< দানিয়েল 1 >

1 যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ তৃতীয় বছৰত, বাবিলৰ ৰজা নবূখদনেচৰ যিৰূচালেমলৈ আহিল, আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে।
Jojaķima, Jūda ķēniņa, trešā valdīšanas gadā Nebukadnecars, Bābeles ķēniņš, nāca uz Jeruzālemi un apmetās pret to.
2 প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত হ’ল।
Un Tas Kungs nodeva Jojaķimu, Jūda ķēniņu, viņa rokā un vienu daļu Dieva nama trauku, un viņš tos noveda uz Sineāra zemi sava dieva namā, un tos traukus viņš nolika sava dieva mantu namā.
3 তাৰ পাছত ৰজাই তেওঁৰ নপুংসকসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, “ৰাজ-বংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান
Un ķēniņš sacīja uz Aspenasu, savu kambarjunkuru uzraugu, lai no Israēla bērniem, no ķēniņu un lielkungu dzimuma izlasa
4 কলঙ্ক নথকা, দেখাত আকৰ্ষণীয়, সকলো বিদ্যাত নিপুণ, জ্ঞান আৰু বিবেচনাৰে পৰিপূৰ্ণ, আৰু ৰাজগৃহত পৰিচৰ্যা কৰিবলৈ যোগ্যতা থকা ইস্রায়েলী যুৱকসকলক মাতি আনা। তেওঁ তেওঁলোকক কলদীয়া সাহিত্য আৰু ভাষা শিকাইছিল।
Jaunekļus, kas bez vainas, skaistus vaigā un samanīgus visādā gudrībā un labi mācītus un kam gudrs prāts, un kas būtu derīgi ķēniņa pilī stāvēt, ka tie taptu mācīti Kaldeju rakstā un valodā.
5 ৰজাই তেওঁৰ বিশেষ উত্তম খাদ্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা তেওঁলোকক প্রতিদিনৰ ভাগ দিছিল। এই যুৱক সকলক তিনি বছৰৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব, আৰু তাৰ পাছত তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিব পাৰিব।
Un ķēniņš tiem sprieda, ko tiem ikdienas būs dot no ķēniņa ēdiena un no tā vīna, ko pats dzēra, un ka tie trīs gadus tā taptu audzināti, un ka pēc stāvētu ķēniņa priekšā.
6 তেওঁলোকৰ মাজত যিহূদা-বংশৰ দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াও আছিল।
Starp tiem nu bija no Jūda bērniem Daniēls, Ananija, Mišaēls un Azarija.
7 নপুংসকসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলটচচৰ, হননিয়াক চদ্ৰক, মীচায়েলক মৈচক, আৰু অজৰিয়াক অবেদ-নগো নাম দিলে।
Un kambarjunkuru uzraugs tiem deva citus vārdus un nosauca Daniēli par Beltsacaru un Ananiju par Sadrahu un Mišaēli par Mesahu un Azariju par AbedNegu.
8 কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
Bet Daniēls apņēmās savā sirdī, nesagānīties ar ķēniņa ēdienu nedz ar to vīnu, ko viņš dzēra, tādēļ tas lūdza kambarjunkuru uzraugam, lai viņam atļautu nesagānīties.
9 তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসকসকলৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে।
Un Dievs Daniēlim deva žēlastību un apžēlošanu kambarjunkuru uzrauga priekšā.
10 ১০ তাতে নপুংসকসকলৰ সেই অধ্যক্ষই দানিয়েলক ক’লে, “মোৰ প্ৰভু মহাৰাজক মই ভয় কৰোঁ। তোমালোকে কি খাবা আৰু কি পান কৰিবা সেই বিষয়ে ৰজাই মোক আদেশ দিছে, কিয়নো তেওঁ তোমালোকৰ মুখ তোমালোকৰ সমবয়সীয়া যুৱকসকলতকৈ নিকৃষ্ট দেখিব? তোমালোকৰ কাৰণে মোৰ ওপৰত ৰজাৰ প্রতাপ আছে।”
Un kambarjunkuru uzraugs sacīja uz Daniēli: es bīstos savu kungu, ķēniņu, kas jūsu ēdienu un dzērienu tā nospriedis, ka viņš neierauga, ka jūsu vaigi vājāki nekā to citu jaunekļu, kas jūsu vecumā. Tad jūs pār manu galvu vestu gatavu nāvi no ķēniņa.
