< ২ সামুয়েল 16 >

1 যেতিয়া দায়ূদে পৰ্ব্বতৰ টিঙত পাছ পেলাই অলপ আগ হ’ল, তেতিয়া চোৱা, মফিবোচতৰ দাস চীবাই সজোৱা দুটা গাধ লগত লৈ গৈ তেওঁৰ গুৰিত উপস্থিত হ’ল; সেই গাধৰ ওপৰত দুশ পিঠা, এশ থোপা শুকান দ্ৰাক্ষা গুটি, এশ লদা খেজুৰ গুটি আৰু এক মোট দ্ৰাক্ষাৰস আছিল।
ודוד עבר מעט מהראש והנה ציבא נער מפי בשת לקראתו וצמד חמרים חבשים ועליהם מאתים לחם ומאה צמוקים ומאה קיץ ונבל יין׃
2 পাছে ৰজাই চীবাক সুধিলে, “তুমি এইবোৰ অনাৰ অভিপ্ৰায় কি?” তাতে চীবাই ক’লে, “এই গাধ দুটা ৰজাৰ পৰিয়াল উঠি যাবৰ বাবে, এই পিঠা আৰু খেজুৰ গুটি ডেকাসকলৰ আহাৰৰ বাবে আৰু দ্ৰাক্ষাৰস অৰণ্যত ক্লান্ত হোৱা লোকসকলে পান কৰিবৰ বাবে।”
ויאמר המלך אל ציבא מה אלה לך ויאמר ציבא החמורים לבית המלך לרכב ולהלחם והקיץ לאכול הנערים והיין לשתות היעף במדבר׃
3 পাছে ৰজাই ক’লে, “তোমাৰ প্ৰভুৰ নাতি ল’ৰাটি ক’ত?” তাতে চীবাই ৰজাক ক’লে, “চাওক, তেওঁ যিৰূচালেমত আছে; কিয়নো তেওঁ ক’লে, ‘ইস্ৰায়েল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব।’”
ויאמר המלך ואיה בן אדניך ויאמר ציבא אל המלך הנה יושב בירושלם כי אמר היום ישיבו לי בית ישראל את ממלכות אבי׃
4 তাতে ৰজাই চীবাক ক’লে, “চোৱা, মফিবোচতৰ সৰ্ব্বস্ব তোমাৰেই।” চীবোই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ৷ বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক।”
ויאמר המלך לצבא הנה לך כל אשר למפי בשת ויאמר ציבא השתחויתי אמצא חן בעיניך אדני המלך׃
5 যেতিয়া দায়ুদ ৰজাই বহূৰীম পালে, চৌলৰ বংশৰ ভিতৰৰ গেৰাৰ পুতেক চিমিয়ী নামেৰে এটা মানুহ তাৰ পৰা ওলাল; সি ওলাই যাওঁতে যাওঁতে শাও দি দি গ’ল।
ובא המלך דוד עד בחורים והנה משם איש יוצא ממשפחת בית שאול ושמו שמעי בן גרא יצא יצוא ומקלל׃
6 সি দায়ূদলৈ আৰু দায়ুদ ৰজাৰ সকলো দাসলৈ শিল দলিয়ালে; যদিওঁবা সকলো লোক আৰু সকলো বীৰ তেওঁৰ সোঁ আৰু বাওঁ ফালে আছিল।
ויסקל באבנים את דוד ואת כל עבדי המלך דוד וכל העם וכל הגברים מימינו ומשמאלו׃
7 চিমিয়ীয়ে শাও দি দি কৈছিল, “হেৰৌ ৰক্তপাতি পাষণ্ড, যা, গুচি যা!
וכה אמר שמעי בקללו צא צא איש הדמים ואיש הבליעל׃
8 তই যাৰ পদত ৰজা হ’লি, সেই চৌলৰ বংশৰ সকলো ৰক্তপাতৰ প্ৰতিফল যিহোৱাই তোক দিছে৷ যিহোৱাই তোৰ পুতেক অবচালোমৰ হাতত ৰাজ্য সমৰ্পণ কৰিলে৷ চা, তই নিজেই ধ্বংস হ’লি, কিয়নো তই ৰক্তপাতি মানুহ।”
השיב עליך יהוה כל דמי בית שאול אשר מלכת תחתו ויתן יהוה את המלוכה ביד אבשלום בנך והנך ברעתך כי איש דמים אתה׃
9 তেতিয়া চৰূয়াৰ পুত্ৰ অবীচয়ে ৰজাক ক’লে, “সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় শাও দিয়ে? আপুনি অনুমতি দিয়ে যদি, মই পাৰ হৈ গৈ তাৰ মূৰটো কাটি পেলাওঁ।”
ויאמר אבישי בן צרויה אל המלך למה יקלל הכלב המת הזה את אדני המלך אעברה נא ואסירה את ראשו׃
10 ১০ কিন্তু ৰজাই ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক? যি স্থলত যিহোৱাই দায়ূদক শাও দে বুলি তাক কৈছে, ‘এনে স্থলত, সি শাও দিয়াত, তই এনে কিয় কৰিছ বুলি কোনে ক’ব’?”
