< পাঁচনি 20 >

1 পাছত সেই হাই-উৰুমি শান্ত হোৱাত, পৌলে শিষ্য সকলক পঠিয়াই লোক সকলক উৎসাহিত কৰিলে আৰু বিদায় লৈ মাকিদনিয়ালৈ যাবৰ বাবে ওলাল।
לאחר ששככה הסערה אסף פולוס את התלמידים, ובדברי עידוד נפרד מהם לשלום ויצא בדרכו למקדוניה.
2 পাছত সেই অঞ্চলেদি ফুৰি, বিভিন্ন কথাৰে শিষ্য সকলক উদগণি দি, তেওঁ গ্ৰীচ দেশ পালেগৈ।
בכל הערים שבהן עבר הוא לימד את המאמינים את דבר ה׳, ולבסוף הגיע ליוון.
3 তাত তিনি মাহ থাকি, সমুদ্ৰ-পথেদি চিৰিয়া দেশত যাবলৈ উদ্যত হোৱাত, ইহুদী সকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ তেতিয়া তেওঁ মাকিদনিয়াইদি উলটি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।
כעבור שלושה חודשים התכונן פולוס ללכת לסוריה, אולם משנודע לו שהיהודים תכננו להתנקש בחייו, החליט לסטות מדרכו ולנסוע קודם צפונה, למקדוניה.
4 তাতে কিছুমান ব্যক্তিও তেওঁৰ লগত যাবলৈ ওলাল। বিৰয়া নগৰৰ পুৰ্হৰ পুতেক চোপাত্ৰ, থিচলনীকীয়াৰ আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বী নগৰৰ গায় আৰু তীমথিয়, এচিয়াৰ তুখিক আৰু ত্ৰফিম, এই কেইজন লোক এচিয়ালৈকে তেওঁৰ লগত গ’ল।
מספר אנשים ליוו את פולוס עד אסיה הקטנה: סופטרוס בן־פורוס מברואה; ארסטרכוס וסקונדוס מתסלוניקי; גיוס מדרבי; טימותיוס; וטוכיקוס וטרופימוס אשר חזרו לבתיהם באסיה הקטנה.
5 কিন্তু এওঁলোকে আগবাঢ়ি যোৱাত, ত্রোৱাত আমালৈ ৰৈ আছিল।
כל אלה הלכו לפנינו וחיכו לנו בטרואס.
6 পাছত খমিৰ নোহোৱা পিঠাৰ দিন পাৰ হৈ যোৱাত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গৈ, পাঁচ দিনত ত্রোৱাত তেওঁলোকক লগ পালোঁ; তাত সাত দিন থাকিলোঁ ৷
בתום חג הפסח עלינו על ספינה בפיליפי, שבצפון יוון, וכעבור חמישה ימים הגענו לטרואס, שם נשארנו שבוע ימים.
7 আমি যেতিয়া সপ্তাহৰ প্ৰথম দিনটোত পিঠা ভাঙিবলৈ একগোট হলোঁ; পৌলে বিশ্বাসী সকলক উপদেশ দি আছিল, পাছদিনা তেওঁ যাবলৈ সিদ্ধান্ত লোৱাত, মাজৰাতিলৈকে বক্তৃতা দি আছিল।
במוצאי שבת התאספנו יחד לבצוע לחם, ופולוס, שעמד לצאת לדרכו למחרת בבוקר, דרש דרשה שנמשכה עד חצות.
8 তেতিয়া আমি গোট খোৱা সেই ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল।
חדר־העלייה שבו התאספנו היה מואר בנרות רבים.
9 তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে।
כל אותו זמן ישב אבטוכוס הצעיר על אדן החלון, ומכיוון שפולוס האריך בדבריו, נפלה עליו תרדמה. לפתע איבד אבטוכוס את שיווי משקלו ונפל ארצה מן הקומה השלישית ומת בו במקום.
10 ১০ তেতিয়া পৌলে নামি গৈ তাৰ গাত পৰি আকোঁৱালি ধৰি কলে, “আপোনালোকে কন্দা-কটা নকৰিব; কিয়নো এওঁৰ শৰীৰত প্ৰাণ আছে।”
פולוס רץ למטה ולקח את הבחור בזרועותיו.”אל תדאגו, “הרגיע אותם,”יש בו רוח חיים והוא יהיה בסדר!“ואכן הכרתו שבה אליו. שמחה גדולה מילאה את כל הקהילה. כולם חזרו לעליית־הגג. פולוס אכל ולאחר מכן פתח בדרשה נוספת שנמשכה עד אור הבוקר, ואז ניפרד מהם לשלום.
11 ১১ ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।
12 ১২ পাছত তেওঁলোকে সেই ল’ৰাক জীয়াই উঠা দেখি, অতি সান্ত্বনা পালে।
13 ১৩ পাছত আমি আগবাঢ়ি গৈ পৌলক আঃচ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলোঁ।
פולוס המשיך ברגל לאסוס, ואילו אנחנו הגענו לשם לפניו בספינה.
14 ১৪ আঃচ নগৰত তেওঁ আমাক লগ ধৰিলে, ইয়াৰ পাছত আমি তেওঁক লগত লৈ মিতুলীনী দ্বীপলৈ যাত্ৰা কৰিলোঁ।
כאשר הצטרף אלינו באסוס, הפלגנו יחד למיטוליני.
