< ২ সামুয়েল 23 >

1 এয়ে দায়ূদৰ শেহতীয়া কথা। যিচয়ৰ পুত্ৰ দায়ুদ, উচ্চ সন্মানীয় পুৰুষ, যাকোবৰ ঈশ্বৰৰ দ্বাৰাই অভিষিক্ত এজন, এজন ইস্ৰায়েলৰ মধুৰ স্তুতি গীত গাওঁতা৷
Dette er Davids sidste Ord; Saa siger David, Isajs Søn, saa siger Manden, Højt ophøjet, Jakobs Guds salvede, Helten i Israels Sange:
2 “মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা ক’লে, তেওঁৰ বাক্য মোৰ জিভাত আছিল৷
Ved mig talede HERRENS Aand, hans Ord var paa min Tunge.
3 ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
Jakobs Gud talede til mig, Israels Klippe sagde: »En retfærdig Hersker blandt Mennesker, en, der hersker i Gudsfrygt,
4 তেওঁ সূৰ্য উদয় হোৱা কালৰ সেই প্ৰভাতৰ দীপ্তিস্বৰূপ, মেঘ নথকা প্ৰভাত সদৃশ, যেতিয়া পৃথিৱীত তৃণ গজে, বৰষুণৰ পাছত সূৰ্যৰ কিৰণৰ দ্বাৰাই।
han straaler som Morgenrøden, som den skyfri Morgensol, der fremlokker Urter af Jorden efter Regn.«
5 স্বৰূপেই ঈশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয় নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃঙ্খলাযুক্ত আৰু সত্য? কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মঙ্গল তেওঁ বৃদ্ধি নকৰিব নে?
Saaledes har jo mit Hus det med Gud. Han gav mig en evig Pagt, fuldgod og vel forvaret. Ja, al min Frelse og al min Lyst, skulde han ikke lade den spire frem?
6 কিন্তু আটাই দুষ্ট লোক পেলাব লগা কাঁইট স্বৰূপ, কিয়নো সেইবোৰক হাতেৰে ধৰিব নোৱাৰি৷
Men Niddinger er alle som Torne i Ørk, der tages ikke paa dem med Hænder;
7 কিন্তু যি মানুহে তেওঁলোকক চুব, তেওঁ লোহা আৰু বৰছাৰ কুৰা হাতত লব লাগিব৷ পাছত তেওঁলোক থকা ঠাইতে তেওঁলোকক জুইৰে নিচেইকৈ পুৰা যাব’।”
ingen rører ved dem uden med Jern og Spydstage, i Ilden brændes de op.
8 দায়ূদৰ যি সকল বীৰ আছিল, তেওঁলোকৰ নাম এই। তথমোনীয়া যোচেব-বচেবৎ সেনাপতি সকলৰ অধ্যক্ষ৷ তেওঁ একে সময়তে আঠ শ লোকক বধ কৰিলে।
Navnene paa Davids Helte var følgende: Hakmoniten Isjbosjet, Anføreren for de tre; det var ham, der engang svang sit Spyd over 800 faldne paa een Gang.
9 তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷
Blandt de tre Helte kom efter ham Ahohiten El'azar, Dodis Søn; han var med David ved Pas-Dammim, dengang Filisterne samlede sig der til Kamp. Da Israels Mænd trak sig tilbage,
10 ১০ ইলিয়াজে উঠি হাত শ্ৰান্ত নোহোৱামানলৈকে পলেষ্টীয়াসকলক প্ৰহাৰ কৰি আছিল। যিদিনালৈকে তৰোৱালখন তেওঁৰ হাতত লাগি ৰ’ল; সেই দিনাই যিহোৱাই মহানিস্তাৰ আনিলে, আৰু লোকসকলে কেৱল লুট কৰিবলৈ ইলিয়াজৰ পাছে পাছে গ’ল।
holdt han Stand og huggede ned blandt Filisterne, til hans Haand blev træt og klæbede fast ved Sværdet; HERREN gav dem den Dag en stor Sejr. Saa vendte Folket tilbage og fulgte ham, kun for at plyndre.
11 ১১ আৰু তেওঁৰ পাছত হৰাৰীয়া আগিৰ পুত্ৰ চম্পা আছিল। যি ঠাইত মচুৰ মাহৰ খেতি আছিল, সেই ঠাইতে পলেষ্টীয়াসকলে গোট খাই দল পাতিছিল আৰু সৈন্যসকল ফিলিষ্টীয়াসকলৰ আগৰ পৰা পলাইছিল৷
Efter ham kom Harariten Sjamma, Ages Søn. Engang havde Filisterne samlet sig i Lehi, hvor der var en Mark fuld af Linser, og Folket flygtede for Filisterne;
12 ১২ কিন্তু চম্পা খেতিৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক বধ কৰিলে; এইদৰে যিহোৱাই মহা-নিস্তাৰ আনিলে।
men han stillede sig op midt paa Marken og holdt den og huggede Filisterne ned; og HERREN gav dem en stor Sejr.
