< পাঁচনি 7 >

1 তেতিয়া মহা-পুৰোহিতে স্তিফানক সুধিলে- “এইবোৰ কথা সঁচা নেকি?”
And the high priest said, "Are these things so?"
2 স্তিফানে ক’লে- “হে ভাই সকল আৰু পিতৃ সকল, মোৰ কথা শুনক। আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম হাৰোণত বসবাস কৰাৰ আগেয়ে যেতিয়া মেচোপতেমিয়াত আছিল, সেই সময়ত গৌৰৱময় ঈশ্বৰে তেওঁক দেখা দি ক’লে-
Stephen answered. "Listen, brothers and fathers. The God of glory appeared to our father Abraham, when he was in Mesopotamia, before he dwelt in Haran,
3 “তুমি তোমাৰ দেশ আৰু জ্ঞাতি-কুটুম্বক এৰি, মই যি দেশ তোমাক দেখুৱাম, সেই দেশলৈ যোৱা।”
and said to him, "Leave your country and your kindred, and come to whatever land I will show you.
4 তেতিয়া তেওঁ কলদিয়া সকলৰ দেশ এৰি হাৰোণ নগৰলৈ আহি বসতি কৰিলে। পাছত তেওঁৰ পিতৃৰ মৃত্যু হোৱাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে সেই ঠাইৰ পৰা তেওঁক আনিলে।
"So he left Chaldea and settled in Haran, and from there, after his father’s death, God moved him to this land which you inhabit.
5 নিজৰ অধিকাৰৰ কাৰণে ঈশ্বৰে তেওঁক একোকে নিদিলে; এনে কি এখোজ মাটিও নিদিলে। কিন্তু তেওঁক আৰু তেওঁৰ ভাবীবংশৰ অধিকাৰৰ অর্থে ঈশ্বৰে এই দেশ দিব বুলি প্ৰতিজ্ঞা কৰিলে; যদিও অব্ৰাহামৰ সেই সময়লৈকে কোনো সন্তান নাছিল।
"But he gave him no inheritance in it, no, not a single square yard of ground; yet he promised to bestow the land as a permanent possession on him and his posterity - he at that time being childless.
6 ঈশ্বৰে তেওঁক এইদৰে কৈছিল, “তোমাৰ বংশধৰ সকলে বিদেশত প্রৱাস কৰিব৷ সেই দেশৰ মানুহে তেওঁলোকক চাৰি শ বছৰ ধৰি দাসত্বৰ বন্ধনত ৰাখিব আৰু অত্যাচাৰ কৰিব।”
"What God said was this. "‘His offspring will sojourn in a foreign land where they will be enslaved and oppressed for four hundred years.
7 ঈশ্বৰে ইয়াকো কলে, “তেওঁলোকে যি জাতিৰ দাসত্ব খাটিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম; তাৰ পাছত তেওঁলোকে ওলাই আহি এই ঠাইতে মোৰ সেৱা উপাসনা কৰিব।”
"‘And the nation, whichever it is, that enslaves them I will judge, said God, ‘and after ward they shall come out, and they shall worship me in this place.
8 ইয়াৰ পাছত ঈশ্বৰে অব্রাহামক চুন্নৎ কৰাৰ বিধান দিলে। সেয়েহে, অব্রাহামে নিজৰ পুত্র ইচহাক জন্ম হোৱাত, আঠ দিনৰ দিনা তেওঁৰ চুন্নৎ কৰালে। পাছত ইচহাকৰ পুত্র যাকোব আৰু যাকোবৰ পুত্ৰ বাৰ জন গোষ্ঠীৰ পিতৃকুল হ’ল।
"Then he gave him a covenant of circumcision, and under this covenant he became the father of Isaac, whom he circumcised on the eighth day, and Isaac became the father of Jacob, and Jacob became the father of the twelve Patriarchs.
