< ২ রাজাবলি 17 >

1 যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল।
در سال دوازدهم آحاز، پادشاه یهودا، هوشع بن ایلا بر اسرائیل در سامره پادشاه شد و نه سال سلطنت نمود.۱
2 যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।
و آنچه درنظر خداوند ناپسند بود، به عمل آورد اما نه مثل پادشاهان اسرائیل که قبل از او بودند.۲
3 অচূৰৰ ৰজা চল্মনেচৰে আক্রমণ কৰি হোচেয়াক পৰাজয় কৰিলে; তাতে হোচেয়া তেওঁৰ অধীনৰ ৰজা হোৱাত তেওঁলৈ ৰাজহ আনিছিল।
و شلمناسر، پادشاه آشور، به ضد وی برآمده، هوشع، بنده او شد و برای او پیشکش آورد.۳
4 পাছত অচূৰৰ ৰজাই বুজি পালে যে, হোচেয়াই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰিছে, কিয়নো তেওঁ মিচৰৰ চো ৰজা ওচৰলৈ বার্তাবাহকসকলক পঠাইছিল আৰু অচূৰৰ ৰজাক বছৰে বছৰে যি ৰাজহ দিছিল, সেয়া পুনৰ দিয়া নাছিল। সেইবাবেই অচূৰৰ ৰজাই তেওঁক ধৰি নি কাৰাগাৰত বন্দী কৰি থৈছিল।
اماپادشاه آشور در هوشع خیانت یافت زیرا که رسولان نزد سوء، پادشاه مصر فرستاده بود وپیشکش مثل هر سال نزد پادشاه آشور نفرستاده، پس پادشاه آشور او را بند نهاده، در زندان انداخت.۴
5 তাৰ পাছত অচূৰৰ ৰজাই গোটেই দেশ আক্ৰমণ কৰি চমৰিয়ালৈকে গ’ল আৰু তিনি বছৰলৈকে তাক অৱৰোধ কৰিলে।
و پادشاه آشور بر تمامی زمین هجوم آورده، به سامره برآمد و آن را سه سال محاصره نمود.۵
6 হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
ودر سال نهم هوشع، پادشاه آشور، سامره را گرفت و اسرائیل را به آشور به اسیری برد و ایشان را درحلح و خابور بر نهر جوزان و در شهرهای مادیان سکونت داد.۶
7 এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
و از این جهت که بنی‌اسرائیل به یهوه، خدای خود که ایشان را از زمین مصر از زیردست فرعون، پادشاه مصر بیرون آورده بود، گناه ورزیدند و از خدایان دیگر ترسیدند.۷
8 যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ সন্মুখৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ৰীতি-নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোক চলিছিল।
و درفرایض امتهایی که خداوند از حضور بنی‌اسرائیل اخراج نموده بود و در فرایضی که پادشاهان اسرائیل ساخته بودند، سلوک نمودند.۸
9 ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।
وبنی‌اسرائیل به خلاف یهوه، خدای خود کارهایی را که درست نبود، سر به عمل آوردند، و درجمیع شهرهای خود، از برجهای دیدبانان تاشهرهای حصاردار، مکان های بلند برای خودساختند.۹
10 ১০ তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্রত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচেৰা মূর্তিবোৰ স্থাপন কৰিছিল।
و تماثیل و اشیریم بر هر تل بلند وزیر هر درخت سبز برای خویشتن ساختند.۱۰
11 ১১ যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;
ودر آن جایها مثل امتهایی که خداوند از حضورایشان رانده بود، در مکان های بلند بخور سوزانیدند واعمال زشت به‌جا آورده، خشم خداوند را به هیجان آوردند.۱۱
12 ১২ তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”
و بتها را عبادت نمودند که درباره آنها خداوند به ایشان گفته بود، این کار را مکنید.۱۲
13 ১৩ যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
و خداوند به واسطه جمیع انبیا و جمیع رائیان بر اسرائیل و بر یهودا شهادت می‌داد و می‌گفت: «از طریقهای زشت خودبازگشت نمایید و اوامر و فرایض مرا موافق تمامی شریعتی که به پدران شما امر فرمودم و به واسطه بندگان خود، انبیا نزد شما فرستادم، نگاه دارید.»۱۳
14 ১৪ তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল।
اما ایشان اطاعت ننموده، گردنهای خود را مثل گردنهای پدران ایشان که به یهوه، خدای خود ایمان نیاوردند، سخت گردانیدند.۱۴
15 ১৫ তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
