< ২ রাজাবলি 18 >

1 এলাৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ তৃতীয় বছৰত, যিহূদাৰ ৰজা আহজৰ পুত্ৰ হিষ্কিয়াই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল।
En el tercer año de Oseas hijo de Ela rey de Israel, comenzó a reinar Ezequías hijo de Acaz rey de Judá.
2 তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল অবী। তেওঁ জখৰীয়াৰ জীয়েক আছিল।
Cuando comenzó a reinar era de veinticinco años, y reinó en Jerusalén veintinueve años. El nombre de su madre fue Abi hija de Zacarías.
3 হিষ্কিয়াই তেওঁৰ পূর্বপুৰুষ দায়ুদে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি ভাল সেই সকলোকে কৰিছিল।
El hizo lo recto en ojos del SEÑOR, conforme a todas las cosas que había hecho David su padre.
4 তেওঁ ওখ ঠাইৰ মঠবোৰ আতৰালে, স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰ কাটি পেলালে। মোচিয়ে নিৰ্ম্মাণ কৰা পিতলৰ সাপটো তেওঁ ডোখৰ ডোখৰ কৈ ভাঙি পেলালে, কিয়নো সেই কালত ইস্ৰায়েলী লোকসকলে তাৰ উদ্দেশ্যে ধূপ জ্বলাইছিল। পিতলৰ সাপটোৰ নাম “নহুষ্টন” ৰখা হৈছিল।
El quitó los altos, y quebró las imágenes, y taló los bosques, e hizo pedazos la serpiente de bronce que había hecho Moisés, porque hasta entonces le quemaban incienso los hijos de Israel; y le llamó por nombre Nehustán ( cosa de bronce ).
5 হিষ্কিয়াই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা কৰিছিল। তেওঁৰ আগত বা পাছত যিহূদাৰ ৰজাসকলৰ মাজত তেওঁৰ নিচিনা কোনো নাছিল।
En el SEÑOR Dios de Israel puso su esperanza; después ni antes de él no hubo otro como él en todos los reyes de Judá.
6 যিহোৱাৰ লগত তেওঁ লাগি আছিল আৰু তেওঁৰ পাছত চলিবলৈ এৰা নাছিল। যিহোৱাই মোচিক যি যি আজ্ঞা দিছিল, সেই সকলো তেওঁ পালন কৰিছিল।
Porque se llegó al SEÑOR, y no se apartó de él, y guardó los mandamientos que el SEÑOR mandó a Moisés.
7 সেয়ে যিহোৱা তেওঁৰ সঙ্গে সঙ্গে আছিল; তেওঁ য’লৈকে গৈছিল, তাতেই তেওঁ সফল হৈছিল; তেওঁ অচূৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল।
Y el SEÑOR fue con él; y en todas las cosas a que salía prosperaba. El se rebeló contra el rey de Asiria, y no le sirvió.
8 তেওঁ গাজা আৰু তাৰ চাৰিসীমালৈকে, প্রহৰীসকলৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে বসবাস কৰা পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিছিল।
Hirió también a los filisteos hasta Gaza y sus términos, desde las torres de las atalayas hasta la ciudad fortalecida.
9 যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্থ বছৰত, অৰ্থাৎ এলাৰ পুত্ৰ ইস্রায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ সপ্তম বছৰত, অচূৰৰ ৰজা চল্মনেচৰে চমৰিয়াৰ বিৰুদ্ধে আহি নগৰখন অৱৰোধ কৰিলে।
En el cuarto año del rey Ezequías, que era el año séptimo de Oseas hijo de Ela, rey de Israel, subió Salmanasar rey de los Asirios contra Samaria, y la cercó.
10 ১০ তিনি বছৰ অৱৰোধ কৰি ৰখাৰ পাছত হিষ্কিয়াৰ ৰাজত্বৰ ছয় বছৰত আৰু ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ নৱম বছৰত অচূৰে চমৰিয়া দখল কৰি ল’লে।
Y la tomaron al cabo de tres años; esto es, en el sexto año de Ezequías, el cual era el año noveno de Oseas rey de Israel, y así fue tomada Samaria.
