< ২ রাজাবলি 6 >

1 এদিন শিষ্য ভাববাদীসকলে ইলীচাক ক’লে, “চাওঁক, যি ঠাইত আমি আপোনাৰ লগত থাকো সেই ঠাই আমাৰ সকলোৰে কাৰণে অতি সৰু।
І сказали пророчі сини до Єлисея: „Ось те місце, де ми сидимо перед тобою, затісне́ для нас.
2 আপুনি অনুগ্রহ কৰি অনুমতি দিলে আমি যৰ্দ্দন নদীৰ কাষলৈ গৈ প্ৰতিজনে এডালকৈ গছ কাটি সেই ঠাইতে আমি থাকিবলৈ এডোখৰ ঠাই যুগুত কৰিম।” তাতে ইলীচাই ক’লে, “বাৰু, তোমালোক আগুৱাই যোৱা।”
Ходім аж до Йорда́ну, і візьмі́мо звідти кожен по одній дереви́ні, і зробимо собі місце, щоб сидіти там“. А він сказав: „Ідіть“.
3 তেতিয়া এজন শিষ্য-ভাৱবাদীয়ে ক’লে, “আপুনিও আপোনাৰ দাসবোৰৰ লগত ব’লক।” ইলীচাই কলে, “ঠিক আছে, ময়ো যাম।”
І сказав один: „Будь же ласка́вий, і ходи зо своїми рабами!“А він сказав: „Я піду́“.
4 এইদৰে তেৱোঁ তেওঁলোকৰ লগত গ’ল। তেওঁলোকে যৰ্দ্দনৰ ওচৰলৈ গৈ গছ কাটিবলৈ ধৰিলে।
І пішов він із ними, і вони прийшли до Йорда́ну, і руба́ли дерево.
5 তেওঁলোকৰ মাজৰ এজনে যেতিয়া গছ কাটি আছিল, তেতিয়া তেওঁৰ কুঠাৰখন সুলকি গৈ পানীত পৰিল; তাতে তেওঁ চিঞঁৰ মাৰি ক’লে, “হায় হায়! হে প্ৰভু, মই এইখন আনৰ পৰা খুজি আনিছিলো!”
І сталося, коли один вали́в дереви́ну, то впала сокира до води. А той скрикнув і сказав: „Ох, пане мій, таж вона пози́чена!“
6 তেতিয়া ঈশ্বৰৰ লোকে সুধিলে, “সেইখন ক’ত পৰিল?” সেই লোকে ঠাইডোখৰ দেখুৱাই দিয়াত ইলীচাই এডোখৰ কাঠ কাটি আনি পানীত পেলাই দিলে; তেতিয়া লোহা ডোখৰ পানীত ওপঙি উঠিল।
І сказав Божий чоловік: „Куди вона впала?“А той показав йому те місце. І він відрубав кусок дерева й кинув туди, — і ви́пливла сокира!
7 ইলীচাই তেওঁক ক’লে, “সেইটো তুলি লোৱা।” তাতে তেওঁ হাত মেলি তাক ল’লে।
І він сказав: „Витягни собі!“А той простя́г свою руку і взяв.
8 সেই সময়ত অৰামৰ ৰজাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ নিজৰ দাসবোৰৰ সৈতে চর্চা কৰি ক’লে, “অমুক-তমুক ঠাইত মোৰ ছাউনি থাকিব।”
Сирійський цар воював з Ізраїлем. І радився він зо слу́гами своїми, говорячи: „На такому то й такому то місці буде моє таборува́ння“.
9 তেতিয়া ঈশ্বৰৰ লোকে ইস্ৰায়েলৰ ৰজাক কৈ পঠালে বোলে, “সাৱধান, সেই ঠাইলৈ নাযাব; কাৰণ অৰামীয়াসকল সেই ঠাইলৈ নামি আহিছে।”
А Божий чоловік послав до Ізраїлевого царя, говорячи: „Стережися перехо́дити оце місце, бо там схо́дяться сирі́яни!“
10 ১০ তেতিয়া ইস্ৰায়েলৰ ৰজাই ঈশ্বৰৰ লোকে তেওঁক সাৱধান কৰি দিয়া ঠাইডোখৰলৈ মানুহ পঠাই নিজক ৰক্ষা কৰিলে। এইদৰে ইলীচাই কৰা সতর্কতাত ৰজা বাৰে বাৰে ৰক্ষা পৰে।
І послав Ізраїлів цар до того місця, про яке говорив йому Божий чоловік та остеріга́в його; і він стері́гся там не раз і не два.
11 ১১ এই হেতুকে অৰামৰ ৰজাৰ বৰকৈ খং উঠিল। সেয়ে তেওঁ নিজৰ দাসবোৰক মাতি ক’লে, “আমাৰ মাজৰ কোন মানুহ ইস্ৰায়েলৰ ৰজাৰ পক্ষত আছে, তাক তোমালোকে মোক নোকোৱানে?”
