< দ্বিতীয় বিবরণ 29 >

1 যিহোৱাই হোৰেব পাহাৰত মোচিৰ যোগেদি ইস্ৰায়েলীয়াসকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও যিহোৱাই মোৱাব দেশত ইস্রায়েলীয়াসকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মোচিক আজ্ঞা দিলে।
RAB'bin İsrailliler'le Horev Dağı'nda yaptığı antlaşmaya ek olarak, Moav'da Musa'ya onlarla yapmayı buyurduğu antlaşmanın sözleri bunlardır.
2 মোচিয়ে সকলো ইস্ৰায়েলীয়া লোকক মাতি ক’লে, “যিহোৱাই মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো কর্মচাৰীলৈ আৰু গোটেই দেশখনলৈ যি যি কৰিছিল সেই সকলো কাৰ্য আপোনালোকে নিজেই দেখিলে;
Musa bütün İsrailliler'i bir araya toplayarak şöyle dedi: “RAB'bin Mısır'da gözlerinizin önünde firavuna, görevlilerine, ülkesine yaptıklarını gördünüz.
3 তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চর্য কার্যবোৰ আপোনালোকে নিজ চকুৰে দেখিছিল।
Büyük denemeleri, belirtileri, o büyük ve şaşılası işleri gözlerinizle gördünüz.
4 কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”
Ne var ki, RAB bugüne dek size kavrayan yürek, gören göz, duyan kulak vermedi.
5 যিহোৱাই চল্লিশ বছৰ ধৰি আপোনালোকক মৰুভূমিত নেতৃত্ব দি চলাই আনিলে; সেই সময়ত আপোনালোকৰ গাৰ কাপোৰ আৰু জোতা পুৰণি হৈ ফাটি নষ্ট নাছিল।
RAB, ‘Sizi kırk yıl çölde dolaştırdım; ne üzerinizdeki giysi eskidi, ne ayağınızdaki çarık.
6 আপোনালোকৰ খাবলৈ কোনো পিঠা নাছিল; দ্রাক্ষাৰস বা আন মদিৰাৰ ৰস পান কৰা নাছিল। কিয়নো যিহোৱাই তেনে কৰিছিল যাতে আপোনালোকে বুজিব পাৰে যে তেৱেঁই আপোনালোকৰ ঈশ্বৰ যিহোৱা।
Ekmek yemediniz, şarap ya da başka içki içmediniz. Bütün bunları Tanrınız RAB'bin ben olduğumu anlayasınız diye yaptım’ diyor.
7 আপোনালোকে এই ঠাই পোৱাৰ পাছত, হিচবোনৰ ৰজা চীহোন আৰু বাচানৰ ৰজা ওগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ;
“Buraya ulaştığınızda, Heşbon Kralı Sihon ile Başan Kralı Og bizimle savaşa tutuştular. Ama onları bozguna uğrattık.
8 আমি তেওঁলোকৰ দেশ অধিকাৰ কৰি ৰূবেণীয়া ও গাদীয়া, আৰু মনচি গোষ্ঠীৰ আধা লোকক দিলোঁ।
Ülkelerini ele geçirerek mülk olarak Rubenliler'e, Gadlılar'a, Manaşşe oymağının yarısına verdik.
9 গতিকে আপোনালোকে যি কার্য কৰিব, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰে, সেইবাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিব।
El attığınız her işte başarılı olmak için bu antlaşmanın sözlerini yerine getirmeye dikkat edin.
10 ১০ আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছে - আপোনালোকৰ প্রধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েলীয়াসকল থিয় হৈছে।
“Bugün hepiniz –önderleriniz, oymak başlarınız, ileri gelenleriniz, görevlileriniz, bütün öbür İsrailli erkekler, çocuklarınız, karılarınız, aranızda yaşayan ve odununuzu kesen, suyunuzu taşıyan yabancılar– Tanrınız RAB'bin önünde duruyorsunuz.
11 ১১ আপোনালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু আপোনালোকৰ ছাউনিত বাস কৰা আপোনালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।
12 ১২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি আপোনালোক সকলো ইয়াত আছে।
Bugün Tanrınız RAB'bin ant içerek sizinle yaptığı bu antlaşmayı geçerli kılmak için burada duruyorsunuz.
13 ১৩ যিহোৱাই আজি ইয়াক স্থাপন কৰিছে যাতে আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত কৰা শপত আৰু আপোনালোকৰ ওচৰত কৰা প্রতিজ্ঞা অনুসাৰে তেওঁ আপোনালোকৰ ঈশ্বৰ হ’ব পাৰে আৰু আজিয়েই আপোনালোকক নিজৰ লোক কৰি ল’ব পাৰে।
Öyle ki, bugün sizi kendi halkı olarak belirlesin ve size söylediği gibi, atalarınız İbrahim'e, İshak'a, Yakup'a içtiği ant uyarınca Tanrınız olsun.
14 ১৪ কেৱল আপোনালোকৰ সৈতে আমাৰ ঈশ্বৰ যিহোৱাই এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই।
Antla yapılan bu antlaşmayı yalnız sizinle, bugün burada bizimle birlikte Tanrımız RAB'bin önünde duranlarla değil, yanımızda olmayanlarla da yapıyorum.
