< পাঁচনি 26 >

1 যেতিয়া আগ্ৰিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে।
Basi, Agripa akamwambia Paulo, “Unaruhusiwa kujitetea.” Hapo Paulo alinyosha mkono wake akajitetea hivi:
2 তেওঁ ক’লে, “হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷
“Mfalme Agripa, ninajiona mwenye bahati leo kujitetea mbele yako kuhusu yale mashtaka yote ambayo Wayahudi walikuwa wamesema juu yangu.
3 ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে; সেই বাবেই বিনয় কৰোঁ আপুনি যেন ধৈর্য ধৰি মোৰ কথাবোৰ শুনে৷
Hasa kwa vile wewe mwenyewe ni mtaalamu wa desturi za Wayahudi na migogoro yao, ninakuomba basi unisikilize kwa uvumilivu.
4 মোৰ জীৱন-যাপনৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷
“Wayahudi wanajua habari za maisha yangu tangu utoto, jinsi nilivyoishi tangu mwanzo kati ya taifa langu huko Yerusalemu.
5 ইয়াৰ উপৰি তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কিদৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷
Wananifahamu kwa muda mrefu, na wanaweza kushuhudia, kama wakipenda, kwamba tangu mwanzo niliishi kama mmoja wa kikundi chenye siasa kali zaidi katika dini yetu, yaani kikundi cha Mafarisayo.
6 ঈশ্ৱৰে আমাৰ পূর্বপুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছোঁ ৷
Na sasa niko hapa nihukumiwe kwa sababu ninaitumainia ile ahadi ambayo Mungu aliwaahidia babu zetu.
7 সেই প্ৰতিজ্ঞাৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে-দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷
Ahadi hiyo ndiyo ileile inayotumainiwa na makabila kumi na mawili ya taifa letu, wakimtumikia Mungu kwa dhati mchana na usiku. Mheshimiwa mfalme, Wayahudi wananishtaki kwa sababu ya tumaini hilo!
8 ঈশ্ৱৰে যদি মৃত লোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্বাস বোধ কৰিছে?
Kwa nini ninyi mnaona shida sana kuamini kwamba Mungu huwafufua wafu?
9 ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ,
Kwa kweli mimi mwenyewe niliamini kwamba ni wajibu wangu kufanya mambo mengi kulipinga jina la Yesu wa Nazareti.
10 ১০ আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷
Mambo hayo ndiyo niliyoyafanya huko Yerusalemu. Mimi binafsi, nikiwa nimepewa mamlaka kutoka kwa makuhani wakuu, nilipata kuwatia gerezani wengi wa watu wa Mungu. Nao walipohukumiwa kuuawa, nilipiga kura ya kukubali.
11 ১১ এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷
Mara nyingi niliwafanya waadhibiwe katika masunagogi yote nikiwashurutisha waikane imani yao. Hasira yangu kwao ilikuwa kubwa hata nikawasaka mpaka miji ya mbali.
12 ১২ এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা অধিকাৰ আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে,
“Kwa mujibu huohuo, nilikwenda Damasko wakati mmoja, nikiwa na mamlaka na maagizo kutoka kwa makuhani wakuu.
13 ১৩ হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
Mheshimiwa, wakati nilipokuwa njiani, saa sita mchana, niliona mwanga mkubwa kuliko wa jua ukiangaza kutoka mbinguni, ukanizunguka mimi na wale wasafiri wenzangu.
14 ১৪ তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান’;
Sisi sote tulianguka chini, nami nikasikia sauti ikiniambia kwa Kiebrania: Saulo, Saulo! Kwa nini unanitesa? Unajiumiza bure kama punda anayepiga teke fimbo ya bwana wake.
15 ১৫ তেতিয়া মই সুধিলো, ‘হে প্ৰভু, আপুনি কোন?’ তেতিয়া প্ৰভুৱে ক’লে, ‘যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷
Mimi nikauliza: Ni nani wewe Bwana? Naye Bwana akajibu: Mimi ni Yesu ambaye wewe unamtesa.
16 ১৬ এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পাছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হ’বৰ বাবে তোমাক দাস ৰূপে মনোনীত কৰিবলৈ মই দর্শন দিলোঁ;
Haidhuru, inuka sasa; simama wima. Nimekutokea ili nikuweke rasmi kuwa mtumishi wangu. Utawathibitishia watu wengine mambo uliyoyaona leo na yale ambayo bado nitakuonyesha.
17 ১৭ আৰু অনা-ইহুদী সকলে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়,
Nitakuokoa na watu wa Israeli na watu wa mataifa mengine ambao mimi ninakutuma kwao.
