< দ্বিতীয় বিবরণ 24 >

1 কোনো পুৰুষে কোনো যুৱতীক বিয়া কৰাৰ পাছত, যদি তাইত কোনো দোষ পোৱাৰ কাৰণে, তাই তেওঁৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দিব আৰু তাইক নিজ ঘৰৰ পৰা বিদায় দিব পাৰিব।
Dersom en mann tar sig en hustru og ekter henne, og hun ikke tekkes ham lenger, fordi han har funnet noget hos henne som byr ham imot, og han da skriver henne et skilsmissebrev og gir henne det i hånden og sender henne bort fra sitt hus,
2 সেই মহিলাই তেওঁৰ ঘৰৰ পৰা ওলাই গৈ, আন পুৰুষৰে সৈতে বিয়া হ’ব পাৰিব।
og hun, efter å ha flyttet fra ham, går bort og ekter en annen mann,
3 কিন্তু পাছত দ্বিতীয় স্বামীয়েও যদি তাইক পছন্দ নকৰে আৰু এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দি, নিজৰ ঘৰৰ পৰা তাইক বিদায় দিয়ে বা সেই দ্বিতীয় স্বামীৰ যদি মৃত্যু হয়,
og denne annen mann får uvilje mot henne og skriver henne et skilsmissebrev og gir henne det i hånden og sender henne bort fra sitt hus, eller dersom den annen mann som har tatt henne til hustru, dør,
4 তেন্তে তাইৰ প্রথম স্বামী, যি জনে তাইক বিদায় দিছিল তেওঁ তাইক পুনৰ ভার্যা কৰি ল’ব নোৱাৰিব। কাৰণ তাই অশুচি হ’ল। এই ধৰণৰ বিয়া যিহোৱাৰ দৃষ্টিত ঘিণলগীয়া। আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিব, আপোনালোকে এইভাৱে সেই দেশক পাপত নেপেলাব।
da må ikke hennes første mann, som sendte henne fra sig, ta henne til hustru igjen, efterat hun er blitt uren; for det er en vederstyggelighet for Herrens åsyn, og du skal ikke føre synd over det land Herren din Gud gir dig til arv.
5 অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব।
Når en mann nylig har tatt sig en hustru, da skal han ikke dra ut i strid, heller ikke skal det legges nogen annen byrde på ham; han skal være fri et år til beste for sitt hus og til glede for hustruen som han har ektet.
6 ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়।
Ingen må ta en håndkvern eller en kvernsten i pant; for da tar han livet i pant.
7 কোনো মানুহে যদি ইস্ৰায়েলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব।
Kommer du over en mann som stjeler nogen av sine brødre blandt Israels barn og gjør ham til træl eller selger ham, da skal denne tyv dø; således skal du rydde det onde bort av din midte.
8 চর্মৰোগে দেখা দিলে আপোনালোক সতর্ক হ’ব লাগিব আৰু লেবীয়া পুৰোহিতসকলে যি নির্দেশ দিব, সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব; মই তেওঁলোকক যি যি আজ্ঞা দিছিলোঁ, তাক পালন কৰি আপোনালোকে সেই মতে কাৰ্য কৰিব।
Ta dig i akt for spedalskhetssyken, så du nøie varetar og gjør alt det de levittiske prester lærer eder! Således som jeg har befalt dem, skal I gi akt på å gjøre.
9 মিচৰ দেশৰ পৰা আপোনালোক ওলাই অহাৰ সময়ত বাটত আপোনালোকৰ ঈশ্বৰ যিহোৱাই মিৰিয়মলৈ কি ব্যৱস্থা কৰিছিল তাক সোঁৱৰণ কৰিব।
Kom i hu hvad Herren din Gud gjorde med Mirjam på veien, da I drog ut av Egypten!
10 ১০ ওচৰ-চুবুৰীয়াক আপোনালোকে কিবা ধাৰ দিলে, বন্ধক হিচাবে কিবা বস্তু আনিবৰ কাৰণে আপোনালোক তেওঁৰ ঘৰৰ ভিতৰত নোসোমাবা।
Når du låner din næste noget, skal du ikke gå inn i hans hus for å hente det pant han skal gi.
