< যাত্রাপুস্তক 14 >

1 তাৰ পাছত যিহোৱাই মোচিক ক’লে:
Now the LORD spoke to Moses, saying,
2 “ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা।
"Speak to the children of Israel, that they turn back and camp before Pi-hahiroth, between Migdol and the sea, before Baal Zephon. You shall camp opposite it by the sea.
3 ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’
Pharaoh will say of the children of Israel, 'They are wandering in the land. The wilderness has boxed them in.'
4 মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
And I will harden Pharaoh's heart, and he will pursue them. And I will gain glory because of Pharaoh and because of all his army, and the Egyptians shall know that I am the LORD." And they did so.
5 ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰৌণ আৰু তেওঁৰ দাসবোৰৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?”
And when the king of Egypt was told that the people had fled, the heart of Pharaoh and his servants was turned against the people, and they said, "What is this we have done, that we have let Israel go from serving us?"
6 তেতিয়া ফৌৰণে নিজৰ ৰথ সাজু কৰিলে, আৰু নিজৰ সৈন্য সকলক তেওঁৰ লগত ল’লে।
Then he made ready his chariot, and took his army with him;
7 তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে।
and he took six hundred select chariots, and all the chariots of Egypt, and officers over all of them.
8 যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল।
And the LORD hardened the heart of Pharaoh king of Egypt, and he pursued after the children of Israel; and the children of Israel were going out triumphantly.
9 কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে।
And the Egyptians pursued after them, all the horses and chariots of Pharaoh and his horsemen and his army, and overtook them camping by the sea, beside Pi-hahiroth, before Baal Zephon.
10 ১০ ফৰৌণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
When Pharaoh drew near, the children of Israel lifted up their eyes, and look, the Egyptians were marching after them, and they were very afraid. So the children of Israel cried out to the LORD.
11 ১১ তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে?
And they said to Moses, "Was it because there were no graves in Egypt that you have taken us away to die in the wilderness? What have you done to us by bringing us out of Egypt?
12 ১২ আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’”
Isn't this the word that we spoke to you in Egypt, saying, 'Leave us alone so that we may serve the Egyptians?' For it would have been better for us to serve the Egyptians than to die in the wilderness."
13 ১৩ মোচিয়ে লোকসকলক ক’লে, “ভয় নকৰি। নিৰৱে থাকা; আৰু চাওক, যিহোৱাই আজি তোমালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়া সকলক আজি তোমালোকে দেখিছা, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিবা।
But Moses said to the people, "Do not be afraid, stand still, and see the salvation of God, which he will work for you today, for the Egyptians you see today, you will never, ever see again.
14 ১৪ যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।”
The LORD will fight for you, and you must be still."
15 ১৫ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি মোলৈ কিয় কাতৰোক্তি কৰিছা? ইস্ৰায়েলী লোকসকলক আগুৱাই যাবলৈ কোৱা।
Then the LORD said to Moses, "Why are you crying out to me? Tell the children of Israel to go forward.
16 ১৬ তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব।
And as for you, lift up your staff and stretch out your hand over the sea and divide it, and the children of Israel will go through the midst of the sea on dry ground.
17 ১৭ চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম।
And as for me, look, I am going to harden the hearts of the Egyptians so that they will go in after them, and I will receive glory over Pharaoh and all his army, his chariots and his horsemen.
18 ১৮ তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।”
Then the Egyptians will know that I am the LORD, when I receive glory over Pharaoh, his chariots and his horsemen."
19 ১৯ ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল।
And the angel of God who was going in front of the camp of Israel moved and went behind them, and the pillar of cloud moved from in front of them and stood behind them.
20 ২০ মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে।
So it came between the camp of Egypt and the camp of Israel. Thus it was a cloud and darkness and it lit up the night so that the one did not come near the other all night.
21 ২১ মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল।
Then Moses stretched out his hand over the sea, and the LORD pushed the sea back by a strong east wind all night, and made the sea into dry land, so the waters were divided.
22 ২২ তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
Then the children of Israel went into the midst of the sea on the dry ground, and the waters were a wall to them on their right and on their left.
23 ২৩ মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৰৌণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী বিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল।
And the Egyptians pursued and went in after them into the midst of the sea, all of Pharaoh's horses, his chariots, and his horsemen.
24 ২৪ কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে।
And it happened, in the morning watch, that the LORD looked down on the Egyptian camp through the pillar of fire and cloud and threw the camp into confusion.
25 ২৫ যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”
And he bound their chariot wheels so that they drove them with difficulty. And the Egyptians said, "Let's flee from before Israel, for the LORD fights for them against the Egypt."
26 ২৬ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “মিচৰীয়া সকল, তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহী বিলাকৰ ওপৰলৈ যেন পুনৰায় জল সমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা।”
Then the LORD said to Moses, "Stretch out your hand over the sea, so that the waters may flow back on the Egyptians, on their chariots, and on their horsemen."
27 ২৭ সেয়ে মোচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে, আৰু যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়া সকলে সাগৰলৈ সোমাই যাওঁতে, যিহোৱাই মিচৰীয়া সকলক সাগৰৰ মাজত পেলালে।
So Moses stretched out his hand over the sea, and the sea returned to its normal state at daybreak. Now the Egyptians were trying to escape from it, but the LORD shook off the Egyptians in the midst of the sea.
28 ২৮ জল সমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্য পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল।
Then the waters returned and covered the chariots, the horsemen, the entire army of Pharaoh that had followed them into the sea. None of them survived.
29 ২৯ ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
But the children of Israel walked on dry ground in the midst of the sea, and the waters were a wall to them on their right hand and on their left.
30 ৩০ এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে।
Thus the LORD saved Israel that day from the power of the Egyptians, and Israel saw the Egyptians dead on the seashore.
31 ৩১ ইস্ৰায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে, আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে।
When Israel saw the great power which the LORD used against the Egyptians, then the people feared the LORD, and they believed God and his servant Moses.

< যাত্রাপুস্তক 14 >