< দ্বিতীয় বিবরণ 32 >

1 হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা; হে পৃথিৱী, মোৰ মুখৰ কথা শুনা।
Słuchajcie, niebiosa, a będę mówić; niech i ziemia słucha słów moich ust.
2 মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক; সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।
Moja nauka będzie kropić jak deszcz, moja mowa będzie ściekać jak rosa, jak drobny deszcz na zioła, jak krople na trawę.
3 কিয়নো মই যিহোৱাৰ নাম ঘোষণা কৰিম; তোমালোকে আমাৰ যিহোৱাৰ মহিমা প্রশংসা কৰা,
Będę bowiem głosił imię PANA. Uznajcie wielkość naszego Boga.
4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
On jest Skałą, a jego dzieło [jest] doskonałe, bo wszystkie jego drogi są sprawiedliwe. Jest Bogiem prawdziwym i bez nieprawości, sprawiedliwym i prawym.
5 তেওঁৰ লোকে তেওঁৰ বিৰুদ্ধে অশিষ্টাচৰণ ব্যৱহাৰ কৰিছে; তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোক তেওঁৰ সন্তান নহয়, তেওঁলোক এক বিপথগামী আৰু কুটিল বংশ।
Zepsuli się, ich skaza nie [jest skazą] jego dzieci; pokolenie złe i przewrotne.
6 হে অবুজ, বুদ্ধিহীন জাতি, এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়? তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
Tak to odpłacasz PANU, ludu głupi i niemądry? Czy nie jest on twoim ojcem, który cię nabył dla siebie? Czy nie on cię uczynił i utwierdził?
7 সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা, অনেক পুৰুষৰ আগৰ বর্ষবোৰৰ বিষয়ে ভাৱা, সেই সকলো দিনৰ কথা তোমালোকৰ পিতৃক সোধা, তেওঁলোকে তোমালোকক জনাব; বৃদ্ধসকলক সোধা, তেওঁলোকে তোমালোকক ক’ব।
Wspomnij dni dawne, rozważ lata wielu pokoleń. Zapytaj swego ojca, a oznajmi ci; swoich starszych, a powiedzą ci.
8 সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
Gdy Najwyższy rozdzielał dziedzictwa narodom, a oddzielał synów Adama, wyznaczył granice narodom według liczby synów Izraela.
9 কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
Działem PANA [jest] bowiem jego lud, Jakub jest jego wydzielonym dziedzictwem.
10 ১০ তেওঁ তেওঁক এক মৰুভূমিত পালে, আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে। তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে, তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,
Znalazł go na pustynnej ziemi i na wielkim, strasznym pustkowiu. Obwodził go, uczył, strzegł jak źrenicy swego oka.
11 ১১ যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে; যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে আৰু তাৰ ওপৰত উৰি ফুৰে, যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ নিজৰ ডেউকা মেলি দিয়ে, আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
Jak orzeł pobudza swoje młode, trzepocze [skrzydłami] nad swymi orlętami, rozpościera swoje skrzydła, bierze je i nosi je na skrzydłach;
12 ১২ তেনেকৈ যিহোৱাই অকলেই যাকোবক চলাই লৈ ফুৰিলে; তেওঁৰ লগত আন কোনো বিদেশী দেৱতা নাছিল।
Tak PAN sam prowadził go i nie było z nim żadnego obcego boga.
13 ১৩ পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে, খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে; শিলনিৰ পৰা মধু আৰু শিলাময় দুৰাৰোহ পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
Wzniósł go po wysokich miejscach ziemi, aby żywił się plonami pól, i pozwolił mu ssać miód ze skały i oliwę ze skalnego krzemienia;
14 ১৪ গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰ-ছাগপালৰ পৰা গাখীৰ দিলে। চর্বিযুক্ত মেৰপোৱালিৰ আৰু বাচান দেশীয় মতা মেৰ, মতা ছাগলী আৰু উত্তম ঘেঁহুধানৰ আটা তেওঁক দিলে; হে ইস্রায়েল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণি উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা।
Masło od krów i mleko od owiec wraz z tłuszczem jagniąt, barany odchowane w Baszanie, kozły razem z tłuszczem ziaren pszenicy, a piłeś z wybornej krwi winogron.
15 ১৫ যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
Lecz Jeszurun utył i wierzgał – otyłeś, obrosłeś w tłuszcz, zgrubiałeś; opuściłeś Boga, który cię uczynił, i lekceważyłeś Skałę swego zbawienia.
16 ১৬ তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে; ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।
Pobudzili go do zazdrości obcymi [bogami], rozdrażnili go obrzydliwościami.
17 ১৭ ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল, যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
Składali ofiary demonom, a nie Bogu; nowym bogom, których nie znali, świeżo przybyłym, których się nie bali wasi ojcowie.