18 ১৮ এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈআৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ৷’”
Utayafumbua macho yao na kuwawezesha watoke gizani na kuingia katika mwanga; watoke katika utawala wa Shetani, wamgeukie Mungu; ili kwa kuamini, wapate kusamehewa dhambi na kuchukua nafasi yao kati ya wale ambao wamepata kuwa watu wa Mungu.
19 ১৯ পৌলে এনেদৰে পুনৰ ক’বলৈ ধৰিলে, “হে ৰজা আগ্ৰিপ্প, মই সেই স্বৰ্গীয় দর্শনক অমান্য নকৰি,
“Hivyo, mfalme Agripa, sikuweza kuwa mkaidi kwa maono hilo la mbinguni.
20 ২০ দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷
Ila nilianza kuhubiri kwanza kwa watu wa Damasko, halafu kwa wale wa Yerusalemu na nchi yote ya Yudea, na pia kwa watu wa mataifa mengine. Niliwahimiza wamgeukie Mungu na kuonyesha kwa vitendo kwamba wamebadilisha mioyo yao.
21 ২১ সেই কাৰণে ইহুদী সকলে মন্দিৰত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷
Kwa sababu hiyo, Wayahudi walinikamata nikiwa Hekaluni, wakajaribu kuniua.
22 ২২ এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছোঁ আৰু সকলোৰে সন্মূখত সাক্ষ্য দিছোঁ৷ সেই মহান জনাৰ বিষয়ে ক’বলৈ যাওতে ভাববাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে আন একো কথা কোৱা নাই;
Lakini Mungu alinisaidia; na hivyo mpaka siku ya leo nimesimama imara nikitoa ushuhuda kwa wote, wakubwa na wadogo. Ninayosema ni yale ambayo manabii na Mose walisema yatatukia;
23 ২৩ আৰু খ্ৰীষ্ট দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃত লোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়েহে মই সৰু বৰ সকলোৰে আগত ক’লো৷”
yaani ilimpasa Kristo ateseke na kuwa wa kwanza kufufuka kutoka wafu, ili atangaze kwamba mwanga wa ukombozi unawaangazia sasa watu wote, Wayahudi na pia watu wa mataifa mengine.”
24 ২৪ তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে, ফীষ্টে বৰ মাতেৰে ক’লে, “হে পৌল, তুমি বলীয়া হৈছা; সৰহ বিদ্যাই তোমাক বলীয়া কৰিছে৷”
Paulo alipofika hapa katika kujitetea kwake, Festo alisema kwa sauti kubwa, “Paulo! Una wazimu! Kusoma kwako kwingi kunakutia wazimu!”
25 ২৫ কিন্তু পৌলে ক’লে, “হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷
Lakini Paulo akasema, “Sina wazimu mheshimiwa Festo: Ninachosema ni ukweli mtupu.
26 ২৬ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷
Wewe Mfalme unayafahamu mambo haya, kwa hiyo ninaweza kuongea bila uoga mbele yako. Sina mashaka kwamba matukio hayo yanajulikana kwako maana jambo hili halikutendeka mafichoni.
27 ২৭ হে ৰজা আগ্ৰিপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্বাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে৷”
Mfalme Agripa, je, una imani na manabii? Najua kwamba unaamini.”
28 ২৮ তেতিয়া আগ্ৰিপ্পই পৌলক ক’লে, “তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷”
Agripa akamjibu Paulo, “Kidogo tu utanifanya Mkristo!”
29 ২৯ কিন্তু পৌলে ক’লে, “অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷”
Paulo akamjibu, “Namwomba Mungu kwamba, kwa muda mfupi au mrefu, si wewe tu bali wote wanaonisikia leo wapate kuwa kama nilivyo mimi, lakini bila hii minyororo.”
30 ৩০ তেতিয়া ৰজা, দেশাধিপতি, বৰ্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি,
Hapo mfalme Agripa, mkuu wa mkoa, Bernike na wale wote waliokuwa pamoja nao, walisimama.
31 ৩১ আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি ক’লে, “এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷”
Walipokwisha ondoka, waliambiana, “Mtu huyu hakufanya chochote kinachostahili adhabu ya kifo au kifungo.”
32 ৩২ তেতিয়া আগ্ৰিপ্পই ফীষ্টক কলে, “এই মানুহ জনে চীজাৰৰ ওচৰত আপীল নকৰা হ’লে মুকলি হব পাৰিলেহেঁতেন৷”
Naye Agripa akamwambia Festo, “Mtu huyu angeweza kufunguliwa kama asingalikuwa amekata rufani kwa Kaisari.”

< পাঁচনি 26 >