< ২ সামুয়েল 11 >

1 পাছত বসন্তকাল আহিল, যি কালত ৰজাসকলে যুদ্ধলৈ যায়, এনে কালতেই দায়ূদে যোৱাবক, লগত তেওঁৰ দাসবোৰ আৰু গোটেই ইস্ৰায়েলৰ সৈন্যসকলক পঠিয়ালে৷ তেওঁলোকে গৈ অম্মোনৰ সৈন্যসকলক বিনাশ কৰি ৰব্বা নগৰ অধিকাৰ কৰি ল’লে৷ কিন্তু দায়ুদ যিৰূচালেমতেই থাকিল।
I stalo se po roce, když králové vyjíždívají na vojnu, že poslal David Joába a služebníky své s ním, též i všecken Izrael, aby hubili Ammonitské; i oblehli Rabba. David pak zůstal v Jeruzalémě.
2 পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।
Tedy stalo se k večerou, když vstal David s ložce svého, procházeje se po paláci domu královského, že uzřel s paláce ženu, ana se myje; kterážto žena byla vzezření velmi krásného.
3 তেতিয়া কোনে এই মহিলা গৰাকীৰ বিষয়ে জানিব, তাৰ বুজ-বিচাৰ ল’বলৈ দায়ূদে মানুহ পঠিয়ালে৷ কোনো এজনে ক’লে, “তেওঁ ইলীয়ামৰ জীয়েক বৎচেবা আৰু হিত্তীয়া ঊৰিয়াৰ পত্নী জানো নহয়?”
A poslav David, vyptal se o té ženě a řekl: Není-liž to Betsabé dcera Eliamova, manželka Uriáše Hetejského?
4 তেতিয়া দায়ূদে দূত পঠিয়াই তেওঁক অনোৱালে আৰু যেতিয়া তেওঁ দায়ূদৰ ওচৰলৈ আহিল, তেতিয়া দায়ূদে তেওঁৰ লগত শয়ন কৰিলে, কিয়নো সেই মহিলাই নিজ অশৌচৰ পৰা শুচি হৈছিল৷ তাৰ পাছত তাই নিজৰ ঘৰলৈ উভটি গ’ল।
Opět poslal David posly a vzal ji. Kterážto když vešla k němu, obýval s ní; (nebo se byla očistila od nečistoty své). Potom navrátila se do domu svého.
5 পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হোৱাত, তেওঁ মানুহ পঠিয়াই দায়ূদক এই বাতৰি দি ক’লে বোলে, “মই গৰ্ভৱতী হ’লো।”
I počala žena ta. Protož poslavši, oznámila Davidovi, řkuci: Těhotná jsem.
6 তেতিয়া দায়ূদে যোৱাবৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হিত্তীয়া ঊৰিয়াক মোৰ ওচৰলৈ পঠিয়াই দিয়া।” তাতে যোৱাবে ঊৰিয়াক দায়ূদৰ ওচৰলৈ পঠিয়াই দিলে।
Poslav pak David, vzkázal Joábovi: Pošli ke mně Uriáše Hetejského. I poslal Joáb Uriáše k Davidovi.
7 যেতিয়া ঊৰিয়া তেওঁৰ ওচৰলৈ আহিল, দায়ূদে তেওঁক যোৱাবৰ বিষয়ে, সৈন্যসকলৰ আৰু যুদ্ধৰ বাতৰি সুধিলে।
A když přišel Uriáš k němu, otázal se ho, jak se má Joáb, a jak se má lid, a kterak se vede v vojště?
8 দায়ূদে ঊৰিয়াক ক’লে, “তুমি নিজ ঘৰলৈ যোৱা আৰু নিজৰ ভৰি ধুই পেলোৱা।” তাতে ঊৰিয়া ৰজাৰ ঘৰৰ পৰা ওলাই গ’ল আৰু তেওঁ ওলাই যোৱাৰ পাছত ৰজাই তেওঁলৈ এটি উপহাৰ দি পঠিয়ালে৷
Řekl také David Uriášovi: Jdiž do domu svého, a umyj sobě nohy. I vyšel Uriáš z domu králova, a poslán za ním dar královský.
9 কিন্তু ঊৰিয়াই নিজ প্ৰভুৰ দাসবোৰৰ সৈতে ৰাজগৃহৰ দুৱাৰ-মুখতে শুই থাকিল, নিজৰ ঘৰলৈ বুলি আৰু নামি নগ’ল।
Ale Uriáš spal u vrat domu královského se všemi služebníky pána svého, a nešel do domu svého.
10 ১০ পাছত ঊৰিয়া নিজৰ ঘৰলৈ নোযোৱা কথা দায়ূদৰ আগত লোক সকলে জনোৱাত দায়ূদে উৰিয়াক ক’লে, “তুমি যাত্ৰা কৰি অহা নাই নে? তেন্তে নিজৰ ঘৰলৈ তুমি কিয় নগ’লা?”