11 ১১ অচূৰৰ ৰজাই ইস্ৰায়েলী লোকসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল আৰু হলহ, হাবোৰ নদীৰ পাৰৰ গোজন এলেকা আৰু মাদীয়াসকলৰ নগৰবোৰত তেওঁলোকক বাস কৰিবলৈ দিলে।
Y el rey de Asiria traspuso a Israel a Asiria, y los puso en Halah, y en Habor, junto al río de Gozán, y en las ciudades de los Medos:
12 ১২ এইসকলো ঘটিছিল, কাৰণ ইস্রায়েলীসকলে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা নাছিল, বৰং যিহোৱাৰ বিধান, অৰ্থাৎ যিহোৱাৰ দাস মোচিৰ সকলো আজ্ঞা তেওঁলোকে অমান্য কৰিছিল। তেওঁলোকে তাক শুনিবলৈ বা পালন কৰিবলৈও ইচ্ছা কৰা নাছিল।
Por cuanto no habían oído la voz del SEÑOR su Dios, antes habían quebrantado su pacto; y todas las cosas que Moisés siervo de Dios había mandado, ni las habían oído, ni las habían cumplido.
13 ১৩ যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চৈধ্য বছৰত, অচূৰৰ ৰজা চনহেৰীবে যিহূদাৰ সকলো গড়েৰে আবৃত নগৰবোৰ আক্রমণ কৰি সেইবোৰ অধিকাৰ কৰি ল’লে।
Y a los catorce años del rey Ezequías, subió Senaquerib rey de Asiria contra todas las ciudades fuertes de Judá, y las tomó.
14 ১৪ তাতে যিহূদাৰ ৰজা হিষ্কিয়াই লাখীচত থকা অচূৰৰ ৰজাৰ ওচৰলৈ এই বুলি কৈ পঠালে, “মই অপৰাধ কৰিলোঁ; আপুনি মোৰ ৰাজত্বৰ পৰা উলটি যাওঁক; আপুনি যি বিচাৰিব মই তাক দিবলৈ প্রস্তুত আছোঁ।” তাতে অচূৰৰ ৰজাই যিহূদাৰ ৰজা হিষ্কিয়াৰ পৰা তিনিশ কিক্কৰ ৰূপ আৰু ত্ৰিশ কিক্কৰ সোণ দাবী কৰিলে।
Entonces Ezequías rey de Judá envió a decir al rey de Asiria en Laquis: Yo he pecado; vuélvete de mí, y yo llevaré todo lo que me impusieres. Entonces el rey de Asiria impuso a Ezequías rey de Judá trescientos talentos de plata, y treinta talentos de oro.
15 ১৫ সেয়ে, ৰজা হিষ্কিয়াই যিহোৱাৰ গৃহ আৰু ৰাজভঁৰালত যিমান ৰূপ আছিল, সকলোবোৰ তেওঁক দিলে।
Y Ezequías dio toda la plata que fue hallada en la Casa del SEÑOR, y en los tesoros de la casa real.
16 ১৬ তাৰ পাছত যিহূদাৰ ৰজা হিষ্কিয়াই যিহোৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পতাবোৰ এৰুৱাই সেইবোৰ অচূৰৰ ৰজাক দি দিলে।
Entonces rompió Ezequías las puertas del templo del SEÑOR, y los quiciales que el mismo rey Ezequías había cubierto de oro, y lo dio al rey de Asiria.
17 ১৭ তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।
Y el rey de Asiria envió a Tartán y a Rabsaris y a Rabsaces desde Laquis al rey Ezequías con un grande ejército contra Jerusalén; y subieron, y vinieron a Jerusalén. Y subieron, y vinieron, y pararon junto al conducto del estanque de arriba, que es en el camino de la heredad del lavador.
