< পাঁচনি 2 >

1 পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।
And when the day of Pentecost was fully come, they were all met together with one accord.
2 সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
And suddenly there was a sound from heaven as of a strong rushing wind, and it filled all the house where they were sitting.
3 তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল।
And there appeared unto them divided tongues, as it were of fire, and it sat upon each of them:
4 সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
and they were all filled with the holy Spirit, and began to speak in other languages, as the Spirit gave them utterance.
5 সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী লোক আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্ত সকল সেই ঠাইত আছিল।
Now there were at Jerusalem Jews, devout men, from every nation under heaven.
6 যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতিজনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনি সকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ’ল;
And when this rumor was spread, the multitude came together and were astonished; for every one heard them speaking in his own language.
7 তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু ক’লে, “যি সকলে এই কথা কৈছে, তেওঁলোক গালীলীয়া মানুহ নহয় নে?
And they were all amazed and wondered, saying to one another, Behold, are not all these, that are speaking, Galileans?
8 যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছোঁ?”
and how do we every one hear them in our own native tongue?
9 পাৰ্থিয়া, মাদিয়া, এলাম, মেচোপতেমিয়া, যিহূদা, কোপ্পাদকিয়া, পন্ত, এচিয়া,
Parthians and Medes and Elamites, and those that dwell in Mesopotamia, and Judea, and Capadocia, Pontus and Asia, Phrygia and Pamphylia,
10 ১০ ফিৰুগিয়া, পাম্ফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোক সকল,
Egypt and the parts of Libya about Cyrene, and strangers from Rome, Jews and proselytes,
11 ১১ ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ আচৰিত কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত
Cretans and Arabians, we hear them speaking in our own tongues the wonderful works of God.
12 ১২ তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱা-কুই কৰি ক’লে, “এই সকলোবোৰৰ অৰ্থ কি?”
And they were all amazed and in doubt, saying one to another, What can this mean?
13 ১৩ কিন্তু কিছু সংখ্যক লোকে ক’লে, “এইবোৰ মানুহ নতুন দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈছে।”
but others scoffing said, they are full of sweet wine.
14 ১৪ তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে ক’লে, “হে যিহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসী সকল, এই কথা আপনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক।
But Peter standing up with the eleven, raised his voice and said unto them, Ye men of Judea, and all ye that dwell at Jerusalem, be this known unto you, and listen to my words:
15 ১৫ আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷
for these men are not drunk, as ye suppose; for it is but the third hour of the day.
16 ১৬ কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ
But this is that which was spoken of by the prophet Joel,
17 ১৭ ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
"And it shall come to pass in the last days (saith God) that I will pour out of my Spirit upon all flesh, and your sons and your daughters shall prophesy; and your young men shall see visions, and your old men shall dream dreams:
18 ১৮ আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব,
yea and on my servants and on my handmaids, in those days, I will pour out of my Spirit, and they also shall prophesy.
19 ১৯ আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
And I will give prodigies in the heaven, and signs upon the earth; blood, and fire, and smoky vapour.
20 ২০ প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব।
The sun shall be turned into darkness, and the moon into blood, before that great and illustrious day of the Lord come.
21 ২১ কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’
And whosoever shall call on the name of the Lord, shall be saved."
22 ২২ হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
Ye men of Israel, hear these words; Jesus of Nazareth, a man approved of God among you, by miracles, and prodigies, and signs, which God wrought by Him in the midst of you,
23 ২৩ কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
(as ye yourselves also know, ) Him being given up by the determinate counsel and fore-knowlege of God ye have taken, and by wicked hands have crucified and slain.
24 ২৪ কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য।
Whom God hath raised up again, having loosed the pains of death, because it was not possible that He should be held by it.
25 ২৫ তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, ‘মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁফালে থাকে;
For David saith concerning Him, "I set the Lord always before me, for He is at my right hand, that I should not be moved: therefore my heart rejoiced, and my tongue was glad;
26 ২৬ এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে, আৰু মোৰ শৰীৰেও ভাৰসাৰে বাস কৰিব;
and my flesh shall rest in hope,
27 ২৭ কিয়নো তুমি মৃতলোকত মোৰ আত্মাক নেৰিবা, আৰু তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷ (Hadēs g86)
that Thou wilt not leave my soul in the invisible state, nor suffer thine holy one to see corruption. (Hadēs g86)
28 ২৮ তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।’
Thou hast made known to me the ways of life; and Thou wilt fill me with joy by the light of thy countenance."
29 ২৯ হে ভাইসকল, পিতৃ কুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷
Men and brethren, allow me to speak with freedom to you concerning the patriarch David, that he is dead and buried, and his sepulchre is among us to this day.
30 ৩০ কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল,
Therefore being a prophet; and knowing that God had sworn to him with an oath, that of the fruit of his loins, according to the flesh, he would raise up the Messiah, to sit on his throne;
31 ৩১ সেই প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে ক’লে যে, ‘তেওঁক মৃতলোকত ত্যাগ কৰা নহ’ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷’ (Hadēs g86)
foreseeing this he spake of the resurrection of Christ, when he said, that his soul was not left in the invisible state, nor did his flesh see corruption. (Hadēs g86)
32 ৩২ সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছোঁ৷
This Jesus hath God raised up from the dead, of which we all are witnesses.
33 ৩৩ এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁ হাতে ওখ পদ পাই আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
Therefore being exalted by the right hand of God, and having received of the Father the promise of the holy Spirit, He hath poured forth this gift, which ye now see and hear.
34 ৩৪ কিয়নো দায়ুদ হ’লে স্বৰ্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা ক’লে, “প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁফালে বহি থাকা,
For David is not ascended into the heavens: but he himself says, "The Lord said to my Lord,
35 ৩৫ “যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।”
Sit thou at my right hand, till I make thine enemies thy footstool."
36 ৩৬ এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
Therefore let all the house of Israel know assuredly, that God hath made this very Jesus, whom ye crucified, both Lord and Christ.
37 ৩৭ এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”
Now when they heard this, they were pricked to the heart, and said unto Peter, and to the rest of the apostles, Brethren, what shall we do?
38 ৩৮ তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
And Peter said unto them, Repent and be baptized every one of you in the name of Jesus Christ, for the remission of your sins, and ye shall receive the gift of the holy Spirit:
39 ৩৯ কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
for the promise is to you and to your children, yea and to all that are afar off, even as many as the Lord our God shall call.
40 ৪০ ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”
And with many other words did he press and exhort them, saying, Save yourselves from this perverse generation.
41 ৪১ তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
They therefore that received his word with readiness were baptized: and in that same day there were added unto them about three thousand souls.
42 ৪২ পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
And they continued stedfast in the apostles doctrine, and fellowship, and in the breaking of bread, and in prayers.
43 ৪৩ তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল
And fear came upon all the people: and many miracles and signs were wrought by the apostles.
44 ৪৪ আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
And all that believed were together, and had all things common.
45 ৪৫ আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
And they sold their possessions and goods, and distributed to all, according as any one had need.
46 ৪৬ তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
And continuing daily with one accord in the temple, and breaking bread from house to house, they partook of their food with gladness and simplicity of heart,
47 ৪৭ আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
praising God, and having favor with all the people. And the Lord added to the church daily such as should be saved.

< পাঁচনি 2 >