< এস্থার 8 >

1 সেই দিনা ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক যিহুদী সকলৰ শত্ৰু হামনৰ সা-সম্পত্তি দিলে। যিহেতু ইষ্টেৰে মৰ্দখয়ৰ লগত তেওঁৰ সম্পৰ্ক কি, সেই বিষয়ে ৰজাক জনাইছিল। সেয়ে মৰ্দখয়ে ৰজাৰ পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলে।
Tanī dienā ķēniņš Ahasverus deva ķēniņienei Esterei Amana, tā Jūdu ienaidnieka, namu, un Mardakajs nāca ķēniņa priekšā, jo Estere bija stāstījusi, kas viņš tai esot.
2 তেতিয়া ৰজাই হামনৰ পৰা ঘূৰাই লোৱা নিজৰ মোহৰ মৰা আঙঠি সোলোকাই মৰ্দখয়ক দিলে। ইষ্টেৰে হামনৰ আস্থাবৰ সম্পত্তিৰ দায়িত্বত মৰ্দখয়ক নিযুক্ত কৰিলে।
Un ķēniņš novilka savu gredzenu, ko no Amana bija ņēmis, un to deva Mardakajam, un Estere iecēla Mardakaju pār Amana namu.
3 পাছত ইষ্টেৰে পুনৰ ৰজাৰ লগত কথা পাতিলে। তেওঁ ৰজাৰ চৰণত পৰি ক্রন্দন কৰিলে; আৰু অগাগীয়া হামনে কৰিব খোজা অমঙ্গল, যিহুদী লোক সকলৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁৰ আগত মিনতি কৰিলে।
Un Estere runāja vēl ķēniņa priekšā un krita viņam pie kājām un raudāja un viņu lūdza, ka viņš atņemtu Amana, tā Agaģieša, ļaunumu un viņa nodomu, ko viņš izdomājis pret Jūdiem.
4 তাতে ৰজাই ইষ্টেৰৰ ফাললৈ সোণালী ৰাজদণ্ড ডাল মেলি দিলে, আৰু ইষ্টেৰে উঠি ৰজাৰ আগত থিয় হ’ল।
Tad ķēniņš Esterei piesniedza zelta scepteri, un Estere cēlās un stāvēja ķēniņa priekšā.
5 ইষ্টেৰে ক’লে, “যদি ৰজাই ভাল দেখে; আৰু মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ। মই যদি ৰজাক সন্তুষ্ট কৰিব পাৰিছোঁ; আৰু এই কাৰ্য যদি ৰজাই উচিত বুলি ভাবে, তেনেহলে অগাগীয়া হম্মদাথাৰ পুত্র হামনে, ৰজাৰ আটাই প্ৰদেশত থকা যিহুদী লোক সকলক ধ্বংস কৰিবৰ অৰ্থে লিখা পত্ৰবোৰ বাতিল কৰিবলৈ ৰজাই লিখিত আজ্ঞা দিয়ক।
Un viņa sacīja: ja ķēniņam patīk, un ja es žēlastību esmu atradusi viņa priekšā, un ja tas pareizi ir ķēniņa priekšā, un es patīkama esmu viņa acīs, tad lai top rakstīts, ka Amana, Medatus, tā Agaģieša dēla, grāmatas un domas top iznīcinātas, ko viņš rakstījis, gribēdams Jūdus nomaitāt, kas ir visās ķēniņa valstīs.
6 কাৰণ মোৰ লোক সকলক দুৰ্যোগত পৰি থকা দেখি মই কেনেকৈ সহ্য কৰিম? নিজৰ সম্পৰ্কীয় লোকসকলৰ বিনাশ দেখি মই কেনেকৈ সহি থাকিম?”
Jo kā es varētu redzēt to nelaimi, kas maniem ļaudīm uzies, un kā es varētu uzlūkot savu radu nomaitāšanu?
7 তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ক ক’লে, “চোৱা, মই ইষ্টেৰক হামনৰ সা-সম্পত্তি দিলোঁ, আৰু হামনক ফাঁচি কাঠত ফাঁচিও দিয়া হ’ল, কাৰণ সি ইহুদী লোকসকলক বিনাশ কৰিবলৈ ইচ্ছা কৰিছিল।
Tad ķēniņš Ahasverus sacīja uz ķēniņieni Esteri un uz Jūdu Mardakaju: redzi, Amana namu es esmu devis Esterei, un viņš ir pakārts pie koka, tādēļ ka savu roku pielicis pie Jūdiem.
8 এতিয়া যিহুদী লোকসকলৰ অৰ্থে ৰজাৰ নামেৰে আন এটা আজ্ঞা পত্র লিখা হওক; আৰু ৰজাৰ আঙঠিৰে তাত মোহৰ মৰা হওক। কাৰণ ৰজাৰ নামেৰে ইতিমধ্যে লিখা, আৰু ৰজাৰ আঙঠিৰে মোহৰ মৰা পত্ৰ কেতিয়াও বাতিল হ’ব নোৱাৰে।”
Tad nu jūs rakstiet par tiem Jūdiem, kā jums patīk ķēniņa vārdā un aizspiežat to ar ķēniņa gredzenu, jo to rakstu, kas ķēniņa vārdā rakstīts un ar ķēniņa zieģeli aizspiests, to nedrīkst pārgrozīt.