9 পাছত সেই পিতৃকুল সকল যোচেফৰ প্রতি ঈর্ষান্বিত হৈ তেওঁক মিচৰ দেশলৈ বেচিলে, কিন্তু ঈশ্বৰ তেওঁৰ সঙ্গী আছিল।
"The patriarchs out of jealousy sold Joseph into Egypt.
10 ১০ সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিচৰ দেশৰ ৰজা ফৌৰণেৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ফৰৌণে তেওঁক মিচৰ দেশৰ আৰু নিজ গৃহৰ অধিকাৰী পাতিলে।
"But God was with him, and delivered him out of all his afflictions, and gave him grace and wisdom, when he stood before Pharaoh, king of Egypt, who appointed him Governor over Egypt, and over all the royal household.
11 ১১ গোটেই মিচৰ আৰু কনান দেশত ভীষণ আকাল হোৱাত, মহাক্লেশ হ’ল আৰু আমাৰ পিতৃপুৰুষ সকলৰ খাদ্য বস্তুৰ অভাৱ হ’ল।
"Then there came a famine over the whole of Egypt and Canaan, and great distress, so that our ancestors could not find food.
12 ১২ কিন্তু যাকোবে মিচৰ দেশত শস্য থকাৰ বাৰ্তা পাই, প্ৰথমতে আমাৰ পিতৃপুৰুষ সকলক তালৈ পঠালে।
"But Jacob heard that there was food in Egypt, and sent our ancestors there on their first visit.
13 ১৩ দ্বিতীয় বাৰ যোৱাত যোচেফে ককায়েক সকলৰ ওচৰত নিজৰ পৰিচয় দিলে আৰু ফৌৰণেও যোচেফৰ পৰিয়ালৰ বিষয়ে জ্ঞাত হ’ল।
"On their second visit Joseph made himself known to his brothers, and Pharaoh was informed of Joseph’s parentage.
14 ১৪ তেতিয়া যোচেফে তেওঁৰ ককায়েক সকলক পিতৃ যাকোব আৰু জ্ঞাতি-কুতুম্ব সকলক মিচৰ দেশলৈ আনিবলৈ উভটাই পঠালে; তেওঁলোক মুঠ পয়সত্তৰ জন আছিল।
"Then Joseph sent and invited Jacob his father and all his family, numbering seventy-five souls, to come to him;
15 ১৫ তাতে যাকোব মিচৰ দেশলৈ গ’ল। সেই ঠাইতে তেওঁৰ আৰু আমাৰ পিতৃপুৰুষ সকলো মৰিল।
"and Jacob went down into Egypt.
16 ১৬ তেওঁলোকৰ দেহ চিখিমলৈ নি মৈদাম দিয়া হ’ল; সেই মৈদাম অব্ৰাহামে চিখিমত হমোৰৰ পুতেকহঁতৰ পৰা ধন দি কিনিছিল।
"There he died, and our ancestors also, and they were carried across to Shechem, and laid in the tomb which Abraham had purchased for a sum of money from the sons of Hamor in Shechem.
17 ১৭ ঈশ্বৰে অব্রাহামৰ আগত শপত কৰি যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা পূর্ণ হোৱাৰ সময় ওচৰ হোৱাত; মিচৰত তেওঁৰ লোক সকল বৃদ্ধি পাই বিস্তাৰিত হল।
"but as the time drew near for the fulfilment of the promise which God made to Abraham, the people multiplied and increased in Egypt;
18 ১৮ তাৰ পাছত মিচৰত আন এজন ৰজা আহিল। তেওঁ যোচেফৰ সম্বন্ধে নাজানিছিল।
"until there arose a king who knew not Joseph.
19 ১৯ সেই জন ৰজাই আমাৰ জাতিৰ লোক সকলক প্রৱঞ্চনা কৰি আমাৰ পূৰ্ব-পুৰুষ সকলৰ প্রতি কু-ব্যৱহাৰ কৰিলে। এনে কি শিশুবোৰ জীয়াই নাথাকিবলৈ তেওঁলোকৰ নৱজাত কেচুঁৱাবোৰ বাহিৰত পেলাই দিবলৈ দিলে।
"He dealt craftily with our race, and oppressed our forefathers, by making them expose their infants so that they should not live.