11 ১১ বাহিৰত থিয় হৈ থাকিব আৰু যি জনক ধাৰ দিয়ে, তেওঁকেই বন্ধকী বস্তু উলিয়াই আপোনালোকৰ ওচৰলৈ আনিব দিয়ক।
Du skal bli stående utenfor, og den mann du låner til, skal komme ut til dig med pantet.
12 ১২ মানুহজন যদি দুখীয়া হয়, তেন্তে তেওঁৰ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাব।
Og dersom det er en fattig mann, så skal du ikke legge dig til å sove med hans pant;
13 ১৩ সূৰ্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিব যাতে তেওঁ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে আপোনালোকক আশীৰ্ব্বাদ দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কার্যই ধাৰ্মিকতা হ’ব।
du skal gi ham pantet tilbake når solen går ned, forat han kan legge sig i sin kappe og velsigne dig; og det skal tjene dig til rettferdighet for Herrens, din Guds åsyn.
14 ১৪ আপোনালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিব - তেওঁ আপোনালোকৰ কোনো ইস্রায়েলীয়া ভাইয়ে হওক, বা আপোনালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক।
Du skal ikke gjøre urett mot en nødlidende og fattig dagarbeider, enten han er en av dine brødre eller en av de fremmede som bor i ditt land, rundt om i dine byer;
15 ১৫ প্রতিদিনে আপোনালোকে তেওঁৰ মজুৰি দিব। সূৰ্য মাৰ যোৱাৰ আগেয়ে তাক আপোনালোকে পৰিশোধ কৰিব। কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতে তেওঁ ভাৰসা কৰে। আপোনালোকে এই কার্য কৰিব যাতে তেওঁ আপোনাৰ অহিতে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আপোনালোকৰ পাপ হ’ব।
på dagen skal du gi ham hans lønn, og før solen går ned; for han er fattig og stunder efter sin lønn; ellers kunde han rope over dig til Herren, og du få synd på dig.
16 ১৬ সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব।
Foreldre skal ikke lide døden for sine barns skyld, og barn ikke lide døden for sine foreldres skyld; enhver skal lide døden for sin egen synd.
17 ১৭ বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিব আৰু কোনো বিধৱাৰ কাপোৰ বন্ধক স্বৰূপে নল’ব।
Du skal ikke bøie retten for en fremmed eller en farløs, og du skal ikke ta en enkes klær i pant.
18 ১৮ মনত ৰাখিব, মিচৰ দেশত আপোনালোক দাস আছিল আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰা আপোনালোকক মুক্ত কৰি আনিলে। এইবাবেই মই আপোনালোকক এই সকলো কাৰ্য কৰিবলৈ আজ্ঞা দিছোঁ।
Du skal komme i hu at du var træl i Egypten, og at Herren din Gud fridde dig ut derfra; derfor byder jeg dig å gjøre således.
19 ১৯ আপোনালোকৰ খেতিৰ শস্য দোৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যায়, তেন্তে তাক আনিবলৈ উলটি নাযাব; সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে হ’ব। তাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কাৰ্যতে আপোনালোকক আশীৰ্ব্বাদ কৰিব।
Når du høster inn kornet på din aker, og du glemmer et kornbånd på akeren, da skal du ikke vende tilbake for å hente det; den fremmede, den farløse og enken skal ha det; så skal Herren din Gud velsigne dig i alt det du tar dig fore.
20 ২০ জিত পৰাৰ সময়ত আপোনালোকে একেবোৰ ডালৰ পৰা দুবাৰ ফল পাৰিবলৈ নাযাব। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে ৰাখিব।
Når du slår dine oliven ned, skal du ikke bakefter gjennemsøke grenene; den fremmede, den farløse og enken skal ha det.
21 ২১ আপোনালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত, একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিব। যি থাকি যাব, সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে ৰাখিব।
Når du høster din vingård, skal du ikke holde eftersanking; den fremmede, den farløse og enken skal ha det.
22 ২২ পাহৰি নাযাব যে আপোনালোকো মিচৰ দেশত দাস আছিল। সেইবাবেই মই আপোনালোকক এই সকলো কৰিবলৈ আজ্ঞা দিছোঁ।
Du skal komme i hu at du var træl i Egyptens land; derfor byder jeg dig å gjøre således.

< দ্বিতীয় বিবরণ 24 >