< দানিয়েল 2 >

1 ৰজা নবূখদনেচৰে তেওঁৰ ৰাজত্বৰ দ্বিতীয় বছৰত এটা সপোন দেখিলে; সেয়ে তেওঁ চিন্তিত হ’ল, আৰু তেওঁ টোপনি যাব নোৱাৰিলে।
I sitt annet regjeringsår hadde Nebukadnesar drømmer som gjorde hans sinn urolig, og det var forbi med hans søvn.
2 তাৰ পাছত ৰজাই মায়াবী আৰু যিসকলে মৃতলোকৰ সৈতে কথা পতাৰ দাবি কৰে, তেনে লোক, যাদুকৰ, আৰু জ্ঞানী লোকসকলক মাতিলে; আৰু তেওঁ দেখা সপোনৰ বিষয়ে তেওঁলোকক ক’বলৈ ইচ্ছা কৰিলে। পাছত তেওঁলোক আহিল, আৰু ৰজাৰ আগত উপস্থিত হ’ল।
Og kongen lot kalle tegnsutleggerne og åndemanerne og trollmennene og kaldeerne, forat de skulde fortelle kongen hans drømmer; og de kom og trådte frem for kongen.
3 তেতিয়া ৰজাই তেওঁলোকক ক’লে, “মই এটা সপোন দেখিলোঁ, সেই সপোনৰ ফলিতা জানিবলৈ মোৰ মন উৎকণ্ঠিত হৈছে।”
Og kongen sa til dem: Jeg har hatt en drøm, og mitt sinn er blitt urolig; jeg stunder efter å få drømmen å vite.
4 তেতিয়া জ্ঞানী লোকসকলে অৰামীয়া ভাষাৰে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ দাস যি আমি, আমাক আপোনাৰ সপোনটো কওক, আৰু আমি তাৰ ফলিতা প্রকাশ কৰিম।”
Da talte kaldeerne til kongen på araméisk: Kongen leve evindelig! Si dine tjenere drømmen! Så skal vi kunngjøre dig dens uttydning.
5 ৰজাই জ্ঞানী লোকসকলক উত্তৰ দিলে, “এই বিষয়ে স্থিৰ কৰা হৈছে যে, আপোনালোকে যদি সপোন আৰু তাৰ ফলিতা মোক ক’ব নোৱাৰে, তেনেহ’লে আপোনালোকৰ শৰীৰ ডোখৰ ডোখৰ কৈ কটা যাব, আৰু আপোনালোকৰ ঘৰবোৰ গোবৰৰ দ’ম যেন কৰা হ’ব।
Kongen svarte kaldeerne: Dette mitt ord står fast: Hvis I ikke kunngjør mig drømmen og dens uttydning, så skal I bli hugget i stykker, og eders huser gjort til en møkkdynge.
6 কিন্তু যদি সেই সপোন আৰু তাৰ ফলিতা আপোনালোকে মোক ক’ব পাৰে, তেনেহ’লে মোৰ পৰা উপহাৰ, পুৰস্কাৰ, আৰু অধিক সন্মান পাব; সেয়ে সেই সপোন আৰু তাৰ ফলিতা মোক কওক।”
Men dersom I kunngjør mig drømmen og dens uttydning, så skal I få rike gaver og stor ære av mig. Derfor, si mig drømmen og dens uttydning!
7 তেওঁলোকে পুনৰ উত্তৰ দি ক’লে, “মহাৰাজ আপোনাৰ দাসক সপোনটো কওঁক; আৰু আমি তাৰ ফলিতা আপোনাক ক’ম।”
Da svarte de annen gang: Vil ikke kongen si sine tjenere drømmen! Så skal vi si hvad den betyr.