و فرایض او و عهدی که با پدران ایشان بسته، وشهادات را که به ایشان داده بود، ترک نمودند، وپیروی اباطیل نموده، باطل گردیدند و امتهایی راکه به اطراف ایشان بودند و خداوند، ایشان رادرباره آنها امر فرموده بود که مثل آنها عمل منمایید، پیروی کردند.۱۵
16 ১৬ তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল।
و تمامی اوامر یهوه خدای خود را ترک کرده، بتهای ریخته شده، یعنی دو گوساله برای خود ساختند و اشیره راساخته، به تمامی لشکر آسمان سجده کردند وبعل را عبادت نمودند.۱۶
17 ১৭ নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
و پسران و دختران خودرا از آتش گذرانیدند و فالگیری و جادوگری نموده، خویشتن را فروختند تا آنچه در نظرخداوند ناپسند بود، به عمل آورده، خشم او را به هیجان بیاوردند.۱۷
18 ১৮ এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
پس از این جهت غضب خداوند بر اسرائیل به شدت افروخته شده، ایشان را از حضور خود دور انداخت که جز سبط یهودافقط باقی نماند.۱۸
19 ১৯ কিন্তু যিহূদা ফৈদেও তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে নচলি, ইস্ৰায়েলে যি যি কৰিছিল তাকে অনুসৰণ কৰিছিল।
اما یهودا نیز اوامر یهوه، خدای خود را نگاه نداشتند بلکه به فرایضی که اسرائیلیان ساخته بودند، سلوک نمودند.۱۹
20 ২০ সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতা সকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
پس خداوند تمامی ذریت اسرائیل را ترک نموده، ایشان را ذلیل ساخت و ایشان را به‌دست تاراج کنندگان تسلیم نمود، حتی اینکه ایشان را از حضور خود دورانداخت.۲۰
21 ২১ যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
زیرا که او اسرائیل را از خاندان داود منشق ساخت و ایشان یربعام بن نباط را به پادشاهی نصب نمودند و یربعام، اسرائیل را از پیروی خداوند برگردانیده، ایشان را مرتکب گناه عظیم ساخت.۲۱
22 ২২ ইস্ৰায়েলৰ লোকসকলে যাৰবিয়ামে কৰা সকলো পাপ কার্যকে অনুসৰণ কৰি চলিছিল। সেইবোৰৰ পৰা ঘূৰি অহা নাছিল।
و بنی‌اسرائیل به تمامی گناهانی که یربعام ورزیده بود سلوک نموده، از آنها اجتناب نکردند.۲۲
23 ২৩ এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
تا آنکه خداوند اسرائیل را موافق آنچه به واسطه جمیع بندگان خود، انبیا گفته بود، از حضور خود دور انداخت. پس اسرائیل از زمین خود تا امروز به آشور جلای وطن شدند.۲۳
24 ২৪ অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
و پادشاه آشور، مردمان از بابل و کوت وعوا و حمات و سفروایم آورده، ایشان را به‌جای بنی‌اسرائیل در شهرهای سامره سکونت داد وایشان سامره را به تصرف آورده، در شهرهایش ساکن شدند.۲۴
25 ২৫ সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।
و واقع شد که در ابتدای سکونت ایشان در آنجا از خداوند نترسیدند. لهذا خداوندشیران در میان ایشان فرستاد که بعضی از ایشان راکشتند.۲۵
26 ২৬ তেতিয়া অচূৰৰ ৰজাৰ আগত তেওঁলোকে ক’লে, “আপুনি যি জাতিবোৰক আনি চমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে, তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক নাজানে। সেয়ে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে।”
پس به پادشاه آشور خبر داده، گفتند: «طوایفی که کوچانیدی و ساکن شهرهای سامره گردانیدی، قاعده خدای آن زمین را نمی دانند و اوشیران در میان ایشان فرستاده است و اینک ایشان را می‌کشند از این جهت که قاعده خدای آن زمین را نمی دانند.»۲۶
27 ২৭ তেতিয়া অচূৰৰ ৰজাই এই আজ্ঞা দিলে, “তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক। তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক শিকাওক।”
و پادشاه آشور امر فرموده، گفت: «یکی از کاهنانی را که از آنجا کوچانیدید، بفرست تا برود و در آنجا ساکن شود و ایشان راموافق قاعده خدای زمین تعلیم دهد.»۲۷
28 ২৮ সেয়ে চমৰিয়াৰ পৰা লৈ যোৱা পুৰোহিতসকলৰ মাজৰ এজনে আহি বৈৎএলত নিবাস কৰিলে আৰু কেনেকৈ তেওঁলোকে যিহোৱাক উপাসনা কৰিব লাগে, তাক তেওঁ শিকালে।
