< দ্বিতীয় বিবরণ 17 >

1 ঈশ্বৰ যিহোৱালৈ আপোনালোকে কোনো ঘুণ কি খূঁত থকা গৰু, মেৰ-ছাগ বা ছাগ বলিদান নকৰিব। কিয়নো সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ঘিণলগীয়া।
Ne žrtvuj Jahvi, Bogu svome, ni vola ni ovna koji bi na sebi imao manu ili kakvo zlo, jer bi to bilo ružno pred Jahvom, Bogom tvojim.
2 ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি এনে পুৰুষ কি স্ত্ৰীক তোমাৰ মাজত পোৱা যায়, যে, তেওঁলোকে গৈ তোমাৰ ঈশ্বৰ যিহোৱাৰ নিয়মটি ভাঙি তেওঁৰ দৃষ্টিত কুকৰ্ম কৰি, আন দেৱতাক সেৱা পূজা কৰিছে।
Ako se u tvojoj sredini - u bilo kojem tvojem gradu što ti ga dade Jahve, Bog tvoj - nađe čovjek ili žena da učini što je zlo u očima Jahve, Boga tvoga, i krši njegov Savez:
3 আৰু সেই বোৰৰ আগত প্ৰণিপাত কৰিলে, বা মই নিষেধ কৰা সূৰ্য, চন্দ্ৰ আদি আকাশৰ বাহিনীসকলৰ যি কোনো এজনৰ আগত প্ৰণিপাত কৰে,
otišavši da iskazuje štovanje drugim bogovima te se pokloni njima, suncu, mjesecu ili bilo čemu od nebeske vojske, a što sam ja zabranio,
4 আৰু সেইবোৰ আপোনালোকৰ আগত কোৱা হ’ল, আৰু আপোনালোকে তাক শুনিলে, এই সকলো আপোনালোকে শুনি সাৱধানতাৰে বিচাৰ কৰিব। ইস্ৰায়েলৰ মাজত তেনে ঘিণলগীয়া কাৰ্য কৰা যদি হৈছে, সেই কথা যদি সঁচা আৰু নিশ্চয় হয়,
i tebi se to javi i ti to čuješ, onda pomno istraži; i bude li istina i doista se ta grozota učinila u Izraelu,
5 তেন্তে যি পুৰুষ কি স্ত্ৰীয়ে সেই কুকৰ্ম কৰিলে, সেই পুৰুষ কি স্ত্ৰীক আপোনালোকৰ নগৰৰ দুৱাৰ- মুখলৈ উলিয়াই নি, তেওঁলোক মৰাকৈ তেওঁলোকক শিল দলিয়াই মাৰিব।
onda toga čovjeka ili tu ženu koji učiniše takvu opačinu izvedi na gradska vrata te ih kamenuj da poginu.
6 পাছত আপোনালোকে সেই কথাৰ দুজন সাক্ষীৰ মুখেৰে শুনিহে, যাৰ প্ৰাণদণ্ড কৰিব লাগে, তাৰ প্ৰাণদণ্ড কৰিব। এজন সাক্ষীৰ মুখেৰে তেওঁৰ প্ৰাণদণ্ড নহ’ব।
Na smrt osuđeni neka se pogubi na iskaz dvojice ili trojice svjedoka. Na riječ jednoga svjedoka ne smije se pogubiti.
7 তেওঁক বধ কৰিবলৈ, প্রথমে সাক্ষীসকলে, পাছত সকলো প্ৰজাই তেওঁৰ বিৰুদ্ধে হাত উঠাব। এইদৰে আপুনি তেওঁলোকৰ মাজৰ পৰা দুষ্টতা উৎখাত কৰিব।
Neka najprije svjedoci dignu ruku na nj da ga smaknu, a poslije toga neka je digne sav narod. Tako ćeš iskorijeniti zlo iz svoje sredine.
8 যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ কঠিন হ’য়, সেয়া হত্যায়েই হওঁক নাইবা দুর্ঘটনাৰ কাৰণেই হওঁক, যদি দুজন লোকৰ বিবাদ আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত হ’য়; যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ অতি কঠিন হয়, তেন্তে আপোনালোকে উঠি, ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইলৈ যাব,
Bude li ti preteško štogod rasuditi: ubojstvo, sukob o pravima, kakvu ozljedu ili svađu u tvome gradu, tada ustani i pođi u mjesto što ga odabere Jahve, Bog tvoj.
9 আৰু লেবীয়া পুৰোহিতসকলৰ আৰু সেইসময়ৰ বিচাৰকৰ্ত্তাৰ গুৰিলৈ গৈ সুধিব; তাতে তেওঁলোকে আপোনালোকক ৰায় দিব।
Obrati se svećenicima, levitima i sucu koji bude za ono vrijeme. Njih pitaj, oni će ti rasuditi.
