< ২ রাজাবলি 16 >

1 ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।
レマリヤの子ペカの第十七年にユダの王ヨタムの子アハズが王となった。
2 আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল।
アハズは王となった時二十歳で、エルサレムで十六年の間、世を治めたが、その神、主の目にかなう事を先祖ダビデのようには行わなかった。
3 কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
彼はイスラエルの王たちの道に歩み、また主がイスラエルの人々の前から追い払われた異邦人の憎むべきおこないにしたがって、自分の子を火に焼いてささげ物とした。
4 তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল।
かつ彼は高き所、また丘の上、すべての青木の下で犠牲をささげ、香をたいた。
5 অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে।
そのころ、スリヤの王レヂンおよびレマリヤの子であるイスラエルの王ペカがエルサレムに攻め上って、アハズを囲んだが、勝つことができなかった。
6 সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে।
その時エドムの王はエラテを回復してエドムの所領とし、ユダの人々をエラテから追い出した。そしてエドムびとがエラテにきて、そこに住み、今日に至っている。
7 পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”
そこでアハズは使者をアッスリヤの王テグラテピレセルにつかわして言わせた、「わたしはあなたのしもべ、あなたの子です。スリヤの王とイスラエルの王がわたしを攻め囲んでいます。どうぞ上ってきて、彼らの手からわたしを救い出してください」。
8 আহজে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা সোণ আৰু ৰূপ লৈ উপহাৰ হিচাবে অচূৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
そしてアハズは主の宮と王の家の倉にある金と銀をとり、これを贈り物としてアッスリヤの王におくったので、
9 তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে।
アッスリヤの王は彼の願いを聞きいれた。すなわちアッスリヤの王はダマスコに攻め上って、これを取り、その民をキルに捕え移し、またレヂンを殺した。
10 ১০ পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।
アハズ王はアッスリヤの王テグラテピレセルに会おうとダマスコへ行ったが、ダマスコにある祭壇を見たので、アハズ王はその祭壇の作りにしたがって、その詳しい図面と、ひな型とを作って、祭司ウリヤに送った。
11 ১১ সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি‍ শেষ কৰিলে।
そこで祭司ウリヤはアハズ王がダマスコから送ったものにしたがって祭壇を建てた。すなわち祭司ウリヤはアハズ王がダマスコから帰るまでにそのとおりに作った。
12 ১২ দম্মেচকৰ পৰা ঘূৰি আহি ৰজাই সেই যজ্ঞবেদী দেখিলে আৰু ওচৰলৈ গৈ তাৰ ওপৰত বলি উৎসর্গ কৰিলে।
王はダマスコから帰ってきて、その祭壇を見、祭壇に近づいてその上に登り、
13 ১৩ তেওঁ সেই যজ্ঞবেদীৰ ওপৰত নিজৰ হোমবলি, শস্য উৎসর্গ আৰু নিজৰ পেয় উৎসর্গ ঢালিলে; নিজৰ সমজুৱা বলিৰ তেজো ছটিয়াই দিলে।
燔祭と素祭を焼き、灌祭を注ぎ、酬恩祭の血を祭壇にそそぎかけた。
14 ১৪ তেওঁ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদীটো তেওঁ মন্দিৰৰ আগৰ পৰা, অৰ্থাৎ যিহোৱাৰ গৃহ আৰু নতুন বেদীৰ মাজ ঠাইৰ পৰা আঁতৰাই আনি নতুন বেদীৰ উত্তৰ ফালে স্থাপন কৰিলে।
彼はまた主の前にあった青銅の祭壇を宮の前から移した。すなわちそれを新しい祭壇と主の宮の間から移して、新しい祭壇の北の方にすえた。
15 ১৫ পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।”
そしてアハズ王は祭司ウリヤに命じて言った、「朝の燔祭と夕の素祭および王の燔祭とその素祭、ならびに国中の民の燔祭とその素祭および灌祭は、この大きな祭壇の上で焼きなさい。また燔祭の血と犠牲の血はすべてこれにそそぎかけなさい。あの青銅の祭壇をわたしは伺いを立てるのに用いよう」。
16 ১৬ ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে।
祭司ウリヤはアハズ王がすべて命じたとおりにおこなった。
17 ১৭ তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে।
またアハズ王は台の鏡板を切り取って、洗盤をその上から移し、また海をその下にある青銅の牛の上からおろして、石の座の上にすえ、
18 ১৮ যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে।
また宮のうちに造られていた安息日用のおおいのある道、および王の用いる外の入口をアッスリヤの王のために主の宮から除いた。
19 ১৯ ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
アハズのその他の事績は、ユダの王の歴代志の書にしるされているではないか。
20 ২০ পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।
アハズは先祖たちと共に眠って、ダビデの町にその先祖たちと共に葬られ、その子ヒゼキヤが代って王となった。

< ২ রাজাবলি 16 >