< ২ সামুয়েল 2 >

1 তাৰ পাছত দায়ূদে যিহোৱাক সুধিলে আৰু ক’লে, “মই যিহূদাৰ কোনো এখন নগৰলৈ উঠি যাম নে?” তাতে যিহোৱাই তেওঁক ক’লে, “উঠি যোৱা।” দায়ূদে সুধিলে, “মই কোন খন নগৰলৈ যাব লাগিব?” যিহোৱাই উত্তৰ দি ক’লে, “হিব্ৰোণলৈ।”
ויהי אחרי כן וישאל דוד ביהוה לאמר האעלה באחת ערי יהודה ויאמר יהוה אליו עלה ויאמר דוד אנה אעלה ויאמר חברנה׃
2 এই হেতুকে দায়ূদে তেওঁৰ নিজ দুজনী ভাৰ্য্যা, যিজ্ৰীয়েলৰ অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবীগলক লগত লৈ সেই ঠাইলৈ গ’ল।
ויעל שם דוד וגם שתי נשיו אחינעם היזרעלית ואביגיל אשת נבל הכרמלי׃
3 দায়ূদে তেওঁৰ লগত থকা লোকসকলক লগত ল’লে আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ পৰিয়ালৰ সৈতে হিব্ৰোণৰ সেই নগৰবোৰত বাস কৰিবলৈ ধৰিলে৷
ואנשיו אשר עמו העלה דוד איש וביתו וישבו בערי חברון׃
4 তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷”
ויבאו אנשי יהודה וימשחו שם את דוד למלך על בית יהודה ויגדו לדוד לאמר אנשי יביש גלעד אשר קברו את שאול׃
5 তেতিয়া দায়ূদে যাবেচ-গিলিয়দৰ লোকসকলৰ ওচৰলৈ দূত পঠাই তেওঁলোকক এইবুলি কোৱালে, “তোমালোকে নিজ প্ৰভু চৌলক মৈদাম দি, আনুগত্য দেখুৱাই যি দয়া ব্যৱহাৰ কৰিলা, তাৰ বাবে তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত থ’লো।
וישלח דוד מלאכים אל אנשי יביש גלעד ויאמר אליהם ברכים אתם ליהוה אשר עשיתם החסד הזה עם אדניכם עם שאול ותקברו אתו׃
6 এতিয়া যিহোৱাই তোমালোকলৈ আনুগত্য অংগীকাৰ আৰু বিশ্ৱস্ততাৰে ব্যৱহাৰ কৰক৷ আৰু তোমালোকে সেই কাৰ্য কৰা হেতুকে, ময়ো তোমালোকলৈ সেই দয়াৰ বাবে অনুগ্ৰহ কৰিম।
ועתה יעש יהוה עמכם חסד ואמת וגם אנכי אעשה אתכם הטובה הזאת אשר עשיתם הדבר הזה׃
7 এই হেতুকে এতিয়া তোমালোকৰ হাত সবল হওঁক আৰু সাহিয়াল হোৱা, কিয়নো তোমালোকৰ প্ৰভু চৌলৰ মৃত্যু হোৱাত, যিহূদা বংশই তেওঁলোকৰ ওপৰত মোকেই ৰজা অভিষেক কৰিলে।”
ועתה תחזקנה ידיכם והיו לבני חיל כי מת אדניכם שאול וגם אתי משחו בית יהודה למלך עליהם׃
8 ইয়াৰ ভিতৰতে নেৰৰ পুত্ৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ঈচ্‌বোচতক মহনয়িমলৈ লৈ গ’ল।
ואבנר בן נר שר צבא אשר לשאול לקח את איש בשת בן שאול ויעברהו מחנים׃
9 তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
וימלכהו אל הגלעד ואל האשורי ואל יזרעאל ועל אפרים ועל בנימן ועל ישראל כלה׃
10 ১০ চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ চল্লিশ বছৰ বয়সত ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি দুবছৰলৈ ৰাজ্য শাসন কৰিলে৷ কিন্তু যিহূদাৰ বংশ দায়ূদৰ পাছত চলোঁতা আছিল।
בן ארבעים שנה איש בשת בן שאול במלכו על ישראל ושתים שנים מלך אך בית יהודה היו אחרי דוד׃
11 ১১ দায়ূদে হিব্ৰোণত যিহূদা-বংশৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে।
