< ২ সামুয়েল 9 >

1 পাছে দায়ূদে সুধিলে, “মই যোনাথনৰ কাৰণে যিজনলৈ দয়া ব্যৱহাৰ কৰিব পাৰিম, এনে চৌলৰ বংশৰ কোনো এতিয়াও অৱশিষ্ট আছেনে?”
et dixit David putasne est aliquis qui remanserit de domo Saul ut faciam cum eo misericordiam propter Ionathan
2 তাতে চীবা নামেৰে চৌলৰ যি এজন দাস আছিল, তেওঁক দায়ূদৰ ওচৰলৈ মাতি অনাত, ৰজাই তেওঁক সুধিলে, “তুমি চীবা হোৱানে?” তেওঁ ক’লে, “আপোনাৰ দাস মই, সেয়ে হওঁ।”
erat autem de domo Saul servus nomine Siba quem cum vocasset rex ad se dixit ei tune es Siba et ille respondit ego sum servus tuus
3 পাছত ৰজাই সুধিলে, “মই ঈশ্বৰলৈ চাই যিজনক দয়া কৰিব পাৰোঁ, চৌলৰ বংশৰ এনে কোনো অৱশিষ্ট লোক নাই নে?” তাতে চীবাই ৰজাক ক’লে, “যোনাথনৰ দুয়োখন ভৰি খোৰা হোৱা এটি পুত্ৰ এতিয়াও অৱশিষ্ট আছে।”
et ait rex num superest aliquis de domo Saul ut faciam cum eo misericordiam Dei dixitque Siba regi superest filius Ionathan debilis pedibus
4 ৰজাই তেওঁক সুধিলে, “তেওঁ ক’ত আছে?” চীবাই ৰজাক ক’লে, “চাওক, তেওঁ লো-দবৰাত অম্মীয়েলৰ পুতেক মাখীৰৰ ঘৰত আছে।”
ubi inquit est et Siba ad regem ecce ait in domo est Machir filii Amihel in Lodabar
5 তেতিয়া দায়ুদ ৰজাই লো-দবৰালৈ মানুহ পঠিয়াই অম্মীয়েলৰ পুত্ৰ মাখীৰৰ ঘৰৰ পৰা তেওঁক অনোৱালে।
misit ergo rex David et tulit eum de domo Machir filii Amihel de Lodabar
6 পাছে চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ সেই মফিবোচতে, দায়ূদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দায়ূদে ক’লে, “হে মফিবোচৎ”, তেওঁ উত্তৰ দিলে, “চাওক, আপোনাৰ দাস আছোঁ।”
cum autem venisset Mifiboseth filius Ionathan filii Saul ad David corruit in faciem suam et adoravit dixitque David Mifiboseth qui respondit adsum servus tuus
7 তেতিয়া দায়ূদে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো মই তোমাৰ পিতৃ যোনাথনৰ কাৰণে অৱশ্যে দয়া কৰিম আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম; আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।”
et ait ei David ne timeas quia faciens faciam in te misericordiam propter Ionathan patrem tuum et restituam tibi omnes agros Saul patris tui et tu comedes panem in mensa mea semper
8 তাতে মফীবোচতে প্ৰণিপাত কৰি ক’লে, “আপোনাৰ দাস মইনো কোন, যে মৰা কুকুৰৰ সদৃশ যি মই, মোলৈ আপুনি সু-দৃষ্টি কৰিছে?”
qui adorans eum dixit quis ego sum servus tuus quoniam respexisti super canem mortuum similem mei
9 পাছে ৰজাই চৌলৰ দাস সেই চীবাক মতাই ক’লে, “মই তোমাৰ প্ৰভুৰ পুত্ৰক, চৌলৰ আৰু তেওঁৰ সকলো বংশৰ সৰ্ব্বস্বকে দিলোঁ।
vocavit itaque rex Sibam puerum Saul et dixit ei omnia quaecumque fuerunt Saul et universam domum eius dedi filio domini tui
10 ১০ এই হেতুকে তুমি আৰু তোমাৰ পুত্ৰসকলে আৰু তোমাৰ বন্দীবোৰেও একেলগে তেওঁৰ সেই মাটিত খেতি কৰিবা আৰু তোমাৰ প্ৰভুৰ পুত্ৰৰ আহাৰৰ বাবে তাত উৎপন্ন হোৱা শস্য আনি দিবা৷ কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফিবোচতে সদায় মোৰ মেজতহে ভোজন কৰিব।” সেই চীবাৰ পোন্ধৰজন পুতেক আৰু বিশজন দাস আছিল।
operare igitur ei terram tu et filii tui et servi tui et inferes filio domini tui cibos ut alatur Mifiboseth autem filius domini tui comedet semper panem super mensam meam erant autem Sibae quindecim filii et viginti servi
11 ১১ তেতিয়া চীবাই ৰজাক ক’লে, “মোৰ প্ৰভু মহাৰাজে, তেওঁৰ এই দাসক যি আজ্ঞা দিছে, সেই দৰে তেওঁৰ এই দাসে সকলোকেই কৰিব।” ৰজাই আৰু কলে, “মফিবোচতে ৰাজকোঁৱৰৰ মাজৰ এজনৰ দৰে মোৰ মেজত ভোজন কৰিব।”
dixitque Siba ad regem sicut iussisti domine mi rex servo tuo sic faciet servus tuus et Mifiboseth comedet super mensam tuam quasi unus de filiis regis
12 ১২ সেই মফিবোচতৰ মীখা নামেৰে এজন ডেকা পুত্ৰ আছিল। চীবাৰ ঘৰত থকা আটাই লোক মফীবোচতৰ দাস আছিল।
habebat autem Mifiboseth filium parvulum nomine Micha omnis vero cognatio domus Siba serviebat Mifiboseth
13 ১৩ আৰু মফিবোচতে যিৰূচালেমতে নিবাস কৰিলে আৰু তেওঁ নিতে নিতে ৰজাৰ মেজত ভোজন কৰিলে; যদিওবা তেওঁৰ দুয়োখন ভৰি খোৰা আছিল।
porro Mifiboseth habitabat in Hierusalem quia de mensa regis iugiter vescebatur et erat claudus utroque pede

< ২ সামুয়েল 9 >