9 তাৰ পাছত তৃতীয় মাহৰ তেইশ দিনৰ দিনা ৰাজ লিখক সকলক মতা হৈছিল। মৰ্দখয়ে যিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞা পত্র লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্রদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰী সকললৈ; আৰু প্রত্যেক প্রদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্রত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞা পত্ৰ লিখা হৈছিল। ইহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল।
Tad ķēniņa rakstītāji tanī laikā tapa aicināti trešā mēnesī, tas ir Zivana mēnesis, divdesmit trešā dienā, un tapa rakstīts, tā kā Mardakajs pavēlēja, Jūdiem un valdniekiem un zemes valdītājiem un valsts lieliem kungiem, no Indijas līdz Moru zemei, simts divdesmit septiņās valstīs un uz ikvienu valsti viņas rakstā un uz ikvienu tautu viņas valodā, un Jūdiem pēc viņu rakstiem un pēc viņu valodas.
10 ১০ মৰ্দখয়ে এই পত্র ৰজা অহচবেৰোচৰ নামেৰে লিখি তাত ৰজাৰ আঙঠিৰে মোহৰ মাৰিছিল। ৰাজ অশ্ৱপালনৰ প্রতিষ্ঠানৰ পৰা ৰাজ-কাৰ্য্যত ব্যৱহাৰ কৰা বেগী ঘোঁৰাত সংবাদবাহক সকলৰ দ্বাৰাই সেই কাগজ পত্ৰবোৰ পঠিয়াই দিয়া হ’ল।
Un tas tapa rakstīts ķēniņa Ahasverus vārdā un aizspiests ar ķēniņa gredzenu. Un tās grāmatas tapa sūtītas caur skrējējiem, kas jāja uz čakliem zirgiem no ķēniņa staļļiem.
11 ১১ এই পত্রত প্রত্যেক নগৰত থকা যিহুদী লোক সকলক ৰজা অহচবেৰোচে একলগ হৈ সমবেত হবলৈ; আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যি কোনো লোক বা প্ৰদেশৰ পৰা অস্ত্রধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে, ইহুদী লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু মহিলা সকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব; আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এই বুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোক সকলক অনুমতি দিছিল।
Ķēniņš atļaujot Jūdiem visās pilsētās sapulcēties un savu dzīvību aizstāvēt, izdeldēt, nokaut un nomaitāt visu to ļaužu un valsts spēku, kas nāktu virsū, laupīt bērnus un sievas, un viņu mantu, -
12 ১২ ৰজা অহচবেৰোচৰ অধীনত থকা সকলো প্রদেশলৈ ইয়াক কাৰ্যকৰী কৰিবলৈ কোৱা হ’ল, সেয়া আছিল দ্বাদশ মাহৰ তেৰ তাৰিখ, অৰ্থাৎ অদৰ মাহৰ তেৰ তাৰিখ।
Vienā dienā, pa visām ķēniņa Ahasverus valstīm, trīspadsmitā dienā divpadsmitā mēnesī, tas ir Adara mēnesis.
13 ১৩ সকলো লোকলৈ এই আজ্ঞা, বিধান স্বৰূপে জাৰি কৰি জনসাধাৰণৰ মাজত প্রকাশ কৰিবলৈ সেই পত্ৰৰ নকল যুগুত কৰা হৈছিল; যাতে সেই দিনা যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুক প্রতিশোধ লবলৈ যুগুত হৈ থাকে।
Tais grāmatās bija rakstīts: ka pavēle dota pa visām valstīm, ka visiem ļaudīm nāk zināms, lai Jūdi ir gatavi uz to dienu atriebties pie saviem ienaidniekiem.
14 ১৪ তাতে ৰাজ-কাৰ্য্যত ব্যৱহাৰ হোৱা বেগী ঘোঁৰাত সংবাদবাহক সকলে উঠি বেগাই ৰজাৰ সেই পত্র বিলাবলৈ গৈছিল; আৰু সেই আজ্ঞা পত্র চুচন ৰাজপ্রসাদতো জাৰি কৰা হৈছিল।
Tad tie skrējēji izgāja jāšus ar ķēniņa čakliem zirgiem ātri steigdamies, pēc ķēniņa vārda, un tā pavēle tapa dota Sūsanas pilī.
15 ১৫ তাৰ পাছত মৰ্দখয়ে নীলা আৰু বগা ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীটি মুৰত লৈ, মিহি শণ সুতাৰে আৰু বেঙেনা বৰণীয়া সুতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ সন্মুখৰ পৰা আঁতৰি গ’ল। চুচন নগৰত লোক সকলে জয়-ধ্বনি কৰি আনন্দ কৰিলে।
Un Mardakajs izgāja no ķēniņa ar pazilām un baltām ķēniņa drēbēm un ar lielu zelta kroni un ar uzvalku no dārga audekla un purpura, un Sūsanas pilsēta gavilēja un līksmojās.
16 ১৬ যিহুদী লোকসকলে লঘু অনুভৱ কৰিলে; আৰু তেওঁলোকে আনন্দ, উল্লাস আৰু গৌৰৱ কৰিলে।
Pie Jūdiem bija spožums un līksmība un prieks un gods.
17 ১৭ প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰৰ যি যি ঠাইত ৰজাৰ সেই আজ্ঞা পত্র পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত আনন্দ, উল্লাস, ভোজ আৰু পবিত্র দিন হ’ল। সেই দেশৰ বিভিন্ন জাতিৰ লোক সকলৰ মাজৰ বহুতো লোক ইহুদী হ’ল; কাৰণ তেওঁলোকে ইহুদী লোকৰ প্রতি ভয় কৰিছিল।
Un visās valstīs un visās pilsētās, kur ķēniņa vārds un pavēle nāca zināmi, bija prieks un līksmība pie Jūdiem, dzīres un labas dienas, un daudz no pagāniem palika par Jūdiem, jo bailes no Jūdiem tiem bija uzkritušas.

< এস্থার 8 >