< পাঁচনি 17 >

1 ইয়াৰ পাছত তেওঁলোক আম্ফিপলি আৰু আপল্লোনিয়া নগৰৰ মাজেদি থিচলনীকি চহৰলৈ গ’ল। তাত ইহুদী সকলৰ এটা নাম-ঘৰ আছিল।
cum autem perambulassent Amphipolim et Apolloniam venerunt Thessalonicam ubi erat synagoga Iudaeorum
2 পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল আৰু একেৰাহে তিনিটা বিশ্রাম-বাৰত তেওঁলোকৰ সৈতে ধৰ্মশাস্ত্ৰৰ পৰা যুক্তিৰে আলোচনা কৰিলে।
secundum consuetudinem autem Paulus introivit ad eos et per sabbata tria disserebat eis de scripturis
3 তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
adaperiens et insinuans quia Christum oportuit pati et resurgere a mortuis et quia hic est Christus Iesus quem ego adnuntio vobis
4 তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।
et quidam ex eis crediderunt et adiuncti sunt Paulo et Silae et de colentibus gentilibusque multitudo magna et mulieres nobiles non paucae
5 কিন্তু বিশ্বাস নকৰা ইহুদী সকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চীলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্রমণ কৰিলে।
zelantes autem Iudaei adsumentesque de vulgo viros quosdam malos et turba facta concitaverunt civitatem et adsistentes domui Iasonis quaerebant eos producere in populum
6 কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞৰি কবলৈ ধৰিলে, “যি লোক সকলে সমগ্র পৃথিৱী উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে,
et cum non invenissent eos trahebant Iasonem et quosdam fratres ad principes civitatis clamantes quoniam hii qui orbem concitant et huc venerunt
7 আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোক সকলে চীজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে, যীচু নামৰ আন এজন ৰজা আছে।”
quos suscepit Iason et hii omnes contra decreta Caesaris faciunt regem alium dicentes esse Iesum
8 এইবোৰ কথা শুনি সমবেত জনতা আৰু নগৰৰ শাসনকর্তা সকল উদ্বিগ্ন হৈ পৰিল।
concitaverunt autem plebem et principes civitatis audientes haec
9 তেওঁলোকে যাচোন আৰু আন লোক সকলৰ পৰা জৰিমনা ললে আৰু জৰিমনা আদায় দিয়াৰ পাছত তেওঁলোকক যাবলৈ এৰি দিলে।
et accepto satis ab Iasone et a ceteris dimiserunt eos
10 ১০ সেই ৰাতিয়েই ভাই সকলে পৌল আৰু চীলক বিৰয়ালৈ পঠাই দিলে। সেই ঠাই পাই তেওঁলোক ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল।
fratres vero confestim per noctem dimiserunt Paulum et Silam in Beroeam qui cum advenissent in synagogam Iudaeorum introierunt
11 ১১ থিচলনীকিৰ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে।
hii autem erant nobiliores eorum qui sunt Thessalonicae qui susceperunt verbum cum omni aviditate cotidie scrutantes scripturas si haec ita se haberent
12 ১২ ইয়াৰ ফলত তেওঁলোকৰ মাজৰ অনেকে বিশ্বাস কৰিলে। এই বিশ্বাসী সকলৰ মাজত কেইজনমান প্রভাৱশালী গ্রীক মহিলা আৰু বহুত পুৰুষও আছিল।
et multi quidem crediderunt ex eis et gentilium mulierum honestarum et viri non pauci
13 ১৩ কিন্তু পৌলে বিৰয়ালৈ আহি ঈশ্বৰৰ বাক্য প্রচাৰ কৰি আছে বুলি শুনিবলৈ পাই থিচলনীকিৰ ইহুদী সকল সেই ঠাইলৈ আহি লোক সকলক উত্তেজিত কৰিলে।
cum autem cognovissent in Thessalonica Iudaei quia et Beroeae praedicatum est a Paulo verbum Dei venerunt et illuc commoventes et turbantes multitudinem
14 ১৪ ভাই সকলে তেতিয়াই পলম নকৰি পৌলক সাগৰৰ তীৰলৈ পঠাই দিলে; কিন্তু চীল আৰু তীমথিয় বিৰয়াতে থাকিল।
statimque tunc Paulum dimiserunt fratres ut iret usque ad mare Silas autem et Timotheus remanserunt ibi
15 ১৫ যি সকল লোকে পৌলক লগত লৈ গৈছিল, তেওঁলোকে তেওঁক আথিনী চহৰলৈ লৈ গ’ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চীল আৰু তীমথিয়ৰ কাৰণে এই আদেশলৈ আহিল যে, তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়।
qui autem deducebant Paulum perduxerunt usque Athenas et accepto mandato ab eo ad Silam et Timotheum ut quam celeriter venirent ad illum profecti sunt
16 ১৬ আথিনী চহৰত পৌলে চীল আৰু তীমথিয়ৰ কাৰণে অপেক্ষাত থাকোতে, সেই চহৰ মূৰ্তিবোৰেৰে পূর্ণ হৈ থকা দেখিলে। তাতে তেওঁৰ অন্তৰ-আত্মা অতি ব্যথিত হৈ উঠিল।
Paulus autem cum Athenis eos expectaret incitabatur spiritus eius in ipso videns idolatriae deditam civitatem
17 ১৭ সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।
disputabat igitur in synagoga cum Iudaeis et colentibus et in foro per omnes dies ad eos qui aderant
18 ১৮ তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এই জনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
quidam autem epicurei et stoici philosophi disserebant cum eo et quidam dicebant quid vult seminiverbius hic dicere alii vero novorum daemoniorum videtur adnuntiator esse quia Iesum et resurrectionem adnuntiabat eis
19 ১৯ তেওঁলোকে পৌলক ধৰি আৰেয়পাগৰ সভালৈ নি সুধিলে, “আপুনি এই যি নতুন শিক্ষা দিছে, সেইটো কি, সেই বিষয়ে আমি জনিব পাৰোঁ নে?
