ধনীয়া গুটিৰ দৰে বগা; আৰু ইয়াৰ সোৱাদ মৌজোলৰ সৈতে বনোৱা পিঠাৰ দৰে আছিল।
I dom Izraela nadał temu [pokarmowi] nazwę manna. Była jak nasienie kolendry, biała, o smaku placków z miodem.
32 ৩২ মোচিয়ে ক’লে, “যিহোৱাই কৰা আজ্ঞা এই মই তোমালোকক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনাৰ পাছত, মৰুভূমিত যি পিঠা তোমালোকক খুৱাইছিলোঁ, সেই পিঠা তোমালোকৰ ভাবী-বংশই যাতে দেখিবলৈ পাব; তাৰ বাবে তোমালোকে পুৰুষানুক্ৰমে এক ওমৰ ৰাখি থবা।”
Mojżesz powiedział: Tak rozkazał PAN: Napełnij nim omer na przechowanie dla waszych [przyszłych] pokoleń, aby widziały ten chleb, którym was karmiłem na pustyni, gdy wyprowadziłem was z ziemi Egiptu.
33 ৩৩ মোচিয়ে হাৰোণক ক’লে, “তুমি এটা পাত্ৰ লোৱা, আৰু তাত এক ওমৰ মান্না ভৰোৱা। পুৰুষানুক্ৰমে তোমালোকৰ লোকসকললৈ, যিহোৱাৰ সন্মুখত সেই পত্রটো সংৰক্ষিত কৰি থৈ দিয়া।”
Potem Mojżesz powiedział do Aarona: Weź naczynie, wsyp do niego pełen omer manny i postaw je przed PANEM na przechowanie dla waszych [przyszłych] pokoleń.
34 ৩৪ যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, হাৰোণে সেই পাত্রত এক ওমৰ মান্না ভৰাই নিয়ম চন্দুকৰ ভিতৰত বিধান পুস্তকৰ কাষত সংৰক্ষিত কৰি ৰাখিলে।
Jak PAN przykazał Mojżeszowi, tak Aaron postawił je przed Świadectwem na przechowanie.
35 ৩৫ ইস্ৰায়েলী লোকসকলে নিবাস কৰা দেশ নোপোৱালৈকে চল্লিশ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল।
A synowie Izraela jedli mannę przez czterdzieści lat, aż przybyli do ziemi zamieszkałej. Jedli mannę, aż przybyli do granic ziemi Kanaan.
36 ৩৬ এক ওমৰ ঐফাৰ দহ ভাগৰ এভাগ।
A omer to dziesiąta część efy.

< যাত্রাপুস্তক 16 >