< পাঁচনি 16 >

1 তাৰ পাছত পৌল দর্বী আৰু লুস্ত্ৰা চহৰলৈ গ’ল। তাতে তীমথিয় নামৰ এজন খ্রীষ্টৰ শিষ্য আছিল। তীমথিয়ৰ মাতৃ আছিল এগৰাকী যিহুদী খ্রীষ্টীয় বিশ্বাসীনী মহিলা আৰু পিতৃ গ্রীক লোক আছিল।
Bulus ya kai Derbe sa’an nan kuma zuwa Listira, inda wani almajiri mai suna Timoti yake da zama, wanda mahaifiyarsa mutuniyar Yahuda ce kuma mai bi ce, amma mahaifinsa mutumin Hellenawa ne.
2 লুস্ত্ৰা আৰু ইকনিয় চহৰৰ ভাই সকলে তীমথিয়ক অতি প্রশংসা কৰিছিল।
’Yan’uwa a Listira da Ikoniyum sun yi magana mai kyau ƙwarai a kansa.
3 পৌলে যাত্রাত তীমথিয়কো নিজৰ লগত লৈ যাবলৈ বিচাৰিলে আৰু সেয়ে তেওঁক চুন্নৎ কৰালে; কাৰণ সেই অঞ্চলবোৰত ইহুদী লোক আছিল আৰু তেওঁলোকে তীমথিয়ৰ পিতৃ গ্রীক জাতিৰ বুলি জানিছিল।
Bulus ya so ya ɗauke shi a tafiyar, saboda haka ya yi masa kaciya, domin Yahudawan da suke da zama a wurin, don duk sun san cewa mahaifinsa mutumin Hellenawa ne.
4 পাছত তেওঁলোক নগৰবোৰৰ মাজেদি যাওঁতে যিৰূচালেমত পাঁচনি আৰু পৰিচাৰক সকলে লিখি দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ মণ্ডলীবোৰক জনালে।
Yayinda suke tafiya daga gari zuwa gari, suka dinga ba da shawarwarin da manzanni da dattawa a Urushalima suka zartar domin mutane su kiyaye.
5 এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে।
Saboda haka ikkilisiyoyi suka ginu cikin bangaskiya suka kuma yi girma suka yi ta ƙaruwa kowace rana.
6 পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফিৰুগিয়া আৰু গালাতীয়াৰ অঞ্চলবোৰৰ মাজেদি গ’ল।
Bulus da abokan tafiyarsa suka zazzaga dukan yankin Firjiya da Galatiya, don Ruhu Mai Tsarki ya hana su yin wa’azi a lardin Asiya.
7 আৰু মূচিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়া গাওঁলৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্রভু যীচুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে।
Da suka isa kan iyakar Misiya, suka yi ƙoƙari su shiga Bitiniya, amma Ruhun Yesu bai yarda musu ba.
8 সেয়েহে, তেওঁলোকে মূচিয়া পাৰ হৈ ত্রোৱা নগৰলৈ গুচি গ’ল।
Saboda haka suka ratsa Misiya suka zo Toruwas.
9 নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”
Da dare Bulus ya ga wahayin wani mutumin Makidoniya yana tsaye yana roƙonsa cewa, “Ka zo Makidoniya ka taimake mu.”
10 ১০ পৌলে এই দর্শন পোৱাৰ পাছত আমি শীঘ্রেই মাকিদনিয়ালৈ যাবৰ কাৰণে প্রস্তুত হ’লো। কাৰণ, আমি বুজি পালোঁ যে মাকিদনিয়াৰ লোক সকলৰ আগত শুভবার্তা প্রচাৰ কৰিবৰ বাবে ঈশ্বৰে আমাক মাতিছে।
Bayan Bulus ya ga wahayin, muka shirya nan take mu tashi zuwa Makidoniya, mun tabbata cewa, Allah ya kira mu mu yi musu wa’azin bishara.
11 ১১ পাছত ত্রোৱা এৰি আমি জাহাজেৰে পোনে পোনে চামথাকীলৈ গলো আৰু পিছদিনা নিয়াপলি নগৰলৈ আহিলোঁ।
Daga Toruwas muka tashi zuwa teku muka kuma shiga jirgin ruwa muka miƙe kai tsaye zuwa Samotiras, kashegari kuma muka nufi Neyafolis.
12 ১২ তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো।
Daga can muka tafi Filibbi, wata babbar alkaryar Roma wadda kuma take babban birni a gundumar Makidoniya. Muka zauna a can kwanaki masu yawa.
13 ১৩ বিশ্রামবাৰে আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গলো; ভাৱিছিলো, তাত নিশ্চয় প্ৰাৰ্থনা কৰিবৰ বাবে ঠাই আছে৷ তাতে যি মহিলা সকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা কবলৈ ধৰিলো।
A Asabbaci, muka fita ƙofar birnin zuwa bakin kogi, inda muke tsammani za mu sami wurin yin addu’a. Muka zauna muka fara yin wa matan da suka taru a can magana.
