< ২ পিতৰ 3 >

1 হে প্ৰিয় সকল, মই আপোনালোকলৈ লিখা এইখন দ্বিতীয় পত্ৰ; এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই আপোনালোকৰ নিৰ্মল মনক চেতনা দিছোঁ;
Wapenzi wangu, hii ni barua ya pili ninayowaandikia. Katika barua hizo mbili nimejaribu kufufua fikira safi akilini mwenu kwa kuwakumbusheni mambo haya.
2 পবিত্ৰ ভাৱবাদী সকলে পূৰ্বতে কোৱা কথাবোৰ আৰু আপোনালোকৰ পাঁচনি সকলে পোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা আপোনালোকে যেন সোঁৱৰণ কৰে, তাৰ বাবে এই পত্ৰ লিখিছোঁ।
Napenda mkumbuke maneno yaliyosemwa na manabii watakatifu, na ile amri ya Bwana na Mwokozi mliyopewa na mitume wenu.
3 প্ৰথমে ইয়াকে জানিব যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ’ব; তেওঁলোকে নিজ নিজ কু-অভিলাষ অনুসাৰে চলিব৷
Awali ya yote jueni kwamba siku za mwisho watakuja watu ambao mienendo yao inatawaliwa na tamaa zao mbaya. Watawadhihaki ninyi
4 তেওঁলোকে ক’ব, “আমাৰ পিতৃৰ আগমণৰ প্ৰতিজ্ঞা কি হ’ল? কাৰণ আমি জানো আমাৰ পিতৃপুৰুষ মৰাৰ সময়ৰ পৰা, এনে কি সৃষ্টিৰ অাদিৰে পৰা একেদৰেই ঘটি আছে৷”
na kusema: “Aliahidi kwamba atakuja! Je, sasa yuko wapi? Mambo ni yaleyale tangu babu zetu walipokufa; hali ya vitu ni ileile kama ilivyokuwa mwanzo wa ulimwengu!”
5 কাৰণ তেওঁলোকে পুর্বে কি ঘটিছিল তাক স্মৰণ নকৰি পাহৰি গ’ল৷ প্ৰথমে যে আকাশমণ্ডল জলৰ পৰা আৰু জলৰ দ্বাৰাই পৃথিৱী আৰু ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই সকলো সৃষ্টি হ’ল৷
Watu hao, kwa makusudi, husahau kwamba zamani Mungu alinena, nazo mbingu na nchi zikaumbwa. Dunia iliumbwa kutoka katika maji na kwa maji;
6 আৰু এই সময়তেই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল;
na kwa maji hayo, yaani yale maji ya gharika kuu, dunia ya wakati ule iliangamizwa.
7 একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ অাছে৷
Lakini mbingu na nchi za sasa zahifadhiwa kwa neno la Mungu kwa ajili ya kuharibiwa kwa moto. Zimewekwa kwa ajili ya Siku ile ambapo watu wasiomcha Mungu watahukumiwa na kuangamizwa.
8 কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা।
Lakini, wapenzi wangu, msisahau kitu kimoja! Mbele ya Bwana, hakuna tofauti kati ya siku moja na miaka elfu; kwake yote ni mamoja.
9 প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷
Bwana hakawii kutimiza yale aliyoahidi kama watu wengine wanavyofikiri kuwa atakawia. Yeye ana saburi kwa ajili yenu, maana hapendi hata mmoja wenu apotee, bali huwavuta wote wapate kutubu.
10 ১০ কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব।
Siku ya Bwana itakuja kama mwizi. Siku hiyo, mbingu zitatoweka kwa kishindo kikuu; vitu vyake vya asili vitateketezwa kwa moto, nayo dunia itatoweka pamoja na kila kitu kilichomo ndani yake.
11 ১১ এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত?
Maadamu kila kitu kitaharibiwa namna hiyo, je, ninyi mnapaswa kuwa watu wa namna gani? Mnapaswa kuishi kitakatifu na kumcha Mungu,
12 ১২ পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ’ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব।
mkiingojea Siku ile ya Mungu na kuifanya ije upesi—Siku ambayo mbingu zitateketezwa kwa moto na kuharibiwa, na vitu vyake vya asili vitayeyushwa kwa joto.
13 ১৩ কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।
Lakini sisi, kufuatana na ahadi yake, twangojea mbingu mpya na dunia mpya ambayo imejaa uadilifu.
14 ১৪ এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছে, সেয়েহে আপোনালোকে যেন ঈশ্বৰৰ লগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে যত্ন কৰক।
Kwa hiyo wapenzi wangu, mkiwa mnangojea Siku ile, fanyeni bidii kuwa safi kabisa bila hatia mbele ya Mungu, na kuwa na amani naye.
15 ১৫ মনত ৰাখিব, আমাৰ ঈশ্বৰৰ দীৰ্ঘ-সহিষ্ণুতাই আপোনালোকক পৰিত্রাণৰ সময় দিছে; এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও ঈশ্বৰে দিয়া জ্ঞান অনুসাৰে আপোনালোকলৈ লিখিলে;
Mnapaswa kuuona uvumilivu wa Bwana kuwa ni nafasi anayowapeni mpate kuokolewa, kama Paulo ndugu yetu mpenzi alivyowaandikia akitumia hekima aliyopewa na Mungu.
16 ১৬ আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে শাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।
Hayo ndiyo asemayo katika barua zake zote anapozungumzia suala hilo. Yapo mambo kadhaa katika barua zake yaliyo magumu kuyaelewa, mambo ambayo watu wajinga, wasio na msimamo, huyapotosha kama wanavyopotosha sehemu nyingine za Maandiko Matakatifu. Hivyo wanasababisha maangamizi yao wenyewe.
17 ১৭ এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকক, আপোনালোক অনৈতিক কাৰ্য কৰা লোকৰ ভ্ৰান্তি পথত নাযাব, নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নহয়, এই কাৰণে সাৱধানে থাকক।
Lakini ninyi, wapenzi wangu, mmekwisha jua jambo hili. Basi, muwe na tahadhari msije mkapotoshwa na makosa ya waasi, mkaanguka kutoka katika msimamo wenu imara.
18 ১৮ আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন। (aiōn g165)
Lakini endeleeni kukua katika neema na katika kumjua Bwana wetu na Mwokozi Yesu Kristo. Utukufu uwe kwake, sasa na hata milele! Amina. (aiōn g165)

< ২ পিতৰ 3 >

The World is Destroyed by Water
The World is Destroyed by Water