< পাঁচনি 19 >

1 আপল্লো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিচ চহৰ পালেহি; তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে৷
It happened that, while Apollos was at Corinth, Paul, having passed through the upper country, came to Ephesus, and found certain disciples.
2 পৌলে তেওঁলোকক সুধিলে, “আপোনালোকে যেতিয়া বিশ্বাস কৰিলে, তেতিয়া পবিত্ৰ আত্মা পালে নে?” তেওঁলোকে তেওঁক কলে, “পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, সেই বিষয়ে আমি শুনিবলৈকে নাপালোঁ৷”
He said to them, "Did you receive the Holy Spirit when you believed?" They said to him, "No, we have not even heard that there is a Holy Spirit."
3 তেতিয়া তেওঁ কলে, “তেনেহলে আপোনালোকে কি কাৰণত বাপ্তাইজিত হ’ল?” তেওঁলোকে কলে, “যোহনৰ বাপ্তিস্ম লোৱা দেখি”।
He said, "Into what then were you baptized?" They said, "Into John's baptism."
4 তেতিয়া পৌলে কলে, “যোহনে লোক সকলক কৈছিল, যি জন মোৰ পাছত আহিছে, তেওঁত অর্থাৎ যীচুত বিশ্বাস কৰা; এই বুলি তেওঁ তেওঁলোকক মন-পালটনৰ বাপ্তিস্মৰে বাপ্তাইজ কৰিলে।”
Paul said, "John indeed baptized with the baptism of repentance, saying to the people that they should believe in the one who would come after him, that is, in Jesus."
5 এই কথা শুনি তেওঁলোকে প্ৰভু যীচুৰ নামেৰে বাপ্তাইজিত হ’ল।
When they heard this, they were baptized in the name of the Lord Jesus.
6 ইয়াৰ পাছত পৌলে যেতিয়া তেওঁলোকৰ গাত হাত দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিল; তাতে তেওঁলোকে নানা ভাষাৰে কথা কৈ ভাবোক্তি প্ৰচাৰ কৰিলে।
When Paul had laid his hands on them, the Holy Spirit came on them, and they spoke with other tongues and prophesied.
7 তেওঁলোক প্ৰায় বাৰ জন মান মানুহ আছিল।
They were about twelve men in all.
8 পাছত পৌল নাম-ঘৰলৈ গ’ল আৰু সেই ঠাইত তিনি মাহ মান থাকি নিৰ্ভীক ভাবে প্ৰচাৰ কৰিলে; আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ-বিচাৰ কৰি লোক সকলক মনোনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে৷
He entered into the synagogue, and spoke boldly for a period of three months, reasoning and persuading about the things concerning the Kingdom of God.
9 কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য হ’ল৷ তেওঁলোকে লোক সকলৰ আগত খ্ৰীষ্টীয় পথৰ নিন্দা কৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁ তেওঁলোকক তাতে এৰি শিষ্য সকলক পৃথকে তুৰাণ্ণ নামেৰে এজনৰ পঢ়াশালীলৈ নি নিতৌ কথোপকথন কৰিব ধৰিলে।
But when some were hardened and disobedient, speaking evil of the Way before the crowd, he departed from them, and separated the disciples, reasoning daily in the school of Tyrannus.
10 ১০ এইদৰে তেওঁ দুবছৰলৈ সেই ঠাইতে থাকিল, আৰু এচিয়াত বাস কৰা সকলো ইহুদী আৰু গ্ৰীক সকলে প্ৰভুৰ বাক্য শুনিবলৈ পালে।
This continued for two years, so that all those who lived in Asia heard the word of the Lord Jesus, both Jews and Greeks.
11 ১১ ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম কাৰ্য কৰালে যে,
God worked special miracles by the hands of Paul,
12 ১২ তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত, তেওঁলোকৰ ৰোগ আতৰিল আৰু ভূতৰ আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ’ল।
so that even handkerchiefs or aprons were carried away from his body to the sick, and the evil spirits went out.
