< দ্বিতীয় বিবরণ 22 >

1 আপোনালোকে ইস্রায়েলীয়া কোনো ভাইৰ গৰু বা মেৰ-ছাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে, তালৈ অৱহেলা নকৰিব। আপোনালোকৰ ভাইৰ ওচৰলৈ অৱশ্যে তাক ওভটাই নিব।
non videbis bovem fratris tui aut ovem errantem et praeteribis sed reduces fratri tuo
2 যদি আপোনালোকৰ সেই ইস্রায়েলীয়া ভাই ওচৰত নাই, বা সেই ভাই কোন হয় তাক নাজানে, তেন্তে সেই পশুক আপোনালোকে নিজৰ ঘৰলৈ লৈ যাব আৰু সেই ভায়ে বিচাৰি নাহে মানে তাক আপোনালোকৰ ঘৰতে ৰাখি থ’ব; পাছত বিচাৰি আহিলে আপোনালোকে তাক ওলোটাই দিব।
etiam si non est propinquus tuus frater nec nosti eum duces in domum tuam et erunt apud te quamdiu quaerat ea frater tuus et recipiat
3 আপোনালোকে তেওঁৰ গাধলৈকো একেদৰেই কৰিব; আৰু তেওঁলোকৰ কাপোৰ-কানিলৈকো সেইদৰেই কৰিব; আপোনালোকৰ ইস্রায়েলীয়া সকলৰ হেৰোৱা যিকোনো বস্তু আপোনালোকে পায়, সেই সকলো বিষয়তে আপোনালোকে সেই একেদৰেই কৰিব; আপোনালোকে নিজৰ মতে লুকুৱাই নাৰাখিব।
similiter facies de asino et de vestimento et de omni re fratris tui quae perierit si inveneris eam ne neglegas quasi alienam
4 আপোনালোকৰ কোনো ভাইৰ গাধ বা গৰু বাটত পৰি থকা দেখিলে, আপোনালোকে সেইবোৰলৈ অৱহেলা নকৰিব; সেইবোৰক পুনৰাই উঠিবলৈ সহায় কৰিব।
si videris asinum fratris tui aut bovem cecidisse in via non despicies sed sublevabis cum eo
5 পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক।
non induetur mulier veste virili nec vir utetur veste feminea abominabilis enim apud Deum est qui facit haec
6 আপোনালোকে বাটৰ কাষত থকা গছত বা মাটিত থকা কোনো চৰাইৰ বাঁহত চৰাইৰ মাকে পোৱালীৰ ওপৰত বা কণীৰ ওপৰত উমনিত বহি থকা যদি দেখা পায়, তেন্তে আপোনালোকে পোৱালিবোৰৰ সৈতে চৰাইজনীক ধৰি লৈ নাযাব।
si ambulans per viam in arbore vel in terra nidum avis inveneris et matrem pullis vel ovis desuper incubantem non tenebis eam cum filiis
7 আপোনালোকে পোৱালিবোৰক লৈ যাব পাৰে, কিন্তু মাকক অৱশ্যেই আপোনালোকে এৰি দিব লাগিব। তাতে আপোনালোকৰ উন্নতি হ’ব আৰু আপোনালোকৰ আয়ুস দীঘল হ’ব।
sed abire patieris captos tenens filios ut bene sit tibi et longo vivas tempore
8 ঘৰ নির্ম্মাণ কৰাৰ সময়ত আপোনালোকে ছাদৰ চাৰিওঁফালে বেৰা দিব, যাতে কোনো ঘৰৰ ছাদৰ ওপৰৰ পৰা পৰি কোনো মানুহৰ মৃত্যু হ’লে, সেই ঘৰৰ লোক তাৰ ৰক্তপাতৰ দায়ী নহ’ব।
cum aedificaveris domum novam facies murum tecti per circuitum ne effundatur sanguis in domo tua et sis reus labente alio et in praeceps ruente
9 দ্ৰাক্ষাবাৰীত আপোনালোকে দুই জাতৰ বীজ নলগাব; তেনে কৰিলে আপোনালোকে সিচাঁ বীজৰ শস্য আৰু দ্ৰাক্ষাবাৰীৰ ফল উভয়ে অপবিত্ৰ হ’ব।
non seres vineam tuam altero semine ne et sementis quam sevisti et quae nascuntur ex vinea pariter sanctificentur
10 ১০ গৰু আৰু গাধ দুয়োকে একজুঁট কৰি হাল নাবাব।
non arabis in bove simul et asino