18 ১৮ তেওঁলোকে যেতিয়া ৰজা হিষ্কিয়াক মাতি পঠালে; ৰাজগৃহৰ পৰা ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজ লিখক চেবনা আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাই তেওঁলোকক সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল।
Y llamaron al rey, y salió a ellos Eliacim hijo de Hilcías, que era mayordomo, y Sebna escriba, y Joa hijo de Asaf, canciller.
19 ১৯ ৰবচাকিয়ে তেওঁলোকক ক’লে, ৰজা হিষ্কিয়াক গৈ কওঁক যে, মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাই কৈছে, “আপোনাৰ আস্থাভাজনৰ উৎস কি?
Y les dijo Rabsaces: Decid ahora a Ezequías: Así dice el gran rey, el rey de Asiria: ¿Qué confianza es esta en que tú estás?
20 ২০ আপুনি কেৱল এনে অর্থহীন কথাবোৰ কয় যে, আপোনাৰ যুদ্ধ কৰাৰ যথেষ্ট বুদ্ধি আৰু শক্তি আছে। এতিয়া আপুনি কাৰ ওপৰত ভাৰসা কৰি মোৰ অহিতে বিদ্ৰোহ কৰিছে আৰু কোনে আপোনাক সাহস দিছে?
Dices, (por cierto palabras de labios): Consejo tengo y esfuerzo para la guerra. Mas ¿en qué confías, que te has rebelado contra mí?
21 ২১ চাওঁক, আপুনিতো মিচৰৰ ওপৰত, অর্থাৎ সেই থেঁতেলা খোৱা নলৰ লাখুটিত নির্ভৰ কৰিছে; কোনোৱে সেই নলৰ লাখুটিৰ ওপৰত ভৰ দিলে, সিটো ভাঙিবই, তাৰ আঁহও তেওঁৰ হাতত ফুটি সোমাব। মিচৰৰ ৰজা ফৰৌণত নির্ভৰ কৰা সকলৰ কাৰণে তেওঁ তেনেকুৱাই হয়।
He aquí tú confías ahora en este bordón de caña quebrado, en Egipto, en el que si alguno se apoyare, le entrará por la mano, y se le pasará. Tal es Faraón rey de Egipto, para todos los que en él confían.
22 ২২ কিন্তু আপোনালোকে যদি মোক কয় যে, ‘আমি আমাৰ ঈশ্বৰ যিহোৱাতহে ভাৰসা কৰিছোঁ,’ তেন্তে তেওঁ জানো সেইজনা ঈশ্বৰ নহয় যি জনৰ ওখ ঠাইৰ মঠবোৰ আৰু যজ্ঞবেদীবোৰ হিষ্কিয়াই দূৰ কৰি যিহূদা আৰু যিৰূচালেমৰ লোকসকলক কৈছিল, ‘আপোনালোকে যিৰূচালেমত এই যজ্ঞবেদীৰ সন্মুখত উপাসনা কৰিব লাগে?’
Y si me decís: Nosotros confiamos en el SEÑOR nuestro Dios, ¿no es aquél cuyos altos y altares ha quitado Ezequías, y ha dicho a Judá y a Jerusalén: Delante de este altar adoraréis en Jerusalén?
23 ২৩ এতিয়া সেয়ে শুনক, মই মোৰ প্ৰভু অচূৰৰ ৰজাৰ পৰা আপোনালৈ এক চুক্তি আগবঢ়াব বিচাৰো। যদি আপুনি অশ্বাৰোহী দিবলৈ সমর্থ হয়, তেন্তে মই আপোনাক দুই হাজাৰ ঘোঁৰা দিম।
Por tanto, ahora yo te ruego que des rehenes a mi señor, el rey de Asiria, y yo te daré dos mil caballos, si tú pudieres dar jinetes para ellos.
24 ২৪ যদি ইয়াকে কৰিব নোৱাৰে, তেন্তে মোৰ প্ৰভুৰ দাসবোৰৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনকেইবা আপুনি কেনেকৈ বাধা দি ৰাখিব পাৰিব? আপুনি ৰথ ও অশ্বাৰোহীসকলৰ কাৰণে মিচৰৰ ওপৰত ভাৰসা কৰিছে!