Což když oznámili Davidovi, řkouce: Nešel Uriáš do domu svého, řekl David Uriášovi: Však jsi z cesty přišel. Pročež jsi nešel do domu svého?
11 ১১ তাতে ঊৰিয়াই দায়ূদক ক’লে, “নিয়ম চন্দুকটি, ইস্ৰায়েলসকল আৰু যিহূদা তম্বুত বাস কৰি আছে আৰু মোৰ প্ৰভু যোৱাব আৰু মোৰ প্ৰভুৰ দাসবোৰ মুকলি পথাৰত ছাউনি পাতি আছে৷ তেন্তে মই জানো ভোজন-পান কৰিবলৈ আৰু পত্নীৰ সৈতে শয়ন কৰিবলৈ নিজৰ ঘৰলৈ যাব পাৰোঁ? আপোনাৰ জীৱনৰ আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই এনে কৰ্ম কৰিব নোৱাৰো।”
Odpověděl Uriáš Davidovi: Truhla Boží a Izrael i Juda zůstávají v staních, a pán můj Joáb i služebníci pána mého na poli zůstávají, já pak mám vjíti do domu svého, abych jedl a pil, a spal s manželkou svou? Jakož jsi živ ty, a jako jest živa duše tvá, žeť toho neučiním.
12 ১২ তেতিয়া দায়ূদে ঊৰিয়াক ক’লে, “তুমি আজিও ইয়াতে থাকা, কাইলৈ মই তোমাক বিদায় দিম।” তাতে উৰিয়াই সেইদিনা আৰু তাৰ পাছ দিনাখনো যিৰূচালেমত থাকিল।
Tedy řekl David Uriášovi: Pobuď zde ještě dnes, a zítra propustím tebe. I zůstal Uriáš v Jeruzalémě toho dne i nazejtří.
13 ১৩ আৰু দায়ূদে যেতিয়া তেওঁক নিমন্ত্ৰণ কৰিলে, তেওঁৰ সাক্ষাতে ভোজন পান কৰোঁৱাই তেওঁক মতলীয়া কৰালে৷ তথাপি তেওঁ সন্ধ্যাৰ সময়ত নিজ প্ৰভুৰ দাসবোৰৰ লগত নিজ শয্যাত শুবলৈ বাহিৰলৈ গ’ল; তেওঁ নিজৰ ঘৰলৈ নামি নগ’ল।
V tom pozval ho David, aby jedl před ním a pil, a opojil ho. A však on šel večer spáti na ložce své s služebníky pána svého, a nešel do domu svého.
14 ১৪ পাছত ৰাতিপুৱা দায়ূদে যোৱাবলৈ এখন পত্ৰ লিখিলে আৰু ঊৰিয়াৰ হাতত দি পঠিয়ালে।
A když bylo ráno, napsal David list Joábovi, kterýž poslal po Uriášovi.
15 ১৫ দায়ূদে পত্ৰখনত ইয়াকে লিখিছিল বোলে, “তোমালোকে ঊৰিয়াক আটাইতকৈ প্ৰবল যুদ্ধৰ সন্মুখত ৰাখি থবা আৰু সি যেন আঘাত পাই মৰে সেই বাবে তোমালোক তাৰ পৰা পাছ হুঁহকি যাবা।”
Psal pak v listu těmi slovy: Postavte Uriáše proti bojovníkům nejsilnějším; mezi tím odstupte nazpět od něho, aby raněn jsa, umřel.
16 ১৬ পাছত যোৱাবে নগৰ অৱৰোধ হোৱা সময়ত, যি ঠাইত আটাইতকৈ শক্তিশালী শত্ৰু আছে বুলি জানিছিল, সেই ঠাইতে ঊৰিয়াক হ’ল।
I stalo se, když oblehl Joáb město, že postavil Uriáše proti místu, kdež věděl, že jsou nejsilnější muži.
17 ১৭ পাছে নগৰত থকা লোকসকলে বাহিৰ ওলাই যোৱাবৰ সৈন্যসকলৰ লগত যুদ্ধ কৰাত, লোকসকলৰ মাজৰ অৰ্থাৎ দায়ূদৰ সৈন্যসকলৰ মাজৰ কিছুলোক পতিত হ’ল আৰু তাতে হিত্তীয়াৰ ঊৰিয়াৰো মৃত্যু হ’ল।
A vyskočivše muži z města, bojovali proti Joábovi. I padli někteří z lidu, z služebníků Davidových, také i Uriáš Hetejský zabit.
18 ১৮ যেতিয়া যোৱাবে দূত পঠিয়াই সেই যুদ্ধৰ সকলো বিৱৰণ দায়ূদক জনালে,
Tedy poslav Joáb, oznámil Davidovi všecko, což se zběhlo v bitvě.