18 ১৮ যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
O Skale, która cię spłodziła, zapomniałeś, i zapomniałeś Boga, swego Stwórcę.
19 ১৯ যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
Gdy PAN to zobaczył, wzgardził nimi z powodu rozdrażnienia swoich synów i córek.
20 ২০ তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম; কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান।
I powiedział: Zakryję przed nimi swoje oblicze, zobaczę, jaki będzie ich koniec. Są bowiem pokoleniem przewrotnym, synami, w których nie ma wiary.
21 ২১ যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
Oni mnie pobudzili do zazdrości tym, [co] nie jest Bogiem; rozdrażnili mnie swymi marnościami. Ja też pobudzę ich do zazdrości tymi, [którzy] nie są ludem, rozdrażnię ich przez głupi naród.
22 ২২ কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিয়োলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে। (Sheol h7585)
Zapłonął bowiem ogień mojego gniewu i spłonie aż do głębin piekła, i pożre ziemię i jej plony, i wypali posady gór. (Sheol h7585)
23 ২৩ মই তেওঁলোকৰ ওপৰত দুর্যোগৰ স্তূপ গঢ়িম; তেওঁলোকৰ অহিতে মোৰ কাঁড়বোৰ এৰিম:
Zgromadzę na nich nieszczęścia, zużyję na nich moje strzały.
24 ২৪ দেহ শুকাই যোৱা দুর্ভিক্ষ, প্রচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী। তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূর্ণ হিংস্র পশুবোৰৰ দাঁত পঠাম।
[Będą] wyczerpani z głodu i strawieni gorączką i gorzką zarazą. Wyślę na nich też zęby bestii, z jadem gadów ziemskich.
25 ২৫ বাটত তৰোৱালে মাৰিব, ভিতৰ-কোঠালিত আতঙ্কত মৰিব। যুৱক আৰু কুমাৰীসকলক, পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।
Na zewnątrz osieroci ich miecz, a w domach – strach, tak młodzieńca, jak i dziewicę, niemowlę i sędziwego.
26 ২৬ মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম, আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম।
Powiedziałem: Rozproszę ich po kątach, wymażę pamięć o nich wśród ludzi;
27 ২৭ কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ, কিয়নো তেওঁলোকৰ শত্রুপক্ষই ভুল বুজি কব পাৰে যে, ‘আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নহয়।’
Gdybym się nie obawiał pychy wroga, by ich wrogowie nie powstali i nie powiedzieli: Nasza wielka ręka, a nie PAN, uczyniła to wszystko.
28 ২৮ তেওঁলোক এক বিবেকহীন জাতি; তেওঁলোকৰ বিচাৰ-বুদ্ধি বুলি একো নাই।
Ten naród bowiem jest pozbawiony rady i nie ma rozumu.
29 ২৯ তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
Oby byli mądrzy, zrozumieliby to i zważaliby na swój koniec.
30 ৩০ এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
Jakże mógłby jeden gonić tysiąc i dwóch zmusić do ucieczki dziesięć tysięcy, gdyby ich Skała nie zaprzedała ich i PAN ich nie wydał?
31 ৩১ শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়; আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
Bo ich skała nie jest jak nasza Skała, nasi wrogowie [sami] są sędziami.
32 ৩২ সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা; সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
Ich winorośl bowiem pochodzi z winorośli Sodomy i z pól Gomory, ich grona to grona trujące, ich kiście są gorzkie.
33 ৩৩ সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ, ফেঁটি সাপৰ ভয়ানক বিষ
Ich wino jest jadem smoków, okrutną trucizną żmij.
34 ৩৪ এই কথা মই জানো সাঁচি ৰখা নাই? মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?
Czy to nie jest u mnie ukryte, zapieczętowane w moich skarbcach?
35 ৩৫ সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
Do mnie należy zemsta i odpłata; ich noga poślizgnie się w [wyznaczonym] czasie. Bliski bowiem jest dzień ich klęski, a ich przyszłość spieszy się do nich.
36 ৩৬ যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।
PAN bowiem będzie sądzić swój lud, zlituje się nad swymi sługami, gdy zobaczy, że ich siła ustała i że nie ma ani niewolnika, ani wolnego.
37 ৩৭ তেওঁ তেতিয়া ক’ব, “তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে? ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?
I powie: Gdzie są ich bogowie? [Ta] skała, w której pokładali ufność?
38 ৩৮ তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল, আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল? এতিয়া সেইবোৰেই উঠি তোমালোকক সহায় কৰক; সেইবোৰেই তোমালোকৰ আশ্ৰয় হওঁক!