¿Cómo, pues, harás volver el rostro de un capitán, al menor de los siervos de mi señor, aunque estés confiado en Egipto por sus carros y su gente de a caballo?
25 ২৫ তাৰ উপৰি, মই জানো যিহোৱাৰ অবিহনেই এই ঠাইৰ অহিতে যুজঁ দিবলৈ আৰু তাক বিনষ্ট কৰিবলৈ আহিছোঁ? যিহোৱাই মোক কৈছিল, ‘তুমি সেই দেশৰ অহিতে উঠি গৈ তাক বিনষ্ট কৰা’।”
Además, ¿he venido yo ahora sin el SEÑOR a este lugar, para destruirlo? El SEÑOR me ha dicho: Sube a esta tierra, y destrúyela.
26 ২৬ তেতিয়া হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, চেবনা আৰু যোৱাহে ৰবচাকিক ক’লে, “বিনয় কৰোঁ, আপোনাৰ দাসবোৰৰ লগত আপুনি অৰামীয়া ভাষাৰে কথা কওঁক, কাৰণ আমি তাক বুজি পাওঁ; কিন্তু গড়ৰ ওপৰত থিয় হৈ থকা লোকসকলে শুনিব পৰাকৈ আপুনি আমাৰ লগত ইব্ৰী ভাষাৰে কথা নক’ব।”
Entonces dijo Eliacim hijo de Hilcías, y Sebna y Joa, a Rabsaces: Te ruego que hables a tus siervos siriaco, porque nosotros lo entendemos, y no hables con nosotros judaico a oídos del pueblo que está sobre el muro.
27 ২৭ কিন্তু ৰবচাকিয়ে তেওঁলোকক ক’লে, “মোৰ প্ৰভুৱে কেৱল আপোনালোকৰ প্ৰভু আৰু আপোনালোকৰ ওচৰলৈকে এই সকলো কথা ক’বলৈ জানো মোক পঠাইছে? তেওঁ জানো গড়ৰ ওপৰত বহা সেই সকলো লোক, যিসকলে আপোনালোকৰ দৰেই বিষ্ঠা আৰু প্রস্রাৱ খাব লাগিব, তেওঁলোকৰ ওচৰলৈকো মোক পঠোৱা নাই?”
Y Rabsaces les dijo: ¿Me ha enviado mi señor a ti y a tu señor para decir estas palabras, y no antes a los hombres que están sobre el muro, para comer su estiércol, y beber el agua de sus pies con vosotros?
28 ২৮ তেতিয়া ৰবচাকিয়ে থিয় হৈ অতি উচ্চস্বৰে ইব্ৰী ভাষাৰে ক’লে, “আপোনালোকে মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাৰ কথা শুনক;
Y se paró Rabsaces, y clamó a gran voz en judaico, y habló, diciendo: Oíd la palabra del gran rey, el rey de Asiria.
29 ২৯ ৰজাই এইদৰে কৈছে, ‘হিষ্কিয়া ৰজাই যেন আপোনালোকক প্রতাৰণা নকৰে; কিয়নো মোৰ অধিকাৰৰ পৰা আপোনালোকক ৰক্ষা কৰিবলৈ তেওঁৰ সাধ্য নাই।
Así dijo el rey: No os engañe Ezequías, porque no os podrá librar de mi mano.
30 ৩০ হিষ্কিয়াই যেন এই কথা কৈ যিহোৱাৰ ওপৰত আপোনালোকক ভাৰসা নিদিয়ে যে, “যিহোৱাই আমাক অৱশ্যেই উদ্ধাৰ কৰিব; অচূৰৰ ৰজাৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিব।”
Y no os haga Ezequías confiar en el SEÑOR, diciendo: De cierto nos librará el SEÑOR, y esta ciudad no será entregada en mano del rey de Asiria.