ויאמר המלך מה לי ולכם בני צריה כי יקלל וכי יהוה אמר לו קלל את דוד ומי יאמר מדוע עשיתה כן׃
11 ১১ দায়ূদে অবীচয়ক আৰু নিজৰ সকলো দাসক ক’লে, “চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল’বলৈ বিচাৰিছে৷ তেন্তে সেই বিন্যামীনীয়াটোৱে কিমান অধিক পৰিমাণে মোৰ ধ্বংস হোৱাতো বিচাৰিব! তাক থাকিব দিয়া, সি শাও দিয়ক; কিয়নো যিহোৱাই তাক অনুমতি দিছে।
ויאמר דוד אל אבישי ואל כל עבדיו הנה בני אשר יצא ממעי מבקש את נפשי ואף כי עתה בן הימיני הנחו לו ויקלל כי אמר לו יהוה׃
12 ১২ কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”
אולי יראה יהוה בעוני והשיב יהוה לי טובה תחת קללתו היום הזה׃
13 ১৩ এইদৰে দায়ুদ আৰু তেওঁৰ লোকসকল বাটেদি গৈ আছিল আৰু সেই চিমিয়ীয়েও তেওঁৰ সন্মুখৰ পৰ্ব্বতৰ কাষেদি, শাও দি দি তেওঁলৈ শিল মাৰি মাৰি আৰু মাটি দলিয়াই গৈ আছিল।
וילך דוד ואנשיו בדרך ושמעי הלך בצלע ההר לעמתו הלוך ויקלל ויסקל באבנים לעמתו ועפר בעפר׃
14 ১৪ তেতিয়া ৰজাই তেওঁৰ লগৰ লোকসকলে সৈতে অয়েফীমলৈ আহি সেই ঠাইতে জিৰণি ল’লে।
ויבא המלך וכל העם אשר אתו עיפים וינפש שם׃
15 ১৫ এনেতে অবচালোম আৰু তেওঁৰ লগত অহীথোফল আৰু ইস্ৰায়েলৰ সকলোলোক যিৰূচালেমলৈ আহিল।
ואבשלום וכל העם איש ישראל באו ירושלם ואחיתפל אתו׃
16 ১৬ পাছে যেতিয়া দায়ূদৰ বন্ধু অৰ্কীয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া হূচয়ে অবচালোমক ক’লে, “মহাৰাজ চিৰজীৱি হওক, মহাৰাজ চিৰজীৱি হওক!”
ויהי כאשר בא חושי הארכי רעה דוד אל אבשלום ויאמר חושי אל אבשלם יחי המלך יחי המלך׃
17 ১৭ তাতে অবচালোমে হূচয়ক ক’লে, “তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰম নে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগ’লা?
ויאמר אבשלום אל חושי זה חסדך את רעך למה לא הלכת את רעך׃
18 ১৮ তাতে হূচয়ে অবচালোমক ক’লে, “নহয়! কিন্তু যি জনক যিহোৱাই এই লোকসকল আৰু ইস্ৰায়েলৰ সকলো লোকক মনোনীত কৰিলে, মই তেওঁৰ ফলীয়াহে, তেওঁৰ লগতহে মই থাকিম।
ויאמר חושי אל אבשלם לא כי אשר בחר יהוה והעם הזה וכל איש ישראל לא אהיה ואתו אשב׃
19 ১৯ আৰু কওঁ, মই কাৰ সেৱাকৰ্ম কৰিম? তেওঁৰ পুত্ৰৰ সাক্ষাতে দাস্য কৰ্ম কৰা উচিত নহব নে? যিদৰে তোমাৰ পিতৃৰ উপস্হিতিত দাস্য কৰ্ম কৰিলোঁ, তেনেকৈ আপোনাৰ আগতো কৰিম।
והשנית למי אני אעבד הלוא לפני בנו כאשר עבדתי לפני אביך כן אהיה לפניך׃
20 ২০ পাছে অবচালোমে অহীথোফলক ক’লে, “এতিয়া আমি কি কৰা উচিত, সেই বিষয়ে তোমালোকে দিহা দিয়া।
ויאמר אבשלום אל אחיתפל הבו לכם עצה מה נעשה׃
21 ২১ তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”
ויאמר אחיתפל אל אבשלם בוא אל פלגשי אביך אשר הניח לשמור הבית ושמע כל ישראל כי נבאשת את אביך וחזקו ידי כל אשר אתך׃
22 ২২ পাছে অবচালোমৰ বাবে গৃহৰ শীৰ্ষ স্হানত এটা তম্বু তৰি দিয়া হ’ল আৰু অবচালোমে সকলো ইস্ৰায়েলৰ সাক্ষাতে নিজ পিতৃৰ উপপত্নীবোৰত গমণ কৰিলে।
ויטו לאבשלום האהל על הגג ויבא אבשלום אל פלגשי אביו לעיני כל ישראל׃
23 ২৩ সেই কালত অহীথোফলে যি যি দিহা দিছিল, সেইবোৰ ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই উত্তৰ পোৱাৰ দৰে আছিল৷ দায়ূদক দিয়া আৰু অবচালোমক দিয়া অহীথোফলৰ সকলো দিহা তেনেদৰেই আছিল।
ועצת אחיתפל אשר יעץ בימים ההם כאשר ישאל בדבר האלהים כן כל עצת אחיתפל גם לדוד גם לאבשלם׃

< ২ সামুয়েল 16 >