20 ২০ সেই সময়তে মোচিৰ জন্ম হ’ল। তেওঁ ঈশ্ৱৰৰ দৃষ্টিত অতি সুন্দৰ আছিল৷ তিনি মাহলৈকে তেওঁ পিতৃৰ গৃহত প্ৰতিপালিত হৈছিল।
"In this time Moses was born, a divinely beautiful child, who was brought up for three months in his father’s house.
21 ২১ পাছত তেওঁক বাহিৰলৈ পেলাই দিয়াত, ফৌৰণৰ জীয়েকে তেওঁক তুলি নি নিজৰ পুত্র স্বৰূপে প্ৰতিপালন কৰিলে।
"When he was exposed, Pharaoh’s daughter took him up, and brought him up as her own son.
22 ২২ মোচি মিচৰীয়া সকলৰ সকলো বিদ্যাত শিক্ষিত হৈ উঠিল। বাক্য আৰু কার্যত তেওঁ মহা-ক্ষমতাশালী হল।
"So Moses was educated in all the wisdom of the Egyptians, and was mighty in his words and works.
23 ২৩ যেতিয়া মোচিৰ বয়স প্রায় চল্লিশ বছৰ, তেতিয়া তেওঁ নিজৰ ইস্ৰায়েলী ভাই সকলক চাবলৈ মন কৰিলে।
"And when he was forty years old it came into his heart to visit his brothers, the children of Israel;
24 ২৪ এজন ইস্ৰায়েলী লোকক অন্যায় ব্যৱহাৰ কৰা দেখি, মোচিয়ে ইস্ৰায়েলী জনৰ পক্ষক সমর্থন কৰিলে আৰু মিচৰীয়া জনক প্ৰহাৰ কৰি সেই অন্যায় ব্যৱহাৰৰ প্ৰতিকাৰ কৰিলে।
"and when he saw one of them wronged he wrought redress for the one overpowered, by striking down the Egyptian.
25 ২৫ মোচিয়ে ভাৱিছিল যে, তেওঁৰ স্বজাতীয় ভাই সকলে হয়তো বুজিব ঈশ্বৰে যে তেওঁৰ হতুৱাই তেওঁলোকক মুক্ত কৰিব কিন্তু তেওঁলোকে নুবুজিলে।
"(Now he supposed that his brothers would understand how God by his hand was bringing them deliverance; but they did not.)
26 ২৬ পাছদিনা খন দুজন ইস্ৰায়েলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে কলে, ‘হে লোক সকল, তোমালোক পৰস্পৰে ভাই হৈ, ইজনে সিজনৰ প্ৰতি কিয় অন্যায় ব্যৱহাৰ কৰিছা?’
"Next day he came upon two of them fighting, and tried to make peace between them. "‘Sirs,’ he said, ‘you are brothers. Why are you wronging each other?’
27 ২৭ কিন্তু যি জনে নিজৰ নিকটৱর্তীজনক অন্যায় ব্যৱহাৰ কৰিছিল, তেওঁ মোচিক ঠেলা মাৰি আতৰাই কলে ‘আমাৰ ওপৰত কোনে তোমাক শাসনকর্তা আৰু বিচাৰক পাতিলে?
"But the man who was ill-treating his neighbor thrust him aside, saying, "‘Who made you a magistrate and ruler over us?
28 ২৮ কালি যেনেকৈ মিচৰীয়া জনক বধ কৰিলা, তেনেকৈ মোকো বধ কৰিব খোজা নে?’
"‘Do you want to kill me, as you killed the Egyptian yesterday?’
