< ২ রাজাবলি 2 >

1 যিহোৱাই যেতিয়া এলিয়াক ঘূর্ণিবতাহৰ দ্বাৰাই স্বৰ্গলৈ তুলি নিব বিচাৰিছিল, তেতিয়া এলিয়া আৰু ইলীচাই গিলগলৰ পৰা ওলাই গৈছিল।
Stalo se potom, když měl již vzíti Hospodin Eliáše u vichru do nebe, že vyšel Eliáš s Elizeem z Galgala.
2 এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।
I řekl Eliáš Elizeovi: Medle, poseď tuto, nebo Hospodin poslal mne až do Bethel. Jemuž řekl Elizeus: Živť jest Hospodin, a živať jest duše tvá, žeť se tebe nespustím. I přišli do Bethel.
3 বৈৎএলত থকা শিষ্য ভাববাদীসকলৰ এটা দলে ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু তোমালোকে এই বিষয়ে একোকে নকবা।”
Tedy vyšli synové proročtí, kteříž byli v Bethel, k Elizeovi a řekli jemu: Víš-liž, že dnes Hospodin vezme pána tvého od tebe? Kterýž odpověděl: A já vím, mlčte.
4 তাৰ পাছত এলিয়াই তেওঁক ক’লে, “ইলীচা, তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যিৰীহোলৈ পঠাইছে।” কিন্তু ইলীচাই ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক যিৰীহোলৈ গ’ল।
Opět řekl jemu Eliáš: Elizee, medle poseď tuto, nebo Hospodin poslal mne do Jericha. Kterýž odpověděl: Živť jest Hospodin, a živať jest duše tvá, žeť se tebe nespustím. I přišli do Jericha.
5 যিৰীহোত থকা শিষ্য ভাববাদী ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু এই বিষয়ে তোমালোকে একোকে নকবা।”
Přistoupivše pak synové proročtí, kteříž byli v Jerichu, k Elizeovi, řekli jemu: Víš-liž, že dnes vezme Hospodin pána tvého od tebe? I řekl: A já vím, mlčte.
6 তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।
Řekl mu ještě Eliáš: Poseď medle tuto, nebo Hospodin poslal mne k Jordánu. Kterýž odpověděl: Živť jest Hospodin, a živať jest duše tvá, žeť se tebe nespustím. Šli tedy oba.
7 এলিয়া আৰু ইলীচা দুয়ো যৰ্দ্দন নদীৰ পাৰত গৈ ৰ’ল আৰু তেওঁলোকৰ পৰা কিছু দূৰৈত পঞ্চাশজন শিষ্য ভাববাদী আহি থিয় হ’ল।
Padesáte pak mužů z synů prorockých šli, a postavili se naproti zdaleka, ale oni oba zastavili se u Jordánu.
8 এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।
A vzav Eliáš plášť svůj, svinul jej a udeřil na vodu. I rozdělila se sem i tam, tak že přešli oba po suše.
9 পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলীচাক ক’লে, “মোক কোৱা, তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগেয়ে মই তোমাৰ কাৰণে কি কৰিম?” ইলীচাই উত্তৰত ক’লে, “মিনতি কৰোঁ, আপোনাৰ আত্মাৰ ক্ষমতাৰ দুগুণ আত্মা যেন মই পাওঁ।”
V tom když přešli, řekl Eliáš Elizeovi: Žádej sobě, co chceš, prvé než vzat budu od tebe. I řekl Elizeus: Nechť jest, prosím, dvojnásobní díl ducha tvého na mně.
10 ১০ এলিয়াই ক’লে, “তুমি এক জটিল বিষয় বিচাৰিলা। তথাপিও তোমাৰ ওচৰৰ পৰা মোক লৈ যোৱাৰ সময়ত যদি তুমি মোক দেখা পোৱা, তেন্তে তুমি তাক পাবা; যদি দেখা নোপোৱা, তেন্তে নাপাবা।”
Jemuž řekl: Nesnadnés věci požádal, a však jestliže uzříš mne, když budu vzat od tebe, staneť se tak; pakli nic, nestane se.
11 ১১ তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল।
Takž stalo se, že když předce jdouce, rozmlouvali, aj, vůz ohnivý a koni ohniví rozdělili je na různo. I vstoupil Eliáš u vichru do nebe.
12 ১২ ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
To vida Elizeus, volal: Otče můj, otče můj! Vozové Izraelští i jezdci jeho! A neviděl ho více. Potom uchopiv roucho své, roztrhl je na dva kusy.
13 ১৩ তাৰ পাছত এলিয়াৰ গাৰ পৰা পৰি যোৱা চাদৰখন তুলি লৈ তেওঁ উলটি আহি যৰ্দ্দনৰ তীৰত থিয় হ’ল।
A zdvih plášť Eliášův, kterýž byl spadl s něho, navrátil se a stál na břehu Jordánském.
14 ১৪ এলিয়াৰ গাৰ পৰা পৰি যোৱা সেই চাদৰখনেৰে তেওঁ পানীত আঘাত কৰি ক’লে, “এলিয়াৰ ঈশ্বৰ যিহোৱা ক’ত?” যেতিয়া তেওঁ পানীত আঘাত কৰিলে, তেতিয়া পানী দুয়োকাষে দুভাগ হ’ল আৰু ইলীচা পাৰ হৈ গ’ল।
Tedy vzav plášť Eliášův, kterýž byl spadl s něho, udeřil na vodu a řekl: Kdež jest Hospodin Bůh Eliášův i on sám? A udeřil, pravím, na vodu, kteráž rozstoupila se sem i tam. I přešel Elizeus.