13 ১৩ কিন্তু দেশ ভ্ৰমি ফুৰা কেইজনমান ইহুদী ভূত খেদাওঁতাই, ভূতৰ আত্মাই ধৰা সকলৰ আগত প্ৰভু যীচুৰ নাম, নিজৰ কামত ব্যৱহাৰ কৰি কয়, “যি জনাৰ কথা পৌলে প্রচাৰ কৰিছে, সেই যীচুৰ শপত দি তোমালোকক আজ্ঞা দিছোঁ।”
But some of the itinerant Jews, exorcists, took on themselves to invoke over those who had the evil spirits the name of the Lord Jesus, saying, "I adjure you by Jesus whom Paul preaches."
14 ১৪ স্কিবা নামৰ যিহুদী প্ৰধান পুৰোহিত এজনৰ সাত জন পুতেকে এই কর্ম কৰিছিল।
There were seven sons of one Sceva, a Jewish chief priest, who did this.
15 ১৫ তাতে ভূতৰ আত্মাই উত্তৰ দি তেওঁলোকক ক’লে, “যীচুক জানো, পৌলকো চিনি পাওঁ; কিন্তু তোমালোক নো কোন?”
The evil spirit answered, "Jesus I know, and Paul I know, but who are you?"
16 ১৬ এই বুলি সেই ভূতৰ আত্মাই ধৰা মানুহ জনে তেওঁলোকৰ ওপৰত জাঁপ মাৰি আটাইকে বশ কৰি বলেৰে পৰাজয় কৰিলে; তেতিয়া তেওঁলোক উলঙ্গ আৰু আঘাত পাই, সেই ঘৰৰ পৰা পলাল।
And the man in whom the evil spirit was, having leapt on them, having overpowered them all, prevailed against them so that they fled from that house naked and wounded.
17 ১৭ পাছত ইফিচত নিবাস কৰা ইহুদী আৰু গ্ৰীক সকলে এই কথা শুনি সকলোৱে ভয় পালে আৰু প্ৰভু যীচুৰ নাম মহিমান্বিত হ’ল।
This became known to all, both Jews and Greeks, who lived at Ephesus. Fear fell on them all, and the name of the Lord Jesus was magnified.
18 ১৮ তেতিয়া বিশ্বাস কৰা সকলৰ বহু লোক আহি, নিজ নিজ কর্ম স্বীকাৰ কৰিলে
Many also of those who had believed came, confessing, and declaring their deeds.
19 ১৯ আৰু মায়াকর্ম্ম কৰা সকলৰ ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি সকলোৰে আগত পুৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি পঞ্চাশ হাজাৰ ৰূপৰ মুদ্ৰা পালে।
Many of those who practiced magical arts brought their books together and burned them in the sight of all. They counted the price of them, and found it to be fifty thousand pieces of silver.
20 ২০ এইদৰে মহা-পৰাক্ৰমেৰে প্ৰভুৰ বাক্য চৌদিশে বিয়পি গল।
So the word of the Lord was growing and becoming mighty.
21 ২১ এই কার্য সম্পন্ন হোৱাত পৌলে মাকিদনিয়া আৰু আখায়া দেশেদি ফুৰি যিৰূচালেমলৈ যাবৰ বাবে মন কৰি ক’লে, ‘তালৈ যোৱাৰ পাছত মই ৰোম নগৰকো দেখা পাব লাগিব’।
Now after these things had ended, Paul determined in the spirit, when he had passed through Macedonia and Achaia, to go to Jerusalem, saying, "After I have been there, I must also see Rome."
22 ২২ তাতে তেওঁৰ পৰিচর্যা কৰা সকলৰ মাজৰ তীমথিয় আৰু ইৰাস্তচ, এই দুজনক মাকিদনিয়ালৈ পঠিয়াই দি তেওঁ নিজে এচিয়া দেশত কিছুদিন থাকিল।
Having sent into Macedonia two of those who served him, Timothy and Erastus, he himself stayed in Asia for a while.
