< ২ থিচলনীকীয়া 1 >

1 পৌল, চীল আৰু তীমথিয়, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ,
Mimi Paulo, Silwano na Timotheo tunawaandikia ninyi jumuiya ya kanisa la Thesalonike, ambao ni watu wake Mungu Baba yetu na wa Bwana Yesu Kristo.
2 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু শান্তি আপোনালোকৰ সহবর্তী হওক।
Tunawatakieni neema na amani kutoka kwa Mungu Baba yetu na kwa Bwana Yesu Kristo.
3 ভাইসকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে;
Ndugu, tunapaswa kushukuru Mungu daima kwa ajili yenu. Inafaa kwetu kufanya hivyo kwani imani yenu inakua sana na kupendana kwenu kunaongezeka sana.
4 আপোনালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছে, সেই সকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ।
Ndio maana sisi tunajivunia ninyi katika makanisa ya Mungu. Tunaona fahari juu ya jinsi mnavyoendelea kuamini na kustahimili katika udhalimu wote na mateso mnayopata.
5 এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হব।
Hayo yote yanathibitisha kwamba hukumu ya Mungu ni ya haki, na matokeo yake ninyi mtastahili Utawala wake ambao kwa ajili yake mnateseka.
6 ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক ক্লেশ দিব,
Mungu atafanya jambo la haki: atawalipa mateso wale wanaowatesa ninyi,
7 আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমশালী দূত সকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব;
na kuwapeni nafuu ninyi mnaoteseka, na sisi pia. Atafanya jambo hilo wakati Bwana atakapotokea kutoka mbinguni pamoja na malaika wake na wakuu
8 তেতিয়া যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তা পালন নকৰে, সেই লোক সকলক তেওঁ দণ্ড দিব।
na miali ya moto, kuwaadhibu wale wanaomkataa Mungu na wale wasiotii Habari Njema ya Bwana wetu Yesu.
9 তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব। (aiōnios g166)
Adhabu yao itakuwa kuangamizwa milele na kutengwa mbali na utukufu wake mkuu, (aiōnios g166)
10 ১০ সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।
wakati atakapokuja Siku ile kupokea utukufu kutoka kwa watu wake na heshima kutoka kwa wote wanaoamini. Ninyi pia mtakuwa miongoni mwao, kwani mmeuamini ule ujumbe tuliowaletea.
11 ১১ এই কাৰণে আমিও আপোনালোকৰ বাবে সদায় প্ৰাৰ্থনা কৰি থাকোঁ, যাতে আমাৰ ঈশ্বৰে আপোনালোকক তেওঁৰ আমন্ত্রণৰ যোগ্যপাত্র বুলি গণ্য কৰিব৷ তাতে তেওঁৰ শক্তিত আপোনালোকে যেন মঙ্গলভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা আৰু বিশ্বাসৰ প্রতিটো কার্য যেন সম্পূর্ণ কৰে;
Ndiyo maana tunawaombeeni daima. Tunamwomba Mungu wetu awawezeshe muyastahili maisha aliyowaitia myaishi. Tunamwomba, kwa uwezo wake, atimize nia yenu ya kutenda mema na kukamilisha kazi yenu ya imani.
12 ১২ তাতে যেন আমাৰ ঈশ্বৰ আৰু প্রভু যীচু খ্রীষ্টৰ অনুগ্রহ অনুসাৰে আমাৰ প্রভু যীচুৰ নাম আপোনালোকৰ দ্বাৰাই মহিমাম্বিত হয় আৰু আপোনালোকো তেওঁত মহিমান্বিত হওক।
Kwa namna hiyo, jina la Bwana wetu Yesu litapata utukufu kutoka kwenu, nanyi mtapata utukufu kutoka kwake kwa neema ya Mungu wetu na ya Bwana Yesu Kristo.

< ২ থিচলনীকীয়া 1 >