29 ২৯ এই কথা শুনি মোচি মিদিয়ন দেশলৈ পলাই গৈ তাত প্রবাসী ৰূপে থাকিল আৰু সেই ঠাইতে তেওঁৰ দুজন পুত্রৰ জন্ম হ’ল।
"Alarmed at this question, Moses fled from the land, and went to live in the land of Midian. There he became the father of two sons.
30 ৩০ এনেদৰে চল্লিশ বছৰ পূর্ণ হ’ল। চীনয় পৰ্বতৰ ওচৰৰ অৰণ্যত এক জ্বলন্ত জোপোহাৰ শিখাৰ মাজত ঈশ্বৰৰ দূতে তেওঁক দর্শন দিলে।
"But at the end of forty years there appeared to him, in the desert of Mt. Sinai, an angel in a flame of fire, in a bush.
31 ৩১ এই দৰ্শন দেখি মোচি আচৰিত হ’ল আৰু ভালদৰে চাবলৈ যেতিয়া ওচৰ চাপি গ’ল, তেতিয়া প্ৰভুৰ এই বাণী শুনিলে-
"When Moses saw it he was astonished at the sight. But when he drew near to look, the voice of the Lord said,
32 ৩২ ‘মই তোমাৰ পিতৃপুৰুষ সকলৰ ঈশ্বৰ; অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ।’ মোচি ভয়তে কঁপিবলৈ ধৰিলে আৰু সেই জলন্ত জোপোহাটো চাবলৈও সাহস নকৰিলে।
"I am the God of your fathers, the God of Abraham, Isaac, and Jacob. "And Moses trembled and dared not gaze.
33 ৩৩ পাছত প্ৰভুৱে তেওঁক কলে, ‘তোমাৰ ভৰিৰ পৰা পাদুকা সোলোকোৱা। কিয়নো যি ঠাইত তুমি থিয় হৈ আছা, সেয়ে পবিত্ৰ ভূমি।
"And the Lord said. "Take off your sandals, for the place on which you are standing is holy ground.
34 ৩৪ মিচৰ দেশত থকা মোৰ মানুহবোৰৰ দুৰৱস্থা মই নিশ্চয়কৈ দেখিছোঁ আৰু তেওঁলোকৰ আৰ্তনাদও শুনিছো। সেয়েহে তেওঁলোকক উদ্ধাৰ কৰিবলৈ মই নামি আহিলোঁ। এতিয়া আহা, মই তোমাক মিচৰ দেশলৈ পঠাওঁ।’
"Truly I have seen the oppression of my people in Egypt, and I have heard their groans, and am come down to rescue them; and now, come, I will send you into Egypt.
35 ৩৫ এই জনেই সেই মোচি, যি জনক তেওঁলোকে প্ৰত্যাখান কৰি কৈছিল, ‘কোনে তোমাক এজন শাসনকর্তা আৰু বিচাৰক পাতিলে?’ তেৱেঁই সেই জন, যি জনক ঈশ্বৰে শাসনকর্তা আৰু উদ্ধাৰকর্ত্তা স্বৰূপে স্বর্গৰ দূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে।
"This Moses whom they refused when they said, Who made you to be a ruler and a judge? that same Moses we find God sending as a ruler and a redeemer by the hand in the bush.
36 ৩৬ মোচিয়ে মিচৰ দেশত, লোহিত সাগৰত আৰু মৰুভুমিৰ মাজত চল্লিশ বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু আচৰিত চিন দেখুৱাই তেওঁলোকক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।
"This was he who brought them out, after he had shown signs and wonders in the wilderness, for forty years.
37 ৩৭ এই জন মোচিয়েই ইস্ৰায়েলী ভাই সকলক কৈছিল, “ঈশ্বৰে তোমালোকৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব”।
"It was this Moses who said to the Children of Israel, "God will raise up a Prophet for you from among your brothers, as he did me.