11 ১১ ঊল আৰু শণ সুতা মিহলাই বোৱা কাপোৰ নিপিন্ধিব।
non indueris vestimento quod ex lana linoque contextum est
12 ১২ আপোনালোকৰ গাত লোৱা চাদৰৰ চাৰি কোণা, পকোৱা সুতাৰে দহি বটিব।
funiculos in fimbriis facies per quattuor angulos pallii tui quo operieris
13 ১৩ কোনোলোকে যদি বিয়া কৰি ভার্যাক লৈ শোৱাৰ পাছত তাইক পছন্দ নকৰে
si duxerit vir uxorem et postea eam odio habuerit
14 ১৪ আৰু তাইৰ অহিতে অনৰ্থক অপবাদ দি ক’য়, “মই এই মহিলাক বিয়া কৰিলোঁ হয়, কিন্তু তাই যে কুমাৰী ছোৱালী তাইৰ ওচৰত সেই প্রমাণ মই নাপালোঁ।”
quaesieritque occasiones quibus dimittat eam obiciens ei nomen pessimum et dixerit uxorem hanc accepi et ingressus ad eam non inveni virginem
15 ১৫ তেতিয়া সেই ছোৱালীৰ বাপেক-মাকে নগৰৰ দুৱাৰত বৃদ্ধ নেতাসকলৰ ওচৰলৈ তাইৰ সতীত্বৰ প্রমাণ লৈ যাব।
tollent eam pater et mater eius et ferent secum signa virginitatis eius ad seniores urbis qui in porta sunt
16 ১৬ ছোৱালীজনীৰ বাপেকে বৃদ্ধ নেতাসকলক ক’ব, “মই এই মানুহৰ সৈতে মোৰ জীক বিয়া দিছিলোঁ কিন্তু তেওঁ তাইক পচন্দ নকৰে।
et dicet pater filiam meam dedi huic uxorem quam quia odit
17 ১৭ এতিয়া তেওঁ তাইক অপবাদ দি কৈছে, ‘মই তাইক কুমাৰী অৱস্থাত পোৱা নাই।’ কিন্তু এইয়া চাওঁক মোৰ ছোৱালীৰ সতীত্বৰ প্রমাণ।” এই বুলী কৈ তেওঁলোকে বৃদ্ধ নেতাসকলৰ আগত কাপোৰখন মেলি দেখুৱাব।
inponet ei nomen pessimum ut dicat non inveni filiam tuam virginem et ecce haec sunt signa virginitatis filiae meae expandent vestimentum coram senibus civitatis
18 ১৮ পাছত নগৰৰ বৃদ্ধ নেতাসকলে সেই পুৰুষক ধৰি আনি শাস্তি দিব।
adprehendentque senes urbis illius virum et verberabunt illum
19 ১৯ সেই পুৰুষৰ পৰা তেওঁলোকে জৰিমনা হিচাবে এশ চেকল ৰূপ আদায় কৰি ছোৱালী জনীৰ বাপেকক দিব, কিয়নো সেই মানুহে এগৰাকী ইস্ৰায়েলীয়া কুমাৰীৰ দুৰ্নাম কৰিলে; তাৰ উপৰিও ছোৱালী জনী তেওঁৰ ভার্যা হৈ থাকিব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
condemnantes insuper centum siclis argenti quos dabit patri puellae quoniam diffamavit nomen pessimum super virginem Israhel habebitque eam uxorem et non poterit dimittere omni tempore vitae suae
20 ২০ কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালীজনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়,
quod si verum est quod obicit et non est in puella inventa virginitas
21 ২১ তেন্তে তেওঁলোকে ছোৱালীজনীক নিজৰ বাপেকৰ ঘৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব, আৰু নগৰৰ পুৰুষসকলে তাইক শিল দলিয়াই বধ কৰিব। কিয়নো তাই নিজৰ বাপেকৰ ঘৰত থকাৰ সময়ত ব্যভিচাৰ কৰি ইস্ৰায়েলীয়া সকলৰ মাজত ভীষণ ঘৃণণীয় কাম কৰিলে। এইদৰেই ইস্ৰায়েলীয়া সকলৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
