< দানিয়েল 4 >

1 পৃথিৱীত থকা সকলো লোক, দেশ, আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবূখদনেচৰে এই আজ্ঞা দি পঠিয়ালে, “আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক!
Nabukodonozor, kralj, svim plemenima, narodima i jezicima po svoj zemlji: Obilovali mirom!
2 সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভবিলোঁ।
Svidjelo mi se obznaniti vam znakove i čudesa što ih na meni učini Bog Svevišnji.
3 তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ! আৰু তেওঁৰ আচৰিত কাৰ্যবোৰ কেনে পৰাক্রমী! তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য, আৰু তেওঁৰ ৰাজত্ব পুৰুষানুক্ৰমে থাকে।”
Znakovi njegovi kako su veliki! Čudesa njegova kako silna! Kraljevstvo njegovo - kraljevstvo vječno! Vlast njegova za sva pokoljenja!
4 মই নবূখদনেচৰে মোৰ ঘৰত শান্তিৰে আৰু মোৰ ৰাজগৃহত কুশলে আছিলোঁ।
Ja, Nabukodonozor, življah mirno u svojoj kući i sretno u svojoj palači,
5 কিন্তু এটা সপোনে মোক আতঙ্কিত কৰিলে; আৰু মই শুই থকা সময়ত দেখা প্রতিবিম্ব আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে।
kad vidjeh sanju koja me uplašila. Utvare i viđenja što su mi se na mom ležaju vrzla po glavi uznemiriše me.
6 সেয়ে মোৰ সপোনৰ ফলিতা মোক জনাবৰ বাবে বাবিলৰ সকলো জ্ঞানসম্পন্ন লোকক মোৰ ওচৰলৈ আনিবলৈ মই আজ্ঞা কৰিলোঁ।
I naredih: neka mi pozovu sve mudrace babilonske da mi kažu što sanja znači.
7 তেতিয়া মায়াবীলোক, মৃতলোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানীলোক, জ্যোতিষী সকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো কলোঁ; কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।
Dođoše gataoci, čarobnici, zvjezdari i tumači znakova: ja im rekoh svoju sanju, a oni mi ne znadoše reći njezino značenje.
8 কিন্তু শেষত মোৰ দেৱতাৰ নাম অনুসাৰে যাৰ নাম বেলটচচৰ, আৰু যাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে, সেই দানিয়েল মোৰ সন্মুখলৈ আহিল; আৰু মই তেওঁক মোৰ সপোন ক’লোঁ,
Tada dođe preda me Daniel, koji je nazvan Baltazar prema imenu moga boga, i u komu prebiva duh Boga Svetoga. Ja mu pripovjedih svoju sanju:
9 “হে মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটচচৰ, মই জানোঁ যে, পবিত্ৰ দেৱতাবোৰৰ আত্মা আপোনাত আছে, আৰু কোনো নিগূঢ় বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন, আৰু সপোনৰ ফলিতা মোক কোৱা।
“Baltazare, starješino gatalaca, znam da u tebi prebiva duh Boga Svetoga i da ti nijedna tajna nije preteška: evo sanje što je imah: daj mi njezino značenje.
10 ১০ মই মোৰ শয্যাত শুই থকা সময়ত মোৰ মানসিক দৰ্শনত মই দেখিলোঁ: পৃথিৱীৰ মাজত এজোপা গছ আছিল, আৰু তাৰ উচ্চতা অতিশয় অধিক আছিল।
Evo viđenja što mi se na postelji vrzlo po glavi: Pogledam, kad evo jedno stablo usred zemlje vrlo veliko.
11 ১১ সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ’ল; আৰু সমগ্র পৃথিৱীৰ প্রান্তৰ পৰা তাক দেখা গ’ল।
Stablo poraste, postade snažno, visina mu doseže nebo, vidjelo se s krajeva zemlje.