31 ৩১ আপোনালোকে হিষ্কিয়াৰ কথা নুশুনিব। কিয়নো অচূৰৰ ৰজাই এইদৰে কৈছে, ‘আপোনালোকে মোৰে সৈতে সন্ধি কৰক আৰু বাহিৰ হৈ মোৰ ওচৰলৈ আহঁক; তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ পৰা ফল খাব পাৰিব আৰু নিজৰ কুৱাঁৰ পানীও খাব পাৰিব।
No oigáis a Ezequías, porque así dice el rey de Asiria: Dadme presente, y salid a mí, y cada uno comerá de su vid, y de su higuera, y cada uno beberá las aguas de su pozo;
32 ৩২ মই উলটি আহি আপোনালোকক আপোনালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰীবোৰৰ দেশ, জিতগছ আৰু মধু থকা এখন দেশলৈ লৈ যাম; তাত আপোনালোকৰ মৃত্যু নহ’ব, কিন্তু জীয়াই থাকিব।’ হিষ্কিয়াই যেতিয়া আপোনালোকক এই কথা কৈ ফুচুলাব বিচাৰে যে, ‘যিহোৱাই আপোনালোকক উদ্ধাৰ কৰিব,’ তেতিয়া আপোনালোকে তেওঁৰ কথা নুশুনিব।
hasta que yo venga, y os lleve a una tierra como la vuestra, tierra de grano y de vino, tierra de pan y de viñas; tierra de olivas, de aceite, y de miel; y viviréis, y no moriréis. No oigáis a Ezequías, porque os engaña cuando dice: El SEÑOR nos librará.
33 ৩৩ আন আন জাতিৰ দেৱতাবোৰে জানো অচূৰৰ ৰজাৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছে?
¿Por ventura han librado los dioses de los gentiles cada uno su tierra de la mano del rey de Asiria?
34 ৩৪ হমাত আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত আছে? চফৰ্বয়িম, হেনা আৰু ইব্বাৰ দেৱতাবোৰ ক’ত আছে? তেওঁলোকে জানো মোৰ হাতৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিলে?
¿Dónde está el dios de Hamat, y de Arfad? ¿Dónde está el dios de Sefarvaim, de Hena, y de Iva? ¿Pudieron éstos librar a Samaria de mi mano?
35 ৩৫ সেই দেশবোৰৰ সকলো দেৱতাৰ মাজত এনে কোনো দেৱতা আছে যেয়ে মোৰ অধিকাৰৰ পৰা নিজৰ দেশ উদ্ধাৰ কৰিলে; যিহোৱাইনো মোৰ শক্তিৰ পৰা যিৰূচালেমক কেনেকৈ উদ্ধাৰ কৰিব পাৰিব?”
¿Qué dios de todos los dioses de las provincias ha librado a su provincia de mi mano, para que libre el SEÑOR de mi mano a Jerusalén?
36 ৩৬ কিন্তু লোকসকল মনে মনে থাকিল; তেওঁলোকে তেওঁক এটি কথাৰো উত্তৰ নিদিলে; কিয়নো ৰজাই এনে আজ্ঞা দিছিল, “আপোনালোকে তেওঁক উত্তৰ নিদিব।”
Y el pueblo calló, que no le respondieron palabra; porque había mandamiento del rey, el cual había dicho: No le respondáis.
37 ৩৭ তাৰ পাছত ৰাজগৃহৰ ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজলিখক চেবনা আৰু ইতিহাস-লিখক আচফৰ পুত্ৰ যোৱাহে নিজৰ কাপোৰ ফালি হিষ্কিয়াৰ ওচৰলৈ গ’ল আৰু ৰবচাকিৰ কথা জনালে।
Entonces Eliacim hijo de Hilcías, que era mayordomo, y Sebna el escriba, y Joa hijo de Asaf, canciller, vinieron a Ezequías, rotos sus vestidos, y le recitaron las palabras de Rabsaces.

< ২ রাজাবলি 18 >