< কলচীয়া 2 >

1 আপোনালোকক সহায় কৰাৰ কাৰণে মই কিমান কঠোৰ প্ৰতিকুল অৱস্থাৰ মূখা-মূখি হৈছোঁ, সেই বিষয়ে আপোনালোকে জনাটো মই বিচাৰো৷ যি সকল লায়দিকেয়াত আছে আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই, সেই সকলৰ বাবেও মোৰ যুজ হৈ আছে৷
Kwa mana nipala muitange jinsi ambayo nibile na taabu zanyansima kwa ajili yinu, kwa bote babile Laodikia na kwa bote ambao babona kwaa minyo yango mu'yega.
2 মই বিচাৰো তেখেত সকলৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেখেত সকলে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ’বৰ বাবে যেন ঈশ্বৰৰ নিগূঢ়-তত্ব জানে, সেই নিগূঢ় তত্বই হ’ল, খ্ৰীষ্ট৷
Napanga kazi ili kuwa mu'mioyo yabe iweze kufarijiwa kwa kuletwa pamope mu'lipendo ni mu'utajiri woti wanansima wa uhakika kamili wa maarifa, mu'kuitanga siri ya kweli ya Nnongo, lwabile ni Kristo.
3 সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
Mu'hazina yoti ya hekima ni maarifa ziyowanika kwaa.
4 কোনেও যেন আপোনালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।
Nilongela nyoo ili kwamba mundu yeyoti kana aise kuwapangia hila kwa hotuba yabile ni ushawishi.
5 আৰু মই শাৰীৰিক ভাবে উপস্থিত নাথাকিলেও, আত্মাৰে আপোনালোকৰ লগত আছোঁ; আৰু আনন্দ কৰি আপোনালোকৰ সু-ৰীতি আৰু খ্ৰীষ্টত আপোনালোকৰ বিশ্বাসৰ যি অলৰতা, সেয়া চাই আছোঁ।
Na ingawa nibile kwaa pamope ni nenga mu'yega, lakini nabile ni mwenga mu'roho. Napuraika kuubona utaratibu winu unoite ni ngupu ya imani yinu mu'Kristo.
6 এতেকে আপোনালোকে খ্রীষ্ট যীচুক যেনেকৈ গ্ৰহণ কৰিলে, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰক৷
Kati mwampokii Kristo Ngwana, mutyange mu'ywembe.
7 তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
Muiimarishe mu'ywembe, muchengwe nkati ya ywembe, muimarishwe nkati ya imani kati mwamupundishilwe, kutabilwa mu'shukrani yanyansima.
8 কোনোৱে যেন আপোনালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হব; সেইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।
Mulole ya kuwa mundu yeyote kana abanase kwa falsafa ni maneno matupu ga ubocho lingana na mapokeo ga bandu, lingana na kanuni ya kidunia, na lingana kwaa na Kristo.
9 কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে।
Kwa kuwa mu'ywembe ukamilifu woti wa Nnongo utamile mu'yega.
10 ১০ যি জন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতেই আপোনালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে৷
Mwenga mwatijazwa mu'ywembe. Ywembe nga ntwe wa kila uweza ni mamlaka.
11 ১১ তেওঁতেই আপোনালোক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’ল৷
Mu'ywembe kae mwatitahiriwa kwa tohara ipangilwa kwaa na bandu mu'kuboyelwa yega wa nyama, lakini nga mu'tohara ya Kristo.
12 ১২ বাপ্তিস্মত আপোনালোক তেওঁৰ সৈতে মৈদামত থোৱা হ’ল আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ’ল।
Mwatisikwa pamope ni ywembe mu'ubatizo. Na kwa ndela ya imani ywembe mwatifufuliwa kwa uweza wa Nnongo, ywabile atikutufufua boka mu'kiwo.
13 ১৩ আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷
Na mwabile mwatiwaa mu'makosa yinu na kutahiriwa kwaa kwa yega yinu, awapangite ukoto pamope ni ywembe ni kuasamehe makosa yitu yote.
14 ১৪ আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷
Atikuifuta kumbukumbu ya madeni yaiandikilwe, ni taratibu yaibile kunchogo na twenga. Aiboite yote na kuigongomea msalabani.
15 ১৫ তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে, আৰু তেওঁলোকক মুকলিভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি এটা বিজয়ৰ শোভাযাত্ৰাত তেওঁলোকক চালিত কৰিলে৷
Atikuiboywa ngupu ni mamlaka. Atikugabeka wazi na kugapanga kuwa sherehe ya ushaidi kwa ndela ya msalaba wake.
16 ১৬ এতেকে কোনেও আপোনালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত, বিচাৰ নকৰক।
Kwa nyo, mundu kana abamuhukumu mwenga mu'kulya au mu'kunywa, au kuhusu lisoba lya sikukuu au mwezi waayambe, au lisoba lya Sabato.
17 ১৭ এই সকলো ভাবী বিষয়ৰ ছাঁ মাথোন; কিন্তু প্ৰকৃত সত্য হৈছে খ্ৰীষ্ট।
Ayee nga ivuli ya makowe gaisa, lakini kiini nga Kristo.
18 ১৮ কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
Mundu yeyote kana anyang'anywe tuzo yake kwa tamaniya unyenyekevu ni kwa kuabudu mamlaka. Mundu wa jinsi yee ujingya mu'makowe yaayabonikiye ni kushawishiwa ni mawazo yake kwa yega.
19 ১৯ কিন্তু সংস্পৰ্শ আৰু বন্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যি জনৰ পৰা ঐশ্বৰিক বৃদ্ধি পাই বাঢ়িছে, সেই মূৰ স্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে৷
Ywembe aukamwa kwaa ntwe kuwa yega woti pitya viungo vyake ni mifupa uungwa na kushikamanikiwa kwa mpamo; ni hukua kwa ukuaji ubokana no Nnongo.
20 ২০ যদি আপোনালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিল, তেনেহলে কিয় জগতৰ বিশ্বাসত জীৱন-যাপন কৰি বশীভূত হৈ আছে:
Mana itei mwati waa pamope ni Kristo kwa tabia za dunia, mbona mwatama kati mwatiwajibika kwa dunia:
21 ২১ “সেইবোৰক নধৰিবা, নাচাকিবা, নুচুবাও?”
“Kana muikamwe, wala kuionja, wala kuigusa?”
22 ২২ লোক সকলৰ বাবে এই আজ্ঞা আৰু শিক্ষা সকলো বস্তু ভোগ কৰাৰ দ্বাৰাই ক্ষয় পাবৰ কাৰেণেহে হৈছে৷
Aga goti yatiamuliwa kwa ajili ya uharibifu woisa ni matumizi, bokana na maelekezo ni mapundisho ga bandu.
23 ২৩ এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়।
Saliya zino zabile ni hekima ya dini zabile zatitengwa kwa ubinafsi ni unyeyekevu ni mateso ga yega. Lakini zabile kwaa ni thamani dhidi ya tamaa ya yega.

< কলচীয়া 2 >