12 ১২ তাৰ পাতবোৰ ধুনীয়া, তাৰ ফল প্রচুৰ পৰিমাণৰ আছিল আৰু সকলোৱে বাবে খাব পৰা আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল, আৰু সকলো জীৱিত প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল।
Krošnja mu bijaše lijepa, plodovi obilni; na njemu je bilo hrane za sve, u njegovoj sjeni počivaše zvijerje poljsko, na njegovim se granama gnijezdile ptice nebeske i svako se tijelo hranilo od njega.
13 ১৩ মই মোৰ শয্যাত শুই থকা সময়ত দৰ্শন দেখিলোঁ যে, এজন পবিত্ৰ বাৰ্ত্তাবাহক স্বৰ্গৰ পৰা নামি আহিল।
Ja promatrah viđenja što su mi se na mojoj postelji vrzla po glavi kad, evo, Stražar, Svetac, silazi s neba,
14 ১৪ তেওঁ চিঞৰী ক’লে, “গছজোপা কাটা, আৰু তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুঁচি পেলোৱা, আৰু তাৰ ফলবোৰ সিঁচৰিত কৰি পেলোৱা। তাৰ তলৰ পৰা জন্তুবোৰ, আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক।
silnim glasom viče: 'Posijecite stablo, okrešite mu grane, počupajte mu lišće, pobacajte plodove! Neka se životinje razbjegnu ispod njega i ptice s grana njegovih!
15 ১৫ কিন্তু তোমালোকে তাৰ মুঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি পথাৰৰ মাটিত কুমলীয়া ঘাঁহৰ মাজত ৰাখা। আকাশৰ পৰা অহা নিয়ৰত তাক তিতিব দিয়া; মাটিত থকা গছ গছনিৰ মাজত জন্তুবোৰৰ লগত তাক থাকিবলৈ দিয়া।
U zemlji ostavite panj i korijenje u gvozdenim i mjedenim okovima, u travi poljskoj! Neka ga pere rosa nebeska, i travu zemaljsku neka dijeli sa zvijerjem poljskim!
16 ১৬ সাত বছৰলৈকে তেওঁৰ হৃদয় মনুষ্য হৃদয়ৰ পৰা সলনি কৰি তেওঁক জন্তুৰ হৃদয় দিয়া হওক।
Neka mu se promijeni srce čovječje, srce životinjsko nek' mu se dade! Sedam vremena neka prođe nad njim!
17 ১৭ এই সিদ্ধান্ত বাৰ্ত্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্র জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে, মানুহৰ ৰাজ্যত সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যিজনকে তেওঁ ইচ্ছা কৰে, সেই জনক সেই ৰাজ্য দিয়ে, এনে কি, অতি নম্র লোককো তাৰ ওপৰত নিযুক্ত কৰে।’
Tako su presudili Stražari, tako su odlučili Sveci, da sve živo upozna kako Svevišnji ima vlast nad kraljevstvom ljudskim: on ga daje kome hoće i postavlja nad njim najnižega od ljudi!'
18 ১৮ মই ৰজা নবূখদনেচৰে এই সপোন দেখিলোঁ। এতিয়া হে বেলটচচৰ, আপুনি ইয়াৰ ফলিতা কওক; কিয়নো মোৰ ৰাজ্যত থকা কোনো জ্ঞানসম্পন্ন লোকে মোক ইয়াৰ ফলিতা ক’ব পৰা নাই। আপুনি ক’ব পাৰিব, কাৰণ আপোনাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে।”
Ovo je sanja što je vidjeh ja, kralj Nabukodonozor. A ti, Baltazare, reci mi njezino značenje, jer mi nijedan od mudraca moga kraljevstva to ne može reći; ti možeš, jer u tebi je duh Boga Svetoga.”
19 ১৯ তেতিয়া বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ’ল, আৰু চিন্তাত ব্যাকুল হ’ল। ৰজাই ক’লে, “হে বেলটচচৰ, সেই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক।” বেলটচচৰে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰা সকল আৰু আপোনাৰ শত্রুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক।
Tada se Daniel, nazvan Baltazar, načas smete i prestraši u svojim mislima. Kralj reče: “Baltazare, ne daj se zbuniti ovom sanjom i njezinim značenjem!” Baltazar odgovori: “Gospodaru moj, ova sanja neka bude tvojim dušmanima i njezino značenje tvojim mrziteljima!
