< ৩ যোহন 1 >

1 যি জনক মই সত্যৰে প্ৰেম কৰোঁ, সেই জন প্ৰিয় পৰিচাৰক গায়ৰ সমীপলৈ৷
ಪ್ರಾಚೀನೋ ಽಹಂ ಸತ್ಯಮತಾದ್ ಯಸ್ಮಿನ್ ಪ್ರೀಯೇ ತಂ ಪ್ರಿಯತಮಂ ಗಾಯಂ ಪ್ರತಿ ಪತ್ರಂ ಲಿಖಾಮಿ|
2 হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।
ಹೇ ಪ್ರಿಯ, ತವಾತ್ಮಾ ಯಾದೃಕ್ ಶುಭಾನ್ವಿತಸ್ತಾದೃಕ್ ಸರ್ವ್ವವಿಷಯೇ ತವ ಶುಭಂ ಸ್ವಾಸ್ಥ್ಯಞ್ಚ ಭೂಯಾತ್|
3 যেতিয়া ভাই সকলে আহি আপোনাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ আপুনি যে সত্যক ধৰি ৰাখি জীৱন-যাপন কৰি আছে, সেই বিষয়ে সাক্ষ্য দিয়াত, মই অতিশয় আনন্দিত হ’লোঁ।
ಭ್ರಾತೃಭಿರಾಗತ್ಯ ತವ ಸತ್ಯಮತಸ್ಯಾರ್ಥತಸ್ತ್ವಂ ಕೀದೃಕ್ ಸತ್ಯಮತಮಾಚರಸ್ಯೇತಸ್ಯ ಸಾಕ್ಷ್ಯೇ ದತ್ತೇ ಮಮ ಮಹಾನನ್ದೋ ಜಾತಃ|
4 মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন ক’ত নাই।
ಮಮ ಸನ್ತಾನಾಃ ಸತ್ಯಮತಮಾಚರನ್ತೀತಿವಾರ್ತ್ತಾತೋ ಮಮ ಯ ಆನನ್ದೋ ಜಾಯತೇ ತತೋ ಮಹತ್ತರೋ ನಾಸ್ತಿ|
5 হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাই সকলৰ কাৰণে যেতিয়া কর্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বস্তাৰ অনুশীলন,
ಹೇ ಪ್ರಿಯ, ಭ್ರಾತೃನ್ ಪ್ರತಿ ವಿಶೇಷತಸ್ತಾನ್ ವಿದೇಶಿನೋ ಭೃತೃನ್ ಪ್ರತಿ ತ್ವಯಾ ಯದ್ಯತ್ ಕೃತಂ ತತ್ ಸರ್ವ್ವಂ ವಿಶ್ವಾಸಿನೋ ಯೋಗ್ಯಂ|
6 তেওঁলোকে আপোনাত জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্য ৰূপে মণ্ডলীৰ সন্মুখত আপোনাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্ৱৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত আপুনি আগবঢ়াই সাহায্য কৰি ভালেই কৰিলে৷
ತೇ ಚ ಸಮಿತೇಃ ಸಾಕ್ಷಾತ್ ತವ ಪ್ರಮ್ನಃ ಪ್ರಮಾಣಂ ದತ್ತವನ್ತಃ, ಅಪರಮ್ ಈಶ್ವರಯೋಗ್ಯರೂಪೇಣ ತಾನ್ ಪ್ರಸ್ಥಾಪಯತಾ ತ್ವಯಾ ಸತ್ಕರ್ಮ್ಮ ಕಾರಿಷ್ಯತೇ|
7 কিয়নো তেওঁলোকে অনা-ইহুদী সকলৰ পৰা একো নলৈ, প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল।
ಯತಸ್ತೇ ತಸ್ಯ ನಾಮ್ನಾ ಯಾತ್ರಾಂ ವಿಧಾಯ ಭಿನ್ನಜಾತೀಯೇಭ್ಯಃ ಕಿಮಪಿ ನ ಗೃಹೀತವನ್ತಃ|
8 এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।
ತಸ್ಮಾದ್ ವಯಂ ಯತ್ ಸತ್ಯಮತಸ್ಯ ಸಹಾಯಾ ಭವೇಮ ತದರ್ಥಮೇತಾದೃಶಾ ಲೋಕಾ ಅಸ್ಮಾಭಿರನುಗ್ರಹೀತವ್ಯಾಃ|