et adprehensum eum ad Ariopagum duxerunt dicentes possumus scire quae est haec nova quae a te dicitur doctrina
20 ২০ কিয়নো আপুনি কিছুমান অদ্ভুত কথা আমাক শুনাইছে। গতিকে এই কথাবোৰৰ অর্থ কি, সেই বিষয়ে আমি জানিব বিচাৰো।”
nova enim quaedam infers auribus nostris volumus ergo scire quidnam velint haec esse
21 ২১ আথিনীৰ লোক সকলে আৰু তাত থকা বিদেশী সকলেও মাত্র কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়।
Athenienses autem omnes et advenae hospites ad nihil aliud vacabant nisi aut dicere aut audire aliquid novi
22 ২২ তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে, “হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ।
stans autem Paulus in medio Ariopagi ait viri athenienses per omnia quasi superstitiosiores vos video
23 ২৩ কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদি’ বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
praeteriens enim et videns simulacra vestra inveni et aram in qua scriptum erat ignoto deo quod ergo ignorantes colitis hoc ego adnuntio vobis
24 ২৪ ঈশ্বৰ, যি জন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
Deus qui fecit mundum et omnia quae in eo sunt hic caeli et terrae cum sit Dominus non in manufactis templis inhabitat
25 ২৫ মনুষ্যৰ হাতৰ সেৱা কার্য তেওঁৰ প্রয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে।
nec manibus humanis colitur indigens aliquo cum ipse det omnibus vitam et inspirationem et omnia
26 ২৬ এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।
fecitque ex uno omne genus hominum inhabitare super universam faciem terrae definiens statuta tempora et terminos habitationis eorum
27 ২৭ সেয়ে, মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে, তেওঁ আমাৰ কাৰো পৰা দূৰৈত নাই।
quaerere Deum si forte adtractent eum aut inveniant quamvis non longe sit ab unoquoque nostrum
28 ২৮ কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলা-ফুৰা কৰিছোঁ আৰু আছোঁ, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’
in ipso enim vivimus et movemur et sumus sicut et quidam vestrum poetarum dixerunt ipsius enim et genus sumus
29 ২৯ আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেনেহলে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে।
genus ergo cum simus Dei non debemus aestimare auro aut argento aut lapidi sculpturae artis et cogitationis hominis divinum esse simile
30 ৩০ এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
et tempora quidem huius ignorantiae despiciens Deus nunc adnuntiat hominibus ut omnes ubique paenitentiam agant
31 ৩১ কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
eo quod statuit diem in qua iudicaturus est orbem in aequitate in viro in quo statuit fidem praebens omnibus suscitans eum a mortuis
32 ৩২ আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
cum audissent autem resurrectionem mortuorum quidam quidem inridebant quidam vero dixerunt audiemus te de hoc iterum
33 ৩৩ ইয়াৰ পাছত পৌলে তেওঁলোকক এৰি গুছি গ’ল।
sic Paulus exivit de medio eorum
34 ৩৪ কিন্তু কেইজনমানে আহি পৌলক লগ ধৰিলে আৰু বিশ্বাস কৰিলে। সেই বিশ্বাসী সকলৰ মাজত আৰেয়পাগৰ সদস্য দিয়নুচিয়, দামাৰী নামৰ এগৰাকী মহিলা আৰু তেওঁলোকৰ লগত আন কেইজনমান আছিল।
quidam vero viri adherentes ei crediderunt in quibus et Dionisius Ariopagita et mulier nomine Damaris et alii cum eis

< পাঁচনি 17 >