< দ্বিতীয় বিবরণ 27 >

1 মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলক লগত লৈ লোকসকলক এই আজ্ঞা দিলে, “যি সকলো আজ্ঞা মই আজি আপোনালোকক দিছো, তাক আপোনালোকে পালন কৰিব।
I přikázal Mojžíš a starší Izraelští lidu, řkouce: Ostříhejž každého přikázaní, kteréž já přikazuji vám dnes.
2 আপোনালোকে যি দিনা যৰ্দ্দন নদী পাৰ হৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশলৈ যাব, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল’ব আৰু চূণেৰে সেইবোৰ লিপি দিব।
A když přejdeš přes Jordán do země, kterouž Hospodin Bůh tvůj dává tobě, vyzdvihneš sobě kameny veliké, a obvržeš je vápnem.
3 সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিব। আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ আপোনালোকক দিব, আপোনালোক তাত যোৱাৰ পাছত,
A napíšeš na nich všecka slova zákona tohoto, když přejdeš, abys všel do země, kterouž Hospodin Bůh tvůj dává tobě, do země oplývající mlékem a strdí, jakož jest mluvil Hospodin Bůh otců tvých tobě.
4 অর্থাৎ যৰ্দ্দন নদী পাৰ হৈ যোৱাৰ পাছত মই আজি আপোনালোকক যি আজ্ঞা কৰিছোঁ, আপোনালোকে সেই সকলো শিল এবাল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চূণেৰে লিপি দিব।
Když tedy přejdeš Jordán a vyzdvihneš ty kameny, kteréž já přikazuji vám dnes, na hoře Hébal, a obvržeš je vápnem,
5 আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আপোনালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নির্ম্মাণ কৰিব। সেই শিলবোৰৰ ওপৰত আপোনালোকে কোনো লোহাৰ সজুলি ব্যৱহাৰ নকৰিব।
A vzděláš tam oltář Hospodinu Bohu svému: oltář z kamenů, jichž nebudeš tesati železem,
6 আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ এই যজ্ঞবেদীটো আপোনালোকে নকটা-শিলেৰে নিৰ্ম্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিব।
Z kamení celého vzděláš oltář Hospodinu Bohu svému, abys na něm obětoval oběti zápalné Hospodinu Bohu svému.
7 আপোনালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিব।
Obětovati budeš i oběti pokojné, a jísti tu a veseliti se před Hospodinem Bohem svým.
8 সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিব।”
Napíšeš pak na těch kameních všecka slova zákona toho dobře a zřetelně.
9 পাছত মোচি আৰু লেবীয়া পুৰোহিতসকলে সকলো ইস্ৰায়েলীয়াক ক’লে, “হে ইস্ৰায়েলীয়াসকল, আপোনালোকে মনে মনে থাকি শুনক; আজি আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’ল।
I mluvil Mojžíš a kněží Levítští ke všemu Izraelovi, řkouce: Pozoruj a slyš, Izraeli, dnes učiněn jsi lidem Hospodina Boha svého.
10 ১০ আপোনালোকে সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিব। আজি মই আপোনালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ আপোনালোকে পালন কৰি চলিব।”
Protož poslouchej hlasu Hospodina Boha svého, a zachovávej přikázaní jeho i ustanovení jeho, kteráž já tobě dnes přikazuji.
11 ১১ সেইদিনা মোচিয়ে লোকসকলক এই আজ্ঞা কৰিলে,
I přikázal Mojžíš v ten den lidu, řka:
12 ১২ “আপোনালোকে যৰ্দ্দন নদী পাৰ হোৱাৰ পাছত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই ফৈদৰ লোকসকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব;
Tito stanou, aby dobrořečili lidu na hoře Garizim, když byste přešli Jordán: Simeon, Léví, Juda, Izachar, Jozef a Beniamin.
13 ১৩ ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোকসকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।”
Tito pak stanou, aby zlořečili na hoře Hébal: Ruben, Gád, Asser, Zabulon, Dan a Neftalím.
14 ১৪ লেবীয়াসকলে তেতিয়া ইস্ৰায়েলীয়া সকলো লোকক বৰ মাতেৰে ক’ব:
I budou osvědčovati Levítové, a řeknou ke všechněm mužům Izraelským vysokým hlasem:
15 ১৫ ‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’
Zlořečený člověk, kterýž by udělal rytinu aneb věc slitou, ohavnost Hospodinu, dílo rukou řemeslníka, by ji pak i do skrýše odložil. I odpoví všecken lid a řekne: Amen.
16 ১৬ যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’
Zlořečený, kdož sobě zlehčuje otce svého a matku svou; i řekne všecken lid: Amen.
17 ১৭ যিকোনোৱে ওচৰ-চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে সেয়ে হওক বুলি ক’ব।
Zlořečený, kdož přenáší mezník bližního svého; i řekne všecken lid: Amen.
18 ১৮ যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož zavodí slepého, aby bloudil po cestě; i řekne všecken lid: Amen.
19 ১৯ যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož převrací spravedlnost příchozího, sirotka a vdovy; a odpoví všecken lid: Amen.
20 ২০ যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož by obýval s manželkou otce svého, nebo odkryl podolek otce svého; i řekne všecken lid: Amen.
21 ২১ যি কোনোৱে পশুৰ সৈতে সহবাস কৰে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož by obýval s kterýmkoli hovadem; i dí všecken lid: Amen.
22 ২২ যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož by obýval s sestrou svou, dcerou otce svého, aneb dcerou matky své; i řekne všecken lid: Amen.
23 ২৩ যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož by obýval s svegruší svou; i odpoví všecken lid: Amen.
24 ২৪ যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož by zbil bližního svého tajně; i řekne všecken lid: Amen.
25 ২৫ যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož by vzal dary, aby zabil člověka nevinného; i dí všecken lid: Amen.
26 ২৬ যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Zlořečený, kdož by nezůstal v řečech zákona tohoto a nečinil jich; a řekne všecken lid: Amen.

< দ্বিতীয় বিবরণ 27 >