< ২ পিতৰ 1 >

1 মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
Mimi Simoni Petro, mtumishi na mtume wa Yesu Kristo, nawaandikia ninyi ambao, kwa wema wake Mungu wetu, na Mwokozi Yesu Kristo, mmejaliwa imani ileile ya thamani kuu tuliyojaliwa sisi.
2 ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুক গভীৰভাৱে জনাৰ মাজেদি আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক।
Nawatakieni neema na amani tele katika kumjua Mungu na Yesu Bwana wetu.
3 যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।
Kwa uwezo wake wa kimungu, Mungu ametujalia mambo yote tunayohitaji, ili tuishi maisha ya kumcha Mungu kwa kumjua yeye aliyetuita tuushiriki utukufu na wema wake yeye mwenyewe.
4 তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ’ব পাৰে।
Kwa namna hiyo ametujalia zawadi kuu na za thamani ambazo alituahidia, ili kwa zawadi hizo mpate kuziepa kabisa tamaa mbaya zilizomo duniani, na mpate kuishiriki hali yake ya kimungu.
5 ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
Kwa sababu hiyo, fanyeni bidii ya kuongeza fadhila katika imani yenu: ongezeni elimu katika fadhila yenu,
6 জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি,
kuwa na kiasi katika elimu yenu, uvumilivu katika kuwa na kiasi, uchaji wa Mungu katika uvumilivu wenu,
7 ঈশ্বৰ-ভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃ-স্নেহ আৰু ভাতৃ-স্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক।
udugu katika uchaji wenu, na mapendo katika udugu wenu.
8 কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্ব-জ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ’ব।
Mkiwa na sifa hizo zote kwa wingi, zitawawezesheni kuwa watendaji na kupata faida katika kumjua Bwana wetu Yesu Kristo.
9 যি জনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতহে দেখে; আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপ সমূহৰ পৰা শুচি কৰা হৈছে, সেই বিষয় তেওঁ পাহৰি গ’ল।
Lakini mtu asiye na sifa hizo ni kipofu, hawezi kuona na amesahau kwamba alikwisha takaswa dhambi zake za zamani.
10 ১০ এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হবৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
Kwa hiyo basi, ndugu zangu, fanyeni bidii zaidi kuufanya huo wito wenu mlioitiwa na Mungu uwe jambo la kudumu katika maisha yenu; kama mkiishi namna hiyo hamtaanguka kamwe.
11 ১১ তাতে আমাৰ প্রভু আৰু ত্ৰাণকর্তা যীচু খ্রীষ্টৰ অনন্ত ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্রৱেশ কৰোঁৱা হ’ব। (aiōnios g166)
Kwa namna hiyo mtafaulu kupewa haki kamili ya kuingia katika Utawala wa milele wa Bwana na Mwokozi wetu Yesu Kristo. (aiōnios g166)
12 ১২ এই হেতুকে, যদিও আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম;
Kwa hiyo nitaendelea kuwakumbusheni daima mambo haya, ingawa mmekwisha yafahamu, na mko imara katika ukweli mlioupokea.
13 ১৩ কিন্তু মই এইটো সঠিক বুলি ভাৱো যে, যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেহত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্রত কৰি ৰখা মোৰ উচিত।
Nadhani ni jambo jema kwangu, muda wote niishio hapa duniani, kuwapeni moyo na kuwakumbusheni juu ya mambo haya.
14 ১৪ কিয়নো মই জানো যে, শীঘ্রেই মই মোৰ তম্বু গুচাম; আমাৰ প্রভু যীচু খ্রীষ্টই ইয়াকে মোক জনালে।
Najua kwamba karibu nitauweka kando mwili huu wenye kufa, kama Bwana alivyoniambia waziwazi.
15 ১৫ মই আপ্রাণ চেষ্টা কৰিছোঁ যাতে মোৰ মৃত্যুৰ পাছতো আপোনালোকে এই সকলো বিষয় সকলো সময়তে মনত ৰাখে।
Basi, nitajitahidi kuwapatieni njia ya kuyakumbuka mambo haya kila wakati, baada ya kufariki kwangu.
16 ১৬ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰাক্ৰম আৰু তেওঁৰ আগমণ সম্বন্ধে আপোনালোকক জনাওঁতে আমি চতুৰতাৰে সজা কোনো গল্প-কথা কোৱা নাছিলো। আমি তেওঁৰ মহিমা নিজৰ চকুৰে দেখিছিলোঁ।
Wakati tulipowafundisheni juu ya ukuu wa kuja kwake Bwana wetu Yesu Kristo, hatukutegemea hadithi tupu zisizo na msingi. Sisi tuliuona utukufu wake kwa macho yetu wenyewe.
17 ১৭ কিয়নো, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতেই মই পৰম সন্তুষ্ট,” স্বর্গৰ গৌৰৱময় প্ৰতাপৰ দ্বাৰা তেওঁলৈ অহা এই বাণীৰ মাধ্যমেদি খ্রীষ্টই পিতৃ ঈশ্বৰৰ পৰা সন্মান আৰু গৌৰৱ পাইছিল।
Sisi tulikuwapo wakati alipopewa heshima na kutukuzwa na Mungu Baba, wakati sauti ilipomjia kutoka kwake yeye aliye Utukufu Mkuu, ikisema: “Huyu ni Mwanangu mpenzi, nimependezwa naye.”
18 ১৮ আমি যেতিয়া তেওঁৰ লগত সেই পবিত্ৰ পাহাৰত আছিলোঁ, তেতিয়া স্বৰ্গৰ পৰা কোৱা এই মাত নিজে শুনিছিলো।
Tena, sisi wenyewe tulisikia sauti hiyo kutoka mbinguni wakati tulipokuwa pamoja naye juu ya ule mlima mtakatifu.
19 ১৯ ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।
Tena, ujumbe wa manabii watuthibitishia jambo hilo; nanyi mwafanya vema kama mkiuzingatia, maana ni kama taa inayoangaza mahali penye giza mpaka Siku ile itakapopambazuka na mwanga wa nyota ya asubuhi utakapong'ara mioyoni mwenu.
20 ২০ সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওঁক যে, ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী, ভাৱবাদীজনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে;
Zaidi ya hayo, lakini, kumbukeni kwamba hakuna mtu yeyote awezaye kufafanua mwenyewe unabii ulio katika Maandiko Matakatifu.
21 ২১ ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়।
Maana hakuna ujumbe wa kinabii unaotokana na matakwa ya binadamu, bali watu walinena ujumbe wa Mungu wakiongozwa na Roho Mtakatifu.

< ২ পিতৰ 1 >