< পাঁচনি 14 >

1 পাছত পৌল আৰু বার্ণব্বাই ইকনিয় নগৰত সোমাই, দুয়ো একেলগে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল। তাত তেওঁলোকে এনেকৈ কথা ক’লে যে, ইহুদী আৰু গ্রীক সকলৰ বহুলোকে বিশ্বাস কৰিলে।
Ó sí ṣe, ni Ikoniomu, Paulu àti Barnaba jùmọ̀ wọ inú Sinagọgu àwọn Júù lọ, wọ́n sì sọ̀rọ̀ tó bẹ́ẹ̀ tí ọ̀pọ̀lọpọ̀ àwọn Júù àti àwọn Helleni gbàgbọ́.
2 কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে।
Ṣùgbọ́n àwọn aláìgbàgbọ́ Júù rú ọkàn àwọn aláìkọlà sókè, wọ́n sì mú wọn ni ọkàn ìkorò sí àwọn arákùnrin náà.
3 সেয়ে, পৌল আৰু বার্ণব্বাই প্রভুত থাকি, সাহসেৰে প্রচাৰ কৰি সেই নগৰতে বেছ কিছুদিন থাকিল। প্রভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্য কৰি, তেওঁৰ অনুগ্রহৰ বাক্যৰ সাক্ষ্য দিলে।
Nítorí náà Paulu àti Barnaba gbé ibẹ̀ pẹ́, wọ́n ń fi ìgboyà sọ̀rọ̀ nínú Olúwa, ẹni tí ó jẹ́rìí sí ọ̀rọ̀ oore-ọ̀fẹ́ rẹ̀, ó sì mu kí iṣẹ́ àmì àti iṣẹ́ ìyanu máa ti ọwọ́ wọn ṣe.
4 তাতে নগৰৰ লোক সকলৰ মাজত দুটা দল হ’ল; এটা দলে ইহুদী সকলৰ আৰু আনটো দলে পাঁচনি সকলৰ পক্ষ ললে।
Ṣùgbọ́n àwọn ènìyàn ìlú náà pín sí méjì: apá kan dàpọ̀ mọ́ àwọn Júù, apá kan pẹ̀lú àwọn aposteli.
5 পাছত অনা-ইহুদী আৰু ইহুদী সকলে নিজৰ অধিকাৰী সকলৰ সৈতে লগ হৈ পৌল আৰু বার্ণব্বাক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰিবলৈ ষড়যন্ত্র কৰিলে।
Bí àwọn aláìkọlà, àti àwọn Júù pẹ̀lú àwọn olórí wọn ti fẹ́ kọlù wọ́n láti fi àbùkù kàn wọ́n, àti láti sọ wọ́n ní òkúta,
6 কিন্তু পৌল আৰু বার্ণব্বাই এই বিষয়ে জানিবলৈ পোৱাত লুকায়নিয়া দেশৰ লুস্ত্ৰা ও দর্বী নগৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চললৈ পলাই গ’ল।
wọ́n gbọ́ nípa rẹ̀, wọ́n sì sálọ sí Lysra, àti Dabe, àwọn ìlú Likaonia àti sí agbègbè àyíká.
7 তেওঁলোকে সেই ঠাইবোৰতো শুভবার্তা প্রচাৰ কৰিলে।
Níbẹ̀ ni wọ́n sì ń wàásù ìyìnrere.
8 লুস্ত্ৰা নগৰত ভৰিত বল নোহোৱা, কেতিয়াও খোজ নকঢ়া ওপজাৰে পৰা খোৰা লোক এজন বহি আছিল আৰু
Ọkùnrin kan sí jókòó ni Lysra, ẹni tí ẹsẹ̀ rẹ̀ kò mókun, arọ láti inú ìyá rẹ̀ wá, tí kò rìn rí.
9 তেওঁ পৌলৰ কথাবোৰ শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চাই দেখিলে যে লোক জনৰ সুস্থ হবৰ বাবে বিশ্বাস আছে।
Ọkùnrin yìí gbọ́ bí Paulu ti ń sọ̀rọ̀: ẹni, nígbà tí ó tẹjúmọ́ ọn ti ó sì rí i pé, ó ni ìgbàgbọ́ fún ìmúláradá.