14 ১৪ সেই মহিলা সকলৰ মাজত থুয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে।
Ɗaya daga cikin waɗanda suka saurare mu mace ce mai suna Lidiya, mai sayar da yadunan jan garura masu tsada daga birnin Tiyatira, mai yi wa Allah sujada. Ubangiji ya buɗe zuciyarta har ta karɓi saƙon Bulus.
15 ১৫ তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে।
Da aka yi mata baftisma tare da iyalin gidanta, sai ta gayyace mu zuwa gidanta. Ta ce, “In kun amince ni mai bi ce cikin Ubangiji, sai ku zo ku sauka a gidana.” Sai ta kuwa rinjaye mu.
16 ১৬ এদিন আমি যেতিয়া প্ৰাৰ্থনাৰ ঠাইলৈ গৈ আছিলোঁ, তেতিয়া এক অশুচি আত্মাই লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুচি আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল।
Wata rana muna tafiya zuwa wurin yin addu’a, sai muka sadu da wata baranya mai ruhun aljani mai duba. Takan samo wa mutanenta kuɗi da yawa, duban da take yi.
17 ১৭ এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
Wannan yarinya kuwa ta bi Bulus da kuma sauranmu, tana ihu tana cewa, “Waɗannan mutane bayin Allah Mafi Ɗaukaka ne, suna sanar da ku hanyar ceto.”
18 ১৮ এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই ভূতৰ আত্মা বাহিৰ ওলাই গ’ল।
Ta yi ta faɗin haka har kwanaki masu yawa. A ƙarshe Bulus ya damu ƙwarai sai ya juya ya ce wa aljanin, “A cikin sunan Yesu Kiristi na umarce ka, ka rabu da ita!” Nan take aljanin ya rabu da ita.
19 ১৯ তাৰ পাছত তাইৰ মালিকবোৰে যেতিয়া দেখিলে যে, তেওঁলোকৰ লাভৰ আশা নোহোৱা হ’ল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি চোঁচৰাই বজাৰলৈকে আনি শাসনকৰ্তা জনৰ ওচৰলৈ লৈ গ’ল।
Da iyayengijin baranyar suka ga hanyar samun kuɗinsu ta toshe, sai suka kama Bulus da Sila suka ja su zuwa cikin kasuwa don su fuskanci hukuma.
20 ২০ তাৰ পাছত তেওঁলোকক শাসনকর্তা সকলৰ ওচৰলৈ নি ক’লে, “এওঁলোক ইহুদী মানুহ আৰু আমাৰ নগৰত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে।
Sai suka kawo su a gaban alƙalai suka ce, “Waɗannan Yahudawa ne, suna kuma birkitar mana da gari,
21 ২১ এওঁলোকে এনেবোৰ শিক্ষা দিছে, যিবোৰ ৰোমান নাগৰিক হিচাপে গ্রহণ কৰা বা পালন কৰা আমাৰ কাৰণে নীতি বিৰুদ্ধ।”
ta wurin koyar da al’adun da ba daidai ba ne mu Romawa mu karɓa ko mu aikata.”
22 ২২ তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে।
Sai taron suka fāɗa wa Bulus da Sila gaba ɗaya, alƙalan kuwa suka yi umarni a tuɓe su a kuma yi musu dūka.
23 ২৩ অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ আদেশ দিলে।
Bayan an yi musu bulala sosai, sai aka jefa su cikin kurkuku, aka umarci mai gadin kurkukun yă tsare su da kyau.
24 ২৪ কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে।
Da karɓan irin umarnan nan, sai ya sa su can cikin ɗakin kurkuku na ciki-ciki, kuma ya ɗaura ƙafafunsu a turu.
25 ২৫ তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল।
Wajen tsakar dare Bulus da Sila suna addu’a suna rera waƙoƙi ga Allah, sauran’yan kurkuku kuwa suna sauraronsu.
26 ২৬ এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল।
Ba zato ba tsammani sai aka yi wata babbar girgizar ƙasa har tushen ginin kurkukun ya jijjiga. Nan da nan sai duk ƙofofin kurkukun suka bubbuɗe, sarƙoƙin kowa kuma suka ɓaɓɓalle.
27 ২৭ কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল।
Mai gadin kurkukun ya farka daga barci, sa’ad da ya ga ƙofofin kurkukun a buɗe, sai ya zāre takobinsa yana shirin kashe kansa domin ya ɗauka’yan kurkukun sun gudu.
28 ২৮ কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছোঁ।”
Amma Bulus ya yi ihu ya ce, “Kada ka yi wa kanka lahani! Dukanmu muna nan!”
29 ২৯ তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল।
Mai gadin kurkukun ya kira a kawo fitilu, ya ruga ciki ya fāɗi yana rawan jiki a gaban Bulus da Sila.