І сильно занепоко́їлося серце сирійського царя про ту річ, і він покликав своїх слуг та й сказав до них: „Чи не розповісте́ мені, хто з наших зраджує перед Ізраїльським царем?“
12 ১২ তাতে দাসবোৰৰ মাজৰ এজনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আমাৰ মাজত কোনো নাই; কিন্তু আপুনি শোৱা কোঠালিত যি সকলো কথা কয়, সেই কথা পর্যন্ত ইস্ৰায়েলৰ ভাববাদী ইলীচাই ইস্ৰায়েলৰ ৰজাক জনায়!”
І сказав один з його слуг: „Ні, пане мій ца́рю, це не наш, а це Єлисей, той пророк, що в Ізраїлі, доно́сить Ізраїлевому цареві ті слова, що ти гово́риш у спальні своїй!“...
13 ১৩ ৰজাই ক’লে, “তোমালোকে গৈ তেওঁ ক’ত থাকে, তাক চাই আহাঁ; মই মানুহ পঠাই তেওঁক ধৰি আনিম।” পাছত তেওঁক জনোৱা হ’ল যে, “তেওঁ দোথানত আছে।”
А він відказав: „Ідіть, і подивіться, де́ він, — і я пошлю́ й візьму́ його!“І доне́сено йому, кажучи: „Ось він у Дотані!“
14 ১৪ তেতিয়া ৰজাই ঘোঁৰা, ৰথ আৰু এক বহু সৈন্যৰ দল দোথানলৈ পঠাই দিলে; তেওঁলোকে ৰাতিয়েই গৈ নগৰখন ঘেৰি ধৰিলে।
І послав він туди коні, і колесни́ці та ві́йсько. І прийшли вони вночі й оточили те місто.
15 ১৫ পিছদিনা ঈশ্বৰৰ লোকৰ দাসে ৰাতিপুৱা উঠি যেতিয়া বাহিৰলৈ ওলাই গৈছিল, তেতিয়া তেওঁ ৰথ আৰু ঘোঁৰাবোৰেৰে সৈতে এদল সৈন্যই নগৰখন ঘেৰি থকা দেখা পালে; দাসজনে তেওঁক ক’লে, “হায়, মোৰ প্ৰভু! আমি কি কৰিম?”
А слуга Божого чоловіка встав рано і вийшов, аж ось ві́йсько ото́чує місто, і коні, і колесни́ці! І сказав його слуга до нього: „Ох, пане мій, що́ бу́демо робити?“
16 ১৬ ইলীচাই ক’লে, “ভয় নকৰিবা; কিয়নো আমাৰ লগত থকাসকল তেওঁলোকৰ লগত থকাসকলতকৈ অধিক।”
А той відказав: „Не бійся, бо ті, що з нами, численні́ші від тих, що з ними“.
17 ১৭ তাৰ পাছত ইলীচাই এই প্ৰাৰ্থনা কৰিলে, “হে যিহোৱা, মই নিবেদন কৰোঁ, এই দাসে যেন দেখা পায়, আপুনি তেওঁৰ চকু মুকলি কৰি দিব।” যিহোৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে, ইলীচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে!
І молився Єлисе́й і говорив: „Господи, розкрий йому очі, і нехай він побачить!“І відкрив Господь очі того слуги́, і він побачив, аж ось гора́ повна ко́ней та огняни́х колесни́ць навко́ло Єлисе́я!...
18 ১৮ পাছত অৰামীয়াসকল যেতিয়া ইলীচাৰ ওচৰলৈ নামি আহিছিল, তেতিয়া তেওঁ যিহোৱাৰ আগত এই প্ৰাৰ্থনা কৰিলে, “মই নিবেদন কৰোঁ, আপুনি এই লোকসকলক অন্ধ কৰি দিয়ক।” তাতে ইলীচাৰ প্রার্থনা অনুসাৰে যিহোৱাই তেওঁলোকক অন্ধ কৰিলে।
І зійшли сирійці до ньо́го, а Єлисей помолився до Господа й сказав: „Удар цей люд сліпото́ю!“І Він ударив їх сліпото́ю за Єлисеєвим словом...
19 ১৯ পাছত ইলীচাই অৰামীয়াসকলক ক’লে, “এইটো সেই বাট নহয় আৰু সেই নগৰো নহয়। আপোনালোক মোৰ পাছে পাছে আহঁক, আপোনালোকে যাক বিচাৰিছে, মই সেই মানুহৰ ওচৰলৈ আপোনালোকক লৈ যাম।” এইবুলি তেওঁ তেওঁলোকক চমৰিয়ালৈ লৈ গ’ল।
І сказав до них Єлисей: „Це не та доро́га й не те місто. Ідіть за мною, й я проведу́ вас до того чоловіка, якого ви шукаєте“. І він завів їх у Самарі́ю.
