< পাঁচনি 4 >

1 পিতৰ আৰু যোহনে লোক সকলৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷
And as they were speaking to the people, the priests, and the officer of the temple, and the Sadducees, came upon them,
2 পিতৰ আৰু যোহনে লোক সকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃত লোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ’ল।
Being grieved that they taught the people, and preached in Jesus the resurrection from the dead:
3 তেওঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে।
And they laid hands upon them, and put them in hold till the next day; for it was now evening.
4 কিন্তু যি সকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
But many of them who had heard the word, believed; and the number of the men was made five thousand.
5 পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল।
And it came to pass on the morrow, that their princes, and ancients, and scribes, were gathered together in Jerusalem;
6 তাতে মহা-পুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়াফা, যোহন, আলেকজেন্দাৰ আৰু মহা-পুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল।
And Annas the high priest, and Caiphas, and John, and Alexander, and as many as were of the kindred of the high priest.
7 তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?”
And setting them in the midst, they asked: By what power, or by what name, have you done this?
8 তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
Then Peter, filled with the Holy Ghost, said to them: Ye princes of the people, and ancients, hear:
9 আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সোধ-বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?
If we this day are examined concerning the good deed done to the infirm man, by what means he hath been made whole:
10 ১০ সেয়াই যদি হয়, আপোনালোক আৰু ইস্ৰায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তি জন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
Be it known to you all, and to all the people of Israel, that by the name of our Lord Jesus Christ of Nazareth, whom you crucified, whom God hath raised from the dead, even by him this man standeth here before you whole.
11 ১১ যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
This is the stone which was rejected by you the builders, which is become the head of the corner.
12 ১২ তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
Neither is there salvation in any other. For there is no other name under heaven given to men, whereby we must be saved.
13 ১৩ পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
Now seeing the constancy of Peter and of John, understanding that they were illiterate and ignorant men, they wondered; and they knew them that they had been with Jesus.
14 ১৪ সেই সুস্থ হোৱা লোক জন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে।
Seeing the man also who had been healed standing with them, they could say nothing against it.
15 ১৫ তেওঁলোকে পাঁচনি সকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে-
But they commanded them to go aside out of the council; and they conferred among themselves,
16 ১৬ “এই লোক সকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।
Saying: What shall we do to these men? for indeed a known miracle hath been done by them, to all the inhabitants of Jerusalem: it is manifest, and we cannot deny it.
17 ১৭ কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”।
But that it may be no farther spread among the people, let us threaten them that they speak no more in this name to any man.
18 ১৮ তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে।
And calling them, they charged them not to speak at all, nor teach in the name of Jesus.
19 ১৯ কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব?
But Peter and John answering, said to them: If it be just in the sight of God, to hear you rather than God, judge ye.
20 ২০ কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।
For we cannot but speak the things which we have seen and heard.
21 ২১ পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰি তেওঁলোকে কৰা কার্যবোৰ দেখি লোক সকলে ঈশ্বৰৰ স্তুতি কৰি আছিল৷
But they threatening, sent them away, not finding how they might punish them, because of the people; for all men glorified what had been done, in that which had come to pass.
22 ২২ আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল।
For the man was above forty years old, in whom that miraculous cure had been wrought.
23 ২৩ পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গী সকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰক সকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।
And being let go, they came to their own company, and related all that the chief priests and ancients had said to them.
24 ২৪ এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিৱী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।
Who having heard it, with one accord lifted up their voice to God, and said: Lord, thou art he that didst make heaven and earth, the sea, and all things that are in them.
25 ২৫ তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে?
Who, by the Holy Ghost, by the mouth of our father David, thy servant, hast said: Why did the Gentiles rage, and the people meditate vain things?
26 ২৬ ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে।
The kings of the earth stood up, and the princes assembled together against the Lord and his Christ.
27 ২৭ হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।
For of a truth there assembled together in this city against thy holy child Jesus, whom thou hast anointed, Herod, and Pontius Pilate, with the Gentiles and the people of Israel,
28 ২৮ তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
To do what thy hand and thy counsel decreed to be done.
29 ২৯ হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।
And now, Lord, behold their threatenings, and grant unto thy servants, that with all confidence they may speak thy word,
30 ৩০ তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।
By stretching forth thy hand to cures, and signs, and wonders to be done by the name of thy holy Son Jesus.
31 ৩১ এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে।
And when they had prayed, the place was moved wherein they were assembled; and they were all filled with the Holy Ghost, and they spoke the word of God with confidence.
32 ৩২ বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
And the multitude of believers had but one heart and one soul: neither did any one say that aught of the things which he possessed, was his own; but all things were common unto them.
33 ৩৩ পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল।
And with great power did the apostles give testimony of the resurrection of Jesus Christ our Lord; and great grace was in them all.
34 ৩৪ তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল।
For neither was there any one needy among them. For as many as were owners of lands or houses, sold them, and brought the price of the things they sold,
35 ৩৫ পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।
And laid it down before the feet of the apostles. And distribution was made to every one, according as he had need.
36 ৩৬ যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনি সকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”।।
And Joseph, who, by the apostles, was surnamed Barnabas, (which is, by interpretation, The son of consolation, ) a Levite, a Cyprian born,
37 ৩৭ যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনি সকলৰ চৰণত আনি থলে।
Having land, sold it, and brought the price, and laid it at the feet of the apostles.

< পাঁচনি 4 >