< দ্বিতীয় বিবরণ 10 >

1 সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা।
In tempore illo dixit Dominus ad me: Dola tibi duas tabulas lapideas, sicut priores fuerunt, et ascende ad me in montem: faciesque arcam ligneam,
2 তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।”
et scribam in tabulis verba quæ fuerunt in his, qui ante confregisti, ponesque eas in arca.
3 সেইবাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো।
Feci igitur arcam de lignis setim. Cumque dolassem duas tabulas lapideas instar priorum, ascendi in montem, habens eas in manibus.
4 যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ আপোনালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল।
Scripsitque in tabulis iuxta id, quod prius scripserat, verba decem, quæ locutus est Dominus ad vos in monte de medio ignis, quando populus congregatus est: et dedit eas mihi.
5 তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’
Reversusque de monte, descendi, et posui tabulas in arcam, quam feceram, quæ hucusque ibi sunt, sicut mihi præcepit Dominus.
6 তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।
Filii autem Israel moverunt castra ex Beroth filiorum Iacan in Mosera, ubi Aaron mortuus ac sepultus est, pro quo, sacerdotio functus est Eleazar filius eius.
7 সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল।
Inde venerunt in Gadgad: de quo loco profecti, castrametati sunt in Ietebatha, in Terra aquarum atque torrentium.
8 সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
Eo tempore separavit tribum Levi, ut portaret arcam fœderis Domini, et staret coram eo in ministerio, ac benediceret in nomine illius usque in præsentem diem.
9 সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।
Quam ob rem non habuit Levi partem, neque possessionem cum fratribus suis: quia ipse Dominus possessio eius est, sicut promisit ei Dominus Deus tuus.
10 ১০ পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল।
Ego autem steti in monte, sicut prius, quadraginta diebus ac noctibus: exaudivitque me Dominus etiam hac vice, et te perdere noluit.
11 ১১ যিহোৱাই মোক কৈছিল, “তুমি উঠি লোকসকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষসকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।”
Dixitque mihi: Vade, et præcede populum, ut ingrediatur, et possideat Terram, quam iuravi patribus eorum ut traderem eis.
12 ১২ ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
Et nunc Israel, quid Dominus Deus tuus petit a te, nisi ut timeas Dominum Deum tuum, et ambules in viis eius, et diligas eum, ac servias Domino Deo tuo in toto corde tuo, et in tota anima tua:
13 ১৩ লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে।
custodiasque mandata Domini, et ceremonias eius, quas ego hodie præcipio tibi, ut bene sit tibi?
14 ১৪ শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
En Domini Dei tui cælum est, et cælum cæli, terra et omnia, quæ in ea sunt:
15 ১৫ কেৱল আপোনালোকৰ পূর্বপুৰুষসকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ আপোনালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও আপোনালোক তেওঁৰ সেই মনোনীত জাতি।
et tamen patribus tuis conglutinatus est Dominus, et amavit eos, elegitque semen eorum post eos, id est vos, de cunctis gentibus, sicut hodie comprobatur.
16 ১৬ সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।
Circumcidite igitur præputium cordis vestri, et cervicem vestram ne induretis amplius:
17 ১৭ কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
quia Dominus Deus vester ipse est Deus deorum, et Dominus dominantium, Deus magnus et potens, et terribilis, qui personam non accipit, nec munera.
18 ১৮ তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
Facit iudicium pupillo et viduæ, amat peregrinum, et dat ei victum atque vestitum.
19 ১৯ আপোনালোকেও বিদেশীক প্ৰেম কৰিব; কিয়নো মিচৰ দেশত আপোনালোকো বিদেশী আছিল।
Et vos ergo amate peregrinos, quia et ipsi fuistis advenæ in Terra Ægypti.
20 ২০ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিব।
Dominum Deum tuum timebis, et ei soli servies: ipsi adhærebis, iurabisque in nomine illius.
21 ২১ তেওঁৱেই আপোনালোকৰ প্ৰশংসা, তেওঁৱেই আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে।
Ipse est laus tua, et Deus tuus, qui fecit tibi hæc magnalia et terribilia, quæ viderunt oculi tui.
22 ২২ আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।
In septuaginta animabus descenderunt patres tui in Ægyptum: et ecce nunc multiplicavit te Dominus Deus tuus sicut astra cæli.

< দ্বিতীয় বিবরণ 10 >