38 ৩৮ তেৱেঁই মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সৈতে এক সহভাগীতাত আছিল৷ চীনয় পর্বতত স্বৰ্গৰ দূতে তেওঁৰ সৈতেই কথা কৈছিল আৰু তেৱেঁই আমাক জনাবলৈ জীৱনময় বাক্য পাইছিল।
"This is the one who was in the congregation in the wilderness along with the angel who spoke to him in Mt. Sinai, and with our ancestors to whom he gave living words to hand down to us.
39 ৩৯ এই জনে আমাৰ ওপৰ-পিতৃ, যি জনৰ কথা আমাৰ পূৰ্ব-পুৰুষ সকলে মানিবলৈ অসন্মত হৈ, তেওঁক অগ্রাহ্য কৰিছিল আৰু মিচৰ দেশলৈ উভতি যাবলৈ মনস্থ কৰিছিল।
"To him our ancestors would not be obedient, but thrust him aside, and in their hearts turned back into Egypt.
40 ৪০ সেই সময়ত তেওঁলোকে হাৰোণক কলে, “মোচিয়ে আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে; কিন্তু তেওঁৰ কি হ’ল আমি তাক নাজনো। গতিকে, আমাক বাট দেখুৱাই নিবলৈ দেৱতাবোৰৰ মূর্তি সাজি দিয়ক।”
"Said they to Aaron. "Make Gods for us who shall march in front of us! As for this Moses who led us forth out of the land of Egypt, we know not what has happened to him.
41 ৪১ তেতিয়া তেওঁলোকে এটা দামুৰিৰ মূৰ্তি সাজিলে আৰু সেই মূৰ্তিৰ আগত বলিদান উৎসর্গ কৰিলে। তেওঁলোকে নিজ হাতেৰে কৰা কার্যত আনন্দ কৰিবলৈ ধৰিলে।
"And they made a calf in those days, and offered a sacrifice to this idol, and began to rejoice over what they had made with their hands.
42 ৪২ তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ’ল; ঈশ্বৰে তেওঁলোকক আকাশৰ গ্রহ, তৰাবোৰক পূজা কৰিবলৈ এৰি দিলে; ভাববাদী সকলৰ পুস্তকত এইদৰে লিখা আছে, “হে ইস্ৰায়েল জাতি, তোমালোকে চল্লিশ বছৰলৈকে মৰুপ্ৰান্তত মোৰ কাৰণে পশু বলি আৰু নৈবেদ্য উৎসর্গ কৰিছিলা নে?
"So God turned from them, and gave them up to the worship of the heavenly host, as it is written in the book of the Prophets. "Did you offer unto me slain beasts as sacrifices during the forty years in the wilderness, O House of Israel?
43 ৪৩ তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূর্তিবোৰ পূজা কৰিবলৈ সাজিলা, আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা। সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে লৈ যাম।”
No, it was the Tabernacle of Moloch and the star-symbol of the god Rempha that you lifted up - the images which you made in order to worship them; so I will carry you away beyond Babylon.
44 ৪৪ মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ওচৰত সাক্ষ্য-তম্বু আছিল। ঈশ্বৰে মোচিক যি দৰে আজ্ঞা দিছিল আৰু মোচিয়ে যি আর্হি দেখিছিল, সেই আর্হিতে এই তম্বু তৈয়াৰ হৈছিল।
"In the wilderness our ancestors had the Tabernacle of Testimony built, as he appointed who told Moses to make it according to the pattern he had seen.
45 ৪৫ পৰৱর্তীকালত আমাৰ পূৰ্ব-পুৰুষ সকলে যিহোচুৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্রৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু দায়ুদৰ দিনলৈকে এই ঠাইত আছিল।
"That tabernacle was brought in by our ancestors, in their turn, when they under Joshua entered on the possession of the nations whom God thrust out before them, until the days of David.
46 ৪৬ দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে।
"David obtained favor with God, and asked permission to find a dwelling-place for the God of Jacob.
47 ৪৭ কিন্তু চলোমনেহে তেওঁলৈ এটা গৃহ নির্ম্মাণ কৰিলে।
"But it was Solomon who built him a house.