30 ৩০ তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্ৰাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?”
Sai ya fito da su waje ya kuma tambaye su ya ce, “Ranku yă daɗe, me zan yi domin in sami ceto?”
31 ৩১ তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ লাভ কৰিব।”
Suka amsa suka ce, “Ka gaskata da Ubangiji Yesu, za ka sami ceto, kai da iyalinka.”
32 ৩২ তেওঁলোকে তাৰ পাছত কাৰাগাৰৰ অধ্যক্ষৰ লগতে তেওঁৰ ঘৰৰ সকলোকে প্রভুৰ বাক্য ক’লে।
Sa’an nan suka yi masa maganar Ubangiji shi da kuma dukan sauran da suke a gidansa.
33 ৩৩ কাৰাগাৰৰ অধ্যক্ষই সেই নিশাই পৌল আৰু চীলক লৈ গৈ তেওঁলোকৰ আঘাতৰ ঠাইবোৰ ধুই দিলে আৰু তেওঁ সপৰিয়ালে তেতিয়াই বাপ্তিস্ম গ্রহণ কৰিলে।
A wannan sa’a na daren, mai gadin kurkukun ya ɗauke su ya wanke musu raunukansu; nan take aka yi masa baftisma da dukan iyalinsa.
34 ৩৪ তেওঁ পৌল আৰু চীলক নিজৰ ঘৰলৈ আনি খাবলৈ দিলে আৰু পৰিয়ালৰ আটায়ে ঈশ্বৰত বিশ্বাস কৰাত, তেওঁ সমস্ত পৰিয়ালে সৈতে অতিশয় আনন্দ কৰিলে।
Sai mai gadin kurkukun ya kawo su cikin gidansa ya ba su abinci; ya kuwa cika da murna don yă gaskata da Allah, shi da dukan iyalinsa.
35 ৩৫ পিছদিনা পুৱা শাসনকর্তা সকলে পৰীয়া সকললৈ এই বার্তা দি পঠালে, “সেই মানুহকেইজনক এৰি দিয়া।”
Da gari ya waye, sai alƙalan suka aika ma’aikatansu wajen mai gadin kurkukun da umarni cewa, “Ka saki mutanen nan.”
36 ৩৬ কাৰাগাৰৰ অধ্যক্ষই সেই কথা পৌলক জনাই ক’লে, “শাসনকর্তা সকলে আপোনালোকক এৰি দিবৰ কাৰণে আমাৰ ওচৰলৈ বার্তা পঠাইছে; গতিকে আপোনালোক এতিয়া ওলাই আহক আৰু শান্তিৰে গুছি যাওঁক।”
Sai mai gadin kurkukun ya gaya wa Bulus cewa, “Alƙalai sun ba da umarni a sake ku kai da Sila. Yanzu sai ku tafi. Ku sauka lafiya.”
37 ৩৭ কিন্তু পৌলে তেওঁলোকক ক’লে, “আমি ৰোমান নাগৰিক; আমাক বিনা বিচাৰেৰে ৰাইজৰ আগত কোবাই কাৰাবন্দী কৰি থলে। এতিয়া তেওঁলোকে আমাক গোপনে এৰি দিব বিচাৰিছে নেকি? এইটো হ’ব নোৱাৰে। তেওঁলোক নিজে ইয়ালৈ আহি আমাক বাহিৰলৈ উলিয়াই নিব লাগিব।”
Amma Bulus ya ce wa ma’aikatan, “Sun yi mana dūka a fili ba tare da shari’a ba, ko da yake mu’yan ƙasar Roma ne, suka kuma jefa mu cikin kurkuku. Yanzu suna so su fitar da mu a ɓoye? A’a! Sai dai su zo da kansu su rako mu waje.”
38 ৩৮ পৰীয়া সকলে শাসনকর্তা সকলৰ ওচৰলৈ গৈ এই সম্বাদ দিলে। তেতিয়া এই সম্বাদ পাই তেওঁলোকে পৌল আৰু চীলক ৰোমান লোক বুলি জানিলে আৰু তেওঁলোকে ভয় খালে।
Sai ma’aikatan suka faɗa wa alƙalan wannan, da suka ji cewa Bulus da Sila Romawa ne, sai suka ji tsoro.
39 ৩৯ পাছত শাসনকর্তা সকলে আহি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলে আৰু বন্দীশালৰ পৰা বাহিৰলৈ আনি নগৰ এৰি যাবলৈ তেওঁলোকক অনুৰোধ কৰিলে।
Sai suka zo don su roƙe su, suka yi musu rakiya daga kurkukun, suna roƙonsu su bar birnin.
40 ৪০ পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পাছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল।
Bayan Bulus da Sila suka fita daga kurkukun, sai suka tafi gidan Lidiya, inda suka sadu da’yan’uwa suka kuma ƙarfafa su. Sa’an nan suka tafi.

< পাঁচনি 16 >