10 ১০ পৌলে তেতিয়া বৰ মাতেৰে লোক জনক ক’লে, “তুমি তোমাৰ দুই ভৰিত ভৰ দি থিয় হোৱা।” তাতে মানুহ জন লাফ মাৰি উঠিল আৰু খোজকাঢ়ি ফুৰিবলৈ ধৰিলে।
Ó wí fún un ní ohùn rara pé, “Dìde dúró ṣánṣán lórí ẹsẹ̀ rẹ!” Ó sì ń fò sókè, ó sì ń rìn.
11 ১১ পৌলে কৰা এই কার্য যেতিয়া লোক সকলে দেখা পালে, তেওঁলোকে লুকায়নিয়া ভাষাত উচ্চস্বৰে কবলৈ ধৰিলে, “মানুহৰ ৰূপ লৈ দেৱতাবোৰ আমাৰ মাজত অৱতীর্ণ হৈছে।”
Nígbà tí àwọn ènìyàn sì rí ohun tí Paulu ṣe, wọ́n gbé ohùn wọn sókè ni èdè Likaonia, wí pé, “Àwọn ọlọ́run sọ̀kalẹ̀ tọ̀ wá wá ni àwọ̀ ènìyàn!”
12 ১২ তেওঁলোকে বার্ণব্বাক “জীউছ” আৰু পৌল যিহেতু প্রধান বক্তা আছিল, সেয়েহে তেওঁক “হেৰমেনাচ” বুলি কবলৈ ধৰিলে।
Wọn sì pe Barnaba ni Seusi àti Paulu ni Hermesi nítorí òun ni olórí ọ̀rọ̀ sísọ.
13 ১৩ নগৰৰ ঠিক বাহিৰতে জীউছৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান ষাঁড় গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল; পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসর্গ কৰিবলৈ বিচাৰিলে।
Àlùfáà Seusi, ẹni ti ilé òrìṣà rẹ̀ wá lẹ́yìn odi ìlú wọn sì mú màlúù àti màrìwò wá sí ẹnu ibodè láti rú ẹbọ pẹ̀lú ìjọ ènìyàn sí àwọn aposteli wọ̀nyí.
14 ১৪ কিন্তু পাঁচনি বার্ণব্বা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোক সকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক’লে,
Ṣùgbọ́n nígbà tí àwọn aposteli Barnaba àti Paulu gbọ́, wọ́n fa aṣọ wọn ya, wọn sí súré wọ inú àwùjọ, wọn ń ké rara pé:
15 ১৫ “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
“Ará, èéṣe ti ẹ̀yin fi ń ṣe nǹkan wọ̀nyí? Ènìyàn bí ẹ̀yin náà ni àwa ń ṣe pẹ̀lú, ti a sì ń wàásù ìyìnrere fún yín, kí ẹ̀yin ba à lè yípadà kúrò nínú ohun asán wọ̀nyí sí Ọlọ́run alààyè, tí ó dá ọ̀run àti ayé, òkun, àti ohun gbogbo tí ń bẹ nínú wọn.
16 ১৬ অতীতত তেওঁ সকলো জাতিক নিজৰ ইচ্ছানুসাৰে চলিবলৈ দিছিল।
Ní ìran tí ó ti kọjá, ó faradà á fún gbogbo orílẹ̀-èdè, láti máa rìn ni ọ̀nà tiwọn.
17 ১৭ কিন্তু তথাপি তেওঁ নিজৰ বিষয়ে প্রমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মঙ্গল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দেৰে পূর্ণ কৰে।”
Ṣùgbọ́n kò fi ara rẹ̀ sílẹ̀ ní àìní ẹ̀rí, ní ti pé ó ṣe rere, ó ń fún yín lójò láti ọ̀run wá, àti ni àkókò èso, ó ń fi oúnjẹ àti ayọ̀ kún ọkàn yín.”
