< আমোস 5 >

1 হে ইস্ৰায়েল-বংশ; মই তোমালোকৰ যি বিষয় লৈ বিলাপ কৰিছোঁ, সেই বিষয়ে তোমালোকে শুনা।
Слушайте това слово, Плачът, който аз започвам за вас, доме Израилев:
2 “কুমাৰী ইস্ৰায়েল পতিত হ’ল, তেওঁ পুনৰ নুঠিব; তেওঁক নিজৰ দেশৰ মাটিত পৰিত্যক্তা কৰি পেলাই থোৱা হৈছে, তেওঁক তুলিবলৈ কোনো নাই।”
Падна Израилевата девица, Няма да стане вече; Хвърлена е на земята си Без да има кой да я вдигне.
3 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “ইস্রায়েলৰ যি নগৰৰ পৰা এক হাজাৰ সৈন্য ওলাই যায়, তাৰে এশজন জীয়াই থাকিব আৰু যি নগৰৰ পৰা এশজন লোক ওলাই যায়, তাৰ মাত্র দহ জন ইস্ৰায়েল-বংশলৈ অৱশিষ্ট থাকিব।”
Защото така казва Господ Иеова: Градът, из който излизаха хиляда, ще остане със сто за Израилевия дом, И оня, из който излизаха сто, ще остане с десет.
4 যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, “তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;
Защото така казва Господ за Израилевия дом: Потърсете Мене и ще живеете;
5 কিন্তু বৈৎএলক বিচাৰি নাযাব; গিলগলত নোসোমাবা, আৰু বেৰ-চেবালৈ নাযাবা; কিয়নো গিলগল অৱশ্যেই বন্দী হ’ব, আৰু বৈৎ-এলৰ সর্বনাশ হ’ব।
Но не търсете Ветил, Нито влизайте в Галгал, Нито заминавайте във Вирсавее; Защото Галгал непременно ще отиде в плен, И Ветил ще стане нищо.
6 তোমালোকে যিহোৱাক বিচাৰা, তাতে জীয়াই থাকিবা; নহলে তেওঁ যোচেফৰ বংশৰ মাজত অগ্নিৰ দৰে জ্বলি উঠি গ্রাস কৰিব আৰু তাক নুমাবলৈ বৈৎএলত কোনো নাথাকিব।
Потърсете Господа и ще живеете; Да не би да избухне като огън в Йосифовия дом Та го пояде, без да има кой да го гаси във Ветил.
7 তোমালোকে সুবিচাৰক তিতালৈ পৰিণত কৰিছা আৰু ধার্মিকতাক ভূমিস্যাৎ কৰিছা।
Вие, които обръщате правосъдието в пелин, И хвърляте наземи правдата,
8 যি জনাই কৃত্তিকা আৰু মৃগশীৰ্ষ কালপুৰুষ নামৰ নক্ষত্র মণ্ডলীক নির্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিবৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যি জনাই সাগৰৰ জল সমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম যিহোৱা!
Потърсете тогова, който прави Плеадите и Ориона, Който обръща мрачната сянка в зора, И помрачава деня та става нощ, - Тогова, който повиква морските води И ги излива по лицето на земята, (Иеова е името му, )
9 তেওঁ শক্তিশালী সৈন্যবোৰৰ ওপৰত হঠাৎ বিনাশ উপস্থিত কৰায়, তাতে দুৰ্গবোৰৰ ওপৰলৈ ধ্বংস নামি আঁহে।
Тогова, който нанася внезапна гибел върху силните, Тъй щото гибел достига в крепостите.
10 ১০ নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক, তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱা জনক তুচ্ছ কৰা।
Те мразят тогова, който изобличава в портата, И се гнусят от оногова, който говори справедливо.
11 ১১ তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।
Прочее, понеже угнетявате сиромаха И изтръгвате от него платки жито, Затова, ако и да сте построили къщи от дялани камъни, Няма да живеете в тях, Ако и да сте насадили приятни лозя, Няма да пиете виното им.
12 ১২ কিয়নো, মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ! তোমালোকে সৎ লোকৰ ওপৰত উপদ্রৱ কৰা আৰু ভেটী লোৱা; নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্রতি অন্যায় কৰিছা।
Защото зная колко много са вашите престъпления И колко великански са греховете на вас, Които угнетявате праведния, приемате подкупи, И извращате правото на сиромасите в портата;
13 ১৩ সেই বাবে এই, এই সময়ত বিজ্ঞ লোক মনে মনে থাকে; কিয়নো ই এক দু: সময়।
По която причина разумният млъква в такова време; Защото е зло време.
14 ১৪ তোমালোকে যাতে জীয়াই থাকিব পাৰা, সেইবাবে ভাল কামৰ পিছত যোৱা, বেয়া কামৰ পিছত নহয়। তেতিয়া তোমালোকে কোৱাৰ দৰে বাহিনীগণৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত থাকিব।
Потърсете доброто, а не злото, за да живеете; Така Господ, Бог на Силите, ще бъде с вас, както речете.