8 ৰজাই উত্তৰ দিলে, “মই নিশ্চয়কৈ জানিছোঁ, এই বিষয়ত মোৰ সিদ্ধান্ত দৃঢ় হোৱা দেখি আপোনালোকে অধিক সময় বিচাৰিছে।
Kongen svarte: Jeg vet for visst at I bare vil vinne tid, fordi I ser at det ord jeg sa, står fast.
9 কিন্তু যদি আপোনালোকে সেই সপোন মোক নকয়, তেনেহ’লে আপোনালোকৰ বাবে কেৱল এটাই শাস্তি আছে। যেতিয়ালৈকে মোৰ মন সলনি নহয়, তেতিয়ালৈকে আপোনালোকে মোক মিছা আৰু বিভ্রান্তিকৰ কথা ক’বলৈ একেলগে সন্মত হৈছে, সেয়ে এতিয়া আপোনালোকেই মোৰ আগত সপোনটোও কওক; আৰু তেতিয়া মই জানিম যে, আপোলোকে তাৰ ফলিতাও মোৰ আগত ক’ব পাৰিব।”
Såfremt I ikke sier mig drømmen, da er dommen over eder uforanderlig. Men I er blitt enige om å fortelle mig en skammelig løgn, i håp om at tidene skal forandre sig, derfor, si mig drømmen, så jeg kan vite at I også kan kunngjøre mig dens uttydning!
10 ১০ জ্ঞানী লোকসকলে ৰজাক উত্তৰ দি ক’লে, “মহাৰাজৰ দাবী পূৰণ কৰিব পৰা এনে কোনো মানুহ পৃথিবীত নাই। মহান আৰু পৰাক্ৰমী কোনো ৰজাই মায়াবী, বা মৃতলোকৰ লগত কথা পতাৰ দাবী কৰা জনক, বা জ্ঞানী লোকৰ পৰা কেতিয়াও এনে বিষয়ত দাবী কৰা নাই।
Kaldeerne svarte kongen: Det er ikke et menneske på jorden som kan kunngjøre kongen det han vil vite; for ingen konge, hvor stor og mektig han var, har nogensinne krevd noget sådant av nogen tegnsutlegger eller åndemaner eller kaldeer.
11 ১১ মহাৰাজে যি দাবী কৰিছে, সেয়া কঠিন; আৰু মনুষ্যৰ লগত বাস নকৰা দেৱতাবোৰৰ বাহিৰে, আন কোনেও মহাৰাজৰ আগত এই বিষয়ে ক’ব নোৱাৰে।”
For det som kongen krever, er altfor vanskelig, og det er ingen annen som kan kunngjøre kongen hvad han vil vite, enn gudene, som ikke har sin bolig blandt menneskene.
12 ১২ এই কথা শুনাৰ পাছত ৰজা খঙাল আৰু অতিশয় ক্রোদ্ধাম্বিত হৈ বাবিলৰ যি সকল লোক নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰা পৰিচিত, তেওঁলোকক ধ্বংস কৰিবলৈ আজ্ঞা দিলে।
Over dette blev kongen harm og meget vred, og han bød at alle Babels vismenn skulde drepes.
13 ১৩ সেয়ে এই আজ্ঞা প্ৰচাৰিত হ’ল। জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ধৰিলে; তেওঁলোকে দানিয়েল আৰু তেওঁৰ বন্ধুসকলকো বধ কৰিবলৈ বিচাৰি ফুৰিলে।
Da denne befaling var utstedt, og de skulde til å drepe vismennene, lette de også efter Daniel og hans medbrødre for å drepe dem.
14 ১৪ তাৰ পাছত বাবিলৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ওলাই অহা ৰজাৰ দেহৰক্ষক সেনাপতি অৰিয়োকক দানিয়েলে সুবুদ্ধি আৰু বিবেচনাৰে উত্তৰ দিলে।
Da sa Daniel et klokt og forstandig ord til Arjok, høvdingen for kongens livvakt, som hadde draget ut for å drepe Babels vismenn.