18 ১৮ এইবোৰ কথা কৈ পৌল আৰু বার্ণব্বাই তেওঁলোকৰ উদ্দেশ্যে বলি উৎসর্গ কৰাৰ পৰা লোক সকলক কোনো মতেহে বাধা দি ৰাখিলে।
Díẹ̀ ni ó kù kí wọn má le fi ọ̀rọ̀ wọ̀nyí dá àwọn ènìyàn dúró, kí wọn má ṣe rú ẹbọ bọ wọ́n.
19 ১৯ ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।
Àwọn Júù kan sì ti Antioku àti Ikoniomu wá, nígbà tí wọ́n yí àwọn ènìyàn lọ́kàn padà, wọ́n sì sọ Paulu ní òkúta, wọ́n wọ́ ọ kúrò sí ẹ̀yin odi ìlú náà, wọn ṣe bí ó ti kú.
20 ২০ কিন্তু শিষ্য সকল আহি তেওঁক আগুৰি ধৰি থিয় হ’ল আৰু তাৰ পাছত তেওঁ উঠি পুনৰ নগৰলৈ গ’ল। পিছদিনা পৌল, বার্ণব্বাৰে সৈতে দর্বী নগৰলৈ গ’ল।
Ṣùgbọ́n nígbà tí àwọn ọmọ-ẹ̀yìn dúró ti i yíká, ó dìde ó sì padà wọ inú ìlú náà lọ. Ní ọjọ́ kejì ó bá Barnaba lọ sí Dabe.
21 ২১ সেই নগৰত তেওঁলোকে শুভবার্তা প্রচাৰ কৰিলে আৰু বহু লোক যীচুৰ শিষ্য হ’ল। পুনৰ তেওঁলোক লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উলটি গ’ল।
Nígbà tí wọ́n sì ti wàásù ìyìnrere fún ìlú náà, tí wọ́n sì ni ọmọ-ẹ̀yìn púpọ̀, wọn padà lọ sí Lysra, àti Ikoniomu, àti Antioku,
22 ২২ তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
wọn sì ń mú àwọn ọmọ-ẹ̀yìn lọ́kàn le, wọ́n sì ń gbà wọ́n níyànjú láti dúró nínú ìgbàgbọ́, àti pé nínú ìpọ́njú púpọ̀, ni àwa ó fi wọ ìjọba Ọlọ́run.
23 ২৩ পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
Nígbà tí wọ́n sì ti yan àwọn alàgbà fún olúkúlùkù ìjọ, tí wọn sì ti fi àwẹ̀ gbàdúrà, wọn fi wọ́n lé Olúwa lọ́wọ, ẹni tí wọn gbàgbọ́.
24 ২৪ ইয়াৰ পাছত তেওঁলোক পিচিদিয়া প্রদেশৰ মাজেদি পাম্ফুলিয়ালৈ আহিল।
Nígbà tí wọn sí la Pisidia já, wọ́n wá sí Pamfilia.
25 ২৫ তেওঁলোকে পৰ্গাত বাক্য প্রচাৰ কৰি আত্তালিয়ালৈ গ’ল।
Nígbà tí wọn sì ti sọ ọ̀rọ̀ náà ni Perga, wọ́n sọ̀kalẹ̀ lọ sí Atalia.
26 ২৬ তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
Àti láti ibẹ̀ lọ wọ́n ṣíkọ̀ lọ sí Antioku ní ibi tí a gbé ti fi wọ́n lé oore-ọ̀fẹ́ Ọlọ́run lọ́wọ́, fún iṣẹ́ tí wọ́n ṣe parí.
27 ২৭ আন্তিয়খিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসী সকলক একত্রিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা-ইহুদী সকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক’লে।
Nígbà tí wọ́n sì dé, tí wọ́n sì pé ìjọ jọ, wọ́n ròhìn gbogbo ohun tí Ọlọ́run fi wọ́n ṣe, àti bí ó ti ṣí ìlẹ̀kùn ìgbàgbọ́ fún àwọn aláìkọlà.
28 ২৮ তাৰ পাছত পৌল আৰু বার্ণব্বা শিষ্য সকলৰ সৈতে সেই ঠাইত ভালেমান দিনলৈ থাকিল।
Níbẹ̀ ni wọ́n ń gbé pẹ̀lú àwọn ọmọ-ẹ̀yìn ni ọjọ́ púpọ̀.

< পাঁচনি 14 >