20 ২০ আপুনি দেখা সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, ওখই আকাশ ঢুকি পোৱা হ’ল, আৰু পৃথিৱীৰ সকলো প্রান্তৰ পৰা সেই গছজোপা দেখা গ’ল।
Stablo koje si vidio, veliko i snažno, koje seže sve do neba i vidi se po svoj zemlji,
21 ২১ তাৰ পাত ধুনীয়া আৰু তাৰ ফল প্রচুৰ পৰিমাণে আছিল, সেয়ে সকলোৰে বাবে খাব পৰা হৈছিল, তাৰ তলত বনৰীয়া জন্তুবোৰে বাস কৰিছিল, আৰু তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল।
krošnje lijepe i plodova obilnih na kojem bijaše hrane za sve i pod kojim počiva zvijerje poljsko, a na njegovim se granama gnijezde ptice nebeske:
22 ২২ হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে, আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে; আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে।
to si ti, o kralju, koji si velik i moćan, veličina ti se povećala i dosegla do neba, a tvoja vlast do krajeva zemlje.
23 ২৩ মহাৰজা আপুনি দেখিছিল যে, এজন পবিত্ৰ বাৰ্ত্তাবহক স্বৰ্গৰ পৰা নামি আহিছিল, আৰু আপোনাক কৈছিল, “গছজোপা কাটি নষ্ট কৰা; কিন্তু তাৰ মূঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা; তাক আকাশৰ নিয়ৰত তিতিব দিবা, আৰু সাত বছৰলৈকে পথাৰৰ জন্তুবোৰৰ লগত তাক থাকিব দিবা।”
A što je vidio kralj kako Stražar, Svetac, silazi s neba te govori: 'Posijecite stablo, raskomadajte ga, no njegov panj i korijenje ostavite u zemlji, u gvozdenim i mjedenim okovima, u travi poljskoj, neka ga pere rosa nebeska i dio neka mu bude sa zvijerjem poljskim dok ne prođe sedam vremena nad njim' -
24 ২৪ হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ সৰ্ব্বোপৰি জনাৰ পৰা অহা আজ্ঞা এই।
ovo je značenje, o kralju, odluka Svevišnjega što će se ispuniti na mom gospodaru kralju:
25 ২৫ মানুহৰ ৰাজ্য যে সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, আপোনাক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ব, আৰু পথাৰৰ পশুবোৰৰ লগত আপুনি বাস কৰিব লাগিব, আপুনি গৰুৰ দৰে ঘাঁহ খাব লাগিব, আৰু আপুনি আকাশৰ পৰা অহা নিয়ৰত তিতিব লাগিব, এইদৰে আপোনাৰ ওপৰত সাত বছৰৰ অতিবাহিত হ’ব।
Izagnat će te iz društva ljudi i sa životinjama ćeš poljskim boraviti; hranit ćeš se travom kao goveda, tebe će prati rosa nebeska; sedam će vremena proći nad tobom dok ne upoznaš da Svevišnji ima vlast nad kraljevstvom ljudskim i da ga daje kome on hoće.
26 ২৬ কিন্তু গছৰ মুঢ়াটো যে ৰাখিবলৈ আজ্ঞা দিয়া হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গৰ বিধিসমূহৰ শিক্ষা পোৱাৰ পাছতহে, আপোনাৰ হাতলৈ আপোনাৰ ৰাজ্য পুনৰ ঘূৰি আহিব।
A što se reklo 'Ostavite panj i korijenje stabla' - tvoje će se kraljevstvo obnoviti čim spoznaš da Nebesa imaju svu vlast.
27 ২৭ এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।
Zato, kralju, neka ti bude mio moj savjet: iskupi svoje grijehe pravednim djelima i svoja bezakonja milosrđem prema siromasima, da bi ti potrajala sreća.”