15 ১৫ দানিয়েলে ৰজাৰ সেনাপতিক সুধিলে, “ৰজাৰ এই আজ্ঞা কিয় ইমান জৰুৰী?” সেয়ে কি ঘটিছিল, সেই বিষয়ে অৰিয়োকে দানিয়েলক ক’লে।
Han tok til orde og spurte Arjok, kongens høvedsmann: Hvorfor har kongen utstedt denne strenge befaling? Da fortalte Arjok Daniel hvorledes det hadde sig.
16 ১৬ তেতিয়া দানিয়েল ভিতৰলৈ গ’ল, আৰু ৰজাৰ আগত যাতে সপোন ব্যাখ্যা কৰিব পাৰে; সেই বাবে ৰজাৰ সৈতে সাক্ষাৎ কৰিবলৈ তেওঁ অনুৰোধ কৰিলে।
Så gikk Daniel inn og bad kongen at han vilde gi ham en frist, så han kunde kunngjøre kongen uttydningen.
17 ১৭ তাৰ পাছত দানিয়েল তেওঁৰ ঘৰলৈ গ’ল, আৰু হননীয়া, মীচায়েল, আৰু অজৰিয়াক যি ঘটিছিল সেই সকলো ব্যাখ্যা কৰিলে।
Derefter gikk Daniel hjem og fortalte Hananja, Misael og Asarja, sine medbrødre, det som hadde hendt,
18 ১৮ বেবিলনৰ অৱশিষ্ট জ্ঞানসম্পন্ন লোকসকলৰ সৈতে, তেওঁ আৰু তেওঁৰ বন্ধুসকলক যাতে বধ কৰা নহয়; সেই বাবে তেওঁ স্বৰ্গৰ ঈশ্বৰৰ পৰা সেই নিগূঢ় বিষয়ত অনুগ্রহ বিচাৰি প্রাৰ্থনা কৰিবলৈ তেওঁলোকক মাতিলে।
forat de skulde bede himmelens Gud at han i sin barmhjertighet vilde åpenbare denne hemmelighet, så at ikke Daniel og hans medbrødre skulde bli drept sammen med Babels andre vismenn.
19 ১৯ সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্রশংসা কৰিলে, আৰু ক’লে,
Da blev hemmeligheten åpenbaret Daniel i et syn om natten; og Daniel priste himmelens Gud.
20 ২০ ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই।
Daniel tok til orde og sa: Lovet være Guds navn fra evighet og til evighet! For visdommen og styrken hører ham til,
21 ২১ তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।
og han omskifter tider og stunder, avsetter konger og innsetter konger; han gir de vise visdom og de forstandige forstand;
22 ২২ তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।
han åpenbarer det dype og skjulte; han vet hvad som er i mørket, og hos ham bor lyset.
23 ২৩ হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ; কাৰণ আপুনি মোক প্রজ্ঞা আৰু শক্তি দিলে। আমি প্রাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ; এতিয়া আপুনি মোক জনালে; ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে।”
Dig, mine fedres Gud, takker og priser jeg, fordi du har gitt mig visdom og styrke og nu har kunngjort mig hvad vi bad dig om; for det som kongen vilde vite har du kunngjort oss.
24 ২৪ এই সকলোৰে সৈতে ৰজাই বাবিলৰ জ্ঞানীলোক সকলক বধ কৰিবলৈ নিযুক্ত কৰা অৰিয়োকক দানিয়েলে চাবলৈ গ’ল। তেওঁ গৈ, তেওঁক ক’লে, “বাবিলৰ জ্ঞানীলোক সকলক বধ নকৰিব। ৰজাৰ আগলৈ মোক নিৰাপত্তা দি লৈ যাওক, আৰু মই ৰজাক সপোনৰ ফলিতা ক’ম।”
Så gikk da Daniel inn til Arjok, som kongen hadde gitt pålegg om å drepe Babels vismenn; han kom og sa til ham: Drep ikke Babels vismenn! Før mig inn til kongen! Så vil jeg kunngjøre kongen uttydningen.