eicient eam extra fores domus patris sui et lapidibus obruent viri civitatis eius et morietur quoniam fecit nefas in Israhel ut fornicaretur in domo patris sui et auferes malum de medio tui
22 ২২ যদি আন কোনো লোকৰ ভার্যাৰ লগত কোনো পুৰুষে শয়ন কৰোঁতে ধৰা পৰে, তেন্তে মহিলাগৰাকীৰ লগত শয়ন কৰা পুৰুষ আৰু মহিলা দুয়োৰে প্ৰাণ দণ্ড হ’ব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
si dormierit vir cum uxore alterius uterque morientur id est adulter et adultera et auferes malum de Israhel
23 ২৩ যদি কোনো লোকলৈ বাগদান কৰি কুমাৰী ছোৱালীক আন কোনো মানুহে নগৰৰ মাজত পাই তাইৰ লগত শয়ন কৰে,
si puellam virginem desponderit vir et invenerit eam aliquis in civitate et concubuerit cum illa
24 ২৪ তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েলীয়া ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
educes utrumque ad portam civitatis illius et lapidibus obruentur puella quia non clamavit cum esset in civitate vir quia humiliavit uxorem proximi sui et auferes malum de medio tui
25 ২৫ কিন্তু যদি কোনো বাগদত্তা ছোৱালীক পথাৰৰ নির্জন ঠাইত পাই, বলেৰে ধৰি কোনো পুৰুষে তাইৰ লগত শয়ন কৰে, তেন্তে যি পুৰুষে শয়ন কৰে, কেৱল তেওঁৰহে প্ৰাণদণ্ড হ’ব;
sin autem in agro reppererit vir puellam quae desponsata est et adprehendens concubuerit cum illa ipse morietur solus
26 ২৬ কিন্তু ছোৱালীজনীক হ’লে আপোনালোকে একো নকৰিব। প্ৰাণদণ্ডৰ যোগ্য কোনো পাপ তাই কৰা নাই; কিয়নো, ই এজনে আন এজনৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰাৰ দৰেই হয়।
puella nihil patietur nec est rea mortis quoniam sicut latro consurgit contra fratrem suum et occidit animam eius ita et puella perpessa est
27 ২৭ পুৰুষজনে পথাৰতহে তাইক পালে, সেই বাগদত্তা ছোৱালীজনীয়ে যদিও চিঞঁৰ মাৰিছিল, কিন্তু তাইক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
sola erat in agro clamavit et nullus adfuit qui liberaret eam
28 ২৮ বাগদত্তা নোহোৱা এনে কোনো কুমাৰীক যদি কোনো পুৰুষে পাই বলেৰে ধৰি তাইৰ লগত শয়ন কৰে আৰু যদি তেওঁলোক ধৰা পৰে,
si invenerit vir puellam virginem quae non habet sponsum et adprehendens concubuerit cum ea et res ad iudicium venerit
29 ২৯ তেন্তে তাইৰ লগত শয়ন কৰা পুৰুষে ছোৱালীজনীৰ বাপেকক পঞ্চাশ চেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তায়েই তেওঁৰ ভার্যা হ’ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
dabit qui dormivit cum ea patri puellae quinquaginta siclos argenti et habebit eam uxorem quia humiliavit illam non poterit dimittere cunctis diebus vitae suae
30 ৩০ পুৰুষে বাপেকৰ কোনো ভার্যাকে নিজৰ কৰি গ্ৰহণ নকৰিব; তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।
non accipiet homo uxorem patris sui nec revelabit operimentum eius

< দ্বিতীয় বিবরণ 22 >