< এস্থার 5 >

1 তিনি দিনৰ পাছত, ৰাণী ইষ্টেৰে ৰাজবস্ত্ৰ পিন্ধি ৰাজপ্রসাদৰ ৰাজগৃহত থকা ভিতৰ চোতালৰ সন্মুখত থিয় হ’ল। সেই সময়ত ৰজাই ৰাজগৃহৰ প্ৰবেশ স্থানৰ ফালে মুখ কৰি ৰাজ সিংহাসনত বহি আছিল।
І сталося третього дня, і вбрала Естер царські́ шати, та й стала на вну́трішньому подві́р'ї царсько́го дому, навпроти царсько́го дому. А цар сидів на тро́ні свого ца́рства в царсько́му домі навпроти входу до дому.
2 ৰজাই যেতিয়া চোতালত থিয় হোৱা ৰাণী ইষ্টেৰক দেখা পালে, তেতিয়া তেওঁৰ ইষ্টেৰৰ প্রতি মৰম লাগিল; আৰু ৰজাই নিজৰ হাতত থকা সোণাময় দণ্ডডালি ৰাণী ইষ্টেৰৰ ফালে মেলি দিলে। সেয়ে ইষ্টেৰে ওচৰ চাপি সোণাময় দণ্ডডালিৰ আগ ভাগ চুলে।
І сталося, як цар побачив царицю Есте́р, що стоїть у брамі, то знайшла́ вона ласку в оча́х його. І цар простягну́в Естері золоте бе́рло, що в руці його, а Есте́р підійшла й доторкнулася до кінця бе́рла.
3 তাৰ পাছত ৰজাই তেওঁক ক’লে, “ৰাণী ইষ্টেৰ, তোমাক কি লাগে? তোমাৰ কি প্রাৰ্থনা আছে কোৱা? যদি তোমাক মোৰ ৰাজ্যৰ আধা অংশও লাগে, তথাপিও তোমাক দিয়া হ’ব।”
І сказав до неї цар: „Що́ тобі, царице Есте́р? І яке проха́ння твоє? Якщо побажаєш аж до половини царства, то бу́де да́не тобі́!“
4 তেতিয়া ইষ্টেৰে উত্তৰ দিলে, “যদি ৰজাই ভাল দেখে, তেনেহলে আপোনাৰ বাবে মই যুগুত কৰা ভোজলৈ আপুনি আৰু হামন আজি আহিব।”
А Есте́р відказала: „Якщо це цареві вгодне, нехай при́йде цар та Га́ман сьогодні на гости́ну, яку я вчиню йому́!“
5 তেতিয়া ৰজাই আজ্ঞা দিলে, “ৰাণী ইষ্টেৰে কোৱাৰ দৰে কৰিবলৈ হামনক বেগাই মাতি অনা হওক।” সেয়ে ৰজা আৰু হামন ইষ্টেৰে যুগুত কৰা ভোজলৈ গ’ল।
I сказав цар: „Скоріше покличте Га́мана, щоб виконати Есте́рині слова́!“І прийшов цар та Га́ман у гости́ну, що вчинила Есте́р.
6 ভোজত যেতিয়া দ্রাক্ষাৰস বাকি দিয়া হ’ল, তেতিয়া ৰজাই ইষ্টেৰক সুধিলে, “তোমাৰ আবেদন কি? তোমাৰ বাবে সেই আবেদন গ্ৰহণ কৰা হ’ব; আৰু তোমাৰ প্রাৰ্থনা কি? ৰাজ্যৰ আধা অংশও যদি তোমাক লাগে, তেনেহ’লে তাক সিদ্ধ কৰা হ’ব।
І сказав цар до Есте́ри при питті вина: „Яке жада́ння твоє? І буде тобі да́не. І яке проха́ння твоє? Якщо побажаєш аж до полови́ни царства, то буде зро́блене!“
7 তেতিয়া ইষ্টেৰে উত্তৰ দি ক’লে, “মোৰ আবেদন আৰু মোৰ প্ৰাৰ্থনা এই,
І відповіла́ Есте́р та й сказала: „Моє жада́ння та моє проха́ння таке:
8 মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু মোৰ নিবেদন ও প্ৰাৰ্থনা গ্রহণ কৰি সিদ্ধ কৰিবলৈ যদি ৰজাই ভাল দেখে, তেনেহলে মই আপোনালোকৰ অৰ্থে কাইলৈ যি ভোজ যুগুত কৰিম, সেই ভোজলৈ আপুনি আৰু হামন পুনৰ আহিব। মই ৰজাৰ প্রশ্নৰ উত্তৰ কাইলৈহে দিম।”
Якщо знайшла́ я ласку в царевих оча́х, і якщо це цареві вгодне, щоб вво́лити жада́ння моє й щоб ви́конати проха́ння моє, — нехай при́йде цар та Га́ман на гости́ну, що зроблю́ їм, і взавтра я зроблю́ за царевим словом“.
