< দ্বিতীয় বিবরণ 14 >

1 আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। আপোনালোকে মৰা মানুহৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিব বা মূৰৰ চুলি নুখুৰাব।
filii estote Domini Dei vestri non vos incidetis nec facietis calvitium super mortuo
2 কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়।
quoniam populus sanctus es Domino Deo tuo et te elegit ut sis ei in populum peculiarem de cunctis gentibus quae sunt super terram
3 আপোনালোকে কোনো ঘিণলগীয়া বস্তু নাখাব।
ne comedatis quae inmunda sunt
4 আপোনালোকে খাব পৰা পশু এইবোৰ; গৰু, মেৰ, ছাগলী,
hoc est animal quod comedere debetis bovem et ovem et capram
5 হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেৰ-ছাগ।
cervum capream bubalum tragelaphum pygargon orygem camelopardalum
6 যিবোৰ জন্তুৰ খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু আপোনালোকে খাব পাৰিব।
omne animal quod in duas partes ungulam findit et ruminat comedetis
7 তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল হোৱা পশুবোৰৰ মাজত আপোনালোকে এইবোৰ খাব নালাগে: উট, শহা আৰু চাফন পহু। কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয়, কিন্তু খুৰা দুফাল নহয়; সেইবোৰ আপোনালোকৰ কাৰণে অশুচি।
de his autem quae ruminant et ungulam non findunt haec comedere non debetis camelum leporem choerogyllium quia ruminant et non dividunt ungulam inmunda erunt vobis
8 গাহৰি অশুচি। কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ পাগুলি নাথাকে, সি আপোনালোকৰ পক্ষে অশুচি। আপোনালোকে সেইবোৰৰ মাংস নাখাব, সেইবোৰৰ শৱকো নুচুব।
sus quoque quoniam dividit ungulam et non ruminat inmunda erit carnibus eorum non vescemini et cadavera non tangetis
9 পানীত বাস কৰা প্রাণীবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে, সেইবোৰ আপোনালোকে খাব পাৰিব।
haec comedetis ex omnibus quae morantur in aquis quae habent pinnulas et squamas comedite
10 ১০ কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ নাখাব। সেইবোৰ আপোনালোকৰ কাৰণে অশুচি।
quae absque pinnulis et squamis sunt ne comedatis quia inmunda sunt
11 ১১ আপোনালোকে সকলোবিধৰ শুচি চৰাই খাব পাৰিব।
omnes aves mundas comedite
12 ১২ কিন্তু আপোনালোকে এইবোৰ খাব নোৱাৰিব: ঈগল, শগুণ, শেন,
inmundas ne comedatis aquilam scilicet et grypem et alietum
13 ১৩ শঙ্কৰ চিলনী, ৰঙা চিলনী, সকলোবিধৰ মটিয়া চিলনী,
ixon et vulturem ac milvum iuxta genus suum
14 ১৪ সকলো বিধৰ কাউৰী,
et omne corvini generis
15 ১৫ উট চৰাই, ৰাতি-শেন, গঙ্গা-চিলনী, সকলোবিধৰ শেন জাতীয়;
strutionem ac noctuam et larum atque accipitrem iuxta genus suum
16 ১৬ ফেঁচা, হুদু, বগা-ফেঁচা,
herodium et cycnum et ibin
17 ১৭ হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা,
ac mergulum porphirionem et nycticoracem
18 ১৮ বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী।
onocrotalum et charadrium singula in genere suo upupam quoque et vespertilionem
19 ১৯ জাক বান্ধি উৰি ফুৰা সকলো পতঙ্গ আপোনালোকৰ কাৰণে অশুচি হ’ব; সেইবোৰ খাব নালাগে।
et omne quod reptat et pinnulas habet inmundum erit nec comedetur
20 ২০ কিন্তু আন পাখি থকা শুচি প্রণীবোৰ আপোনালোকে খাব পাৰিব।
omne quod mundum est comedite
21 ২১ নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব।
quicquid morticinum est ne vescamini ex eo peregrino qui intra portas tuas est da ut comedat aut vende ei quia tu populus sanctus Domini Dei tui es non coques hedum in lacte matris suae
22 ২২ বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ আপোনালোকে পৃথক কৰি থব।
decimam partem separabis de cunctis frugibus tuis quae nascuntur in terra per annos singulos
23 ২৩ যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব।
et comedes in conspectu Domini Dei tui in loco quem elegerit ut in eo nomen illius invocetur decimam frumenti tui et vini et olei et primogenita de armentis et ovibus tuis ut discas timere Dominum Deum tuum omni tempore
24 ২৪ কিন্তু যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অর্থে মনোনীত কৰিব, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে আপোনালোকৰ যাত্রাও ইমান দীঘলীয়া হয় যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদত পোৱা দশম ভাগৰ বস্তু তালৈ নিব নোৱাৰিব।
cum autem longior fuerit via et locus quem elegerit Dominus Deus tuus tibique benedixerit nec potueris ad eum haec cuncta portare
25 ২৫ তেন্তে সেই উৎসর্গিত বস্তু বিক্রি কৰি তাৰ ধন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মনোনীত ঠাইলৈ যাব।
vendes omnia et in pretium rediges portabisque manu tua et proficisceris ad locum quem elegerit Dominus Deus tuus
26 ২৬ আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰ-ছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিব।
et emes ex eadem pecunia quicquid tibi placuerit sive ex armentis sive ex ovibus vinum quoque et siceram et omne quod desiderat anima tua et comedes coram Domino Deo tuo et epulaberis tu et domus tua
27 ২৭ আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবীয়াসকল তেওঁলোকক নাপাহৰিব; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই।
et Levita qui intra portas tuas est cave ne derelinquas eum quia non habet aliam partem in possessione tua
28 ২৮ প্ৰত্যেক তৃতীয় বছৰৰ শেষত, আপোনালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশম ভাগ উলিয়াই আনি আপোনালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিব।
anno tertio separabis aliam decimam ex omnibus quae nascuntur tibi eo tempore et repones intra ianuas tuas
29 ২৯ তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।
venietque Levites qui aliam non habet partem nec possessionem tecum et peregrinus et pupillus ac vidua qui intra portas tuas sunt et comedent et saturabuntur ut benedicat tibi Dominus Deus tuus in cunctis operibus manuum tuarum quae feceris

< দ্বিতীয় বিবরণ 14 >