25 ২৫ তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গ’ল আৰু ৰজাক ক’লে, “দেশান্তৰিত যিহূদীসকলৰ মাজত মই এইজন মানুহ পালোঁ, যি জনে ৰজাৰ সপোনৰ ফলিতা ক’ব।”
Da førte Arjok Daniel i hast inn til kongen og sa til ham: Jeg har funnet en av de bortførte fra Juda, han vil kunngjøre kongen uttydningen.
26 ২৬ তেতিয়া ৰজাই দানিয়েলক (যাক বেলটচচৰ মতা হৈছিল) ক’লে, “মই দেখা সপোন আৰু তাৰ ফলিতা তুমি মোক ক’ব পাৰিবা নে?”
Kongen svarte Daniel, som hadde fått navnet Beltsasar: Er du i stand til å kunngjøre mig den drøm jeg har hatt, og dens uttydning?
27 ২৭ তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক’লে, “মহাৰাজে দাবী কৰা নিগূঢ় বিষয়, জ্ঞানসম্পন্ন লোক, বা মৃতলোকৰ সৈতে কথা পতাৰ দাবী কৰাজন, বা মায়াবী, বা জ্যোতিষীৰ দ্বাৰাই প্রকাশিত হোৱা সম্ভৱ নহয়।
Daniel svarte kongen: Den hemmelighet kongen ønsker å få vite, makter ingen vismenn, åndemanere, tegnsutleggere eller sannsigere å kunngjøre kongen;
28 ২৮ কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
men det er en Gud i himmelen, som åpenbarer hemmeligheter, og han har kunngjort kong Nebukadnesar hvad som skal skje i de siste dager. Dette var den drøm og de syner du hadde i ditt indre, mens du hvilte på ditt leie:
29 ২৯ হে মহাৰাজ, আপুনি শয্যাত ভবিষ্যতৰ বিষয়ে নানা কথা চিন্তা কৰিছিল; আৰু নিগূঢ় বিষয় প্ৰকাশ কৰা জনে, আগলৈ কি ঘটিব, সেই বিষয়ে আপোনাক জানিবলৈ দিলে।
Da du, konge, lå på ditt leie, steg det op hos dig tanker om hvad som skulde skje i fremtiden; og han som åpenbarer hemmeligheter, kunngjorde dig hvad som skal skje.
30 ৩০ আন জীৱিত লোকতকৈ মোৰ অধিক জ্ঞান আছে বুলি যে মোৰ আগত এই বিষয় প্ৰকাশিত হ’ল, এনে নহয়, কিন্তু মহাৰাজে যাতে সপোনৰ ফলিতা, আৰু আপোনাৰ মনৰ গভীৰ চিন্তা আপুনি জানিব পাৰে, সেই বাবে মোলৈ সেই নিগূঢ় বিষয় প্রকাশিত হ’ল।
Og for mig er denne hemmelighet blitt åpenbaret, ikke fordi jeg eier nogen visdom fremfor alle andre som lever, men forat uttydningen skulde kunngjøres kongen, og du skulde få ditt hjertes tanker å vite.
31 ৩১ হে মহাৰাজ আপুনি ওপৰলৈ চাই, এটা বৃহৎ মূৰ্তি দেখিছিল। আপোনাৰ আগত থিয় হোৱা সেই মূৰ্তি অতিশয় ডাঙৰ আৰু উজ্জ্বল আছিল; আৰু তাৰ উজ্জলতা ভয়ানক আছিল।
Konge, du så i ditt syn et stort billede; det var et veldig billede, og dets glans var overmåte stor; det stod like foran dig, og det var forferdelig å skue.
