< পাঁচনি 16 >

1 তাৰ পাছত পৌল দর্বী আৰু লুস্ত্ৰা চহৰলৈ গ’ল। তাতে তীমথিয় নামৰ এজন খ্রীষ্টৰ শিষ্য আছিল। তীমথিয়ৰ মাতৃ আছিল এগৰাকী যিহুদী খ্রীষ্টীয় বিশ্বাসীনী মহিলা আৰু পিতৃ গ্রীক লোক আছিল।
He came also to Derbe and Lystra. And look, a certain talmid was there, named Timothy, the son of a Jewish woman who believed; but his father was a Greek.
2 লুস্ত্ৰা আৰু ইকনিয় চহৰৰ ভাই সকলে তীমথিয়ক অতি প্রশংসা কৰিছিল।
The brothers who were at Lystra and Iconium gave a good testimony about him.
3 পৌলে যাত্রাত তীমথিয়কো নিজৰ লগত লৈ যাবলৈ বিচাৰিলে আৰু সেয়ে তেওঁক চুন্নৎ কৰালে; কাৰণ সেই অঞ্চলবোৰত ইহুদী লোক আছিল আৰু তেওঁলোকে তীমথিয়ৰ পিতৃ গ্রীক জাতিৰ বুলি জানিছিল।
Paul wanted to have him go out with him, and he took and circumcised him because of the Jews who were in those parts; for they all knew that his father was a Greek.
4 পাছত তেওঁলোক নগৰবোৰৰ মাজেদি যাওঁতে যিৰূচালেমত পাঁচনি আৰু পৰিচাৰক সকলে লিখি দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ মণ্ডলীবোৰক জনালে।
As they went on their way through the cities, they delivered the decrees to them to keep which had been ordained by the emissaries and elders who were at Jerusalem.
5 এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে।
So the congregations were strengthened in the faith, and increased in number daily.
6 পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফিৰুগিয়া আৰু গালাতীয়াৰ অঞ্চলবোৰৰ মাজেদি গ’ল।
When they had gone through the region of Phrygia and Galatia, they were forbidden by the Ruach ha-Kodesh to speak the word in Asia.
7 আৰু মূচিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়া গাওঁলৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্রভু যীচুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে।
When they had come opposite Mysia, they tried to go into Bithynia, but the Ruach of Yeshua did not allow them.
8 সেয়েহে, তেওঁলোকে মূচিয়া পাৰ হৈ ত্রোৱা নগৰলৈ গুচি গ’ল।
Passing by Mysia, they came down to Troas.
9 নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”
A vision appeared to Paul in the night. There was a man of Macedonia standing, begging him, and saying, "Come over into Macedonia and help us."
10 ১০ পৌলে এই দর্শন পোৱাৰ পাছত আমি শীঘ্রেই মাকিদনিয়ালৈ যাবৰ কাৰণে প্রস্তুত হ’লো। কাৰণ, আমি বুজি পালোঁ যে মাকিদনিয়াৰ লোক সকলৰ আগত শুভবার্তা প্রচাৰ কৰিবৰ বাবে ঈশ্বৰে আমাক মাতিছে।
When he had seen the vision, immediately we sought to go out to Macedonia, concluding that the Lord had called us to proclaim the Good News to them.
11 ১১ পাছত ত্রোৱা এৰি আমি জাহাজেৰে পোনে পোনে চামথাকীলৈ গলো আৰু পিছদিনা নিয়াপলি নগৰলৈ আহিলোঁ।
Then, setting sail from Troas, we made a straight course to Samothrace, and the day following to Neapolis;
12 ১২ তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো।
and from there to Philippi, which is a principle city of that district of Macedonia, a colony. We were staying some days in this city.
13 ১৩ বিশ্রামবাৰে আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গলো; ভাৱিছিলো, তাত নিশ্চয় প্ৰাৰ্থনা কৰিবৰ বাবে ঠাই আছে৷ তাতে যি মহিলা সকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা কবলৈ ধৰিলো।
On the Sabbath day we went forth outside of the gate by a riverside, where we supposed there was a place of prayer, and we sat down, and spoke to the women who had come together.
14 ১৪ সেই মহিলা সকলৰ মাজত থুয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে।
A certain woman named Lydia, a seller of purple, of the city of Thyatira, one who worshiped God, heard us; whose heart the Lord opened to listen to the things which were spoken by Paul.
15 ১৫ তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে।
When she and her household were immersed, she urged us, saying, "If you have judged me to be faithful to the Lord, come into my house, and stay." So she persuaded us.
16 ১৬ এদিন আমি যেতিয়া প্ৰাৰ্থনাৰ ঠাইলৈ গৈ আছিলোঁ, তেতিয়া এক অশুচি আত্মাই লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুচি আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল।
It happened, as we were going to prayer, that a certain girl having a spirit of Python met us, who brought her masters much gain by fortune telling.
17 ১৭ এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
She followed Paul and us, shouting, "These men are servants of the Most High God, who proclaim to you the way of salvation."
18 ১৮ এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই ভূতৰ আত্মা বাহিৰ ওলাই গ’ল।
She was doing this for many days. But Paul, becoming greatly annoyed, turned and said to the spirit, "I command you in the name of Yeshua the Messiah to come out of her." And it came out at once.
19 ১৯ তাৰ পাছত তাইৰ মালিকবোৰে যেতিয়া দেখিলে যে, তেওঁলোকৰ লাভৰ আশা নোহোৱা হ’ল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি চোঁচৰাই বজাৰলৈকে আনি শাসনকৰ্তা জনৰ ওচৰলৈ লৈ গ’ল।
But when her masters saw that the hope of their gain was gone, they seized Paul and Silas, and dragged them into the marketplace before the rulers.