23 ২৩ সেই সময়ত ইফিচত এই পথৰ সজাগতাৰ বিষয়ে বৰ গোলমাল লাগিল।
About that time there arose no small stir concerning the Way.
24 ২৪ কিয়নো আর্ত্তেমী দেৱীৰ ৰূপৰ মন্দিৰ সজা দীমীত্ৰিয় নামেৰে এজন সোণাৰী আছিল; তেওঁ শিল্পকাৰ সকলক বহুত কাম যোগাই দিছিল;
For a certain man named Demetrius, a silversmith, who made silver shrines of Artemis, brought no little business to the craftsmen,
25 ২৫ পাছত তেওঁ তেওঁলোকক আৰু একে ব্যৱসায়ৰ কাৰিকৰ সকলক একগোট কৰি কলে- “হে লোক সকল, এই ব্যৱসায়ৰ দ্বাৰাই আমাৰ সম্পত্তি হৈছে, ইয়াক আপোনালোকে জানে।
whom he gathered together, with the workmen of like occupation, and said, "Sirs, you know that by this business we have our wealth.
26 ২৬ কিন্তু ‘যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়’ পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াত বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে।
You see and hear, that not at Ephesus alone, but almost throughout all Asia, this Paul has persuaded and turned away many people, saying that they are no gods, that are made with hands.
27 ২৭ ইয়াতে যে অকল আমাৰ ব্যৱসায়ৰ অপযশ হোৱাৰ শঙ্কা আছে, এনে নহয়; গোটেই এচিয়া, এনে কি গোটেই জগত খনে পূজা কৰা যি আর্ত্তেমী মহা-দেৱী, তেওঁৰ মন্দিৰক একো যেন গণ্য নকৰাৰ আৰু তেওঁক তেওঁৰ ঐশ্বর্যৰ পৰা আতৰোৱাৰ আশঙ্কা আছে।”
Not only is there danger that this our trade come into disrepute; but also that the temple of the great goddess Artemis will be counted as nothing, and that she should even be deposed from her magnificence, whom all Asia and the world worships."
28 ২৮ এই কথা শুনি, তেওঁলোকে খঙত জ্বলি উঠি ৰিঙিয়াই কলে, “ইফিচীয়া সকলৰ আর্ত্তেমী মহান।”
When they heard this they were filled with anger, and began to shout, saying, "Great is Artemis of the Ephesians."
29 ২৯ তেতিয়া গোটেই নগৰত হুলস্থুল লাগিল৷ পৌলৰ লগত ফুৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টাৰ্খ নামৰ লোক দুজনক তেওঁলোকে ধৰি নি একে মনেৰে মঞ্চলৈ উঠি গ’ল।
The city was filled with confusion, and they rushed with one accord into the theater, having seized Gaius and Aristarchus, Macedonians, Paul's companions in travel.
30 ৩০ সেই সময়ত পৌলে লোক সকলৰ মাজত সোমাবলৈ মন কৰিলে কিন্তু শিষ্য সকলে তেওঁক যাবলৈ নিদিলে।
When Paul wanted to enter in to the people, the disciples did not allow him.
31 ৩১ এচিয়াৰ কেইজনমান খেলৰ অধিকাৰীয়ে পৌলৰ বন্ধু হৈ, তেওঁৰ ওচৰলৈ মানুহ পঠাই মঞ্চত দেখা নিদিবলৈ তেওঁক মিনতি কৰিলে।
And also some of the Asiarchs, who were his friends, sent to him and urged him not to venture into the theater.
32 ৩২ সভাত গণ্ডগোল হোৱাত বেলেগ বেলেগ কথাৰে চিঞৰি আছিল আৰু কি কাৰণে গোট খাইছিল, সেই বিষয়ে সৰহ ভাগ মানুহে নাজানিলে।
Some therefore shouted one thing, and some another, for the assembly was in confusion. Most of them did not know why they had come together.