48 ৪৮ কিন্তু সৰ্বোপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে; এই বিষয়ে ভাববাদীয়ে কৈছিল,
"Yet the Most High does not dwell in houses made with hands; as said the prophet.
49 ৪৯ “প্রভুৱে কৈছে, স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰি-পীৰা; মোৰ কাৰণে তুমি কেনেকুৱা গৃহ নির্ম্মাণ কৰিবা? নাইবা, মোৰ জিৰণি লোৱা ঠায়েই বা কত?
"The heaven is my throne, And the earth the footstool of my feet; What kind of house will you build for me? saith the Lord. Or what resting-place shall I have?
50 ৫০ মোৰ হাতে জানো এই আটাইবোৰ স্ৰজা নাই?”
Did not my hand make this universe?
51 ৫১ হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
"Stiff-necked, uncircumcised in heart and ears! You are always resisting the Holy Ghost! As your fathers did, so do you.
52 ৫২ এনে কোনোবা ভাববাদী আছিল নে, যি জনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যি সকল ভাববাদীয়ে ধাৰ্মিক জনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিক জনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
"Which of the prophets did not your fathers persecute? They killed those who foretold the coming of the Righteous One, whose betrayers and murderers you have now become -
53 ৫৩ স্বৰ্গৰ দূতবোৰৰ মাধ্যমেদি আপোনালোকে বিধান পায়ো, সেই বিধান পালন নকৰিলে।”
"you who received the law, given through angels, and obeyed it not."
54 ৫৪ এইবোৰ কথা শুনি মহাসভাৰ সদস্য সকলৰ হৃদয় স্তিফানৰ প্রতি খঙত জ্বলি উঠিল আৰু নিজৰ দাঁত কৰচিলে।
As they heard these words they became furious and gnashed their teeth at him.
55 ৫৫ কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, স্বৰ্গৰ ফাললৈ একেথৰে চাই ঈশ্বৰৰ মহিমা দেখিলে; তেওঁ যীচুক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিলে।
But he, full of the Holy Spirit, looked up stedfastly into heaven, and saw the glory of God, and Jesus standing at the right hand of God.
56 ৫৬ স্তিফানে ক’লে, “চাওক, মই স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ।”
"Look, I see heaven open," he said, "And the Son of man standing at the right hand of God."
57 ৫৭ তেতিয়া মহাসভাৰ সদস্য সকলে নিজৰ কাণত সোপা দি বৰ মাতেৰে চিঞৰি উঠিল আৰু সকলোৱে একেলগে তেওঁৰ ফালে চোচাঁ ললে।
With a loud outcry they stopped their ears, and rushed upon Stephen in a body,
58 ৫৮ পাছত তেওঁক ধৰি নগৰৰ বাহিৰলৈ উলিয়াই আনি শিল দলিয়াবলৈ ধৰিলে। সাক্ষীবোৰে নিজৰ নিজৰ কাপোৰবোৰ চৌল নামৰ এজন ডেকাৰ ভৰিৰ কাষত থলে।
dragged him outside the city, and stoned him, the witnesses throwing off their outer garments at the feet of a young man named Saul.
59 ৫৯ তেওঁলোকে স্তিফানক শিল দলিয়াই থাকোতে, তেওঁ প্ৰভুক স্মৰণ কৰি কলে, “হে প্ৰভু যীচু, মোৰ আত্মা গ্রহণ কৰক।”
So they stoned Stephen while he prayed, "Lord Jesus, receive my spirit."
60 ৬০ পাছত তেওঁ আঁঠুকাঢ়ি বৰ মাতেৰে কলে, “হে প্ৰভু, এওঁলোকৰ বিৰুদ্ধে এই পাপ গণ্য নকৰিব।” ইয়াকে কৈ তেওঁ ঢলি পৰিল আৰু মহা-নিদ্রা গ’ল।
Then he knelt down and cried aloud, "Lord, lay not this sin to their charge."

< পাঁচনি 7 >