10 ১০ পাছত যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তেওঁলোকে আপোনালোকক যি ৰায় দিব, আপুনি সেইদৰেই কাৰ্য কৰিব। তেওঁলোকে আপোনাক যি ক’ব, তাক সাৱধানে কৰিব।
I učini onako kako ti budu kazali u mjestu koje Jahve odabere. Pazi: sve učini kako te upute.
11 ১১ আপোনালোকক তেওঁলোকে যি ব্যৱস্থাৰ শিক্ষা দিব, আৰু যি শাসন-প্ৰণালী ক’ব, সেই ব্যৱস্থা আৰু শাসন-প্ৰণালী অনুসাৰে আপুনি কাৰ্য কৰিব। তেওঁলোকে দিয়া ৰায়ৰ সোঁ কি বাওঁফালে নুঘুৰিব।
Uradi prema uputi koju ti dadnu i prema presudi koju donesu. Od presude koju ti kažu ne odstupaj ni desno ni lijevo.
12 ১২ কিন্তু যিকোনো লোকে গৰ্ব্ব কৰি, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পৰিচৰ্যা কৰাৰ কাৰণে সেই ঠাইত থিয় হোৱা পুৰোহিতৰ, বা বিচাৰকৰ্ত্তাৰ কথা নুশুনে, সেই মানুহৰ প্ৰাণদণ্ড হ’ব। এইদৰে আপুনি ইস্ৰায়েলৰ মাজৰ পৰা তেনে দুষ্টতা দুৰ কৰিব।
Ako bi se tko drsko odupro i ne bi poslušao ni svećenika koji ondje stoji da služi Jahvi, Bogu tvome, ni suca, neka se taj čovjek pogubi. Tako ćeš iskorijeniti zlo iz Izraela,
13 ১৩ তাত সকলো প্ৰজাই তাক শুনি ভয় পাই সেইদৰে আৰু গৰ্ব্ব নকৰিব।
a sav će se narod, kad sazna, bojati i više se neće drsko odupirati.
14 ১৪ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে, যেতিয়া ক’ব, “মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে মইও মোৰ ওপৰত এজন ৰজা পাতোঁ।”
Kad stigneš u zemlju koju ti Jahve, Bog tvoj, daje; kad je zaposjedneš i u njoj se nastaniš, pa onda kažeš: 'Želim da nad sobom postavim kralja, kako ga imaju svi drugi narodi oko mene' -
15 ১৫ তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি জনক মনোনীত কৰিব, সেইজনকেই আপোনালোকৰ ওপৰত ৰজা পাতিব। আপোনালোকৰ নিজৰ ভাইসকলৰ মাজৰ পৰা এজনক বাচি লৈ আপোনালোকৰ ওপৰত ৰজা পাতিব। যি জন আপোনালোকৰ ভাই নহয়, এনে অনা-ইহুদী লোকক আপোনালোকৰ ওপৰত ৰজা পাতিব নোৱাৰিব।
tada ćeš onoga koga Jahve, Bog tvoj, odabere, sebi postaviti za kralja. Nekoga od svoje braće postavi sebi za kralja, a ne smiješ postavljati nad sobom tuđina koji ti nije brat.
16 ১৬ কেৱল তেওঁ নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাসকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই আপোনালোকক কৈছিল, ইয়াৰ পাছত “আপোনালোকে সেই বাটেদি পুনৰায় উলটি নাযাব।”
Samo neka ne drži mnogo konja i ne šalje naroda u Egipat da poveća broj konja. Jer vam je Jahve rekao: 'Ovim se putem nikada više ne vraćajte!'
17 ১৭ আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব।
I neka nema mnogo žena da mu srce ne pođe stranputicom; i neka sebi ne gomila srebra ni zlata!
18 ১৮ যেতিয়া তেওঁ সেই ৰাজসিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিতসকলৰ আগত থকা পুস্তকখনিৰ পৰা এখন আন এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি থব।
A kad sjedne na kraljevsko prijestolje, neka sebi na svitak prepiše ovaj Zakon od svećenika Levijevaca.
19 ১৯ ইস্রায়েলৰ মাজত নিজ ৰাজ্যত তেওঁ আৰু তেওঁৰ সন্তান সকল দীৰ্ঘজীৱি হবৰ কাৰণে তেওঁ যেন ভাইসকলৰ সন্মুখত অহংকাৰ নকৰে আৰু এই আজ্ঞাৰ সোঁ কি বাওঁফালে যেন নুঘুৰে।
Neka ga drži uza se; neka ga čita sve vrijeme svoga života da nauči bojati se Jahve, Boga svoga, držati sve riječi ovoga Zakona i vršiti ove odredbe;
20 ২০ এই কাৰণে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য, আৰু বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবৰ অৰ্থে, সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।
da se svojim srcem ne uzdigne iznad svoje braće i da ne skrene od ove zapovijedi ni desno ni lijevo, kako bi dugo kraljevao, on i sinovi njegovi, u Izraelu.

< দ্বিতীয় বিবরণ 17 >