< উপদেশক 7 >

1 সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।
טוב שם משמן טוב ויום המות מיום הולדו׃
2 ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল; কিয়নো জীৱনৰ শেষত সকলো মানুহৰে মৃত্যু আহিব, জীৱিত লোকে এই কথা তাক মনত ৰখা উচিত।
טוב ללכת אל בית אבל מלכת אל בית משתה באשר הוא סוף כל האדם והחי יתן אל לבו׃
3 হাঁহিতকৈ দুখ ভোগ ভাল। কাৰণ মুখৰ বিষন্নতাৰ দ্বাৰাই হৃদয়ক আনন্দিত কৰা হয়।
טוב כעס משחק כי ברע פנים ייטב לב׃
4 জ্ঞানৱানৰ হৃদয় শোকৰ ঘৰত থাকে; কিন্তু অজ্ঞানী লোকৰ হৃদয় কেৱল আমোদ-প্রমোদৰ ঘৰত থাকে।
לב חכמים בבית אבל ולב כסילים בבית שמחה׃
5 অজ্ঞানীৰ প্রশংসাৰ গান শুনাতকৈ জ্ঞানৱানৰ তিৰস্কাৰ শুনাই ভাল।
טוב לשמע גערת חכם מאיש שמע שיר כסילים׃
6 কেৰাহীৰ তলত জ্বলন্ত কাঁইট খৰিৰ ফুটফুটনি যেনেকুৱা, মূৰ্খৰ হাঁহিও ঠিক তেনেকুৱা; ইও অসাৰ।
כי כקול הסירים תחת הסיר כן שחק הכסיל וגם זה הבל׃
7 অন্যায়ভাৱে দাবী কৰা জ্ঞানী লোক স্বৰূপেই মূর্খ হৈ যায়; ভেঁটিয়ে বিবেচনা-শক্তি নষ্ট কৰে।
כי העשק יהולל חכם ויאבד את לב מתנה׃
8 কোনো কাৰ্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈর্যশীল আত্মা ভাল।
טוב אחרית דבר מראשיתו טוב ארך רוח מגבה רוח׃
9 তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা; কিয়নো খং অজ্ঞানীবোৰৰ হৃদয়ত বাস কৰে।
אל תבהל ברוחך לכעוס כי כעס בחיק כסילים ינוח׃
10 ১০ বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নুসুধিবা; কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়।
אל תאמר מה היה שהימים הראשנים היו טובים מאלה כי לא מחכמה שאלת על זה׃
11 ১১ পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু। পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল।
טובה חכמה עם נחלה ויתר לראי השמש׃
12 ১২ কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে। কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে, জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।
כי בצל החכמה בצל הכסף ויתרון דעת החכמה תחיה בעליה׃
13 ১৩ ঈশ্বৰৰ কাৰ্যবোৰ ভাৱি চোৱা; কিয়নো তেওঁ যিহক বেঁকা কৰিছে, তাক কোনে পোনাব পাৰে?
ראה את מעשה האלהים כי מי יוכל לתקן את אשר עותו׃
14 ১৪ সুখৰ দিনত সুখী হোৱা; কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা: ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে, তেনেকৈ দুখকো ওচৰা-ওচৰিকৈ ৰাখিছে। সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে।
ביום טובה היה בטוב וביום רעה ראה גם את זה לעמת זה עשה האלהים על דברת שלא ימצא האדם אחריו מאומה׃
15 ১৫ মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ। কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়, আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে।
את הכל ראיתי בימי הבלי יש צדיק אבד בצדקו ויש רשע מאריך ברעתו׃
16 ১৬ নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্মিক নহবা বা নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা; কিয় তুমি নিজকে ধ্বংস কৰিবা?
אל תהי צדיק הרבה ואל תתחכם יותר למה תשומם׃
17 ১৭ অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা; কিয় তুমি সময়ৰ আগেয়ে মৰিবা?
אל תרשע הרבה ואל תהי סכל למה תמות בלא עתך׃
18 ১৮ এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল; এটাকো হাতৰ পৰা যাবলৈ নিদিবা; যি লোকে ঈশ্বৰক ভয় কৰে, তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।
טוב אשר תאחז בזה וגם מזה אל תנח את ידך כי ירא אלהים יצא את כלם׃
19 ১৯ দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।
החכמה תעז לחכם מעשרה שליטים אשר היו בעיר׃
20 ২০ পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই, যি জনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে।
כי אדם אין צדיק בארץ אשר יעשה טוב ולא יחטא׃
21 ২১ মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা।
גם לכל הדברים אשר ידברו אל תתן לבך אשר לא תשמע את עבדך מקללך׃
22 ২২ কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।
כי גם פעמים רבות ידע לבך אשר גם את קללת אחרים׃
23 ২৩ এই সকলো মই প্ৰজ্ঞাৰ দ্বাৰাই পৰীক্ষা কৰি চাই ক’লোঁ, “মই জ্ঞানৱান হ’ম,” কিন্তু জ্ঞান মোৰ পৰা দূৰৈত আছিল।
כל זה נסיתי בחכמה אמרתי אחכמה והיא רחוקה ממני׃
24 ২৪ প্রজ্ঞালাভ মোৰ পৰা অতি দূৰৈত আৰু ই অতি গভীৰ। কোনে তাক পাব পাৰে?
רחוק מה שהיה ועמק עמק מי ימצאנו׃
25 ২৫ সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে, তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ, লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূর্খতা আৰু মূর্খতাই হৈছে বিচাৰবুদ্ধিহীনতা।
סבותי אני ולבי לדעת ולתור ובקש חכמה וחשבון ולדעת רשע כסל והסכלות הוללות׃
26 ২৬ মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী, যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ আৰু হাত দুখন শিকলিস্বৰূপ। যি মানুহ ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁ তাইৰ হাতৰ পৰা সাৰিব, কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব।
ומוצא אני מר ממות את האשה אשר היא מצודים וחרמים לבה אסורים ידיה טוב לפני האלהים ימלט ממנה וחוטא ילכד בה׃
27 ২৭ উপদেশকে কৈছে, “চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ, তাক বিবেচনা কৰা।” সকলো কথাৰ অন্তৰালত যি সাৰ আছে, তাক উলিয়াবলৈ মই এটাৰ পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাতিলোঁ।
ראה זה מצאתי אמרה קהלת אחת לאחת למצא חשבון׃
28 ২৮ মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।
אשר עוד בקשה נפשי ולא מצאתי אדם אחד מאלף מצאתי ואשה בכל אלה לא מצאתי׃
29 ২৯ কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।
לבד ראה זה מצאתי אשר עשה האלהים את האדם ישר והמה בקשו חשבנות רבים׃

< উপদেশক 7 >