20 ২০ চমৰিয়া আহি পোৱাৰ পাছত ইলীচাই ক’লে, “হে যিহোৱা, এই লোকসকলৰ চকু মুকলি কৰি দিয়ক যেন তেওঁলোকে দেখা পায়।” তেতিয়া যিহোৱাই তেওঁলোকৰ চকু মুকলি কৰি দিয়াত তেওঁলোকে দেখা পালে; তাতে তেওঁলোকে দেখিলে যে, তেওঁলোক চমৰীয়াৰ মাজত আছে।
І сталося, як прийшли вони до Самарії, то Єлисей сказав: „Го́споди, відкрий оці очі, і нехай вони побачать!“І Господь відкрив їхні очі, і вони побачили, — аж ось вони в сере́дині Самарії!...
21 ২১ অৰামীয়াসকলক দেখা পাই ইস্ৰায়েলৰ ৰজাই ইলীচাক সুধিলে, “হে মোৰ পিতৃ, মই তেওঁলোকক বধ কৰিম নে? মই মাৰিম নে?”
І сказав Ізраїлів цар до Єлисея, коли побачив їх: „Чи побити їх, чи побити, мій ба́тьку?“
22 ২২ ইলীচাই উত্তৰ দিলে, “আপুনি তেওঁলোকক বধ নকৰিব। আপুনি আপোনাৰ তৰোৱাল আৰু ধনুৰে যিসকলক বন্দী কৰি আনিলে, সেই লোকসকলক জানো আপুনি বধ কৰিব? তেওঁলোকৰ আগত পিঠা আৰু পানী দিয়ক, যাতে তেওঁলোকে খাই বৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ ঘূৰি যাব পাৰে।”
А той відказав: „Не вбивай! Чи ти повбиваєш тих, кого ти взяв до неволі своїм мече́м та своїм списо́м? Поклади хліб та воду перед ними, і нехай вони їдять та п'ють, і нехай ідуть до свого пана“.
23 ২৩ তেতিয়া ৰজাই তেওঁলোকৰ বাবে বৰ ভোজৰ আয়োজন কৰিলে; তেওঁলোকে খোৱা-বোৱা শেষ কৰাৰ পাছত ৰজাই তেওঁলোকক বিদায় দিয়াত তেওঁলোক তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ উলটি গ’ল। পাছত অৰামীয়াৰ সেই সৈন্যদল বহুদিন ধৰি ইস্ৰায়েল দেশলৈ পুনৰ অহা নাছিল।
І справив цар для них велику гости́ну, і вони їли й пили; і він відпустив їх, і вони пішли до свого пана. І сирійські о́рди вже більш не вхо́дили до Ізраїлевого Кра́ю.
24 ২৪ ইয়াৰ কিছু কালৰ পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সকলো সৈন্যসামন্তক একগোট কৰি চমৰিয়া নগৰ অৱৰোধ কৰি আক্রমণ কৰিবলৈ আহিল।
І сталося по тому, і зібрав Бен-Гадад, сирійський цар, увесь свій та́бір, і він зійшов і облі́г Самарію.
25 ২৫ সেয়ে চমৰিয়াত ভীষণ আকাল হ’ল; তেওঁলোকে নগৰখন এনেকৈ অৱৰোধ কৰি ৰাখিছিল যে খাবলৈ শেষত এটা গাধৰ মূৰ পর্যন্ত আশীটা ৰূপৰ মুদ্রাত আৰু এনেকি এক ‘কাব’ জোখৰ কপৌৰ বিষ্ঠাও পাঁচটা ৰূপৰ মুদ্রাত বিক্রী হৈছিল।
І був великий голод у Самарії. І ось ті обляга́ли їх, а осляча голова коштувала вісімдеся́т шеклів срібла, а чвертка каву голуби́ного поме́ту п'ять шеклів срібла.
26 ২৬ ইস্ৰায়েলৰ ৰজাই এদিন নগৰৰ দেৱালৰ ওপৰেদি অহা-যোৱা কৰি আছিল; এনে সময়তে এগৰাকী মহিলাই তেওঁক চিঞঁৰি চিঞঁৰি ক’লে, “সহায় কৰক, হে মোৰ প্ৰভু, মহাৰাজ।”
І сталося, прохо́див Ізраїлів цар по мурі, а одна жінка крикнула до нього, говорячи: „Поможи, пане ца́рю!“
27 ২৭ ৰজাই ক’লে, “যিহোৱাই যদি সহায় নকৰে, তেন্তে মই ক’ৰ পৰা তোমাক সহায় কৰিব পাৰোঁ? মৰণা মৰা খলাৰ পৰা নে দ্ৰাক্ষাকুণ্ডৰ পৰা?”
