< দ্বিতীয় বিবরণ 8 >

1 আজি মই আপোনালোকক যি আজ্ঞা দিছো, সেই সকলো আজ্ঞা আপোনালোকে মানি চলিব যাতে আপোনালোক জীয়াই থাকি সংখ্যাত বৃদ্ধি পায় আৰু যিহোৱাই আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্রৱেশ কৰি অধিকাৰ কৰিব পাৰে।
Omne mandatum, quod ego præcipio tibi hodie, cave diligenter ut facias: ut possitis vivere, et multiplicemini, ingressique possideatis Terram, pro qua iuravit Dominus patribus vestris.
2 আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।
Et recordaberis cuncti itineris, per quod adduxit te Dominus Deus tuus quadraginta annis per desertum, ut affligeret te, atque tentaret, et nota fierent quæ in tuo animo versabantur, utrum custodires mandata illius, an non.
3 ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
Afflixit te penuria, et dedit tibi cibum Manna, quod ignorabas tu et patres tui: ut ostenderet tibi quod non in solo pane vivat homo, sed in omni verbo quod egreditur de ore Dei.
4 এই চল্লিশ বছৰত, আপোনালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু আপোনালোকৰ ভৰিও ফুলা নাছিল।
Vestimentum tuum, quo operiebaris, nequaquam vetustate defecit, et pes tuus non est subtritus, en quadragesimus annus est.
5 এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব।
Ut recogites in corde tuo, quia sicut erudit filium suum homo, sic Dominus Deus tuus erudivit te,
6 আপোনালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব।
ut custodias mandata Domini Dei tui, et ambules in viis eius, et timeas eum.
7 কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ আপোনালোকক লৈ গৈছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ।
Dominus enim Deus tuus introducet te in terram bonam, terram rivorum aquarumque et fontium: in cuius campis et montibus erumpunt fluviorum abyssi:
8 সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম গছ থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ।
terram frumenti, hordei, ac vinearum, in qua ficus, et malogranata, et oliveta nascuntur: terram olei ac mellis.
9 সেই দেশত আপোনালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাব আৰু আপোনালোকৰ প্রয়োজনীয় সকলো বস্তুয়েই আপোনালোকে পাব। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা আপোনালোকে খনন কৰি তাম পাব।
Ubi absque ulla penuria comedes panem tuum, et rerum omnium abundantia perfrueris: cuius lapides ferrum sunt, et de montibus eius æris metalla fodiuntur:
10 ১০ আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব।
ut cum comederis, et satiatus fueris, benedicas Domino Deo tuo pro terra optima, quam dedit tibi.
11 ১১ আপোনালোক সাৱধান হ’ব; আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নাযাব।
Observa, et cave nequando obliviscaris Domini Dei tui, et negligas mandata eius atque iudicia et ceremonias, quas ego præcipio tibi hodie:
12 ১২ অন্যথা, এনেকুৱা নহওঁক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ’ব আৰু সুন্দৰ ঘৰ সাজি তাত বাস কৰিব।
ne postquam comederis et satiatus fueris, domos pulchras ædificaveris, et habitaveris in eis,
13 ১৩ যেতিয়া আপোনালোকৰ গৰু-ছাগলী, মেৰ-ছাগ জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব,
habuerisque armenta boum et ovium greges, argenti et auri, cunctarumque rerum copiam,
14 ১৪ তেতিয়া আপোনালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যি জনে আপোনালোকক মিচৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ যিহোৱাক আপোনালোকে পাহৰি যাব।
elevetur cor tuum, et non reminiscaris Domini Dei tui, qui eduxit te de Terra Ægypti, de domo servitutis:
15 ১৫ তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰাবিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি যিহোৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্রান্তৰত বহুতো বিষাক্ত সাপ আৰু কেকোঁৰাবিছা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল।
et ductor tuus fuit in solitudine magna atque terribili, in qua erat serpens flatu adurens, et scorpio ac dipsas, et nullæ omnino aquæ: qui eduxit rivos de petra durissima,
16 ১৬ তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়।
et cibavit te Manna in solitudine, quod nescierunt patres tui. Et postquam afflixit ac probavit, ad extremum misertus est tui,
17 ১৭ আপোনালোকে হয়তো মনতে ক’ব পাৰে, “মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।”
ne diceres in corde tuo: Fortitudo mea, et robur manus meæ, hæc mihi omnia præstiterunt.
18 ১৮ কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
Sed recorderis Domini Dei tui, quod ipse vires tibi præbuerit, ut impleret pactum suum super quo iuravit patribus tuis, sicut præsens indicat dies.
19 ১৯ আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।
Sin autem oblitus Domini Dei tui, secutus fueris deos alienos, coluerisque illos et adoraveris: ecce nunc prædico tibi quod omnino dispereas.
20 ২০ আপোনালোকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ’ব।
Sicut Gentes, quas delevit Dominus in introitu tuo, ita et vos peribitis, si inobedientes fueritis voci Domini Dei vestri.

< দ্বিতীয় বিবরণ 8 >