< ২ থিচলনীকীয়া 1 >

1 পৌল, চীল আৰু তীমথিয়, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ,
Paul, and Sylvanus, and Timothy, to the church of the Thessalonians in God our Father, and the Lord Jesus Christ.
2 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু শান্তি আপোনালোকৰ সহবর্তী হওক।
Grace unto you, and peace from God our Father, and from the Lord Jesus Christ.
3 ভাইসকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে;
We are bound to give thanks always to God for you, brethren, as it is fitting, because your faith groweth exceedingly, and the charity of every one of you towards each other, aboundeth:
4 আপোনালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছে, সেই সকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ।
So that we ourselves also glory in you in the churches of God, for your patience and faith, and in all your persecutions and tribulations, which you endure,
5 এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হব।
For an example of the just judgment of God, that you may be counted worthy of the kingdom of God, for which also you suffer.
6 ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক ক্লেশ দিব,
Seeing it is a just thing with God to repay tribulation to them that trouble you:
7 আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমশালী দূত সকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব;
And to you who are troubled, rest with us when the Lord Jesus shall be revealed from heaven, with the angels of his power:
8 তেতিয়া যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তা পালন নকৰে, সেই লোক সকলক তেওঁ দণ্ড দিব।
In a flame of fire, giving vengeance to them who know not God, and who obey not the gospel of our Lord Jesus Christ.
9 তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব। (aiōnios g166)
Who shall suffer eternal punishment in destruction, from the face of the Lord, and from the glory of his power: (aiōnios g166)
10 ১০ সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।
When he shall come to be glorified in his saints, and to be made wonderful in all them who have believed; because our testimony was believed upon you in that day.
11 ১১ এই কাৰণে আমিও আপোনালোকৰ বাবে সদায় প্ৰাৰ্থনা কৰি থাকোঁ, যাতে আমাৰ ঈশ্বৰে আপোনালোকক তেওঁৰ আমন্ত্রণৰ যোগ্যপাত্র বুলি গণ্য কৰিব৷ তাতে তেওঁৰ শক্তিত আপোনালোকে যেন মঙ্গলভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা আৰু বিশ্বাসৰ প্রতিটো কার্য যেন সম্পূর্ণ কৰে;
Wherefore also we pray always for you; that our God would make you worthy of his vocation, and fulfill all the good pleasure of his goodness and the work of faith in power;
12 ১২ তাতে যেন আমাৰ ঈশ্বৰ আৰু প্রভু যীচু খ্রীষ্টৰ অনুগ্রহ অনুসাৰে আমাৰ প্রভু যীচুৰ নাম আপোনালোকৰ দ্বাৰাই মহিমাম্বিত হয় আৰু আপোনালোকো তেওঁত মহিমান্বিত হওক।
That the name of our Lord Jesus may be glorified in you, and you in him, according to the grace of our God, and of the Lord Jesus Christ.

< ২ থিচলনীকীয়া 1 >