11 ১১ তাৰ পাছত দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা তত্ত্বাবধায়কৰ সৈতে দানিয়েলে কথা পাতিলে।
Bet Daniēls sacīja uz to barības sargu, ko kambarjunkuru uzraugs bija iecēlis pār Daniēli, Ananiju, Mišaēli un Azariju:
12 ১২ তেওঁ ক’লে, “আপুনি অনুগ্ৰহ কৰি, দহ দিন আপোনাৰ এই দাস সকলক পৰীক্ষা কৰি চাওক; আমাক খাবলৈ কেৱল শাক-পাচলি, আৰু পান কৰিবলৈ পানী দিয়ক।
Raugi jel saviem kalpiem dot kādas desmit dienas zemes augļus ēst un ūdeni dzert.
13 ১৩ তাৰ পাছত আমাৰ, আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলৰ চেহেৰাৰ পৰীক্ষা কৰি চাওক; আপুনি যি দেখিব, সেইদৰে আপোনাৰ এই দাসবোৰলৈ ব্যৱহাৰ কৰিব।”
Un tad lai apskata, kāds mūsu ģīmis būs tavā priekšā, un kāds to jaunekļu ģīmis, kas ķēniņa ēdienu ēd, un dari tad ar saviem kalpiem, kā tu pats redzēsi.
14 ১৪ সেয়ে তেওঁ তেওঁলোকৰ সেই কথাত মান্তি হৈ দহ দিনলৈকে তেওঁলোকক পৰীক্ষা কৰিলে।
Un viņš tiem paklausīja šinī lietā un raudzīja desmit dienas ar tiem tā darīt.
15 ১৫ দহ দিনৰ পাছত দেখা গ’ল, ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান, আৰু অধিক পৰিপুষ্ট হ’ল।
Un pēc desmit dienām tas atrada viņu izskatu skaistāku un viņu miesas pilnīgākas, nekā visu citu jaunekļu, kas ēda no ķēniņa ēdiena.
16 ১৬ সেয়ে তত্বাৱধায়কে তেওঁলোকক উত্তম আহাৰ, আৰু দ্ৰাক্ষাৰসৰ সলনি তেওঁলোকক শাক-পাচলি দিবলৈ ধৰিলে।
Tad tas barības sargs atņēma to viņiem nospriesto ēdienu un vīnu un tiem deva ēst zemes augļus.
17 ১৭ ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
Un šiem četriem jaunekļiem Dievs deva zināšanu un saprašanu visādā rakstā un gudrībā, bet Daniēlim viņš deva saprast visādas parādīšanas un sapņus.
18 ১৮ তাৰ পাছত ৰজাৰ দ্বাৰাই নিৰ্ণয় কৰা যি সময়ত সকলোকে আনিবলৈ ৰজাই আজ্ঞা দিছিল। সেই সময়ত নপুংসকসকলৰ অধক্ষ্যই ৰজা নবূখদনেচৰৰ আগত তেওঁলোকক উপস্থিত কৰালে।
Un kad tas laiks bija pagājis, ko ķēniņš bija pavēlējis, viņus priekšā vest, tad kambarjunkuru uzraugs tos veda pie Nebukadnecara.
19 ১৯ ৰজাই তেওঁলোকৰ লগত কথা পাতিলে, আৰু তেওঁলোকৰ সকলো দলৰ মাজত, দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ তুলনাত আন কাকো পোৱা নগ’ল। সেয়ে তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিবলৈ প্রস্তুত হ’ল।
Un ķēniņš ar tiem runāja, bet starp visiem neatradās neviena tāda, kā Daniēls, Ananija, Mišaēls un Azarija, un tie kalpoja ķēniņa priekšā.
20 ২০ ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্রতিটো প্রশ্নৰ বিষয়ত, তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহগুণে শ্রেষ্ঠ পালে।
Un visādā gudrībā un zināšanā, ko ķēniņš tiem jautāja, viņš tos atrada desmitkārt pārākus nekā visus zīlniekus un vārdotājus pa visu savu valsti.
21 ২১ দানিয়েল ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে সেই ঠাইতে থাকিল।
Un Daniēls tur palika līdz ķēniņa Kirus pirmam gadam.

< দানিয়েল 1 >