32 ৩২ সেই মূৰ্তিটোৰ মুৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, মাজভাগ আৰু কৰঙন পিতলৰ,
Billedets hode var av fint gull, brystet og armene av sølv, buken og lendene av kobber,
33 ৩৩ আৰু তাৰ ভৰিবোৰ লোহাৰ, আৰু ভৰিৰ পতা কিছু পৰিমাণে লোহা আৰু কিছু পৰিমাণে মাটিৰে তৈয়াৰী আছিল।
benene av jern og føttene dels av jern og dels av ler.
34 ৩৪ আপুনি চাই থাকোঁতেই এটা শিল কাটি উলিওৱা হ’ল, কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়, আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি গুড়ি কৰিলে।
Mens du så på billedet, blev en sten revet løs, men ikke med hender, og den rammet billedet på føttene, som var av jern og ler, og knuste dem.
35 ৩৫ তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেসময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্রীষ্ম কালৰ মৰণা মৰা ঠাইৰ ধূলিৰ দৰে হ’ল। বতাহে সেইবোৰ উড়ুৱাই লৈ গ’ল, আৰু তাৰ কোনো চিন পোৱা নগল; কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হ’ল, আৰু গোটেই পৃথিৱী ভৰি পৰিল।
Da knustes på én gang både jernet, leret, kobberet, sølvet og gullet, og det blev som agner fra treskeplassene om sommeren, og vinden tok det så det ikke fantes spor efter det. Men stenen som rammet billedet, blev til et stort fjell, som fylte hele jorden.
36 ৩৬ এয়ে আপোনাৰ সপোন আছিল। এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ।
Det var drømmen; og nu skal vi si kongen uttydningen.
37 ৩৭ হে মহাৰাজ, আপুনি ৰাজাধিৰাজ; স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য্য, পৰাক্ৰম, আৰু সন্মান দিছে।
Konge, du kongenes konge, som himmelens Gud har gitt riket og makten og styrken og æren -
38 ৩৮ মানুহ বাস কৰা ঠাই, হাবিত থকা জন্তু, আৰু আকাশৰ চৰাইবোৰক, তেওঁ আপোনাৰ হাতত দিলে, আৰু সেই সকলোৰে ওপৰত আপোনাক শাসনকৰ্ত্তা পাতিলে; সেই মূৰ্তিটোৰ সোণৰ মুৰ আপুনিয়েই।
overalt hvor menneskenes barn, markens dyr og himmelens fugler har sine bosteder, har han gitt dem i din hånd og gjort dig til herre over dem alle - du er hodet av gull.
39 ৩৯ আপোনাৰ পাছত, আন এটা ৰাজ্য আহিব, যি আপোনাতকৈ নিকৃষ্ট হ’ব; আৰু তাৰ পাছত পিতলৰ দৰে আন এক তৃতীয় ৰাজ্য আহিব, সেয়ে গোটেই পৃথিৱীত শাসন কৰিব।
Men efter dig skal det opkomme et annet rike, ringere enn ditt, og så ennu et tredje rike, som er av kobber, og som skal herske over all jorden,
40 ৪০ আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হ’ব; কাৰণ লোহাই আন বস্তু ডোখৰ ডোখৰ কৰি ভাঙে, আৰু সকলো বস্তু গুড়ি কৰে, সেয়ে সকলো বস্তু ভাঙিব, আৰু সেইবোৰ গুড়ি হ’ব।
og derefter et fjerde rike, som skal være sterkt som jernet; eftersom jernet knuser og sønderslår alt, skal det som det sønderknusende jern sønderslå og sønderknuse alle hine riker.
41 ৪১ আপুনি দেখাৰ দৰে, ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু পৰিমাণে শেকা মাটিৰ আৰু কিছু পৰিমাণে লোহাৰে তৈয়াৰী আছিল; সেয়ে এয়া বিভক্ত ৰাজ্য হ’ব; এই ৰাজ্যত কিছু লোহাৰ শক্তি থাকিব, আৰু আপুনি দেখাৰ দৰে লোহাৰ সৈতে কোমল মাটি মিহলি হৈ থাকিব।
Og at føttene og tærne som du så, dels var av pottemakerler og dels av jern, det betyr at det skal være et delt rike, og at det skal være noget av jernets styrke i det, eftersom du så jernet blandet med leret.