ויהי מספר הימים אשר היה דוד מלך בחברון על בית יהודה שבע שנים וששה חדשים׃
12 ১২ এদিন নেৰৰ পুত্ৰ অবনেৰ আৰু চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ দাসবোৰে মহনয়িমৰ পৰা গিবিয়োনলৈ গৈছিল৷
ויצא אבנר בן נר ועבדי איש בשת בן שאול ממחנים גבעונה׃
13 ১৩ এনেতে চৰূয়াৰ পুত্ৰ যোৱাব আৰু দায়ূদৰ দাসবোৰ ওলাই গিবিয়োনৰ পুখুৰীৰ ওচৰত তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল৷ এদল পুখুৰীৰ ইপাৰে আন দল পুখুৰীৰ সিপাৰে বহিল।
ויואב בן צרויה ועבדי דוד יצאו ויפגשום על ברכת גבעון יחדו וישבו אלה על הברכה מזה ואלה על הברכה מזה׃
14 ১৪ তেতিয়া অবনেৰে যোৱাবক ক’লে, “বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ-ক্ৰীড়া কৰক।” তেতিয়া যোৱাবে ক’লে, “তেওঁলোক উঠক।”
ויאמר אבנר אל יואב יקומו נא הנערים וישחקו לפנינו ויאמר יואב יקמו׃
15 ১৫ তেতিয়া সেই ডেকা লোকসকলে সংখ্যা অনুসাৰে, চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ আৰু বিন্যামীনৰ পক্ষে বাৰজন আৰু দায়ূদৰ দাসবোৰৰ বাৰজন, উঠি একে লগে গোট খালে।
ויקמו ויעברו במספר שנים עשר לבנימן ולאיש בשת בן שאול ושנים עשר מעבדי דוד׃
16 ১৬ সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত, সকলো একেলগে মৰা পৰিল; এই হেতুকে সেই ঠাই “হিল্কৎ-হচুৰীম” বা “তৰোৱালবোৰৰ ক্ষেত্ৰ” নামেৰে প্ৰখ্যাত হ’ল; সেয়ে গিবিয়োনত আছে।
ויחזקו איש בראש רעהו וחרבו בצד רעהו ויפלו יחדו ויקרא למקום ההוא חלקת הצרים אשר בגבעון׃
17 ১৭ পাছত সেইদিনা ঘোৰ যুদ্ধ হোৱাত, অবনেৰ আৰু ইস্ৰায়েল লোকসকল দায়ূদৰ দাসবোৰৰ আগত পৰাজিত হ’ল।
ותהי המלחמה קשה עד מאד ביום ההוא וינגף אבנר ואנשי ישראל לפני עבדי דוד׃
18 ১৮ সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল৷ অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল।
ויהיו שם שלשה בני צרויה יואב ואבישי ועשהאל ועשהאל קל ברגליו כאחד הצבים אשר בשדה׃
19 ১৯ পাছত অচাহেলে সোঁ কি বাওঁফালে নুঘূৰি অবনেৰৰ পাছে পাছে খেদি গ’ল।
וירדף עשהאל אחרי אבנר ולא נטה ללכת על הימין ועל השמאול מאחרי אבנר׃
20 ২০ তেতিয়া অবনেৰে পিছলৈ ঘূৰি চাই সুধিলে, “তুমি অচাহেল হোৱানে?” তেওঁ কলে, “মই হওঁ।”
ויפן אבנר אחריו ויאמר האתה זה עשהאל ויאמר אנכי׃
21 ২১ তাতে অবনেৰে তেওঁক ক’লে, “তুমি সোঁহাতে বা বাওঁহাতে ঘূৰি, সৌ ডেকাসকলৰ কোনো এজনক ধৰি তেওঁ পিন্ধা গাৰ কৱচ লোৱাগৈ।” কিন্তু অচাহেলে তেওঁৰ পাছত খেদি যোৱাৰ পৰা ঘূৰিবলৈ মান্তি নহ’ল।
ויאמר לו אבנר נטה לך על ימינך או על שמאלך ואחז לך אחד מהנערים וקח לך את חלצתו ולא אבה עשהאל לסור מאחריו׃
22 ২২ গতিকে অবনেৰে অচাহেলক পুনৰায় ক’লে, “মোৰ পাছৰ পৰা ঘূৰা; মই কিয় তোমাক আঘাত কৰি মাটিত পেলাম? আৰু তাকে কৰিলে তোমাৰ ককায়েৰ যোৱাবৰ আগত মই কিদৰে মুখ দেখুৱাম?”
