< উপদেশক 8 >

1 জ্ঞানৱানৰ তুল্য কোন আছে? যি ঘটে, কোনে তাৰ অৰ্থ বুজাব পাৰে? প্রজ্ঞাই মানুহৰ মুখ উজ্জ্বল কৰে, আৰু তেওঁৰ মুখৰ কঠিনতা পৰিৱৰ্ত্তন কৰিব পাৰে।
Sapientia hominis lucet in vultu eius, et potentissimus faciem illius commutabit.
2 মই তোমাক উপদেশ দিওঁ যে ৰজাক প্রতিৰক্ষা দিয়া ঈশ্বৰৰ শপতৰ কাৰণে তুমি ৰজাৰ আজ্ঞা পালন কৰা।
Ego os regis observo, et præcepta iuramenti Dei.
3 তেওঁৰ আগৰ পৰা লৰালৰিকৈ গুছি নাযাবা; মন্দ একোৰে লগত যুক্ত নহ’বা; কাৰণ ৰজাই তেওঁৰ ইচ্ছা অনুসাৰে কার্য কৰে।
Ne festines recedere a facie eius, neque permaneas in opere malo: quia omne, quod voluerit, faciet:
4 ৰজাৰ কথাতে যেতিয়া সামর্থ্য আছে, তেতিয়া কোনে তেওঁক ক’ব পাৰে, “আপুনি কি কৰিছে?”
et sermo illius potestate plenus est: nec dicere ei quisquam potest: Quare ita facis?
5 যি মানুহে ৰজাৰ আজ্ঞা পালন কৰে, তেওঁৰ কোনো ক্ষতি নহব; জ্ঞানৱান লোকসকলৰ হৃদয়ে কার্যৰ উপযুক্ত সময় আৰু পদ্ধতি জানে।
Qui custodit præceptum, non experietur quidquam mali. Tempus et responsionem cor sapientis intelligit.
6 প্ৰত্যেক বিষয়ৰে উপযুক্ত সময় আৰু পদ্ধতি আছে; যদিও মানুহে অধিক দুখকষ্ট ভোগ কৰে।
Omni negotio tempus est, et opportunitas, et multa hominis afflictio:
7 কিয়নো কোনো মানুহেই যেতিয়া পাছত কি ঘটিব তাক নাজানে, তেতিয়া সেয়ে কিদৰে ঘটিব বুলি তেওঁক কোনে জনাব পাৰে?
quia ignorat præterita, et futura nullo scire potest nuncio.
8 নিজৰ আত্মাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে! তেনেকৈ মৃত্যুৰ দিনৰ ওপৰতো কাৰো হাত নাই। যুদ্ধৰ সময়ত যেনেকৈ কোনো সৈনিক মুক্ত নহয়, তেনেকৈ দুষ্টতাৰ বশত থকা ব্যক্তিৰ দুষ্ট কার্যৰ অভ্যাসৰ পৰা সেই দুষ্টতাই তেওঁক মুক্ত কৰিব নোৱাৰে।
Non est in hominis potestate prohibere spiritum, nec habet potestatem in die mortis, nec sinitur quiescere ingruente bello, neque salvabit impietas impium.
9 সূৰ্যৰ তলত কৰা সকলো কার্যলৈ মনোযোগ কৰি মই এই পর্যবেক্ষণ কৰিলোঁ যে, এজন লোকে আন জনৰ ওপৰত কর্তৃত্ব চলাবলৈ অভ্যাস কৰি আন জনক ভীষণ আঘাত দিয়ে।
Omnia hæc consideravi, et dedi cor meum in cunctis operibus, quæ fiunt sub sole. Interdum dominatur homo homini in malum suum.
10 ১০ তাৰ পাছত মই দেখিলোঁ যে, কেনেকৈ দুষ্ট লোকক সন্মানেৰে মৈদাম দিয়া হৈছিল। এই দুষ্ট লোকসকলে পবিত্ৰ স্থানত অহা-যোৱা কৰিছিল; যি নগৰত তেওঁলোকে দুষ্টতাৰ কার্য কৰিছিল, সেই নগৰৰ লোকসকলে তেওঁলোকক প্রশংসা কৰিলে। ইও অসাৰ।
Vidi impios sepultos: qui etiam cum adhuc viverent, in loco sancto erant, et laudabantur in civitate quasi iustorum operum. sed et hoc vanitas est.