15 ১৫ ইয়াৰ পৰা জাহাজেৰে যাত্ৰা কৰি পাছদিনা, খীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামঃ দ্বীপত লগাই, আমি পাছদিনা মিলীত নগৰ পালোঁ।
למחרת הפלגנו דרך כיוס, ביום השלישי עגנו בסמוס (בלילה ישנו בטרוגוליון), וביום הרביעי הגענו למיליטוס.
16 ১৬ কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।
פולוס סרב להתעכב הפעם באפסוס, כי רצה להגיע לירושלים לקראת חג השבועות, אם יעלה הדבר בידו.
17 ১৭ পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।
אולם בהגיענו למיליטוס שלח פולוס הודעה לזקני הקהילה באפסוס, וביקש מהם לבוא לפגוש אותו שם.
18 ১৮ তেওঁলোক তেওঁৰ ওচৰলৈ অহাত, তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকুলোৰে,
כשהגיעו, אמר להם:”אתם יודעים היטב שמהיום הראשון שדרכתי על אדמת אסיה ועד היום הזה,
19 ১৯ আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ সেৱাকৰ্ম কৰিলোঁ
עשיתי את עבודת האדון בענווה – ואפילו בדמעות – למרות הצרות שגרמו לי נוכלים מבין היהודים.
20 ২০ আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো,
ובכל זאת, מעולם לא פחדתי לומר לכם את האמת; לימדתי אתכם והטפתי לכם בציבור ובבתים פרטיים.
21 ২১ আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।
בישרתי לכם בשורה אחת ליהודים ולגויים גם יחד, שעליהם להפסיק לחטוא, לחזור בתשובה, ולפנות לאלוהים באמצעות האמונה בישוע המשיח אדוננו.
22 ২২ আৰু এতিয়া চাওক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো;
”עתה אני הולך לירושלים, כי עלי לציית לרוח הקודש המדריך אותי, אולם איני יודע מה מצפה לי שם.
23 ২৩ কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।
אני יודע רק דבר אחד: שבכל עיר רוח הקודש מזהיר אותי מפני העינויים והמאסר המצפים לי.
24 ২৪ কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
אולם לחיי אין כל ערך אם לא אבצע את המשימה שהטיל עלי ישוע אדוננו: לספר לכולם על אהבת אלוהים ועל חסדו.
25 ২৫ এতিয়া চাওক, যি সকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্রচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।
”אני בטוח שאף אחד מכם – אשר שמעתם מפי את דבר ה׳ – לא ישוב לראותי,
26 ২৬ এই হেতুকে মই যে আটাইৰে তেজৰ পৰা নিৰ্দোষী, ইয়াৰ সাক্ষ্য আজি দিছোঁ;
ומשום כך עלי לומר לכם: מצפוני נקי בנוגע לכל אחד ואחד מכם!
27 ২৭ কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ পাছ নুহুহকিলো।
כי מעולם לא היססתי לבשר לכם את דבר האלוהים.
28 ২৮ আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
”השגיחו על עצמכם ועל הצאן שרוח הקודש הטיל עליכם את האחריות עליה – אשר הן קהילת אלוהים שקנה במחיר דמו.
29 ২৯ মই যোৱাৰ পাছত, দূৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দয় আচৰণ কৰিব;
אני יודע היטב שלאחר לכתי מכאן יופיעו ביניכם מורי שקר, אשר יהיו כזאבים אכזריים ולא יחוסו על העדר.
30 ৩০ আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।
אפילו אחדים מכם יסלפו את האמת כדי למשוך אחריהם תלמידים.
31 ৩১ এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
לכן היזהרו! זכרו שבמשך שלוש שנים לא חדלתי להשגיח עליכם יומם ולילה, ואף שפכתי דמעות רבות בגללכם.
32 ৩২ এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক সমৰ্পন কৰি দিলোঁ।
”עתה אני מפקיד אתכם בידי אלוהים ודברו הנפלא, אשר בכוחו לבנות את אמונתכם ולתת לכם את הנחלה השמורה לבניו.
33 ৩৩ মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।
”מעולם לא השתוקקתי לכסף או לבגדים יקרים.
34 ৩৪ মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰি সেৱা কৰিলোঁ, এই বিষয়ে আপোনালোকে নিজে জানে।
כולכם יודעים שבמו ידי עבדתי ופרנסתי את עצמי ואת בני־לוויתי.
35 ৩৫ সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”
אתם גם יודעים שתמיד שימשתי לכם דוגמה בהגישי עזרה לעניים, משום שזכרתי את דברי אדוננו ישוע המשיח: מוטב לתת מאשר לקבל!“
36 ৩৬ এইবোৰ কথা কোৱাৰ পাছত, তেওঁ আঁঠু লৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে৷
כשסיים פולוס את דבריו, כרע על ברכיו והתפלל איתם.
37 ৩৭ পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷
כולם בכו בעת שחיבקו אותו ונשקו לו נשיקת פרידה.
38 ৩৮ “মোৰ মুখ আৰু দেখিবলৈ নাপাব” বিশেষকৈ এই কথাৰ কাৰণে তেওঁলোকে গভীৰভাৱে শোক কৰিলে; পাছত তেওঁক জাহাজলৈকে আগবঢ়াই থৈ আহিল।
יותר מכל הם הצטערו על שאמר להם שלא ישובו לראותו. לאחר מכן ליוו אותו כולם אל האונייה.

< পাঁচনি 20 >