9 মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে।
ಸಮಿತಿಂ ಪ್ರತ್ಯಹಂ ಪತ್ರಂ ಲಿಖಿತವಾನ್ ಕಿನ್ತು ತೇಷಾಂ ಮಧ್ಯೇ ಯೋ ದಿಯತ್ರಿಫಿಃ ಪ್ರಧಾನಾಯತೇ ಸೋ ಽಸ್ಮಾನ್ ನ ಗೃಹ್ಲಾತಿ|
10 ১০ এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে।
ಅತೋ ಽಹಂ ಯದೋಪಸ್ಥಾಸ್ಯಾಮಿ ತದಾ ತೇನ ಯದ್ಯತ್ ಕ್ರಿಯತೇ ತತ್ ಸರ್ವ್ವಂ ತಂ ಸ್ಮಾರಯಿಷ್ಯಾಮಿ, ಯತಃ ಸ ದುರ್ವ್ವಾಕ್ಯೈರಸ್ಮಾನ್ ಅಪವದತಿ, ತೇನಾಪಿ ತೃಪ್ತಿಂ ನ ಗತ್ವಾ ಸ್ವಯಮಪಿ ಭ್ರಾತೃನ್ ನಾನುಗೃಹ್ಲಾತಿ ಯೇ ಚಾನುಗ್ರಹೀತುಮಿಚ್ಛನ್ತಿ ತಾನ್ ಸಮಿತಿತೋ ಽಪಿ ಬಹಿಷ್ಕರೋತಿ|
11 ১১ হে প্ৰিয়, আপুনি দুষ্কৰ্মৰ অনুকাৰী নহব, কিন্তু সৎ কৰ্মৰ অনুকাৰী হওক। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই।
ಹೇ ಪ್ರಿಯ, ತ್ವಯಾ ದುಷ್ಕರ್ಮ್ಮ ನಾನುಕ್ರಿಯತಾಂ ಕಿನ್ತು ಸತ್ಕರ್ಮ್ಮೈವ| ಯಃ ಸತ್ಕರ್ಮ್ಮಾಚಾರೀ ಸ ಈಶ್ವರಾತ್ ಜಾತಃ, ಯೋ ದುಷ್ಕರ್ಮ್ಮಾಚಾರೀ ಸ ಈಶ್ವರಂ ನ ದೃಷ್ಟವಾನ್|
12 ১২ দীমীত্ৰিয় সকলোৰে বাবে সাক্ষ্য, এনে কি, স্বয়ং সত্যৰ দ্বাৰায়ো সাক্ষ্য দিয়া হৈছে; আমিও সাক্ষ্য দিছোঁ; আৰু আমাৰ সাক্ষ্য যে সত্য, সেই বিষয়ে আপুনি জানে।
ದೀಮೀತ್ರಿಯಸ್ಯ ಪಕ್ಷೇ ಸರ್ವ್ವೈಃ ಸಾಕ್ಷ್ಯಮ್ ಅದಾಯಿ ವಿಶೇಷತಃ ಸತ್ಯಮತೇನಾಪಿ, ವಯಮಪಿ ತತ್ಪಕ್ಷೇ ಸಾಕ್ಷ್ಯಂ ದದ್ಮಃ, ಅಸ್ಮಾಕಞ್ಚ ಸಾಕ್ಷ್ಯಂ ಸತ್ಯಮೇವೇತಿ ಯೂಯಂ ಜಾನೀಥ|
13 ১৩ আপোনালৈ লিখিবৰ বাবে মোৰ অনেক কথা আছিল; কিন্তু চিয়াঁহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ;
ತ್ವಾಂ ಪ್ರತಿ ಮಯಾ ಬಹೂನಿ ಲೇಖಿತವ್ಯಾನಿ ಕಿನ್ತು ಮಸೀಲೇಖನೀಭ್ಯಾಂ ಲೇಖಿತುಂ ನೇಚ್ಛಾಮಿ|
14 ১৪ বৰং আশা কৰোঁ যে, আপোনাক অতি সোনকালে দেখিবলৈ পাম আৰু তেতিয়া মুখা-মুখি হৈ কথা-বতৰা পাতিম। আপোনাৰ শান্তি হওক। আপোনাৰ বন্ধু সকলে আপোনাক সম্ভাষণ জনাইছে। আপুনিও আপোনাৰ বন্ধু সকলক মোৰ নামেৰে সম্ভাষণ জনাব৷
ಅಚಿರೇಣ ತ್ವಾಂ ದ್ರಕ್ಷ್ಯಾಮೀತಿ ಮಮ ಪ್ರತ್ಯಾಶಾಸ್ತೇ ತದಾವಾಂ ಸಮ್ಮುಖೀಭೂಯ ಪರಸ್ಪರಂ ಸಮ್ಭಾಷಿಷ್ಯಾವಹೇ| ತವ ಶಾನ್ತಿ ರ್ಭೂಯಾತ್| ಅಸ್ಮಾಕಂ ಮಿತ್ರಾಣಿ ತ್ವಾಂ ನಮಸ್ಕಾರಂ ಜ್ಞಾಪಯನ್ತಿ ತ್ವಮಪ್ಯೇಕೈಕಸ್ಯ ನಾಮ ಪ್ರೋಚ್ಯ ಮಿತ್ರೇಭ್ಯೋ ನಮಸ್ಕುರು| ಇತಿ|

< ৩ যোহন 1 >