28 ২৮ এই সকলো ৰজা নবূখদনেচৰত ঘটিলে।
Sve se to dogodi kralju Nabukodonozoru.
29 ২৯ বাৰ মাহৰ পাছত তেওঁ বাবিলৰ ৰাজ-গৃহত তেওঁ খোজ কাঢ়ি আছিল,
Dvanaest mjeseci kasnije, šetajući babilonskim kraljevskim dvorom,
30 ৩০ ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”
kralj govoraše: “Nije li to taj veliki Babilon što ga ja sagradih da mi bude kraljevskom prijestolnicom - snagom svoje moći, na slavu svoga veličanstva?”
31 ৩১ ৰজাই এই কথা কৈ থাকোঁতেই, আকাশীবাণী হ’ল, হে ৰজা নবূখদনেচৰ তোমাৰ বিৰুদ্ধে আজ্ঞা দিয়া হৈছে যে; এই ৰাজ্য দীৰ্ঘদিন তোমাৰ হৈ নাথাকিব।
Još bijahu te riječi u ustima njegovim kad s neba dođe glas: “Tebi se objavljuje, kralju Nabukodonozore! Kraljevstvo ti se oduzelo;
32 ৩২ মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।”
bit ćeš izagnan iz društva ljudi, sa životinjama ćeš poljskim boraviti; hranit ćeš se travom kao goveda, i sedam će vremena proći nad tobom dok ne spoznaš da Svevišnji ima vlast nad kraljevstvom ljudskim, i da ga on daje kome hoće.”
33 ৩৩ এই আজ্ঞা সেই মুহূৰ্ত্ততে নবূখদনেচৰৰ বিৰুদ্ধে ফলিয়ালে। তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ল, আৰু তেওঁ গৰুৰ দৰে ঘাঁহ খালে, তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিলে; তেওঁৰ চুলি ঈগল চৰাইৰ পাখিৰ দৰে দীঘল হ’ল, আৰু তেওঁৰ নখ চৰাইৰ নখৰ দৰে বাঢ়িল।
I smjesta se riječ izvrši na Nabukodonozoru: bi izagnan iz društva ljudi, jeđaše travu kao goveda, prala ga rosa nebeska; vlasi mu narastoše poput orlova perja, a njegovi nokti kao ptičje pandže.
34 ৩৪ সেই দিনবোৰৰ শেষত মই নবূখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।
“Pošto se navršiše određeni dani, ja, Nabukodonozor, podigoh oči prema nebu, razum mi se vrati, tada blagoslovih Svevišnjega hvaleći i uzvisujući onoga koji živi dovijeka: njegovo je kraljevstvo - kraljevstvo vječno, njegova je vlast za sva pokoljenja.
35 ৩৫ তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।”
Stanovnici zemlje - upravo kao da ih i nema: po svojoj volji postupa on s vojskom nebeskom i sa žiteljima zemaljskim. Nitko ne može zaustaviti njegovu ruku ili mu kazati: 'Što to radiš?'
36 ৩৬ সেই একে সময়তে মোৰ মানসিক সুস্থতা মোলৈ ঘূৰি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজপদ আৰু ঐশ্বৰ্য মোলৈ ঘূৰি আহিল। মোৰ উপদেষ্টা আৰু মূখ্য লোকসকলে মোৰ অনুগ্রহ বিচাৰিলে; মোৰ সিংহাসন মোক পুনৰায় দিয়া হ’ল, এনে কি, মোৰ মহত্বও মোক দিয়া হ’ল।
U isti čas razum mi se vrati, i na slavu moje kraljevske časti vrati mi se veličanstvo i sjaj; moji me savjetnici i velikaši potražiše, bih uspostavljen u kraljevsku čast i moja veličina još poraste.
37 ৩৭ এতিয়া মই নবূখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছোঁ; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহংকাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।
Sada ja, Nabukodonozor, hvalim, uzvisujem i slavim Kralja nebeskoga, čija su sva djela istina, svi putovi pravda i koji može poniziti one koji hode u oholosti.”

< দানিয়েল 4 >