11 ১১ অন্যায় কার্যৰ শাস্তি যদি বেগাই কার্যকৰী নহয়, তেন্তে মানুহৰ মনলৈ অন্যায় কার্য কৰাৰ প্রৱণতা আহে।
Etenim quia non profertur cito contra malos sententia, absque timore ullo filii hominum perpetrant mala.
12 ১২ পাপী লোকে যদিও এশটা কুকৰ্ম কৰি দীৰ্ঘকাল জীয়াই থাকে, তথাপিও মই হ’লে নিশ্চয়কৈ জানো যে, ঈশ্বৰক যিসকলে ভয় কৰে, তেওঁলোকৰ মঙ্গল হ’ব; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়।
Attamen peccator ex eo quod centies facit malum, et per patientiam sustentatur, ego cognovi quod erit bonum timentibus Deum, qui verentur faciem eius.
13 ১৩ কিন্তু দুষ্ট লোকৰ হ’লে মঙ্গল নহব; তেওঁলোকৰ আয়ুস বৃদ্ধি নাপাব; তেওঁলোকৰ জীৱনকাল দ্রুতগামী ছাঁ স্বৰূপ; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় নহয়।
Non sit bonum impio, nec prolongentur dies eius, sed quasi umbra transeant qui non timent faciem Domini.
14 ১৪ পৃথিবীত ঘটা আন এটা অসাৰ বিষয় হৈছে দুষ্ট লোকে তেওঁলোকৰ কার্য অনুসাৰে পাবলগীয়া দুষ্টতাৰ ফল ধাৰ্মিক লোকে ভোগ কৰে আৰু ধার্মিক লোকে পাবলগীয়া ফল দুষ্ট লোকে ভোগ কৰে। মই ক’লো, ইও অসাৰ।
Est et alia vanitas, quæ fit super terram. sunt iusti, quibus mala proveniunt, quasi opera egerint impiorum: et sunt impii, qui ita securi sunt, quasi iustorum facta habeant. sed et hoc vanissimum iudico.
15 ১৫ সেয়ে মই জীৱনত আমোদ-প্রমোদৰে প্ৰশংসা কৰিছোঁ; কিয়নো সূর্যৰ তলত ভোজন-পান আৰু আনন্দ কৰাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই। তেন্তে সূর্যৰ তলত ঈশ্বৰে দিয়া মানুহৰ জীৱনৰ সকলো দিনবোৰত আনন্দই হ’ব তেওঁৰ পৰিশ্রমত সংগী।
Laudavi igitur lætitiam quod non esset homini bonum sub sole, nisi quod comederet, et biberet, atque gauderet: et hoc solum secum auferret de labore suo in diebus vitæ suæ, quos dedit ei Deus sub sole.
16 ১৬ প্রজ্ঞা পাবলৈ আৰু পৃথিৱীত যি কৰা হয়, তাক জানিবলৈ, দিনে-ৰাতিয়ে কাম কৰি চকুৱে নুশোৱাকৈ থাকে তাক বুজিবৰ কাৰণে যেতিয়া মই মনোযোগ দিলোঁ,
Et apposui cor meum ut scirem sapientiam, et intelligerem distentionem, quæ versatur in terra: est homo, qui diebus et noctibus somnum non capit oculis.
17 ১৭ তেতিয়া মই ঈশ্বৰৰ সকলো কাৰ্য বিবেচনা কৰি বুজিলো যে, সূৰ্যৰ তলত যি কাৰ্য কৰা হয়, মানুহে তাক সম্পূর্ণকৈ বুজিব নোৱাৰে। সেয়ে মানুহে তাৰ উত্তৰ বিচাৰি পাবলৈ সকলো ধৰণৰ পৰিশ্রম কৰিলেও তাক বিচাৰি পাব নোৱাৰে। এনেকি, জ্ঞানৱান লোকেও যদি তাক জানো বুলি বিশ্বাস কৰে, তেওঁ প্রকৃততে সম্পূর্ণকৈ নাজানে।
Et intellexi quod omnium operum Dei nullam possit homo invenire rationem eorum, quæ fiunt sub sole: et quanto plus laboraverit ad quærendum, tanto minus inveniat: etiam si dixerit sapiens se nosse, non poterit reperire.

< উপদেশক 8 >