А він відказав: „Як тобі не поможе Господь, звідки я поможу́ тобі? Чи з то́ку, або з чави́ла?“
28 ২৮ ৰজাই তাইক পুনৰ সুধিলে, “তোমাৰ কি সমস্যা?” তাই উত্তৰ দিলে, “এই মহিলাই কৈছিল, ‘আজি আমি খাবলৈ তোমাৰ ল’ৰাটোক দিয়া; অহাকালি আমি মোৰ ল’ৰাটোক খাম।’”
І сказав до неї цар: „Що тобі?“А та відказала: „Оця жінка сказала мені: Дай свого сина, і ми з'їмо́ його сьогодні, а мого сина з'їмо́ взавтра.
29 ২৯ সেইদৰেই আমি মোৰ ল’ৰাটোক সিজাই খালোঁ; পাছদিনা মই তাইক ক’লোঁ, “তোমাৰ ল’ৰাটোক দিয়া আৰু আমি তাক খাওঁ; কিন্তু, তাই নিজৰ ল’ৰাটোক লুকুৱাই ৰাখিলে।”
І зварили ми мого́ сина та й з'їли його... І сказала я до неї дру́гого дня: Дай сина свого, і ми з'їмо́ його, та вона сховала свого сина“.
30 ৩০ মহিলাগৰাকীৰ এই কথা শুনি ৰজাই নিজৰ কাপোৰ ফালিলে; তেওঁ তেতিয়াও দেৱালৰ ওপৰতে ফুৰি আছিল। তাতে লোকসকলে চাই দেখিলে যে নিজৰ পিন্ধা কাপোৰৰ তলত ৰজাই চট কাপোৰ পিন্ধি আছে।
І сталося, як цар почув слова цієї жінки, то роздер шати свої, і він ходив по мурі. І наро́д побачив, — аж ось вере́тище на тілі його зо спо́ду!
31 ৩১ পাছত তেওঁ ক’লে, “আজি চাফটৰ পুতেক ইলীচাৰ মূৰ যদি তেওঁৰ কান্ধৰ ওপৰত থাকে, তেন্তে ঈশ্বৰে যেন মোক দণ্ড দিয়ে, আৰু সেয়া অধিকৰূপেই দিয়ক।”
І він сказав: „Отак нехай зробить мені Бог, і так нехай додасть, якщо позоста́неться голова Єлисея, Шафатового сина, на ньому сьогодні!“
32 ৩২ ইলীচা সেই সময়ত নিজৰ ঘৰত বহি আছিল আৰু তেওঁৰ লগত বৃদ্ধ নেতাসকলো আছিল। ৰজাই এজন মানুহক ইলীচাৰ ওচৰলৈ পঠালে। কিন্তু মানুহজন যেতিয়া ইলীচাৰ ওচৰলৈ আহিছিল, তেওঁ বৃদ্ধ লোকসকলক ক’লে, ‘আপোনালোকে দেখা নাইনে কেনেকৈ সেই নৰবধীৰ পুতেকে মোৰ মূৰ নিবলৈ এজন লোকক পঠাইছে? শুনক, মানুহজন যেতিয়া আহিব, আপোনালোকে দুৱাৰখন বন্ধ কৰি দিব আৰু তেওঁৰ বিৰুদ্ধে দুৱাৰখন বন্ধ কৰি ধৰি ৰাখিব; তেওঁৰ পাছে পাছে জানো তেওঁৰ প্ৰভুৰ ভৰিৰ শব্দও নহয়?
А Єлисей сидів у своєму домі, а з ним сиділи старші́. І послав цар чоловіка від себе. Поки прийшов посол до нього, то він сказав до старши́х: „Чи ви бачите, що цей син уби́вника послав зняти мою го́лову? Глядіть, як при́йде цей посол, то замкніть двері, — і прити́снете його в две́рях. Ось і шаруді́ння ніг пана його за ним“.
33 ৩৩ ইলীচাই তেওঁলোকৰ সৈতে কথা কৈ থাকোতেই, সেই মানুহজন তেওঁৰ ওচৰলৈ নামি আহিল। পাছত ৰজাই আহি ক’লে, “চাওঁক, এই বিপদ যিহোৱাৰ পৰা আহিছে। তেন্তে যিহোৱাৰ কাৰণে মই আৰু কিয় বাট চাই থাকিম?”
Ще він говорив із ними, аж ось прихо́дить до нього послане́ць. І він сказав: „Отаке зло від Господа! Чого ще чекати від Господа?“

< ২ রাজাবলি 6 >