15 ১৫ যিৰীহোৰ শিষ্য ভাববাদীসকলৰ দলটোৱে যেতিয়া ইলীচাক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, “এলিয়াৰ আত্মা ইলীচাৰ ওপৰত স্থিতি লৈছে!” সেইবাবে, তেওঁলোকে ইলীচাক সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁৰ সন্মুখত মাটিত উবুৰি হৈ পৰি প্ৰণিপাত কৰিলে।
Což vidouce synové proročtí z Jericha, naproti stojíce, řekli: Odpočinul duch Eliášův na Elizeovi. I šli proti němu a poklonili se mu až k zemi.
16 ১৬ তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ দাসবোৰৰ মাজত ইয়াত পঞ্চাশজন শক্তিশালী লোক আছে। বিনয় কৰোঁ, তেওঁলোকক আপোনাৰ গুৰুক বিচাৰি যাবলৈ অনুমতি দিয়ক; হয়তো যিহোৱাৰ আত্মাই তেওঁক তুলি লৈ গৈ কোনো পৰ্ব্বত নাইবা কোনো উপত্যকাত পেলাই গৈছে।” কিন্তু ইলীচাই ক’লে, “নহয়! তেওঁলোকৰ কাকো পঠাব নালাগে।”
A řekli jemu: Aj, nyní jest s služebníky tvými padesáte mužů silných, medle nechť jdou a hledají pána tvého. Snad ho zanesl duch Hospodinův, a povrhl jej na některé hoře aneb v některém údolí. Kterýž řekl: Neposílejte.
17 ১৭ কিন্তু ভাৱবাদীসকলৰ শিষ্যৰ দলটোৱে ইলীচাক মিনতি কৰি থকাত, তেওঁ লাজ পাই ক’লে, “ঠিক আছে, পঠাই দিয়া।” তাতে তেওঁলোকে পঞ্চাশজন লোকক পঠাই দিলে আৰু সেই পঞ্চাশজনে তিনি দিন ধৰি বিচৰা পাছতো এলিয়াক নাপালে।
Ale když na něj vždy dotírali, tak že mu to obtížné bylo, řekl: Pošlete. I poslali padesáte mužů, a hledajíce za tři dni, nenalezli ho.
18 ১৮ ইলীচা যিৰীহোত থকাৰ সময়তে তেওঁলোক তেওঁৰ ওচৰলৈ উলটি আহিল; ইলীচাই তেওঁলোকক ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘নাযাবা বুলি’?”
A když se k němu navrátili, (on pak bydlil v Jerichu, ) řekl jim: Zdaliž jsem vám neřekl: Nechoďte?
19 ১৯ এদিন নগৰৰ লোকসকলে ইলীচাক ক’লে, “মহাশয়, আপুনিতো দেখিছেই যে এক সুন্দৰ অৱস্থানত এই নগৰখন আছে। কিন্তু ইয়াৰ পানী বিশুদ্ধ নহয় আৰু ভূমিয়েও ভাল শস্য উৎপন্ন নকৰে।”
Muži pak města toho řekli Elizeovi: Hle, nyní byt v městě tomto jest výborný, jakož, pane můj, vidíš, ale vody jsou zlé a země neúrodná.
20 ২০ ইলীচাই ক’লে, “আপোনালোকে এটা নতুন পাত্রত অলপ নিমখ লৈ মোৰ ওচৰলৈ আহক।” লোকসকলেও সেইদৰেই ইলীচাৰ ওচৰলৈ আনি দিলে।
Tedy řekl: Přineste mi nádobu novou, a dejte do ní soli. I přinesli mu.
21 ২১ তেতিয়া ইলীচাই সেইখিনি লৈ পানীৰ ভুমুকৰ কাষলৈ ওলাই গ’ল আৰু তাত লোণখিনি পেলাই দি ক’লে, “যিহোৱাই এইদৰে কৈছে, ‘মই এই পানী বিশুদ্ধ কৰিলোঁ; এতিয়াৰ পৰা এই পানী খাই কাৰো মৃত্যু নহ’ব আৰু ভূমিৰ উৎপাদন শস্যও নষ্ট নহ’ব’।”
A vyšed k pramenu těch vod, vsypal tam sůl a řekl: Takto praví Hospodin: Uzdravuji vody tyto; nebudeť více odtud smrti, ani nedochůdčete.
22 ২২ এনেদৰে ইলীচাৰ কথামতে সেই পানী বিশুদ্ধ হৈ আজি পর্যন্ত তেনেদৰে আছে।
A tak uzdraveny jsou ty vody až do dnešního dne, vedlé řeči Elizeovy, kterouž byl mluvil.
23 ২৩ পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
Potom šel odtud do Bethel. A když šel cestou, pacholata malá vyšedše z města, posmívali se jemu, říkajíce: Jdi lysý, jdi lysý!
24 ২৪ তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
Kterýž ohlédna se, uzřel je a zlořečil jim ve jménu Hospodinovu. Protož vyskočivše dvě nedvědice z lesa, roztrhaly z nich čtyřidcatero a dvé dětí.
25 ২৫ তাৰ পাছত তেওঁ সেই ঠাইৰ পৰা কৰ্মিল পৰ্ব্বতলৈ গ’ল, আৰু তাৰ পৰা চমৰিয়ালৈ উভটি গ’ল।
I šel odtud na horu Karmel, odkudž navrátil se do Samaří.

< ২ রাজাবলি 2 >