13 ১৩ ত্রিশজন সৈন্যৰ মাজৰ তিনি জন লোক শস্য দোৱা সময়ত অদুল্লম গুহাত থকা দায়ূদৰ ওচৰলৈ গ’ল৷ তেতিয়া পলেষ্টীয়াসকলৰ দলে ৰফায়ীম উপত্যকাত ছাউনি পাতি আছিল।
Engang drog tre af de tredive ned og kom til David paa Klippens Top, til Adullams Hule, medens Filisterskaren var lejret i Refaimdalen.
14 ১৪ সেই কালত দায়ুদ দৃঢ় সংৰক্ষিত এটা গুহাত আছিল, আৰু তেতিয়া পলেষ্টীয়াসকলৰ প্ৰহৰী সৈন্যদলে বৈৎলেহেমত প্ৰতিষ্ঠা কৰিছিল।
David var dengang i Klippeborgen, medens Filisternes Besætning laa i Betlehem.
15 ১৫ পাছত দায়ূদে পানীৰ বাবে বৰ হাবিয়াহ কৰি ক’লে, “অহ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পৰা পানী খাবলৈ আনি দিয়া হ’লে, মই কেনে ভাল পালোঁহেঁতেন!”
Saa vaagnede Lysten hos David, og han sagde: »Hvem skaffer mig en Drik Vand fra Cisternen ved Betlehems Port?«
16 ১৬ তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
Da banede de tre Helte sig Vej gennem Filisternes Lejr, øste Vand af Cisternen ved Betlehems Port og bragte David det. Han vilde dog ikke drikke det, men udgød det for HERREN
17 ১৭ তেতিয়া তেওঁ ক’লে, “হে যিহোৱা, এনে কার্য মোৰ পৰা দূৰ হওঁক, যে ইয়াক মই পান কৰিম, এয়ে জানো আচলতে নিজ প্ৰাণ লৈ যোৱা লোকসকলৰ তেজ নহয়?” এই কাৰণে তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে। সেই বীৰ তিনিজনেই এই ক্ষমতাশালী কৰ্ম কৰিছিল।
med de Ord: »HERREN vogte mig for at gøre det! Skulde jeg drikke de Mænds Blod, som har vovet deres Liv!« Og han vilde ikke drikke det. Den Daad udførte de tre Helte.
18 ১৮ আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়, এই তিনিজনৰ ওপৰত সেনাধ্যক্ষ আছিল৷ এবাৰ তেওঁ তিনি শ লোকৰ বিৰুদ্ধে নিজৰ বৰছা চলাই সিহঁতক বধ কৰিছিল৷ আৰু তিনি জনৰ মাজত প্ৰায়েই তেওঁৰ নাম হৈছিল।
Abisjaj, Joabs Broder, Zerujas Søn, var Anfører for de tredive. Han svang sit Spyd over 300 faldne, og han var navnkundig iblandt de tredive;
19 ১৯ তেওঁ জানো সেই তিনি জনৰ মাজত অধিক মৰ্য্যদা পোৱা লোক নহয়? এই হেতুকে তেওঁ তেওঁলোকৰ ওপৰত সেনাধ্যক্ষ হ’ল৷ তথাপিও তেওঁ এই প্ৰথম তিনি জনৰ সমানে প্ৰখ্যাত হোৱা নাছিল।
iblandt de tredive var han højtæret, og han var deres Anfører; men de tre naaede han ikke.
20 ২০ এজন কবচেলীয়া বীৰপুৰুষ, যিহোয়াদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল৷ তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিছিল৷ তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল।
Benaja, Jojadas Søn, var en tapper Mand fra Kabze'el, der havde udført store Heltegerninger; han fældede de to Arielsønner fra Moab; og han steg ned og fældede en Løve i en Cisterne, en Dag der var faldet Sne.
21 ২১ আৰু তেওঁ এজন বৰ সুন্দৰ মিচৰীয়াক বধ কৰিছিল৷ সেই মিচৰীয়াৰ হাতত এপাত বৰছা আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ সৈতে যুঁজিছিল৷ তেওঁ মিচৰীয়াজনৰ হাতৰ পৰা বৰছাপাত কাঢ়ি লৈ, তেওঁৰ বৰছাৰেই তেওঁক বধ কৰিলে।
Ligeledes fældede han Ægypteren, en kæmpestor Mand. Ægypteren havde et Spyd i Haanden, men han gik ned imod ham meden Stok, vristede Spydet ud af Haanden paa ham og dræbte ham med hans eget Spyd.
