< ২ তীমথিয় 3 >

1 কিন্তু ইয়াকে জানিবা যে, শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব।
But this know, that in the last days there will be difficult times;
2 কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,
for men will be selfish, covetous, arrogant, proud, blasphemers, undutiful to parents, ungrateful, unholy,
3 স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয়-দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা,
without natural affection, perfidious, false accusers, intemperate, savage, enemies to the good, traitors,
4 বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং সুখ প্ৰিয় হব৷
headstrong, conceited, lovers of pleasure more than lovers of God,
5 তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।
having a form of godliness, but strangers to the power of it: from such turn away.
6 কিয়নো তেওঁলোকৰ কিছুমান মানুহে, ছলেৰে পৰৰ ঘৰত সোমাই, নির্ব্বুদ্ধি তিৰোতা সকলক মোহিত কৰি বন্দীনীৰ তুল্য কৰিলে আৰু পাপত ভাৰাক্ৰান্ত কৰি নানা বিধ অভিলাষেৰে চালিত কৰিলে৷
For of these are they who insinuate themselves into families, and captivate weak women, that are laden with sins,
7 এই তিৰোতা সকলে সদায় নতুন শিক্ষা পাবৰ বাবে চেষ্টা কৰে, কিন্তু সত্যৰ তত্ব-জ্ঞান পাবলৈ হলে কেতিয়াও সমর্থ নহয়৷
and led away by various lusts, always learning and never able to come to the knowledge of the truth.
8 যেনেকৈ যান্নি আৰু যামব্ৰিয়ে মোচিৰ বিৰোধীতা কৰিছিল, তেনেকৈ এই মিছা শিক্ষক সকলেও সত্যতাৰ প্ৰতিৰোধ কৰিছিল৷ তেখেত সকল মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক৷।
And as Jannes and Jambres withstood Moses, so do these also withstand the truth; being men of corrupt minds, and of no judgement in the faith.
9 কিন্তু তেখেত সকলে অধিক আগবাঢ়িব নোৱাৰিব, কিয়নো সেই দুজনৰ দৰে, তেখেত সকলৰো মূর্খতা সকলোৰে আগত প্ৰকাশিত হব।
But they shall not proceed far: for their folly shall be evident to all, as theirs also was.
10 ১০ কিন্তু তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য,
But thou art well acquainted with my doctrine, conduct, purpose, faith, long-suffering, charity, patience, persecutions,
11 ১১ তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, সেই বিষয়েও তুমি জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰা ঈশ্ৱৰেহে মোক উদ্ধাৰ কৰিলে৷
sufferings, which befel me at Antioch, in Iconium, in Lystra; what persecutions I endured, and how the Lord delivered me out of them all.
12 ১২ আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব।
And indeed all, that are desirous to live godly in Christ Jesus, shall suffer persecution.
13 ১৩ কিন্তু দুষ্ট আৰু প্ৰবঞ্চক সকলে কিছুমান লোকক বিপথে লৈ যাব আৰু নিজেও ভ্ৰান্ত হৈ অধিকৰূপে মন্দ হৈ যাব।
But wicked men and impostors will grow worse and worse, deceiving and being deceived.
14 ১৪ কিন্তু তুমি যি যি শিকিলা আৰু দৃঢ়তাৰে যি বিশ্বাস পালা, সেই শিক্ষাতে স্থিৰে থাকা, কিয়নো কোন ব্যক্তিৰ পৰা সেই শিক্ষা পালা, সেই বিষয়ে তুমি জানা।
But continue thou in the things which thou hast learnt, and been assured of, knowing from whom thou hast learned them;
15 ১৫ আৰু যি পবিত্ৰ বিধান-শাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্রাণৰ অর্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা।
and that from a child thou hast known the holy scriptures, which are able to make thee wise unto salvation, through faith in Christ Jesus: for all scripture is by inspiration from God,
16 ১৬ সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক;
and is profitable for doctrine, for conviction, for correction, for instruction in righteousness;
17 ১৭ যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷
that the man of God may be complete, thoroughly fitted for every good work.

< ২ তীমথিয় 3 >