42 ৪২ ভৰিৰ আঙুলিবোৰ কিছু লোহাৰ আৰু কিছু মাটিৰ দ্বাৰাই তৈয়াৰী আছিল, সেই দৰে ৰাজ্যও এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙিব পৰা হ’ব।
Og at tærne på føttene dels var av jern og dels av ler, det betyr at riket for en del skal være sterkt og for en del skrøpelig,
43 ৪৩ আপুনি কোমল মাটিৰ সৈতে মিহলোৱা লোহা দেখাৰ দৰে সেই ৰাজ্যৰ লোকসকল সংমিশ্রণ হৈ থাকিব; কিন্তু যেনেকৈ লোহা মাটিত লাগি নাথাকে, তেনেকৈ তেওঁলোক একেলগে বাস নকৰিব।
og at jernet som du så, var blandet med ler, det betyr at de skal blande sig med hverandre ved giftermål, men at de allikevel ikke i lengden skal holde sammen, likesom jernet ikke blander sig med leret.
44 ৪৪ আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
Og i disse kongers dager vil himmelens Gud oprette et rike, som i all evighet ikke skal ødelegges, og dette rike skal ikke overlates til noget annet folk; det skal knuse og gjøre ende på alle hine riker, men selv skal det stå fast evindelig;
45 ৪৫ আপুনি দেখাৰ দৰে পৰ্বতৰ পৰা এটা শিল কাটি উলিওৱা হৈছিল; কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়। সেই শিল লোহা, পিতল, মাটি, ৰূপ আৰু সোণ সকলোকে ডোখৰ ডোখৰকৈ ভাঙিছিল। মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ইয়াৰ পাছত কি ঘটিব সেই বিষয়ে জনালে; সপোনটো সঁচা আৰু তাৰ ফলিতাও বিশ্বাসযোগ্য।”
for du så jo at en sten blev revet løs fra fjellet, men ikke med hender, og knuste jernet, kobberet, leret, sølvet og gullet. Den store Gud har kunngjort kongen hvad som skal skje i fremtiden, og fast står drømmen, og troverdig er dens uttydning.
46 ৪৬ তেতিয়া ৰজা নবূখদনেচৰে দানিয়েলৰ আগত উবুৰি হৈ পৰিল, আৰু সন্মান জনালে; আৰু তেওঁৰ উদ্দেশ্যে নৈবেদ্য যুগুত কৰি ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে।
Da falt kong Nebukadnesar på sitt ansikt og tilbad Daniel, og han bød at de skulde ofre ham matoffer og røkelse.
47 ৪৭ ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
Og kongen tok til orde og sa til Daniel: I sannhet, eders Gud er gudenes Gud og kongenes herre og en som åpenbarer hemmeligheter, siden du har kunnet åpenbare denne hemmelighet.
48 ৪৮ তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে, আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্ত্তা নিযুক্ত কৰিলে। দানিয়েল বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ’ল।
Derefter gjorde kongen Daniel til en stor mann, og han gav ham mange store gaver og satte ham til herre over hele landskapet Babel og til øverste forstander for alle Babels vismenn.
49 ৪৯ দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলে, আৰু ৰজাই চদ্ৰক, মৈচক, আৰু অবেদ-নেগোকো বাবিল প্ৰদেশৰ ওপৰত ৰাজকার্যত নিযুক্ত কৰিলে; কিন্তু দানিয়েল ৰাজ প্রাসাদত থাকিল।
Og på Daniels bønn satte kongen Sadrak, Mesak og Abed-Nego til å styre landskapet Babel; men Daniel selv blev ved kongens hoff.

< দানিয়েল 2 >