ויסף עוד אבנר לאמר אל עשהאל סור לך מאחרי למה אככה ארצה ואיך אשא פני אל יואב אחיך׃
23 ২৩ তথাপি অচাহেলে ঘূৰিবলৈ মান্তি নহ’ল; এইকাৰণে অবনেৰে বৰছাৰ কুৰাৰে তেওঁৰ পেটত এনেকৈ খুচিলে যে, কুৰাডাল পিঠিয়েদি বাহিৰ ওলাল৷ তেতিয়া তেওঁ সেই ঠাইতে পৰি তেতিয়াই মৰিল৷ যি ঠাইত অচাহেল পৰি মৃত্যু হৈছিল, সেই ঠাইত যিমান লোক আহিল, সেই সকলো তাতেই থিয় হৈ ৰ’ল।
וימאן לסור ויכהו אבנר באחרי החנית אל החמש ותצא החנית מאחריו ויפל שם וימת תחתו ויהי כל הבא אל המקום אשר נפל שם עשהאל וימת ויעמדו׃
24 ২৪ কিন্তু যোৱাব আৰু অবীচয়ে অবনেৰৰ পাছে পাছে খেদি গ’ল। পাছত বেলি মাৰ যাওঁতে, তেওঁলোকে গিবিয়োন মৰুপ্ৰান্তৰ বাটৰ ওচৰত থকা গীহৰ সন্মুখৰ অম্মা পৰ্ব্বত পালেগৈ৷
וירדפו יואב ואבישי אחרי אבנר והשמש באה והמה באו עד גבעת אמה אשר על פני גיח דרך מדבר גבעון׃
25 ২৫ পাছত বিন্যামীনৰ সন্তান সকলে অবনেৰৰ পাছত যাবৰ বাবে গোট খাই এটা পৰ্ব্বতৰ টিঙত থিয় হৈ ৰ’ল।
ויתקבצו בני בנימן אחרי אבנר ויהיו לאגדה אחת ויעמדו על ראש גבעה אחת׃
26 ২৬ তেতিয়া অবনেৰে যোৱাবক মাতি ক’লে, “তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব? শেষত ইয়াৰ ফল যে অতি তিক্ত হ’ব, তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা ওভোটাবলৈ, নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা?”
ויקרא אבנר אל יואב ויאמר הלנצח תאכל חרב הלוא ידעתה כי מרה תהיה באחרונה ועד מתי לא תאמר לעם לשוב מאחרי אחיהם׃
27 ২৭ তেতিয়া যোৱাবে ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হ’লে, ৰাতিপুৱাই লোকসকলে নিশ্চয়ে গুচি গ’লহেঁতেন আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ’লহেঁতেন!”
ויאמר יואב חי האלהים כי לולא דברת כי אז מהבקר נעלה העם איש מאחרי אחיו׃
28 ২৮ তেতিয়া যোৱাবে শিঙা বজোৱাত, সকলো মানুহ ৰ’ল আৰু ইস্ৰায়েলৰ পাছত কোনেও খেদি নগ’ল আৰু যুদ্ধও নকৰিলে।
ויתקע יואב בשופר ויעמדו כל העם ולא ירדפו עוד אחרי ישראל ולא יספו עוד להלחם׃
29 ২৯ তাৰ পাছত অবনেৰ আৰু তেওঁৰ লোকসকলে অৰাবায়েদি গোটেই ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে যৰ্দ্দন পাৰ হৈ পাছদিনা ৰাতিপুৱা যাত্ৰা কৰি মহনয়িম গৈ পালে।
ואבנר ואנשיו הלכו בערבה כל הלילה ההוא ויעברו את הירדן וילכו כל הבתרון ויבאו מחנים׃
30 ৩০ তেতিয়া যোৱাবে অবনেৰৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল আৰু আটাই লোকক তেওঁ গোট খুৱালে; কিন্তু দায়ূদৰ ঊন্নৈশজন সৈন্য আৰু অচাহেলকক নাপালে।
ויואב שב מאחרי אבנר ויקבץ את כל העם ויפקדו מעבדי דוד תשעה עשר איש ועשהאל׃
31 ৩১ কিন্তু দায়ূদৰ দাসবোৰে বিন্যামীন আৰু অবনেৰৰ লোকসকলক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ তিনিশ ষাঠিজন লোক মৰিল।
ועבדי דוד הכו מבנימן ובאנשי אבנר שלש מאות וששים איש מתו׃
32 ৩২ তেতিয়া লোকসকলে অচাহেলক তুলি কৰিলে যে, বৈৎলেহেমত থকা তেওঁৰ পিতৃৰ মৈদামতে মৈদাম দিলে৷ যোৱাব আৰু তেওঁৰ লোকসকল ওৰে ৰাতি যাত্ৰা কৰি ৰাতিপুৱা হিব্ৰোণ পালেগৈ।
וישאו את עשהאל ויקברהו בקבר אביו אשר בית לחם וילכו כל הלילה יואב ואנשיו ויאר להם בחברון׃

< ২ সামুয়েল 2 >