33 ৩৩ পাছত ইহুদী সকলে আলেকজেন্দাৰক আগলৈ ঠেলি লোক সকলৰ মাজৰ পৰা উলিয়াই আনিলে। তাতে আলেকজেন্দাৰে হাত চাপৰি দি, লোক সকলৰ আগত বহলাই কবলৈ বিচাৰিলে;
They brought Alexander out of the crowd, the Jews putting him forward. Alexander beckoned with his hand, and would have made a defense to the people.
34 ৩৪ কিন্তু তেওঁ ইহুদী মানুহ বুলি গম পাই, “ইফিচীয়া সকলৰ আর্ত্তেমী মহান!” এই কথা কৈ সকলোৱে দুঘণ্টা মানলৈকে একে মাতেৰে চিঞৰি থাকিল।
But when they perceived that he was a Jew, all with one voice for a time of about two hours shouted, "Great is Artemis of the Ephesians."
35 ৩৫ পাছত নগৰৰ কেৰাণী জনে লোক সকলক ক্ষান্ত হবলৈ দি কলে, “হে ইফিচৰ লোক সকল, ইফিচীয়া সকলৰ মহান আর্ত্তেমী দেৱীক আকাশৰ পৰা তললৈ পৰা মূর্তিবোৰৰ মন্দিৰৰ-ৰক্ষক বুলি এই নগৰত থকা লোক সকলৰ মাজত নজনা লোক কোন আছে?
When the town clerk had quieted the crowd, he said, "You men of Ephesus, is there anyone who does not know that the city of the Ephesians is temple keeper of the great Artemis, and of the image which fell down from Zeus?
36 ৩৬ এইবোৰ কথা অখণ্ডনীয় হোৱাৰ কাৰণে, আপোনালোকে বিচাৰ নকৰাকৈ একো নকৰি ক্ষান্ত হৈ থকা উচিত।
Seeing then that these things cannot be denied, you ought to be quiet, and to do nothing rash.
37 ৩৭ কিয়নো এই যি মানুহবোৰক আপোনালোকে ইয়ালৈ আনিলে, তেওঁলোক পবিত্ৰ বস্ত্তৰ অপহাৰক বা আমাৰ দেৱীৰ নিন্দক নহয়।
For you have brought these men here, who are neither robbers of temples nor blasphemers of our goddess.
38 ৩৮ এতেকে কোনো মানুহৰ ওপৰত দীমীত্ৰিয় আৰু তেওঁৰ লগৰ কাৰিকৰ সকলৰ যদি কোনো গোচৰ থাকে, তেনেহলে আদালত খোলা আছে, তাতে গৈ ইজনে সিজনৰ বিচাৰৰ বাবে উত্তৰ-প্ৰত্যুত্তৰ কৰিব পাৰে।
If therefore Demetrius and the craftsmen who are with him have a matter against anyone, the courts are open, and there are proconsuls. Let them press charges against one another.
39 ৩৯ কিন্তু যদি আপোনালোকৰ আন বিষয়ৰ কোনো সমস্যা থাকে, তেনেহলে নিয়মিত সভাত সেই বিষয়ৰ নিস্পত্তি হব।
But if you seek anything further, it will be settled in the regular assembly.
40 ৪০ কিয়নো আজিৰ হুৰামুৰাৰ কোনো কাৰণ নথকাত, আমাৰ ওপৰত গোচৰ চলিবৰ শঙ্কা আছে আৰু এই জনতা গোট খোৱাৰ বিষয়ে আমি একো উত্তৰ দিব নোৱাৰিম।”
For indeed we are in danger of being accused concerning this day's riot, there being no cause. Concerning it, we would not be able to give an account of this commotion."
41 ৪১ এই বুলি তেওঁ সভা সামৰিলে।
When he had thus spoken, he dismissed the assembly.

< পাঁচনি 19 >