پس یکی از کاهنانی که از سامره کوچانیده بودند، آمدو در بیت ئیل ساکن شده، ایشان را تعلیم داد که چگونه خداوند را باید بپرستند.۲۸
29 ২৯ তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
اما هر امت، خدایان خود را ساختند و درخانه های مکان های بلند که سامریان ساخته بودندگذاشتند، یعنی هر امتی در شهر خود که در آن ساکن بودند.۲۹
30 ৩০ সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
پس اهل بابل، سکوت بنوت را واهل کوت، نرجل را و اهل حمات، اشیما راساختند.۳۰
31 ৩১ অব্বিয়াসকলে নিভজ আৰু তৰ্তকৰ মূর্তি সাজিলে; অদ্ৰম্মেলক আৰু অনম্মেলক নামৰ চফৰ্বয়িমৰ দেৱতাবোৰৰ উদ্দেশ্যে চফৰ্বয়িমৰ লোকসকলে তেওঁলোকৰ নিজৰ সন্তান সকলক জুইত পুৰি উৎসর্গ কৰিলে।
و عویان، نبحز و ترتاک را ساختند واهل سفروایم، پسران خود را برای ادرملک وعنملک که خدایان سفروایم بودند، به آتش می‌سوزانیدند.۳۱
32 ৩২ তেওঁলোকে যিহোৱাৰো উপাসনা কৰিছিল। উপাসনাৰ ওখ ঠাইৰ মঠবোৰত পুৰোহিতৰ কার্য কৰিবৰ কাৰণে নিজৰ মাজৰ পৰাই লোক নিযুক্ত কৰিছিল; সেই পুৰোহিতসকলে তেওঁলোকৰ বাবে ওখ ঠাইৰ মঠ-মন্দিৰবোৰত বলি উৎসর্গ কৰিছিল।
پس یهوه را می‌پرستیدند وکاهنان برای مکان های بلند از میان خود ساختندکه برای ایشان در خانه های مکان های بلند قربانی می‌گذرانیدند.۳۲
33 ৩৩ তেওঁলোকে যিহোৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল, সেই জাতিবোৰৰ নিয়ম-প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা-অর্চনা কৰিছিল।
پس یهوه را می‌پرستیدند وخدایان خود را نیز بر وفق رسوم امتهایی که ایشان را از میان آنها کوچانیده بودند، عبادت می‌نمودند.۳۳
34 ৩৪ আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে।
ایشان تا امروز بر‌حسب عادت نخستین خود رفتار می‌نمایند و نه از یهوه می‌ترسند و نه موافق فرایض و احکام او و نه مطابق شریعت و اوامری که خداوند به پسران یعقوب که او را اسرائیل نام نهاد، امر نمود، رفتارمی کنند،۳۴
35 ৩৫ যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেবীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
با آنکه خداوند با ایشان عهد بسته بود و ایشان را امر فرموده، گفته بود: «از خدایان غیر مترسید و آنها را سجده منمایید و عبادت مکنید و برای آنها قربانی مگذرانید.۳۵
36 ৩৬ কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
بلکه ازیهوه فقط که شما را از زمین مصر به قوت عظیم وبازوی افراشته بیرون آورد، بترسید و او را سجده نمایید و برای او قربانی بگذرانید.۳۶
37 ৩৭ তেওঁ যি সকলো বিধি, নির্দেশ, বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা।
و فرایض واحکام و شریعت و اوامری را که برای شما نوشته است، همیشه اوقات متوجه شده، به‌جا آورید واز خدایان غیر مترسید.۳۷
38 ৩৮ মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা।
و عهدی را که با شمابستم، فراموش مکنید و از خدایان غیر مترسید.۳۸
39 ৩৯ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাকেই তোমালোকে উপাসনা কৰিবা; তাতে তেৱেঁই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব।”
زیرا اگر از یهوه، خدای خود بترسید، او شمارا از دست جمیع دشمنان شما خواهد رهانید.»۳۹
40 ৪০ তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।
اما ایشان نشنیدند بلکه موافق عادت نخستین خود رفتار نمودند.۴۰
41 ৪১ এইদৰে সেই জাতি সমূহে যিহোৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা-প্ৰতিমাকো পূজা কৰিছিল; তেওঁলোকৰ পূর্বপুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি-পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।
پس آن امتها، یهوه را می‌پرستیدند و بتهای خود را نیز عبادت می‌کردند و همچنین پسران ایشان و پسران پسران ایشان به نحوی که پدران ایشان رفتار نموده بودند تا امروز رفتار می‌نمایند.۴۱

< ২ রাজাবলি 17 >