20 ২০ তাৰ পাছত তেওঁলোকক শাসনকর্তা সকলৰ ওচৰলৈ নি ক’লে, “এওঁলোক ইহুদী মানুহ আৰু আমাৰ নগৰত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে।
When they had brought them to the magistrates, they said, "These men, being Jews, are agitating our city,
21 ২১ এওঁলোকে এনেবোৰ শিক্ষা দিছে, যিবোৰ ৰোমান নাগৰিক হিচাপে গ্রহণ কৰা বা পালন কৰা আমাৰ কাৰণে নীতি বিৰুদ্ধ।”
and set forth customs which it is not lawful for us to accept or to observe, being Romans."
22 ২২ তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে।
The crowd rose up together against them, and the magistrates tore their clothes off of them, and commanded them to be beaten with rods.
23 ২৩ অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ আদেশ দিলে।
When they had laid many stripes on them, they threw them into prison, charging the jailer to keep them safely,
24 ২৪ কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে।
who, having received such a command, threw them into the inner prison, and secured their feet in the stocks.
25 ২৫ তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল।
But about midnight Paul and Silas were praying and singing hymns to God, and the prisoners were listening to them.
26 ২৬ এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল।
Suddenly there was a great earthquake, so that the foundations of the prison were shaken; and immediately all the doors were opened, and everyone's bonds were loosened.
27 ২৭ কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল।
The jailer, being roused out of sleep and seeing the prison doors open, drew his sword and was about to kill himself, supposing that the prisoners had escaped.
28 ২৮ কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছোঁ।”
But Paul shouted loudly, saying, "Do not harm yourself, for we are all here."
29 ২৯ তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল।
He called for lights and sprang in, and, fell down trembling before Paul and Silas,
30 ৩০ তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্ৰাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?”
and brought them out and said, "Sirs, what must I do to be saved?"
31 ৩১ তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ লাভ কৰিব।”
They said, "Believe in the Lord Yeshua, and you will be saved, you and your household."
32 ৩২ তেওঁলোকে তাৰ পাছত কাৰাগাৰৰ অধ্যক্ষৰ লগতে তেওঁৰ ঘৰৰ সকলোকে প্রভুৰ বাক্য ক’লে।
They spoke the word of the Lord to him, and to all who were in his house.
33 ৩৩ কাৰাগাৰৰ অধ্যক্ষই সেই নিশাই পৌল আৰু চীলক লৈ গৈ তেওঁলোকৰ আঘাতৰ ঠাইবোৰ ধুই দিলে আৰু তেওঁ সপৰিয়ালে তেতিয়াই বাপ্তিস্ম গ্রহণ কৰিলে।
He took them the same hour of the night, and washed their stripes, and was immediately immersed, he and all his household.
34 ৩৪ তেওঁ পৌল আৰু চীলক নিজৰ ঘৰলৈ আনি খাবলৈ দিলে আৰু পৰিয়ালৰ আটায়ে ঈশ্বৰত বিশ্বাস কৰাত, তেওঁ সমস্ত পৰিয়ালে সৈতে অতিশয় আনন্দ কৰিলে।
He brought them up into his house, and set food before them, and rejoiced greatly, with all his household, having believed in God.
35 ৩৫ পিছদিনা পুৱা শাসনকর্তা সকলে পৰীয়া সকললৈ এই বার্তা দি পঠালে, “সেই মানুহকেইজনক এৰি দিয়া।”
But when it was day, the magistrates sent the sergeants, saying, "Let those men go."
36 ৩৬ কাৰাগাৰৰ অধ্যক্ষই সেই কথা পৌলক জনাই ক’লে, “শাসনকর্তা সকলে আপোনালোকক এৰি দিবৰ কাৰণে আমাৰ ওচৰলৈ বার্তা পঠাইছে; গতিকে আপোনালোক এতিয়া ওলাই আহক আৰু শান্তিৰে গুছি যাওঁক।”
The jailer reported these words to Paul, saying, "The magistrates have sent to let you go; now therefore come out, and go in peace."
37 ৩৭ কিন্তু পৌলে তেওঁলোকক ক’লে, “আমি ৰোমান নাগৰিক; আমাক বিনা বিচাৰেৰে ৰাইজৰ আগত কোবাই কাৰাবন্দী কৰি থলে। এতিয়া তেওঁলোকে আমাক গোপনে এৰি দিব বিচাৰিছে নেকি? এইটো হ’ব নোৱাৰে। তেওঁলোক নিজে ইয়ালৈ আহি আমাক বাহিৰলৈ উলিয়াই নিব লাগিব।”
But Paul said to them, "They have beaten us publicly, without a trial, men who are Romans, and have cast us into prison. Do they now release us secretly? No indeed. Let them come themselves and bring us out."
38 ৩৮ পৰীয়া সকলে শাসনকর্তা সকলৰ ওচৰলৈ গৈ এই সম্বাদ দিলে। তেতিয়া এই সম্বাদ পাই তেওঁলোকে পৌল আৰু চীলক ৰোমান লোক বুলি জানিলে আৰু তেওঁলোকে ভয় খালে।
The sergeants reported these words to the magistrates, and they were afraid when they heard that they were Romans,
39 ৩৯ পাছত শাসনকর্তা সকলে আহি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলে আৰু বন্দীশালৰ পৰা বাহিৰলৈ আনি নগৰ এৰি যাবলৈ তেওঁলোকক অনুৰোধ কৰিলে।
and they came and apologized to them. When they had brought them out, they asked them to depart from the city.
40 ৪০ পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পাছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল।
They went out of the prison, and entered into Lydia's house. When they had seen the brothers, they encouraged them, and departed.

< পাঁচনি 16 >