< ২ থিচলনীকীয়া 2 >

1 হে ভাইসকল, এতিয়া আমি আপোনালোকক অনুৰোধ কৰোঁ যে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণ আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে আপোনালোকে জানি লওক,
ερωτωμεν δε υμας αδελφοι υπερ της παρουσιας του κυριου ημων ιησου χριστου και ημων επισυναγωγης επ αυτον
2 আমি অাপোনালোকক কওঁ, ‘প্ৰভুৰ দিন ইতিমধ্যে আহিল’ এই বুলি আপোনালোকৰ মন সহজতে অস্থিৰ নহওক নাইবা ব্যাকুল নহওক; কিয়নো কোনো কোনোৱে হয়তো আত্মাৰ দ্বাৰাই বা অন্য কাৰোবাৰ কথাৰ দ্বাৰাই অথবা আমি লিখা কোনো চিঠিৰ দ্বাৰাই এই বুলি ক’ব পাৰে।
εις το μη ταχεως σαλευθηναι υμας απο του νοος μητε θροεισθαι μητε δια πνευματος μητε δια λογου μητε δι επιστολης ως δι ημων ως οτι ενεστηκεν η ημερα του χριστου
3 আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব।
μη τις υμας εξαπατηση κατα μηδενα τροπον οτι εαν μη ελθη η αποστασια πρωτον και αποκαλυφθη ο ανθρωπος της αμαρτιας ο υιος της απωλειας
4 ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।
ο αντικειμενος και υπεραιρομενος επι παντα λεγομενον θεον η σεβασμα ωστε αυτον εις τον ναον του θεου ως θεον καθισαι αποδεικνυντα εαυτον οτι εστιν θεος
5 এইবোৰ যে ঘটিব সেই কথা মই আপোনালোকৰ লগত থাকোতেই আপোনালোকক কৈছিলোঁ; সেই বিষয়ে আপোনালোকৰ মনত নপৰে নে?
ου μνημονευετε οτι ετι ων προς υμας ταυτα ελεγον υμιν
6 সেই অবাধ্যতাৰ পুৰুষক কেৱল তাৰ নিৰূপিত কালতহে প্ৰকাশিত হবলৈ কিহে বাধা দি ৰাখিছে, সেয়া আপোনালোকে জানে।
και νυν το κατεχον οιδατε εις το αποκαλυφθηναι αυτον εν τω εαυτου καιρω
7 কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই ইতিমধ্যে কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়ে থাকিব।
το γαρ μυστηριον ηδη ενεργειται της ανομιας μονον ο κατεχων αρτι εως εκ μεσου γενηται
8 তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমণৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব।
και τοτε αποκαλυφθησεται ο ανομος ον ο κυριος αναλωσει τω πνευματι του στοματος αυτου και καταργησει τη επιφανεια της παρουσιας αυτου
9 চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
ου εστιν η παρουσια κατ ενεργειαν του σατανα εν παση δυναμει και σημειοις και τερασιν ψευδους
10 ১০ বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে।
και εν παση απατη της αδικιας εν τοις απολλυμενοις ανθ ων την αγαπην της αληθειας ουκ εδεξαντο εις το σωθηναι αυτους
11 ১১ সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।
και δια τουτο πεμψει αυτοις ο θεος ενεργειαν πλανης εις το πιστευσαι αυτους τω ψευδει
12 ১২ যি সকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ বিচাৰ হ’ব।
ινα κριθωσιν παντες οι μη πιστευσαντες τη αληθεια αλλ ευδοκησαντες εν τη αδικια
13 ১৩ প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো আপোনালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
ημεις δε οφειλομεν ευχαριστειν τω θεω παντοτε περι υμων αδελφοι ηγαπημενοι υπο κυριου οτι ειλετο υμας ο θεος απ αρχης εις σωτηριαν εν αγιασμω πνευματος και πιστει αληθειας
14 ১৪ আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্রণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমাৰ ভাগী হয়।
εις ο εκαλεσεν υμας δια του ευαγγελιου ημων εις περιποιησιν δοξης του κυριου ημων ιησου χριστου
15 ১৫ এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখক।
αρα ουν αδελφοι στηκετε και κρατειτε τας παραδοσεις ας εδιδαχθητε ειτε δια λογου ειτε δι επιστολης ημων
16 ১৬ এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক; (aiōnios g166)
αυτος δε ο κυριος ημων ιησους χριστος και ο θεος και πατηρ ημων ο αγαπησας ημας και δους παρακλησιν αιωνιαν και ελπιδα αγαθην εν χαριτι (aiōnios g166)
17 ১৭ আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।
παρακαλεσαι υμων τας καρδιας και στηριξαι υμας εν παντι λογω και εργω αγαθω

< ২ থিচলনীকীয়া 2 >