< ইফিচীয়া 1 >

1 মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত এজন পাঁচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুত বিশ্বাস কৰা পবিত্ৰ লোক সকলৰ সমীপলৈ;
Պօղոս, Աստուծոյ կամքով Յիսուս Քրիստոսի առաքեալ, Եփեսոսի մէջ եղած սուրբերուն ու Քրիստոս Յիսուսով հաւատարիմներուն.
2 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।
շնորհք եւ խաղաղութիւն ձեզի Աստուծմէ՝ մեր Հօրմէն, ու Տէր Յիսուս Քրիստոսէ:
3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
Օրհնեա՜լ ըլլայ Աստուած եւ մեր Տէրոջ՝ Յիսուս Քրիստոսի Հայրը, որ Քրիստոսով օրհնեց մեզ ամէն տեսակ հոգեւոր օրհնութիւններով՝ երկնային վայրերու մէջ,
4 জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে।
ինչպէս անով ընտրեց մեզ աշխարհի հիմնադրութենէն առաջ, որպէսզի մենք իր առջեւ սուրբ եւ անարատ ըլլանք սիրոյ մէջ:
5 ঈশ্বৰে প্রেমৰ দ্বাৰাই পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে আনন্দেৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে।
Նախասահմանեց մեզ իր որդեգրութեան՝ Յիսուս Քրիստոսի միջոցով, իր կամքին բարեհաճութեան համաձայն,
6 ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।
որպէսզի գովաբանենք իր շնորհքին փառքը. անո՛վ ընդունելի դարձուց մեզ՝ Սիրելիին միջոցով:
7 কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
Իրմով մենք ունինք ազատագրութիւն՝ իր արիւնին միջոցով, ու մեղքերու ներում՝ իր շնորհքին ճոխութեան համեմատ.
8 সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।
անո՛վ ճոխացուց մեզ՝ ամբողջ իմաստութեամբ եւ ուշիմութեամբ:
9 খ্রীষ্টত কার্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্রকাশ কৰিলে।
Գիտցուց մեզի իր կամքին խորհուրդը՝ իր բարեհաճութեան համաձայն, որ իր մէջ՝՝ առաջադրած էր.
10 ১০ ঈশ্বৰে স্থিৰ কৰি ৰাখিছিলে যে নিৰূপিত সময় পূর্ণ হলে পৰিকল্পনাৰ কার্য-সাধনৰ অর্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অধীনলৈ আনিব।
որպէսզի ժամանակներու լրումին տնտեսութեան մէջ՝ Քրիստոսով համախմբէ ամէն բան, անոր մէջ միացնէ թէ՛ երկինքի մէջ եղողները, թէ՛ երկրի վրայ եղողները:
11 ১১ ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে।
Անով ստացանք նաեւ ժառանգութիւն մը, նախասահմանուած ըլլալով համաձայն առաջադրութեան անո՛ր՝ որ կը ներգործէ ամէն բան իր կամքին ծրագիրին համաձայն,
12 ১২ আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ললে।
որպէսզի մենք՝ նախապէս Քրիստոսի ապաւինողներս՝ գովութիւն ըլլանք իր փառքին:
13 ১৩ আপোনালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল।
Դո՛ւք ալ ապաւինեցաք անոր՝ երբ լսեցիք ճշմարտութեան խօսքը, ձեր փրկութեան աւետարանը, եւ հաւատալէ ետք անոր՝ կնքուեցաք խոստացեալ Սուրբ Հոգիով,
14 ১৪ ঈশ্বৰে যি সকলো প্রতিজ্ঞা কৰিছে, সেই সকলো প্ৰতিজ্ঞা সম্পূর্ণকৈ প্রাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনা স্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰাই ঈশ্বৰৰ মহিমাৰ প্রশংসা হব।
որ մեր ժառանգութեան գրաւականն է մինչեւ ստացուածքին ազատագրութիւնը՝ իր փառքին գովութեան համար:
15 ১৫ এই কাৰণে মই যেতিয়া প্ৰভু যীচুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলো,
Ուստի ես ալ, լսելէ ետք Տէր Յիսուսի վրայ ձեր ունեցած հաւատքին ու բոլոր սուրբերուն հանդէպ ձեր ունեցած սիրոյն մասին,
16 ১৬ তেতিয়াৰে পৰা মই আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত আপোনালোকৰ নাম উল্লেখ কৰিবলৈ ৰখা নাই।
չեմ դադրիր շնորհակալ ըլլալէ ձեզի համար՝ յիշելով ձեզ իմ աղօթքներուս մէջ.
17 ১৭ মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
որպէսզի մեր Տէրոջ՝ Յիսուս Քրիստոսի Աստուածը, փառքի Հայրը, տայ ձեզի իմաստութեան եւ յայտնութեան հոգին՝ իր գիտակցութեամբ:
18 ১৮ ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়;
Որպէսզի ձեր միտքին աչքերը լուսաւորուելով՝ գիտնաք թէ ի՛նչ է անոր կոչումին յոյսը, ի՛նչ է անոր ժառանգութեան փառքին ճոխութիւնը՝ սուրբերուն մէջ,
19 ১৯ লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে।
եւ ի՛նչ է իր զօրութեան գերազանց մեծութիւնը հաւատացեալներուս մէջ՝ գործադրութեան համեմատ իր ուժեղ զօրութեան,
20 ২০ সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে।
որ ներգործեց Քրիստոսի մէջ՝ երբ մեռելներէն յարուցանեց զայն ու բազմեցուց իր աջ կողմը՝ երկինքի մէջ,
21 ২১ সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল। (aiōn g165)
ամէն պետութենէ, իշխանութենէ, զօրութենէ եւ տէրութենէ շատ աւելի վեր, ու ամէն անունէ վեր՝ որ կ՚անուանուի, ո՛չ միայն այս աշխարհին մէջ, հապա նաեւ գալիքին մէջ: (aiōn g165)
22 ২২ ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;
Դրաւ ամէն բան անոր ոտքերուն տակ, ու տուաւ զայն՝ իբր գլուխ ամէն բանի վրայ՝ եկեղեցիին,
23 ২৩ সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।
որ անոր մարմինն է, լրումը անոր՝ որ կը լեցնէ ամէն ինչ՝ բոլորին մէջ:

< ইফিচীয়া 1 >