15 ১৫ আমাৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আজি এই ঠাইত আমাৰ সৈতে যিসকল থিয় হৈ আছে, কেৱল তেওঁলোক প্রতিজনৰ সৈতে তেওঁ এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই, কিন্তু আমাৰ উত্তৰপুৰুষ যিসকলৰ আজি জন্ম হোৱা নাই তেওঁলোকৰ সৈতেও কৰিছে।
16 ১৬ আপোনালোকে নিজেই জানে, মিচৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি।
“Mısır'da nasıl yaşadığımızı, öteki ulusların ortasından geçerek buraya nasıl geldiğimizi kendiniz de biliyorsunuz.
17 ১৭ আপোনালোকে লোকসকলৰ মাজত থকা ঘিণলগীয়া বস্তুবোৰ দেখা পাইছিল; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোকসকলৰ মাজত দেখিছিল।
Onların arasında iğrenç suretleri, ağaçtan, taştan, altından, gümüşten yapılmış putları gördünüz.
18 ১৮ সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।
Dikkat edin, bugün aranızda bu ulusların ilahlarına tapmak için Tanrımız RAB'den sapan erkek ya da kadın, boy ya da oymak olmasın; aranızda acılık, zehir veren kök olmasın.
19 ১৯ এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।
“Bu andın sözlerini duyup da kimse kendi kendini kutlamasın ve, ‘Kendi isteklerim uyarınca yaşasam da güvenlikte olurum’ diye düşünmesin. Bu herkese yıkım getirir.
20 ২০ যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব।
RAB böyle birini bağışlamak istemez. RAB'bin öfkesi ve kıskançlığı o kişiye karşı alevlenecek. Bu kitapta yazılı bütün lanetler başına yağacak ve RAB onun adını göğün altından silecektir.
21 ২১ যিহোৱাই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ মাজৰ পৰা বিনষ্ট কৰিবৰ কাৰণে তেওঁক পৃথক কৰিব আৰু এই ব্যৱস্থা পুস্তকত লিখা নিয়মৰ মাজেদি যি সকলো শাওৰ কথা আছে, সেই অনুসাৰে বিনষ্ট কৰিব।
Bu Yasa Kitabı'nda yazılı antlaşmada yer alan bütün lanetler uyarınca, RAB onu felakete uğraması için İsrail'in bütün oymakları arasından ayıracaktır.
22 ২২ এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে আপোনালোকৰ উত্তৰপুৰুষসকলে, সন্তান সকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশীসকলে আপোনালোকক সেই বিষয়ে প্রশ্ন কৰিব।
“Sizden sonraki kuşak, çocuklarınız ve uzak ülkeden gelen yabancılar ülkenizin uğradığı belaları, RAB'bin ülkeye gönderdiği hastalıkları görecekler.
23 ২৩ তেওঁলোকে দেখা পাব সমগ্র দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে; দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ’ব; এনেকি ঘাঁহ-বন, শাক-পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীম নগৰৰ দৰে হ’ব, যি নগৰবোৰক যিহোৱাই খং আৰু ক্রোধত ক্রোধাম্বিত হৈ ধ্বংস কৰি দিছিল।
Bütün ülke yanacak, tuz ve kükürtle örtülecek; tohum ekilmeyecek, filiz sürmeyecek, ot bitmeyecek. Ülke RAB'bin kızgın öfkesiyle yerle bir ettiği Sodom, Gomora, Adma ve Sevoyim gibi yıkıma uğrayacak.
24 ২৪ তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?’
Bütün uluslar, ‘RAB bu ülkeye neden bunu yaptı?’ diye soracaklar, ‘Bu büyük öfke neden alevlendi?’
25 ২৫ তেতিয়া লোক সকলে ক’ব, ‘কাৰণ এই জাতিয়ে তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল।
“Yanıt şöyle olacak: ‘Atalarının Tanrısı RAB kendilerini Mısır'dan çıkardığında onlarla yaptığı antlaşmayı bıraktılar.
26 ২৬ তেওঁলোকে ঈশ্বৰ যিহোৱাক এৰি যি দেৱ-দেবীক তেওঁলোকে নাজানে, সেই আন দেৱতাবোৰৰ আগত প্রণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিসকলক পূজা কৰাৰ আজ্ঞা যিহোৱাই দিয়া নাছিল।
Tanımadıkları, RAB'bin kendilerine pay olarak vermediği başka ilahlara yöneldiler; onlara tapıp önlerinde eğildiler.
27 ২৭ এই হেতুকে, যিহোৱাৰ খং এই দেশৰ ওপৰত প্রজ্ৱলিত হৈ উঠিছে আৰু তেওঁ এই পুস্তকত লিখা সকলো শাও এই দেশৰ ওপৰত ঢালি দিছে।
İşte bu yüzden RAB'bin öfkesi bu ülkeye karşı alevlendi; bu kitapta yazılı bütün lanetleri oraya yağdırdı.
28 ২৮ অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’
RAB büyük kızgınlıkla, şiddetli öfkeyle onları ülkelerinden söküp attı; bugün olduğu gibi başka ülkeye sürdü.’
29 ২৯ কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।
“Gizlilik Tanrımız RAB'be özgüdür. Ama bu yasanın bütün sözlerine uymamız için açığa çıkarılanlar sonsuza dek bize ve çocuklarımıza aittir.”

< দ্বিতীয় বিবরণ 29 >