19 ১৯ তেওঁ দূতক আজ্ঞা দি কৈছিল, বোলে, “তুমি ৰজাৰ আগত ৰণৰ আটাই বাতৰি কৈ এটোৱাৰ পাছত,
A přikázal tomu poslu, řka: Když vypravíš králi všecky věci, které se zběhly v bitvě,
20 ২০ যদি ৰজাই খং উঠি তোমাক কয়, তোমালোকে যুদ্ধ কৰোঁতে নগৰৰ গড়ৰ ইমান ওচৰ চাপি কিয় গৈছিলা? তেওঁলোকে গড়ৰ ওপৰৰ পৰা কাঁড় মাৰিব বুলি তোমালোকে নাজানিছিলা নে?
Při čemž jestliže se popudí prchlivost královská a řekne-liť: Proč jste přistoupili k městu, bojujíce? Zdaliž jste nevěděli, že házejí se zdi?
21 ২১ যিৰূব্বেচতৰৰ পুত্ৰ অবীমেৰকক কোনে বধ কৰিলে? এগৰাকী মহিলাই গড়ৰ ওপৰৰ পৰা জাঁত শিলৰ ওপৰৰ চলা তেওঁৰ ওপৰত পেলালে, যাতে তেওঁৰ মৃত্যু হয়, সেইদৰে তেওঁ তেবেচত নমৰিল নে? গতিকে তোমালোকে গড়ৰ ইমান ওচৰলৈ কিয় গৈছিলা? তেতিয়া তুমি নিশ্চয় কবা, ‘আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল’৷”
Kdo zabil Abimelecha syna Jerobosetova? Zdali ne žena, svrhši na něj kus žernovu se zdi, tak že umřel v Tébes? Proč jste přistupovali ke zdi? tedy díš: Také služebník tvůj Uriáš Hetejský umřel.
22 ২২ পাছে সেই দূতে গৈ দায়ূদৰ গুৰিত উপস্থিত হৈ, যোৱাবে কৈ পঠোৱা সকলো কথা তেওঁৰ আগত জনালে।
A tak šel posel, a přišed, oznámil Davidovi všecko to, pročež ho byl poslal Joáb.
23 ২৩ সেই দূতে দায়ূদক ক’লে, “সেই শত্ৰুসকল আমাতকৈ পাচত আমাৰ বিৰুদ্ধে প্ৰবল হৈ পথাৰলৈ আমাৰ ওচৰলৈকে ওলাই আহিছিল; তেতিয়া আমি নগৰৰ দুৱাৰ-মুখলৈকে সিহঁতৰ পাছে পাছে খেদি গৈছিলোঁ৷
A řekl posel ten Davidovi: Zmocnili se nás muži ti, a vytrhli proti nám do pole, a honili jsem je až k bráně.
24 ২৪ কাঁড়মৰা লোকসকলে গড়ৰ ওপৰৰ পৰা আপোনাৰ দাসবোৰলৈ কাঁড় মাৰিলে; তাতে মহাৰাজৰ কেতবোৰ দাস মৰিল আৰু আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল।”
V tom stříleli střelci na služebníky tvé se zdi, a zbiti jsou někteří z služebníků králových, také i služebník tvůj Uriáš Hetejský zabit.
25 ২৫ তেতিয়া দায়ূদে সেই দূতক ক’লে, “তুমি গৈ যোৱাবক এইদৰে ক’বা, ‘ইয়াত তুমি অসন্তোষ নকৰিবা কিয়নো তৰোৱালে যেনেকৈ এজনক, তেনেকৈ আনজনকো গ্ৰাস কৰে; তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা। এইদৰে তেওঁক আশ্বাস দিবা।
Tedy řekl David poslu: Tak pověz Joábovi: Nic tě to nerozpakuj, že tak i jinak sehlcuje meč. Ztuž boj svůj proti městu a zkaz je, a potěš drábů.
26 ২৬ পাছে উৰিয়াৰ পত্নীয়ে নিজ স্বামী ঊৰিয়াৰ মৃত্যু-সম্বাদ পাই তেওঁ স্বামীৰ বাবে গভীৰ শোক কৰিলে।
Uslyševši pak manželka Uriášova, že umřel Uriáš muž její, plakala manžela svého.
27 ২৭ পাছে শোকৰ দিন শেষ হোৱাত, দায়ূদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে, তাতে তেওঁ তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে৷ কিন্তু দায়ূদে কৰা সেইকৰ্মত যিহোৱাই অসন্তুষ্ট হ’ল।
A když pominul pláč, poslav David, vzal ji do domu svého, a měl ji za manželku; i porodila mu syna. Ale nelíbilo se to Hospodinu, co učinil David.

< ২ সামুয়েল 11 >