Ci, co jadali tłuszcz ich ofiar i pili wino ich ofiar z płynów? Niech wstaną i wam pomogą, niech będą waszym schronieniem.
39 ৩৯ এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; মইয়ে মাৰো, আৰু ময়েই জীয়াও; মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
Spójrzcie teraz, że to ja, tylko ja jestem, a nie ma innych bogów oprócz mnie. Ja zabijam i ożywiam, ja ranię i ja leczę, i nikt nie wyrwie z mojej ręki.
40 ৪০ কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক’লো, মোৰ চিৰস্থায়ী জীৱনৰ শপত,
Podnoszę bowiem swą rękę ku niebu i mówię: Ja żyję na wieki.
41 ৪১ যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
Jeśli zaostrzę swój błyszczący miecz i moja ręka chwyci sąd, dokonam zemsty na swoich wrogach i odpłacę tym, którzy mnie nienawidzą.
42 ৪২ হত হোৱা লোক আৰু বন্দীসকলৰ তেজেৰে সৈতে মোৰ কাঁড়বোৰক মই তেজ পান কৰাই মতলীয়া কৰিম, মোৰ তৰোৱালে মঙহ খাব, দীঘলচুলি থকা শত্রুৰ মূৰৰ মঙহ খাব।
Krwią upoję moje strzały, mój miecz naje się mięsa, krwią zabitych i pojmanych, jak tylko zacznę mścić się nad wrogami.
43 ৪৩ হে আকাশ মণ্ডল, আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে যিহোৱাৰ লোকসকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব; তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোকসকলৰ অর্থে ভূমি শুচি কৰিব।”
Weselcie się, narody, z jego ludem, gdyż on pomści krew swoich sług i odpłaci zemstą swoim wrogom, a będzie łaskawy dla swej ziemi i swego ludu.
44 ৪৪ এইদৰে মোচি আৰু নুনৰ পুত্ৰ যিহোচূৱাই গৈ এই গীতৰ সকলো কথা লোকসকলক শুনালে।
Przyszedł więc Mojżesz i powiedział wszystkie słowa tej pieśni do uszu tego ludu, on i Ozeasz, syn Nuna.
45 ৪৫ ইস্ৰায়েলীয়া লোকসকলৰ আগত মোচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে,
A [gdy] Mojżesz skończył mówić wszystkie te słowa do całego Izraela;
46 ৪৬ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা আপোনালোকৰ বিৰুদ্ধে সাক্ষ্যস্বৰূপে আজি মই আপোনালোকক ক’লো, তাক আপোনালোকে মনত গাঠি ৰাখক যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে আপোনালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰে।
Powiedział do nich: Weźcie sobie do serca wszystkie te słowa, które wam dzisiaj oświadczam, byście przykazywali je waszym dzieciom, by pilnowały wypełnienia wszystkich słów tego prawa;
47 ৪৭ কিয়নো আপোনালোকৰ কাৰণে ই সাধাৰণ কথা নহয়; বৰঞ্চ জীৱনৰহে কথা; কাৰণ ইয়াতেই আপোনালোকৰ জীৱন আছে, আৰু আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন পাৰ হৈ যাব, সেই দেশত ইয়াৰ দ্বাৰাই আপোনালোক দীর্ঘায়ু হ’ব পাৰে।”
Nie jest to bowiem dla was słowem pustym, gdyż jest waszym życiem. I dzięki niemu przedłużycie swoje dni na ziemi, do której się przeprawiacie przez Jordan, aby ją posiąść.
48 ৪৮ সেইদিনাখনেই যিহোৱাই মোচিক ক’লে,
I tego samego dnia PAN powiedział do Mojżesza:
49 ৪৯ “তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বতমালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েলীয়াসকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ।
Wstąp na tę górę Abarim, na górę Nebo, która jest w ziemi Moabu naprzeciw Jerycha, i spójrz na ziemię Kanaan, którą daję synom Izraela w posiadanie.
50 ৫০ যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্বপুৰুষসকলৰ ওচৰলৈ গুচি যাবা।
I umrzesz na tej górze, na którą wstąpisz, i zostaniesz przyłączony do swego ludu, tak jak umarł twój brat Aaron na górze Hor i został przyłączony do swego ludu;
51 ৫১ কিয়নো ছিন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েলীয়া সন্তান সকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েলীয়া সন্তান সকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা।
Za to, że wystąpiliście przeciwko mnie pośród synów Izraela przy wodach Meriba w Kadesz, na pustyni Syn, i nie poświęciliście mnie pośród synów Izraela.
52 ৫২ তথাপিও, মই ইস্ৰায়েলীয়া সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”
Przed sobą zobaczysz ziemię, lecz nie wejdziesz do tej ziemi, którą daję synom Izraela.

< দ্বিতীয় বিবরণ 32 >