9 সেই দিনা হামন আনন্দ আৰু সন্তুষ্ট মনেৰে বাহিৰলৈ ওলাই গ’ল। কিন্তু হামনে যেতিয়া মৰ্দখয়ক ৰাজদুৱাৰত বহি থকা দেখা পালে, তেতিয়াও মৰ্দখয়ে হামনৰ আগত থিয় নহ’ল বা লৰচৰো নহ’ল। তাতে হামনে মৰ্দখয়ৰ ওপৰত ক্রোধেৰে পৰিপূৰ্ণ হ’ল।
І вийшов Га́ман того дня радісний та добросе́рдий. Та коли Гаман побачив Мордехая в царські́й брамі, і він не встав і не затремтів перед ним, то Га́ман перепо́внився лютістю на Мордехая.
10 ১০ তথাপি, হামনে নিজকে নিয়ন্ত্রিত কৰি ৰাখিলে, আৰু নিজৰ ঘৰলৈ গুচি গ’ল। তেওঁ তেওঁৰ ভাৰ্যা জেৰচৰ সৈতে তেওঁৰ বন্ধু সকলক একত্রিত হ’বলৈ মাতি পঠিয়ালে।
Та стримався Гаман, і прийшов до свого дому. І послав він покли́кати своїх при́ятелів та жінку свою Зереш.
11 ১১ হামনে তেওঁলোকৰ আগত নিজৰ ঐশ্চৰ্যৰ প্ৰতাপ আৰু তেওঁৰ পুত্রৰ সংখ্যা অধিক এই কথা তেওঁলোকক ক’লে; আৰু ৰজাই কি দৰে তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসতকৈ তেওঁক ওখ পদ দিলে; এই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰি ক’লে।
І розповів їм Гаман про славу свого багатства, та про числе́нність синів своїх, та про все, як звеличив його цар, і як підняв його понад князі́в та слуг царе́вих.
12 ১২ হামনে ক’লে, “এনেকি ৰাণী ইষ্টেৰে যুগুত কৰা ভোজত যাবলৈ ৰজাৰ লগত মোৰ বাহিৰে আন কাকো নিমন্ত্রণ দিয়া নাছিল। আৰু অহা কালিও ভোজত ৰজাৰ লগত যাবলৈ মই ৰাণী ইষ্টেৰৰ দ্বাৰাই নিমন্ত্ৰণ পাইছোঁ।
І сказав Гаман: „А цариця Естер не привела́ з царем на гости́ну, яку зробила, нікого, крім ме́не. І також наза́втра я покли́каний до неї з царем!
13 ১৩ তথাপিও মই ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়ক যেতিয়া দেখা পাওঁ, তেতিয়া এই সকলোতো মোৰ একো মূল্য নাই যেন মই উপলব্ধি কৰোঁ।”
Та все це нічого не варте мені цього ча́су, доки я бачу того юдея Мордехая, що сидить у царські́й брамі!“
14 ১৪ পাছত তেওঁৰ ভাৰ্যা জেৰচ আৰু তেওঁৰ বন্ধু সকলে তেওঁক ক’লে, “পঞ্চাশ হাত দীঘল এডাল ফাঁচি-কাঠ যুগুত কৰক; যাতে আপুনি কাইলৈ ৰাতিপুৱাই ৰজাৰ আগত নিবেদন কৰি মৰ্দখয়ক সেই কাঠডালত ফাঁচি দিব পাৰে। তাৰ পাছত আপুনি আনন্দ মনেৰে ৰজাৰ লগত ভোজত যাব।” তেতিয়া হামনে সেই কথাত সন্তুষ্ট হ’ল আৰু তেওঁ ফাঁচি-কাঠ নিৰ্মাণ কৰালে।
І сказала до нього жінка його Зе́реш та всі його при́ятелі: „Нехай приготують ши́беницю, високу на п'ятдеся́т ліктів, а ра́нком скажи царе́ві, і нехай повісять на ній Мордехая, і пі́деш з царем радісний на гостину“! І була приємна та рада для Гамана, і́ зробив він ту ши́беницю.

< এস্থার 5 >