15 ১৫ যি মন্দ, তাক ঘিণ কৰা আৰু যি ভাল, তাক ভালপোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা; তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্রতি বাহিনীগণৰ ঈশ্বৰ যিহোৱাই দয়া কৰিব।
Мразете злото, обичайте доброто, И установявайте правосъдие в портата; Може би Господ, Бог на Силите, да се смили за останалите от Йосифа.
16 ১৬ সেইবাবে বাহিনীগণৰ ঈশ্বৰ প্ৰভু যিহোৱাই এই কথা কৈছে, “নগৰৰ চকবোৰত লোকে বিলাপ কৰিব, আলিবোৰত হায়! হায়! কৰিব; তেওঁলোকে খেতিয়কক শোক কৰিবলৈ, আৰু শোক কৰাসকলক বিলাপ কৰিবলৈ মাতিব।
За това, така казва Иеова, Бог на Силите, Господ: Ридание ще има по всичките площади, И по всичките улици ще казват - Горко! горко! Ще повикат земеделеца на жалеене, И изкусните оплаквателки на ридание;
17 ১৭ সকলো দ্ৰাক্ষাবাৰীতে বিলাপ হ’ব, কিয়নো মই তোমালোকৰ মাজেদি যাম।” যিহোৱাই এই কথা কৈছে।
И по всичките лозя ще има ридание, Защото аз ще замина посред тебе, казва Господ.
18 ১৮ তোমালোক যিসকলে প্ৰভুৰ বিচাৰৰ দিন চাবলৈ আকাংক্ষা কৰা, সেই লোকসকলক ধিক। তোমালোকে কিয় যিহোৱাৰ সোধবিচাৰৰ দিনলৈ আকাংক্ষা কৰা? সেই দিন অন্ধকাৰ, পোহৰ নহয়।
Горко на ония, които желаят денят Господен! За какво ви е той? Денят Господен е тъмнина, а не виделина.
19 ১৯ যেনেদৰে কোনো মানুহ সিংহৰ মুখৰ পৰা পলাই গৈ এটা ভালুকৰ সন্মুখত পৰে, নাইবা নিজৰ ঘৰত সোমাই দেৱালত হাত দিওঁতে তেওঁক সাপে খুটে, তেনেদৰেই হ’ব সেইদিন।
Както, ако бягаше човек от лъв, И го срещнеше мечка, Или, като влезеше къщи, опреше ръката си о стената, И змия го хапеше,
20 ২০ যিহোৱাৰ দিন জানো পোহৰ নহৈ অন্ধকাৰ নহ’ব? সেয়ে জানো উজ্জ্বলতা নথকা ঘোৰ অন্ধকাৰৰ দিন নহ’ব?
Така не ще ли бъде денят Господен - тъмнина, а не виделина? Дори мрак, без никаква светлина?
21 ২১ মই তোমালোকৰ পর্ববোৰ ঘিণ কৰোঁ, অগ্রাহ্য কৰোঁ; মই তোমালোকৰ ধৰ্ম-সভাবোৰত আনন্দ নকৰোঁ।
Мразя, презирам празнуванията ви, И няма да благоволя в тържествените ви събрания.
22 ২২ তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম; এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মঙ্গলার্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম।
Даже ако ми принесете всеизгарянията и жертвите си, Няма да ги приема, Нито ще погледна към примирителните ви жертви от угоени животни.
23 ২৩ তোমালোকৰ গানৰ কোলাহল মোৰ পৰা দূৰ কৰা; মই তোমালোকৰ বীণাৰ শব্দ শুনিব নোখোজোঁ;
Отмахни от мене метежа на песните си, Защото не ща да слушам свирнята на псалтирите ти;
24 ২৪ কিন্তু ন্যায়বিচাৰ পানীৰ নিচিনাকৈ আৰু ধাৰ্মিকতা অবিৰামে বৈ থকা নদীৰ নিচিনাকৈ বৈ যাওঁক।
Но нека тече правосъдието като вода, И правдата като поток, който не пресъхва.
25 ২৫ হে ইস্ৰায়েল-বংশ, মৰুপ্রান্তৰত চল্লিশ বছৰ তোমালোকে মোৰ উদ্দেশ্যে জানো কোনো বলি আৰু নৈবেদ্য আনিছিলা?
Доме Израилев, на мене ли принасяхте жертви и приноси Четиридесет години в пустинята?
26 ২৬ বৰং তোমালোকে নিজে নির্মাণ কৰা তোমালোকৰ ৰজা-দেৱতা চিক্কুত আৰু তৰা দেৱতা কিয়ুনৰ মূৰ্ত্তিক বৈ লৈ গৈছিলা।
Напротив, носехте царя си Сикут И Хиун, идолите си, Звездата на вашите богове, които си направихте.
27 ২৭ সেয়ে, মই তোমালোকক দম্মেচকৰ সিফালে বন্দী হিচাবে লৈ যাম।” মই বাহিনীগণৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যি জনৰ নাম বাহিনীগণৰ ঈশ্বৰ।”
За това, ще ви закарам в плен оттатък Дамаск, Казва Господ, чието име е Бог на Силите.

< আমোস 5 >