22 ২২ যিহোয়াদাৰ পুত্ৰ বনায়াই এই বীৰত্বপূৰ্ণ কাৰ্যবোৰ কৰিলে আৰু তেওঁ সেই তিনি জন বীৰৰ লগে লগে তেওঁৰো নাম হ’ল।
Disse Heltegerninger udførte Benaja, Jojadas Søn, og han var navnkundig iblandt de tredive Helte;
23 ২৩ তেওঁ ত্ৰিশ জনকৈ অধিক মৰ্য্যদা পোৱা হ’ল যদিও তেওঁ প্ৰথম তিনি জনৰ সমান হোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ গা-ৰক্ষীয়া সৈন্যদলৰ ওপৰত অধ্যক্ষ পাতিলে।
iblandt de tredive var han højt æret, men de tre naaede han ikke. David satte ham over sin Livvagt.
24 ২৪ যোৱাবৰ ভায়েক অচাহেল ত্ৰিশ জনৰ মাজৰ এজন আছিল; বৈৎলেহেমীয়া দোদৰ পুত্ৰ ইলহানন,
Til de tredive hørte Asa'el, Joabs Broder; Elhanan, Dodos Søn fra Betlehem;
25 ২৫ হৰোদীয়া চম্মা, হৰাদীয়া ইলীকা,
Haroditen Sjamma; Haroditen Elika;
26 ২৬ পলটীয়া হেলচ, তাকোইয়া ইক্কেচৰ পুত্ৰ ঈৰা,
Paltiten Helez; Ira, Ikkesj's Søn fra Tekoa;
27 ২৭ অনাথোতীয়া অবীয়েজৰ, হূচাতীয়া মবুন্নয়,
Abiezer fra Anatot; Husjatiten Sibbekaj;
28 ২৮ অহোহীয়া চলমোন, নটোফাতীয়া মহৰয়;
Ahohiten Zalmon; Maharaj fra Netofa;
29 ২৯ নটোফাতীয়া বানাৰ পুত্ৰ হেলেব, বিন্যামীনৰ সন্তান সকলৰ গিবিয়া-নিবাসী ৰীবয়ৰ পুত্ৰ ইত্তয়,
Heled, Ba'anas Søn, fra Netofa; Ittaj, Ribajs Søn, fra det benjaminitiske Gibea;
30 ৩০ পিৰাথোনীয়া বনায়া, গাচ উপত্যকা-নিবাসী হিদ্দয়৷
Benaja fra Pir'aton; Hiddaj fra Nahale-Ga'asj;
31 ৩১ অৰ্বাতীয়া অবীঅলবোন, বৰ্হূমীয়া অজমাবৎ,
Abiba'al fra Araba; Azmavet fra Bahurim;
32 ৩২ চালবোনীয়া ইলিয়হবা, বনে-যাচনেৰ পুত্ৰসকল যোনাথন;
Sja'alboniten Eljaba; Guniten Jasjen;
33 ৩৩ হৰাৰীয়া চম্মা, অৰাৰীয়া চাৰৰৰ পুত্ৰ অহীয়াম,
Harariten Jonatan, Sjammas Søn; Harariten Ahi'am, Sjarars Søn;
34 ৩৪ মাখাথীয়া অহচবয়ৰ পুত্ৰ ইলীফেলট, গিলোনীয়া অহীথোফলৰ পুত্ৰ ইলীয়াম,
Elifelet, Ahazbajs Søn, fra Bet-Ma'aka; Eliam, Akitofels Søn, fra Gilo;
35 ৩৫ কৰ্মিলীয়া হিষো, অৰ্বীয়া পাৰয়,
Hezro fra Karmel; Pa'araj fra Arab;
36 ৩৬ চোবা নিবাসী নাথনৰ পুত্ৰ ঈগাল, গাদীয়া গোষ্ঠীৰ বানী,
Jig'al, Natans Søn, fra Zoba; Gaditen Bani;
37 ৩৭ অম্মোনীয়া চেলক, আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহন বেৰোতীয়া নহৰয়,
Ammoniten Zelek; Naharaj fra Be'erot, der var Joabs, Zerujas Søns, Vaabendrager;
38 ৩৮ যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
Ira fra Jattir; Gareb fra Jattir;
39 ৩৯ আৰু হিত্তীয়া ঊৰিয়া; সৰ্ব্বমুঠ সাতত্ৰিশ জন।
Hetiten Urias. I alt syv og tredive.

< ২ সামুয়েল 23 >